প্ৰাচীন ভাৰতীয় শিক্ষা । Class 10 Assamese Question Answer SEBA.

 

 Class 10 Assamese Book Question Answer SEBA . 





প্ৰাচীন ভাৰতীয় শিক্ষা

১/ চমু উত্তৰ দিয়া :

( ক ) তক্ষশীলা বিশ্ববিদ্যালয়ৰ চাৰিজন প্রখ্যাত ছাত্ৰৰ নাম লিখা । 

উত্তৰ:- তক্ষশীলা বিশ্ববিদ্যালয়ৰ চাৰিজন প্রখ্যাত ছাত্ৰৰ নাম জীৱক, চৰক,পাণিনি আৰু চাণক্য ।

 

( খ ) তক্ষশীলালৈ কোন কোন দেশৰ পৰা ছাত্র আহিছিল ? 

উত্তৰ:- তক্ষশীলা বিদ্যালয়ত পঢ়িবলৈ পশ্চিমৰ পৰা , পাৰস্য দেশৰ পৰা বেকট্ৰিয়া আৰু মগধ দেশৰ পৰা  ছাত্ৰ আহিছিল । তেতিয়া ই সিন্দু বিদ্যালয় গুচি বুদ্ধ বিদ্যালয় হয় তেতিয়া ইয়ালৈ  চিন দেশৰ পৰাও বহু ছাত্ৰ আহিছিল ।

 

( গ ) নাগার্জুন কোন ? 'ত আছিল আৰু কি কৰিছিল ? 

উত্তৰ:- নাগাৰ্জুন আছিল শ্রী ধান্যকটক বিশ্ববিদ্যালয়ৰ এগৰাকী শিক্ষক ।

    তেওঁ অম্ৰাৱতী নগৰৰ ওচৰত থকা  শ্রী ধান্যককৈ বিশ্ববিদ্যালয়ৰ প্রধান শিক্ষক আছিল আৰু ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰিছিল ।

 

( ঘ ) উদান্তপুৰী বিশ্ববিদ্যালয়ত কি সম্পদ  কোনে , কেতিয়া ধ্বংস কৰিলে ? 

উত্তৰ:- উদান্তপুৰী বিশ্ববিদ্যালয়ত বহুমূলীয়া পুথিভঁৰাল এটা  মুছলমানবিলাকে ১২০২ খ্রীষ্টাব্দত ধ্বংস কৰিলে । 

 

( ঙ ) নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্রক কামৰূপ ৰাজ্যলৈ নিমন্ত্রণ কৰা হৈছিল ? নিমন্ত্রণ কৰা ৰজাজন কোন ? 

উত্তৰ:-  নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা চীনা ছাত্ৰ য়ুযাংচ্ কামৰূপ ৰাজ্যলৈ নিমন্ত্রণ কৰা হৈছিল ।

      তেওঁক  নিমন্ত্রণ কৰা ৰজাজন আছিল ভাস্কৰবর্মা । 

 

( চ ) কোনখন বিশ্ববিদ্যালয় কাৰ দিনত কোনবিলাক পণ্ডিতৰ মিলনক্ষেত্র আছিল ? 

উত্তৰ:- উজ্জয়িনীত যি বিশ্ববিদ্যালয়ৰ আছিল তাত একালত অৰ্থাৎ বিক্ৰমাদিত্যৰ ৰাজত্ব সময়ত ভাৰতবৰ্ষৰ সকলো পণ্ডিত লোকসকলৰ মিলনক্ষেত্ৰ আছিল ।

More Resours For Class 10 Solutions in Assamese Medium



২) প্ৰাচীন ভাৰতীয় শিক্ষাপাঠটিৰ কথাখিনি চমুকৈ লিখা ।

উত্তৰঃ-  প্ৰাচীন ভাৰতীয় শিক্ষাপাঠটিৰ দ্বাৰা প্ৰাচীন ভাৰতীয় শিক্ষা ব্যৱস্থা কেনেধৰণৰ আছিল তাৰ এক আভাস দাঙি ধৰা হৈছে । আৰ্য শিক্ষাৰ মূলমত্ৰ হৈছে মোক্ষ লাভ কৰা । ইয়াক কৰ্ম, ভক্তি আৰু জ্ঞানৰ মাজেদি লাভ কৰিব পাৰি । প্ৰতি মানুহৰ পুৰুষাৰ্থক চাৰি ভাগত ভগোৱা হয় – ধৰ্ম , অৰ্থ, কাম আৰু মোক্ষ । হিন্দু শিক্ষাৰ চৰম উদ্দেশ্য হৈছে অনাসক্ত ভোগৰ মাজেৰে ত্যাগ স্বীকাৰ কৰা । বিভিন্ন অনুসন্ধানৰ ফলত প্ৰাচীন ভাৰতত ছখন বিশ্ববিদ্যালয় থকাৰ কথা জানিব পৰা গৈছে । সেইখন হল – তক্ষশীলা , শ্ৰীধান্যকটক, নালন্দা, উদান্তপুৰী, দেৱবিহাৰ বা বিক্ৰমশীলা আৰু উজ্জয়িনী ।

