পাৰস্যত এভুমুকি । Class 10 Assamese Question Answer SEBA.

 

Class 10 Assamese Book Question Answer SEBA . 



 

 

পাৰস্যত এভুমুকি



ক) লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ৰিগটো কত অৱস্থিত ?

উত্তৰ:- লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ৰিগটো পাৰস্য উপসাগৰত অৱস্থিত

 

খ ) বুশ্বেৰ কি ?

উত্তৰ:- বুশ্বেৰ ইৰাণৰ এখন বন্দৰ নগৰ

 

গ) বুশ্বেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত কোন কোন আছিল ?

উত্তৰ:- বুশ্বেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত আছিল মেহদি আৰু ঘাছেম ।

 

ঘ) বুশ্বেৰ বিমান বন্দৰটোক কিয় গুৰুত্বপূৰ্ণ বুলিছে ?

উত্তৰ:- বুশ্বেৰ বিমান বন্দৰটোৰাণৰ এটা সামৰিক ঘাটি । সেয়েই ই গুৰুত্বপূৰ্ণ ।

 

ঙ) লেখকে বুশ্বেৰত কি আছে বুলি শুনিছে ?

 উত্তৰ:- লেখকে বুশ্বেৰত এটা নিউক্লীয ৰিয়েক্টৰ আছে বুলি শুনিছে ।

 

চ) মেহদি আৰু খাছেম কোন?

উত্তৰ:- মেহদি আৰু খাছেম জিঅলগ নামৰ ইটালিয়ান কোম্পানি এটাৰ মাডলাগ

 

 

ছ)  মেহদি আৰু খাছেমে কাম কৰা কোম্পানীটোৰ নাম কি?

উত্তৰ:- মেহদি আৰু খাছেমে কাম কৰা কোম্পানীটোৰ নাম জিঅ'লগ

জ) ভেংকি কত থাকে?

উত্তৰ:- ভেংকি বুশ্বেৰত থাকে

 

ঝ) ভেংকীয়ে কি কৰে ?

উত্তৰ:- ভেংকীয়ে বুশ্বেৰৰ পৰা ৰিগলৈ যাব লগা হেলিকপ্টাৰ আৰু সামগ্ৰী যোগানকাৰী জাহাজৰ তদাৰক কৰে

 

(ঞ) আবুজাৰ কোন?

উত্তৰ:- আবুজাৰ লিখক আৰু ভেংকিৰ এজন ট্ৰেভেল এজেণ্ট

ট) আগা শব্দৰ অৰ্থ কি?

উত্তৰ:- আগা হৈছে শ্ৰীযুতৰ সমাৰ্থক সন্মানীয় শব্দ

 

ঠ) ইৰাণে কেতিয়া ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে?

উত্তৰ:- ১৯৭৯ চনত ইৰাণে ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে

 

ড) ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা কোন ?

উত্তৰ:- ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা ইমাম আয়াতুল্লা খোমোনি ।

 

ঢ) ইৰাণৰ কোনটো বিষয়ে লেখকৰ কৌতুহল বৃদ্ধি কৰিছিল?

উত্তৰ:- ইৰাণৰ জাগ্ৰছ পৰ্বতমালাই লিখকৰ কৌতুহল বৃদ্ধি কৰিছিল

 

ণ) ইৰাণৰ ৰাজধানীৰ নাম কি ?

উত্তৰ:- ইৰাণৰ ৰাজধানী টেহৰাণ ।

 

ত) টেহৰাণত বিমান বন্দৰ কেইটা ?

উত্তৰ:- টেহৰাণত বিমান বন্দৰ দুটা – মেহৰাবাদ এয়াৰপৰ্ট আৰু খোমেনি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট ।

থ) লেখক থকা টেহৰাণৰ হোটেলখনৰ নাম কি?

উত্তৰ:-  লেখক থকা টেহৰাণৰ হোটেলখনৰ নাম হোমা  হোটেল

 

দ) ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্ৰ কেনেকুৱা শিলাস্তৰত অৱস্থিত?

উত্তৰ:- ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্ৰ নৱজীৱী মহাকল্পৰ শিলাস্তৰত অৱস্থিত

 

ধ) স্লামবাৰ্জাৰ কি?

উত্তৰ:- স্লামবাৰ্জাৰ এটা বহুৰাষ্ট্ৰীয় কোম্পানী

 

ন) ইৰাণীসকলে নৱবৰ্ষক কি বোলে?

