ধৰ ঝাড়ু ধৰ ভাই ।Class 10 Assamese Question Answer SEBA.

 

Class 10 Assamese Book Question Answer SEBA . 


 

 

  ধৰ ঝাড়ু ধৰ ভাই

 

 

১। অতি চমুকৈ উত্তৰ দিয়াঃ

ক) অম্বিকাগিৰী ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল?

উত্তৰ:- অম্বিকাগিৰী ৰায়চৌধুৰীক অসম কেশৰী আখ্যা দিয়া হৈছিল

খ)  সাতামপুৰুষীয়া সোণৰ চোতাল ঘৰ কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে?

উত্তৰ:- সাতামপুৰুষীয়া সোণৰ চোতাল ঘৰ কত যুগৰ ভূঁহুৰ পৰি পোত খাই আছে বুলি কবিয়ে কৈছে


গ) জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে ?

উত্তৰ:- জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে অসমীয়া ভাইসকলক বীৰ বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে

 

ঘ) কবিয়ে চাই থাকোঁতে  মুখ কিহেৰে ভৰি পৰিল বুলিছে?

উত্তৰ:- কবিয়ে চাই থাকোঁতে মুখ কাজল-ছাইৰে ভৰি পৰিল বুলিছে



২। ল এৱে তোৰ সময় হবৰ 

    জাতিৰ ঝাড়ুদাৰ যে ভাই

   ----- ইয়াত কবিয়ে কি কাৰণে জাতিৰ ঝাড়ুদাৰ  হোৱাৰ সময় হলহি বুলি সকীয়াই দিছে ?

উত্তৰ:- উক্ত কবিতাফাঁকিৰ দ্বাৰা কবিয়ে দেশৰ ভাইসকলক ঝাড়ু ধৰিবলৈ আহ্বান কৰি তাৰ দ্বাৰা পৰাধীনতাৰ কলংক আঁতৰাই দেশৰ হেৰুৱা স্বাধীনতা পুনৰ উদ্ধাৰ কৰা সময় হল বুলি উল্লেখ কৰিছে ।  


 

৩। নহলে যে বিশ্ব সভাত 

নহব তোৰ বহাৰ ঠাই

   ---- বিশ্ব সভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে?

উত্তৰ:- আমাৰ ভাইসকলে ইমানদিনে পৰৰ গোলামি কৰি, পৰৰ চৰণত পূজা, সেৱা কৰি দিন অতিবাহিত কৰিলে । কিন্তু এতিয়া সকলোৱে ঝাড়ুদাৰ হৈ নিজৰ মাজত থকা হিংসা-দ্বেষ, ঘৃণা-অহমকাৰ, ভেদা-ভেদ আদি মলি মামৰ আঁতৰ কৰি একত্ৰিতভাৱে দেশখনৰ হেৰুওৱা স্বাধীনতা ঘূৰাই আনিব লাগে । অসমীয়া ভাইসকল বীৰৰ বেশেৰে আগবাঢ়ি দৈ দেশৰ হেৰুওৱা স্বাধীনতা পুনৰ উদ্ধাৰ কৰি আনি বিশ্বৰ দৰবাৰত এখন উচ্চ স্থান অধিকাৰ কৰিবলৈ এই কবিতাটোৰ দ্বাৰা কবিয়ে নিৰ্দেশ দিছে ।

 

৪।  ধৰ ঝাড়ু ধৰ ভাই - কবিতাটিৰ মূলভাৱ লিখা

উত্তৰ:- আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট ধৰ ঝাড়ু ধৰ ভাই শীৰ্ষক কবিতাটো অম্বিকাগিৰী ৰায় চৌধুৰীৰ দ্বাৰা বিৰচিত এটি স্বদেশপ্ৰেমমূলক কবিতা ।