  এই শিক্ষানুষ্ঠানসমূহৰ শিক্ষা ব্যৱস্থা বৰ্তমানতকৈ বহু উন্নত আছিল । ছাত্ৰসকলে বিভিন্ন বিষয়ত শিক্ষা লাভ কৰি বহুতো নতুন নতুন তত্ত্ব আৱিষ্কাৰ কৰিছিল । কিন্তু বৰ্তমানৰ শিক্ষাব্যৱস্থাত এনেধৰণৰ সত্য আৱিষ্কাৰ খুব কমেইহে দেখিবলৈ পোৱা যায় । আজিৰ শিক্ষাৰ উদ্দেশ্য হৈছে চাকৰিমুখী । এওঁলোকে স্বাধীন চিন্তা কৰি নতুন তত্ত্ব আৱিষ্কাৰ কৰাত আগ্ৰহী নহয় । আগৰ কালৰ শিক্ষাৰ উদ্দেশ্য আছিল মানুহৰ সজ প্ৰবৃত্তিসমূহ প্ৰসফূটিত কৰি অসৎ প্ৰবৃত্তিসমূহ মনৰ পৰা আঁতৰাই জীৱনযুদ্ধৰ বাবে সাজু কৰি তোলা ।

 

  

৩) প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়বিলাকৰ চমু পৰিচয় দিয়া ।

উত্তৰঃ বিভিন্ন ধৰণৰ অনুসন্ধানৰ পৰা জানিব পৰা গৈছে যে প্ৰাচীন ভাৰতত ছয়খন বিশ্ববিদ্যালয় আছিল । সেই কেইকন হল -  তক্ষশীলা , শ্ৰীধান্যকটক, নালন্দা, উদান্তপুৰী, দেৱবিহাৰ বা বিক্ৰমশীলা আৰু উজ্জয়িনী ।  এই বিশ্ববিদ্যালয়কেইখনৰ বিষয়ে এটি চমু পৰিচয় তলত দাঙি ধৰা হল –

তক্ষশীলা বিশ্ববিদ্যালয় – ভাৰতৰ এখন প্ৰাচীন বিশ্ববিদ্যালয় হৈছে তক্ষশীলা বিশ্ববিদ্যালয় । ই তক্ষশীলাত অৱস্থিত । খ্ৰীষ্টপূৰ্ব এক শতিকালৈকে এই বিশ্ববিদ্যালয়খন আছিল । ইয়াৰ তলত কেইবাখনো চতুষ্পাঠী আছিল আৰু তাত ওঠৰবিধ শিক্ষা দিয়া হৈছিল । ইয়াত ভাস্কৰ বিদ্যা, চিত্ৰাংকন, মূৰ্তিকটা আৰু আন আন হস্তকৰ্মৰ শিক্ষা দিয়া হৈছিল । ইয়াতে অত্ৰেয় ঋষিয়ে আয়ুৰ্বেদৰ শিক্ষা দিছিল । বুদ্ধদেৱৰ চিকিৎসক জীৱক এই অত্ৰেয় মুনিৰে শিষ্য আছিল । পাণিনি আৰু চাণক্যও এই বিদ্যালয়ৰে ছাত্ৰ আছিল । পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা ছাত্ৰসকলে ইয়াত অধ্যয়ন কৰিবলৈ আহিছিল । পূৰ্বতে ই হিন্দু বিশ্ববিদ্যালয় আছিল আৰু পৰৱৰ্তী কালত বুদ্দ বিশ্ববিদ্যালয়ৰ পৰা ৰূপান্তৰ হৈছিল । তেতিয়া চীন দেশৰ পৰাও ইয়ালৈ পঢ়িবলৈ আহিছিল ।

 