উত্তৰ:- ইৰাণীসকলে নৱবৰ্ষক ৰোজ বোলে

 

প) বেহেষ্ট-ই-জাহাৰা কি ?

উত্তৰ:- বেহেষ্ট-ই-জাহাৰা টেহৰাণৰ মুখ্য সমাধিস্থল

 

ফ)  শ্বিৰীন ইবাডি কোন?

উত্তৰ:- শ্বিৰীন ইবাডি এক সংগ্ৰামী সত্তা । তেওঁ নবেল বঁটা লাভ কৰিছিল ।

 

ব) চেনি কোনে আবিষ্কাৰ কৰিছিল?

উত্তৰ:- সম্ৰাট জামছেদে আবিষ্কাৰ কৰিছিল

 

ভ) লেখক ইৰাণলৈ কি দায়িত্ব লৈ গৈছিল?

উত্তৰ:- লেখক ইৰাণলৈ তেলৰ অন্বেষণৰ দায়িত্ব লৈ গৈছিল

 

ম) ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম কি?

উত্তৰ:- ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম খোমেনি এন্টাৰনেশ্যনেল বিমান বন্দৰ

 

য) কেন্দৰ অৰ্থ কি?

উত্তৰ:- কেন্দশব্দৰ অৰ্থ চেনি

 

More Resours For Class 10 Solutions in Assamese Medium



২ । তেলৰ বাবে চলোৱা খনন কাৰ্যত মাজলগিংআহিলাসমূহৰ ভূমিকা কি ?

উত্তৰঃ- তেলৰ বাবে চলোৱা খনন কাৰ্যত মাজলগিংআহিলাসমূহৰ ভূমিকা আছে । এইবোৰৰ জৰিয়তে তথ্য সংগ্ৰহ কৰা হয় যিয়ে এখন নতুন তৈলক্ষেত্ৰ আৱিষ্কাৰত আৰু কোনো বিপজ্জনক পৰিস্থিতিৰ উদ্ভৱ নোহোৱা খনন চলোৱাত সহায় কৰিব পাৰে । মাজলগিং ইউনিটটোৰপৰা প্ৰেৰণ কৰা তথ্য দেখি বহুতো সিন্ধান্তত উপনীত হব পৰা যায় ;খননত হব পৰা সম্ভাব্য বিপদ সম্পৰ্কে ভৱিষ্যতবাণী কৰিব পৰা যায় আৰু গৱেষণাগাৰটোত বহিয়েই পোন প্ৰথমে জানিব পৰা যায় তাত তেল পোৱা যাবনে নাই ।

 

৩ । বুশ্বেৰ চহৰৰ এটা বিৱৰণ দিয়া ।

উত্তৰঃ- বুশ্বেৰ এখন সৰু চহৰ । ৰাস্তা চহৰৰ সুপৰিকল্পনাই এই চহৰখনক এক অনন্য মাত্ৰা প্ৰদান কৰিছে । চহৰখনত চাৰিটা লেনৰ ৰাস্তা আৰু তাৰ মাজে মাজে ডিভাইডাৰ আছে । চাফ-চিকুণ ৰাস্তা – ঘাটে বুশ্বেৰ চহৰৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে । চহৰকনৰ প্ৰতিটো গৰ দেৱালেৰে  ঘেৰা । প্ৰৱেশদ্বাৰত একন মজবুত লোহাৰ গেট থকা পৰিলক্ষিত হয় । আৱাসিক অঞ্চলৰ ঘৰবোৰ দুই বা তিনিমহলীয়া ।  বুশ্বেৰ একন ভীৰ-ভাৰ নোহোৱা চহৰ । চহৰকন সৰু যদিও তাত গাড়ী – মটৰৰ চালাচল যথেষ্ট; যিহেতু তাত পেট্ৰলৰ দাম কম । তাত গাড়ী চালকে সদায় বাওঁফালে বহি গাড়ী চলায় ।

   বুশ্বেৰ চহৰত শুক্ৰবাৰে দ্ওবাৰৰদৰে পৰিৱেশ সৃষ্টি হয় । প্ৰায়বোৰ দোকান সেই দিনটোত বন্ধ থকা দেখা যায় । অৱশ্যে দৈনন্দিন প্ৰয়োজনীয় দোকানবোৰ খোলা থাকে । বুশ্বেৰ চহৰৰ ফল-মূলৰ দোকানসমূহ চেৰি, তৰমুজ আদি ফলেৰে আটকধুনীয়াকৈ সজাই ৰখা হয় ।

  

৪ । ইৰাণৰ ইতিহাসৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ- ইৰাণৰ ইতিহাস অতি প্ৰাচীন । এই প্ৰাচীন সভ্যতা সজীৱ হৈ আছে । প্ৰত্নতাত্ত্বিক, ঐতিহাসিক, সাংস্কৃতিক আৰু কীৰ্তিস্তম্ভৰ যোগেদি ।

   প্ৰায় চাৰিহাজাৰ বছৰ পূৰ্বে আৰ্যগোষ্ঠীৰ লোকে ইৰাণলৈ আহি বসতি স্থাপন কৰিছিল । খ্ৰীষ্টপূৰ্ব ছয় শতিকামান পূৰ্বে বিখ্যাত ৰজা ছাইৰাছে উত্তৰ ইৰাণৰ মেডেছ সকলক পৰাস্ত কৰি ইৰাণবাসীক একগোট কৰছিল । খ্ৰীষ্টপূৰ্ব ৫২৯ত ছাইৰাছৰ মৃত্যু হয় আৰু নতুন ৰজা দৰিয়াছে সাম্ৰাজ্য প্ৰসাৰৰ প্ৰয়াস কৰে । পৰৱৰ্তীকালত আলেকজেণ্ডাৰৰ আগমনে ছাইৰাছৰ পাৰ্ছেপলিছ সাম্ৰাজ্যৰ পতন ঘটাইছিল ।

    খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকালৈকে চলা গ্ৰীক শাসনৰ পাছত পাৰ্থীয়ানসকলে ইৰাণৰ শাসনভাৰ লৈছিল । সেই সময়ত জোৰাষ্ট্ৰিয়ান ধৰ্মই ৰাজধৰ্মৰ স্বীকৃতি লাভ কৰিছিল । ৩৫০ বছৰ কাল পাৰ্থিয়ানে সাসন কৰাৰ পাছত চাৰিটা শতিকা ছাজানিকসকলে ইৰাণ শাসন কৰিছিল । তাৰ পাছত আৰৱনসকলৰ ইৰাণলৈ আগমণ গটে, ইছলাম ধৰ্মই ইৰাণৰ মুখ্য ধৰ্মইৰ স্থান পায় । কেইবা শতিকাজুৰি চলা আৰৱ শাসনৰ পৰৱৰ্তীকালত বহুতো বিদেশী শক্তিৰ আক্ৰমণে ইৰাণ চহৰক বিধ্বস্ত কৰে ।

   ইৰাণৰ শাসকসকলৰ ভিতৰত অন্যতম আছিল নাদিৰ শ্বাহ । তেওঁৰ ৰাজত্বকাল ১৭৩৭-১৭৪৭ । তওঁ আফগানিস্তান আৰু ভাৰতবৰ্ষ আক্ৰমণ কৰিছিল । নাদিৰ শ্বাহৰ পিছত ইৰাণৰ দুটা শাসক বংসৰ মাজত সাংঘাত হয় আৰু ১৭৯০ খ্ৰীঃত কাজাৰ বংস জয়ী হয় । এই বংশই প্ৰথম বিস্বযুদ্ধৰ সময়লৈকে ইৰাণ শাসন কৰে । প্ৰতম বিশ্বশুদ্ধৰ পাছত ৰেহাশ্বাহ পাহ্ণাভিয়ে ইৰাণৰ শাসনভাৰ হাতত ললে আৰু তেতিয়াৰেপৰা আধুনিকীকৰণৰ প্ৰচেষ্টাৰ আৰম্ভমি হল । ১৯৭৯ চনৰ বিখ্যাত ধৰ্মীয় বিপ্লৱৰ ফলস্বৰূপে পহিলা এপ্ৰিলৰপৰা ইৰাণে ইছলামিক গমতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে ।

  

৫ । ইৰাণৰ ভূতত্ত্বৰ বিষয়ে লিখা ।

উত্তৰঃ- ইৰাম চহৰৰ ভূতত্ত্বৰ বিষয়ে কবলৈ গলে পোনপ্ৰথমে মনলৈ আহে জাগ্ৰছ পৰ্বতমালাৰ কথা । ইৰাম চহৰৰ মুখ্য আকৰ্ষণ হৈছে এই পৰ্বতমালা । আৰৱ প্লেট আৰু ইউৰেছিয়া প্লেটৰ মাজত সংঘাত হৈ সাগৰৰ বুকুৰপৰা এই পৰ্বতমালা জাগ্ৰত হৈ উঠিছিল । জাগ্ৰছ আৰু হিমালয়ৰ জন্মকাহিনী একে । জাগ্ৰছ পৰ্বতৰ দক্ষিণ – পশ্চিম দিশত বিৰাট তেল আৰু গেছৰ বাণ্ডাৰ সঞ্চিত হৈ আছে । ইয়াৰ ওপৰতে বিশ্বৰ বহুতো দেশে তেল আৰু গেছৰ বাবে নিৰ্ভৰ কৰিছে ।