শ্ৰীধান্যকটক বিশ্ববিদ্যালয়ঃ এই বিশ্ববিদ্যালয়খন অম্ৰাৱতী নগৰৰ ওচৰত আছিল । ইয়াত হিন্দু আৰু বৌদ্ধ দুয়োবিধ শিক্ষা দিয়া হৈছিল । এই বিশ্ববিদ্যালয়খন খ্ৰী. পূ. ১ম শতিকালৈ বৰ্তমান আচিল । নাগাৰ্জুন এই বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল ।

 

নালন্দা বিশ্ববিদ্যালয় -  ভাৰতবৰ্ষৰ এখন প্ৰাচীন বিশ্ববিদ্যালয় হৈছে নালন্দা বিশ্ববিদ্যালয় । এই বিশ্ববিদ্যালয়ত বেদ, চিকিৎসাবিজ্ঞান, অংকশাস্ত্ৰ, ব্যাকৰণ, তৰ্কশাস্ত্ৰ, দৰ্শনাশাস্ত্ৰ, আধ্যাত্মবিজ্ঞান, যোগশাস্ত্ৰ আদিৰ আদিৰ শিক্ষা দিয়া হৈছিল । এই বিশ্ববিদ্যলয়ৰ বাহিৰে ভিতৰে দহ হাজাৰ ছাত্ৰ আছিল । শীলভদ্ৰ নামৰ এগৰাকী উদাসীন পণ্ডিত এই বিশ্ববিদ্যালয়ৰ বিখ্যাত অধ্যক্ষ আছিল । ইয়াত কোনো খৰচ নোলোৱাকৈ শিক্ষাদান কৰা হৈছিল । ইয়াৰ পুথিভঁৰালটো ভাৰতৰ ভিতৰত সৰ্ববৃহৎ আছিল । ইয়াৰ নাম আছিল ৰত্নোদধি । শিক্ষাগাৰটোৰ এশটা কোঠালিত এশটা শ্ৰেণী বহিব পাৰিছিল । এই বিশ্ববিদ্যালয়ৰ ছাত্ৰসকল ভাৰতবৰ্ষৰ সকলো ঠাইৰ ছাত্ৰৰ আদৰ্শ স্বৰূপ আছিল । পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা ছাত্ৰসকলে ইয়ালৈ অধ্যয়ন কৰিবলৈ আহিছিল । তাৰ শিক্ষাৰ আদৰ্শ ইমান উচ্চ আছিল যে কম ছাত্ৰইহে  তাত প্ৰৱেশ লাভ কৰিছিল । চীনা পৰিব্ৰাজক য়ুয়ানচ্যাঙে এই বিশ্ববিদ্যালয়ত যোগশাস্ত্ৰ অধ্যয়ন কৰিছিল ।

 উদান্তপুৰৰ বিশ্ববিদ্যালয়ঃ  উদান্তপুৰৰ বিশ্ববিদ্যালয় পাল ৰজাবিলাকৰ আগৰে পৰাই আছিল যদিও খ্ৰীষ্টীয় ৮ম শতিকাতহে ই বিশেষ খ্যাতি লাভ কৰিছিল । এই বিশ্ববিদ্যালয়ৰ এটা বহুমুলীয়া পুথিভঁৰাল আছিল । ১২০২ খ্ৰীষ্টাব্দত মুছলমান বিলাকে ইয়াক নষ্ট কৰিলে ।

 

বিক্ৰমশীলা বা দেহবিহাৰৰ বিশ্ববিদ্যালয় – প্ৰচীন ভাৰতৰ এখন উল্লেখযোগ্য বিশ্ববিদ্যালয় হৈছে বিক্ৰমশীলা বা দেৱবিহাৰ বিশ্ববিদ্যালয় । এই বিশ্ববিদ্যালয়ৰ তলত ছখন উচ্চ বিদ্যালয় আছিল আৰু তাত ১০৮ জন অধ্যপকে অধ্যাপনা কৰিছিল । এই বিদ্যালয় ৪০০ বছৰৰ পাছত নষ্ট হয় । ছাত্ৰসকল থাকিবৰ বাবে বিদ্যালয়ৰ গাতে লগা চাৰিখন সত্ৰ অৰ্থাৎ ছাত্ৰাবাস আছিল । এই সত্ৰ বা ছাত্ৰাবাসত ছাত্ৰসকলে বিনাখৰচতে থাকিবলৈ আৰু খাবলৈ পাইছিল ।