     জাগ্ৰছ পৰ্বত শৃংখলা ইৰাণৰ উত্তৰ – পশ্চিমৰপৰা দক্ষিণ-পূৱলৈকে বিয়পি আছে । ইয়াৰ সৰ্বোচ্চ শৃংগৰ উচ্চতা প্ৰায় ৮৫০০ মিটাৰ । জাগ্ৰছৰ উপৰিও দেশখনত আৰু অনেক পৰ্বত শৃংখলা আছে ।

 

৬ । জাগ্ৰছ পৰ্বতমালাৰ বিষয়ে তোমাৰ পাঠ্য পুথিৰ সহায়ত লিখা ।

উত্তৰঃ- জাগ্ৰছ পৰ্বতমালা ইৰাণৰ এক বিশেষ আকৰ্ষণ । আৰৱ প্লেট আৰু ইউৰেছিয়া প্লেটৰ মাজত হোৱা সংঘাতৰ ফলত সাগৰৰ বুকুৰপৰা এই পৰ্বতমালা উঠি আহিছিল । এই পৰ্বতমালাৰ দক্ষিণ-পশ্চিম দিশত তেল াৰু গেছৰ বৃহৎ ভাণ্ডাৰ সঞ্চিত হৈ আছে । ই ইৰাণৰ উত্তৰ-পশ্চিমৰপৰা দক্ষিম-পূৱলৈকে বিয়পি আছে । ই ইৰাণৰ উত্তৰ- পশ্চিমপৰা দক্ষিণ-পূৱলৈকে বিয়পি আছে । এই পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগৰ উচ্চতা ৪৫০০ মিটাৰ ।

 

৭ । ইৰাণৰ কেইখনমান ঠাইৰ নাম লিখা ।

উত্তৰঃ- ইৰাণৰ কেইখনমান ঠাইৰ নাম হল – চিৰাজ, আহবাজ, ইছফাহান, নাটাঞ্জ ,  মাছাদয়াজ, টাবৰিজ, হামাদান, কাৰমান, আৰডাবিল আদি ।

 

৮ । টেহৰাণৰ বিমান বন্দৰ কেইটা কি কি আৰু কোন কোন স্থানত ?

উত্তৰঃ- টেহৰাণৰ বিমান বন্দৰ দুটা মেহৰাবাদ এয়াৰপৰ্ট আৰু খোমেনি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট । ইয়াৰ মেহৰাবাদ এয়াৰপৰ্ট চহৰত, খোমেনি বিমান বন্দৰ চহৰৰপৰা দূৰত ।

 

৯ । টেহৰাণৰ প্ৰকৃতিক অৱস্থা কেনেকুৱা লিখা ।

উত্তৰঃ- টেহৰাণৰ প্ৰকৃতিক অৱস্থা সুন্দৰ । চহৰৰ কাষতে ওখ পাহাৰ । টেহৰাণক সৌন্দৰ্যৰ বাবে পেৰিছৰ সতেও তুলনা কৰা হয় । ওখ ওখ পৰ্বতেৰে পৰিৱেষ্টিত হোৱা হেতুকে চহৰখন দেখিবলৈ অতি সুন্দৰ ।  গ্ৰীষ্মৰ দুটা মাহ ইয়াত গৰম অনুভৱ হয় । বাকী সময়ছোৱাত ইয়াৰ জলবায়ু অতি আৰামদায়ক । শীতকালত টেহৰাণত বৰফ পৰে । এলব্ৰুন পৰ্বতৰাশিৰ বাবে এই চহৰৰ জলবায়ু অতি সুন্দৰ হৈছে । পৰ্বতৰ ওপৰৰ হিমবাহবোৰ টেহৰাণ মহানগৰীৰ খোৱা পানীৰ প্ৰধান উৎস ।  

 

১০ । স্লামবাৰ্জাৰ কোম্পানিৰ কাৰ্যালয় কত কত আছে ?