উজ্জয়িনী বিশ্ববিদ্যালয়ঃ ভাৰতৰ এখন প্ৰাচীন বিশ্ববিদ্যালয় হৈছে উজ্জয়িনী বিশ্ববিদ্যালয় । এই বিশ্ববিদ্যালয় ৰজা বিক্ৰমাদিত্যৰ ৰাজত্বৰ সময়ত ভাৰতবৰ্ষৰ সকলো পণ্ডিত লোকৰ মিলনক্ষেত্ৰ আছিল । ইয়াত বিশেষকৈ জ্যোতিষশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল । এই বিশ্ববিদ্যালয় বুদ্ধদেৱৰ দিনতো প্ৰখ্যাত আছিল ।

 

 ৪/ আৰ্য ভাষাৰ কলাবিদ্যা কিমানটি ? প্রাচীন ভাৰতৰ বিশ্ববিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলা-বিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল ?

উত্তৰ- আৰ্য ভাষাৰ কলাবিদ্যা ৬৪ বিধ । প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষা কলা-বিদ্যা নিম্নোক্ত ১১ টা ব্ভাগত দিয়াৰ ব্যৱস্থা আছিল ।

   ১) সাহিত্য,  ২) গৃহপাল বিভাগ,  ৩) ৰন্ধন বিদ্যা,  ৪)সাজসজ্জা আৰু পৰিচ্ছদ বিদ্যা,  ৫) হাতেৰে কাম কৰা বিদ্যা,  ৬) শিল্প বিদ্যা,  ৭) বিজ্ঞান, ৮) সংগীত বিদ্যা,   ৯) নাট্য বিদ্যা,  ১০) শিষ্টাচাৰ বিদ্যা আৰু  ১১) শাৰিৰীক ব্যায়াম বিদ্যা ।

 

৫) আজি কালিৰ শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্যৰ কথা বহলাই আলোচনা কৰা ।

উত্তৰ- আমাৰ দেশত অতি প্ৰাচীন কালৰে পৰাই শিক্ষাব্যৱস্থাৰ প্ৰচলন আছে । প্ৰাচীন কালত গুৰু গৃহত থাকি ছাত্ৰসকলে শাস্ত্ৰজ্ঞানৰ লগতে জীৱনৰ বিভিন্ন ক্ষেত্ৰত প্ৰয়োজন হোৱা সকলোবোৰ জ্ঞান লীভ কৰিছিল । প্ৰচীন কালৰ ছাত্ৰসকলে শিক্ষা লাভ কৰি নান বিষয়ত সিদ্ধিলাভ কৰিছিল আৰু তাৰ ফলত তেওঁলোকে নতুন নতুন তত্ত্ব আৰু সত্য আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছিল ।প্ৰচীন কালৰ শিক্ষাব্যৱস্থাই মানুহৰ মাজত থকা সজ প্ৰবৃত্তিবোৰ ফুটাই তুলি তেওঁলোকেক জীৱন যুদ্ধৰ বাবে ভালদৰে সাজু কৰি তুলিছিল । কিন্তু বৰ্তমান শিক্ষাব্যৱস্থাত প্ৰচীন কালৰ শিক্ষাব্যৱস্থাৰ তুলনাত বিভিন্ন ধৰণৰ আঁসোৱাহ থকা দেখা যায় । বৰ্তমান চৰকাৰে লৰা – ছোৱালীবোৰক শিক্ষিত কৰি তুলিবৰ বাবে কোটি কোটি খৰচ কৰে । বৰ্তমান লাখে লাখে লৰা – ছোৱালীবোৰ শিক্ষা লাভ কৰিছে যদিও কম সংখ্যকৰ বাদে বেছিভাগেই স্বাধীন চিন্তা কৰি নতুন নতুন তত্ত্ব বাহিৰ কৰিব পৰা নাই । আজি-কালি শিক্ষাৰ উদ্দেশ্য চাকৰিকেন্দ্ৰিক । বৰ্তমান শিক্ষাই মানুহৰ চৰিত্ৰ গঠনকৈ ধন উপাৰ্জনহে প্ৰধান গুৰুত্ব দিয়া দেখা যায় ।

 

৬) চমুটোকা লিখাঃ

তক্ষশীলা বিশ্ববিদ্যালয়,  বিক্ৰমশীলা বিশ্ববিদ্যালয়,  নালন্দা বিশ্ববিদ্যালয় ।

উত্তৰঃ-তক্ষশীলা বিশ্ববিদ্যালয় – ভাৰতৰ এখন প্ৰাচীন বিশ্ববিদ্যালয় হৈছে তক্ষশীলা বিশ্ববিদ্যালয় । ই তক্ষশীলাত অৱস্থিত । খ্ৰীষ্টপূৰ্ব এক শতিকালৈকে এই বিশ্ববিদ্যালয়খন আছিল । ইয়াৰ তলত কেইবাখনো চতুষ্পাঠী আছিল আৰু তাত ওঠৰবিধ শিক্ষা দিয়া হৈছিল । ইয়াত ভাস্কৰ বিদ্যা, চিত্ৰাংকন, মূৰ্তিকটা আৰু আন আন হস্তকৰ্মৰ শিক্ষা দিয়া হৈছিল । ইয়াতে অত্ৰেয় ঋষিয়ে আয়ুৰ্বেদৰ শিক্ষা দিছিল । বুদ্ধদেৱৰ চিকিৎসক জীৱক এই অত্ৰেয় মুনিৰে শিষ্য আছিল । পাণিনি আৰু চাণক্যও এই বিদ্যালয়ৰে ছাত্ৰ আছিল । পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা ছাত্ৰসকলে ইয়াত অধ্যয়ন কৰিবলৈ আহিছিল । পূৰ্বতে ই হিন্দু বিশ্ববিদ্যালয় আছিল আৰু পৰৱৰ্তী কালত বুদ্দ বিশ্ববিদ্যালয়ৰ পৰা ৰূপান্তৰ হৈছিল । তেতিয়া চীন দেশৰ পৰাও ইয়ালৈ পঢ়িবলৈ আহিছিল ।

বিক্ৰমশীলা বিশ্ববিদ্যালয় – প্ৰচীন ভাৰতৰ এখন উল্লেখযোগ্য বিশ্ববিদ্যালয় হৈছে বিক্ৰমশীলা বা দেৱবিহাৰ বিশ্ববিদ্যালয় । এই বিশ্ববিদ্যালয়ৰ তলত ছখন উচ্চ বিদ্যালয় আছিল আৰু তাত ১০৮ জন অধ্যপকে অধ্যাপনা কৰিছিল । এই বিদ্যালয় ৪০০ বছৰৰ পাছত নষ্ট হয় । ছাত্ৰসকল থাকিবৰ বাবে বিদ্যালয়ৰ গাতে লগা চাৰিখন সত্ৰ অৰ্থাৎ ছাত্ৰাবাস আছিল । এই সত্ৰ বা ছাত্ৰাবাসত ছাত্ৰসকলে বিনাখৰচতে থাকিবলৈ আৰু খাবলৈ পাইছিল ।

নালন্দা বিশ্ববিদ্যালয় -  ভাৰতবৰ্ষৰ এখন প্ৰাচীন বিশ্ববিদ্যালয় হৈছে নালন্দা বিশ্ববিদ্যালয় । এই বিশ্ববিদ্যালয়ত বেদ, চিকিৎসাবিজ্ঞান, অংকশাস্ত্ৰ, ব্যাকৰণ, তৰ্কশাস্ত্ৰ, দৰ্শনাশাস্ত্ৰ, আধ্যাত্মবিজ্ঞান, যোগশাস্ত্ৰ আদিৰ আদিৰ শিক্ষা দিয়া হৈছিল । এই বিশ্ববিদ্যলয়ৰ বাহিৰে ভিতৰে দহ হাজাৰ ছাত্ৰ আছিল । শীলভদ্ৰ নামৰ এগৰাকী উদাসীন পণ্ডিত এই বিশ্ববিদ্যালয়ৰ বিখ্যাত অধ্যক্ষ আছিল । ইয়াত কোনো খৰচ নোলোৱাকৈ শিক্ষাদান কৰা হৈছিল । ইয়াৰ পুথিভঁৰালটো ভাৰতৰ ভিতৰত সৰ্ববৃহৎ আছিল । ইয়াৰ নাম আছিল ৰত্নোদধি । শিক্ষাগাৰটোৰ এশটা কোঠালিত এশটা শ্ৰেণী বহিব পাৰিছিল । এই বিশ্ববিদ্যালয়ৰ ছাত্ৰসকল ভাৰতবৰ্ষৰ সকলো ঠাইৰ ছাত্ৰৰ আদৰ্শ স্বৰূপ আছিল । পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা ছাত্ৰসকলে ইয়ালৈ অধ্যয়ন কৰিবলৈ আহিছিল । তাৰ শিক্ষাৰ আদৰ্শ ইমান উচ্চ আছিল যে কম ছাত্ৰইহে  তাত প্ৰৱেশ লাভ কৰিছিল । চীনা পৰিব্ৰাজক য়ুয়ানচ্যাঙে এই বিশ্ববিদ্যালয়ত যোগশাস্ত্ৰ অধ্যয়ন কৰিছিল ।