উত্তৰঃ- স্লামবাৰ্জাৰ কোম্পানিৰ কাৰ্যালয় নাজিৰাৰ পৰা নাইজেৰিয়ালৈ, দুলীয়াজানৰপৰা ডুবাইলৈ, টেহৰামৰ পৰা টেক্সাছলৈ পৃথিৱীৰ সকলো তৈলক্ষেত্ৰৰ ওচৰে পাঁজৰে আছে ।

 

১১। ইৰাণীসকলৰ নৱবৰ্ষৰ উৎসৱৰ বিৱৰণ দিয়া

উত্তৰ:- বসন্তৰ মনোৰম দিনৰ আৰম্ভণিতে ইৰাণীসকলে তেওলোকৰ নৱবৰ্ষ '' ৰোজ উদযাপন কৰে । দুসপ্তাহ জুৰি উদযাপন কৰা এই উৎসৱ আৰম্ভ হয় বসন্ত প্ৰথম দিনত । যেতিয়া সূৰ্যই বিষুৱ ৰেখা অতিক্ৰম কৰে । সেই সময়ত বুশ্বেৰৰ হোটেলৰ কথা বাদেই কলেজৰ পৰা আৰম্ভ কৰি চৰকাৰী কাৰ্যালয়লৈকে সকলোতে শিবিৰ স্থাপন কৰা হয়, যাতে ইৰাণীসকলে নৱবৰ্ষ উদযাপন কৰিব পাৰে । নৱবৰ্ষৰ এই আনন্দোৎসৱত বহুতো বিষয় সামৰি লোৱা হয় । পৰিৱেশ আৰু নিজকে চাফ-চিকুণকৈ ৰখা, শত্ৰুভাৱ দূৰ কৰি বন্ধুত্ব গঢ়া, অগ্নিশিখা প্ৰজ্বলন কৰা, সীমান্ত নদী বা সাগৰৰ অভিমুখে যাত্ৰা ইত্যাদি

    নৱবৰ্ষৰ আৰম্ভণিতে সকলোৱে পৱিত্ৰ কোৰাণ আৰু হাফেজৰ কবিতা পঢ়ে ।  এনেদৰেই অতি ধূমধামেৰে পাৰস্যত তীৰত ইৰাণীসকলে নৱবৰ্ষ উৎসৱ উদযাপন কৰে ।

 

১২ । বেহেষ্ট-ই-জাহাৰাৰ লগত টেহৰাণবাসীৰ সম্পৰ্কৰ বিষয়ে লিখা ।

 উত্তৰঃ- বেহেষ্ট-ইজাহৰা টেহৰাণৰ এখন জনপ্ৰিয় স্থান । টেহৰাণৰ ই মুখ্য সমাধিস্থল । এই ঠাই কেইবা কিলো মিটাৰ দীঘল । খোৱা-বোৱাৰ দোকানৰ পৰা খেলপথাৰলৈ সকলো এই সমাধিস্থলত আছে ।

 

১৩ । শ্বিৰীণ ইবাডি কোন ? তেওঁৰ সংগ্ৰামৰ বিষয়ে পাঠ্যপুথিৰ সহায়ত লিখা ।

উত্তৰঃ- শ্বিৰীণ ইবাডি এগৰাকী নবেল বিজয়ী ব্যক্তি ।

     ইবাডীয়ে কঠোৰপন্থীৰ বিৰুদ্ধে জীৱনযোৰা সংগ্ৰাম কৰিছিল । ইবাডিক বিচাৰ পতি হোৱাৰ পৰা বঞ্চিত কৰা হৈছিল  আৰু হিজাব নামৰ ইৰাণী মহিলাই মূৰ ঢাকি লোৱা কাপোৰ পৰিধান কৰিবলৈ জোৰ দিয়া হৈছিল । তেনে এটা কঠিন পৰিৱেশত তেওঁ এটা অত্যুৎসাহী পদক্ষেপ লৈছিল মানৱ অধিকাৰৰ । তেওঁ নিপীড়িত লোকৰ বাবে যুঁজিছিল । যত যুৱতীক ধৰ্ষণ কৰা হৈছিল , শাসন বিৰোধী যুৱকক শাস্তি দিয়া হৈছিল, পতিয়ে পত্নীক বেয়া ব্যৱহাৰ কৰিছিল ,  তেনেকুৱা ক্ষেত্ৰত তেওঁ ন্যায়ৰ বাবে সংগ্ৰাম কৰিছিল । বিজয়ৰ মুখ দেখাৰ লগে লগে মানৱ অধিকাৰৰ অগ্ৰণী ৰণুৱা হিচাপে সমগ্ৰ বিশ্বতে পৰিচিত হৈ পৰে । তেওঁক নবেল বঁটাৰে সন্মানিত কৰা হয় । ইৰাণীবাসীয়ে টেহৰাণ বিমান বন্দৰত তেওঁক বিপুল আদৰণী জনায় ।