 

৭)  প্ৰাচীন ভাৰতীয় শিক্ষা প্ৰবন্ধটোৰ পৰা তুমি কি কি মূল্যৱান কথা শিকিলা চমুকৈ লিখা ।

উত্তৰ- প্ৰাচীন ভাৰতীয় শিক্ষাপাঠটিত প্ৰচীন ভাৰতৰ শিক্ষাব্যৱস্থা কেনেধৰণৰ আছিল তাৰ এটি আভাস দাঙি ধৰিছে । সেই সময়ত শিক্ষাৰ উদ্দেশ্যে আছিল মানুহৰ সজ প্ৰবৃত্তিবোৰ গঢ়ি তোলা আৰু অসৎ প্ৰবৃত্তিবোৰ মনৰ পৰা আঁতৰ কৰি মানুহক জীৱন যুদ্ধৰ বাবে ভালদৰে সাজু কৰা ।  

   বিশ্ববিদ্যালয়বোৰত ভাস্কৰ বিদ্যা, চিত্ৰাংকন, মূৰ্তিকটা আৰু আন আন হাতেৰে কৰা বিদ্যা আদিৰ শিক্ষা দিছিল । ইয়াৰ উপৰি, বেদ চিকিৎসা, শাস্ত্ৰৰ জ্ঞানো দিয়া হৈছিল ।  গতিকে আমি কব পাৰোঁ যে সেই সময়ৰ ভাৰতীয় শিক্ষাব্যৱস্থা অতি উন্নত মানৰ আছিল । ছাত্ৰসকলে শিক্ষা লাভ কৰি নান বিষয়ত সিদ্ধি লাভ কৰিছিল আৰু তাৰ সহায়ত বহুতো নতুন নতুন তত্ত্ব আৰু সত্য আৱিষ্কাৰ কৰিছিল । গতিকে এই পাঠটিৰ পৰা আমি বহুতো মূল্যৱান কথা শিকিব পাৰোঁ ।

 

ভাষা -  বিষয়কঃ

১। বাক্য ৰচনা কৰাঃ

(ক) স্বাধীন চিন্তা,  (খ) জ্যোতিষশাস্ত্ৰ ,  (গ) পোৰা মাটি ,   (ঘ) বাহিৰে  ভিতৰে ।

উত্তৰঃ
(ক) স্বাধীন চিন্তা – প্ৰাচীন কালৰ ভাৰতীয় শিক্ষাব্যৱস্থাই ছাত্ৰসকলক স্বাধীন চিন্তা কৰি নতুন নতুন তত্ত্ব আৱিষ্কাৰ কৰাত সহায় কৰিছিল ।

(খ) জ্যোতিষশাস্ত্ৰ -  উজ্জয়িনীত থকা বিশ্ববিদ্যালয়খনত প্ৰধানকৈ জ্যোতিষশাস্ত্ৰ  শিক্ষা দিয়া হয় ।

(গ) পোৰা মাটি -  গুৱাহাটীত থকা অসম ৰাজ্যিক সংগ্ৰালয়ত বহুতো পোৰা মাটিৰ মুদ্ৰা সংৰক্ষিত হৈ আছে ।

(ঘ) বাহিৰে  ভিতৰে -  নালন্দা বিশ্ববিদ্যালয়ৰ বাহিৰে  ভিতৰে দহ হাজাৰ ছাত্ৰই অধ্যয়ন কৰিব পাৰিছিল ।

২ । তলৰ শব্দকেইটাৰ সন্ধি ভাঙাঃ

শিক্ষাগাৰ, বিদ্যালয়, পুৰুষাৰ্থ

উত্তৰঃ  

শিক্ষাগাৰ – শিক্ষা + আগাৰ

বিদ্যালয় – বিদ্যা + আলয়

পুৰুষাৰ্থ – পুৰুষ + অৰ্থ



 Assamese All Chapter Question Answer .

     Published  By Lokesh Das

Class 10 Assamese  questions Answer.                    



Previous Post Next Post