 

 ভাষা – বিষয়কঃ

১ । তলত দিয়া শব্দকেইটা কি ভাষাৰ লিখাঃ

   কেঁচি, দোৱাত, চিয়াঁহী , চিচা ,  কেন্দি ।

উত্তৰঃ-

কেঁচা – ফাৰ্চী

দোৱাত - ফাৰ্চী

 চিয়াঁহী- ফাৰ্চী

 চিচা - ফাৰ্চী

 কেন্দি - ফাৰ্চী

 

More Resours For Class 10 Solutions in Assamese Medium


২ । তলত দিয়া শব্দকেইটাৰ অৰ্থ লিখাঃ

  খেলে মামনুন, মিৰচি ছালাম ।

উত্তৰঃ-

 খেলে মামনুন – ধন্যবাদ

  মিৰচি ছালাম – ধন্যবাদ

 

৩ । তলত দিয়া শব্দকেইটাৰ প্ৰতীকী অৰ্থ কি ?

  চবজে, ছামানু, ছিব, জেনেভেভ, ছিৰ, ছমাক ছেৰকেহ ।

 উত্তৰঃ-

    শব্দ                  প্ৰতীকি শব্দ

 ছবজে  -       ঘেঁহু বা দাইল -  পুনৰ্জন্মৰ প্ৰতীক ।

 ছামানু -       ঘেঁহুৰ কঠীয়াৰ পায়স - নতুন জীৱনৰ প্ৰতীক ।

  ছিব -         আপেল  -  স্বাস্থ্য আৰু সৌন্দৰ্যৰ প্ৰতীক ।

 জেনেভেভ – বনৰীয়া শুকান জলফাই – প্ৰেমৰ প্ৰতীক ।

  ছিৰ      -      নহৰু   - ঔষধ

  ছমাক  -       এবিধ বগৰী – সূৰ্যোদয়ৰ বৰণ ।

  ছেৰকেহ -   ভিনেগাৰ  - বয়স আৰু ধৈৰ্যৰ প্ৰতীক ।

 

 

৪ । তলত দিয়া শব্দকেইটাত ’ ‘ কিয় প্ৰয়োগ হৈছে লিখা

   সম্ভাষণ ,  অন্বেষণ, গৱেষণা,  অৱতৰণ ।

উত্তৰঃ-

    সম্ভাষণ – ঋ , ৰ, ষ – ৰ পাছত থকা দন্ত্য ন মূৰ্দ্ধণ্য ণ হয় ।

 

    অন্বেষণ – অনু শব্দৰ লগত যোগ হোৱা এষণা শব্দৰ দন্ত্য স মূৰ্দ্ধণ্য ষ হয় ।    

 

গৱেষণা গো শব্দৰ পাছত তকা এষণা শব্দৰ দন্ত্য মূৰ্দ্ধণ্য হয় ।

 

অৱতৰণ - ঋ , ৰ, ষ – ৰ পাছত থকা দন্ত্য ন মূৰ্দ্ধণ্য ণ হয় ।

 

 

৫ । তলৰ শব্দকেইটাত কি প্ৰত্যয় প্ৰয়োগ কৰা হৈছে লিখাঃ

  ইৰাণী, আবাসিক, বাণিজ্যিক, শেহতীয়া, সোণালী, খৰচী ।

উত্তৰঃ-

  ইৰাণী ইৰাণ + ঈ   ( ঈ প্ৰত্যয় )

 আবাসিক – আৱাস + ইক্  ( ইক্ প্ৰত্যয় )

বাণিজ্যিক – বাণিজ্য + ইক্  ( ইক্ প্ৰত্যয় )

 শেহতীয়া – শেহত + ঈয়া  ( ঈয়া প্ৰত্যয় )

সোণালী – সোণ + আলি + ঈ ( ঈয়া প্ৰত্যয় )

 খৰচী – খৰচ + ঈ ( ঈ প্ৰত্যয় )

 

 

 Assamese All Chapter Question Answer .

     Published  By Lokesh Das

Class 10 Assamese  questions Answer.                    


Previous Post Next Post