       ঝাড়ুৰে ঘৰ-দুৱাৰ সাৰি-পুছি চাফ-চিকুণ কৰা হয় । এই কবিতাটোৰ দ্বাৰা কবিয়ে দেশৰ ভাইসকলক ঝাড়ু ধৰিবলৈ আহ্বান জনাইছে । পৰাধীনতাৰ কাজল – ছাই বা কলংকৰে আমাৰ দেশখন ভৰি পৰিছে । আমাৰ সাতামপুৰুষীয়া ঐতিহ্যময় চোতালঘৰ আদি বহু যুগৰ ভুঁহুৰ পৰি পোত যোৱাৰ উপক্ৰম হৈছে । ইমানদিনে পৰৰ গোলামি কৰা, পৰৰ পূজা-সেৱা কৰা দেশৰ ভাইসকলে আজি ঝাড়ুৰে সাৰি-পুছি নিজৰ মাজত থকা ভেদা-ভেদ, হিংসা-দ্বেষ, ঘৃণা – অহমকাৰ আদি আঁতৰ কৰি সকলোৱে একত্ৰিতভাৱে দেশখনৰ হেৰুওৱা স্বাধীনতা পুনৰ ঘূৰাই আনি বিশ্বৰ দৰবাৰত এখন উচ্চ স্থান অধিকাৰ কৰিবলৈ কবিয়ে সকলোকে নিৰ্দেশ দিছে ।

 

 

৫। ব্যাখ্যা কৰাঃ 

ক) হিংসা-দ্বেষৰ, ভেদাভেদৰ,

ঘৃণা-ঘৃণি স্বাৰ্থ ভেমৰ

কত যে কি মলি-মামৰ

ভৰি জাতিৰ জীৱন যায়

উত্তৰ:- উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বিপ্লৱী কবি অম্বিকাগিৰী ৰায়চৌধুৰীদেৱে ৰচনা কৰা ধৰ ঝাড়ু ধৰ ভাইনামৰ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে ।

        এই কবিতাটোৰদ্বাৰা কবিৰ দেশৰ প্ৰতি থকা প্ৰেম, ভালপোৱাৰ সুন্দৰ প্ৰতিফলন ঘটিছে । সেই সময়ত আমাৰ দেশখন পৰাধীনতাৰ কলিয়া ডাৱৰে আৱৰি ধৰিছিল । লোকসকলৰ মাজত হিংসা-দ্বেষ, ঘৃণা-অহমকাৰ, ভেদা-ভেদ আদি মলি মামৰ আঁতৰ কৰি একত্ৰিতভাৱে দেশখনৰ হেৰুওৱা স্বাধীনতা ঘূৰাই আনিব লাগে নহলে ভৱিষ্যতে বিশ্বৰ দৰবাৰত এই জাতিটোৱে স্বকীয় বৈশিষ্টৰে নিজক প্ৰতিস্থিত কৰিব নোৱাৰিব । গতিকে কবিয়ে দেশৰ সকলো ভাইকে ঝাড়ুদাৰ হৈ আগবাঢ়ি আহি দেশ পুৰণি কলংক-কালিমা আঁতৰাই দেশখনক নতুন ৰূপত গঢ়িবলৈ আহ্বান জনাইছে ।

 

খ) ধৰ ঝাড়ু ধৰ ভাই

আৰু চাবৰ সময় নাই

চাই থাকোঁতে মুখত কেৱল 

ভৰিল কাজল-ছাই

উত্তৰ:- উক্ত কবিতাফাঁকিটো আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত অম্বিকাগিৰী ৰায়চৌধুৰীদেৱে ৰচনা কৰা ধৰ ঝাড়ু ধৰ ভাইকবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে ।

   এই কবিতাফাকিৰ দ্বাৰা  কবিৰ দেশৰ প্ৰতি থকা প্ৰেম, ভালপোৱা আদিৰ সুন্দৰ প্ৰকাশ ঘটিছে । সেই সময়ত আমাৰ দেশখন পৰাধীনতাৰ কলীয়া ডাৱৰে আৱৰি ধৰিছিল । সাতামপুৰুষীয়া চোতালঘৰ আদিৰ পুৰণি ঐতিহ্য – গৰিমা বহু যুগৰ ভুঁহুৰ পৰি পোত যোৱাৰ উপক্ৰম হৈছিল । গতিকে কবিয়ে এই জাৱৰ-জোথৰবোৰ আঁতৰ কৰি অৰ্থাৎ পৰাধীনতাৰ পৰা দেশখনক উদ্ধাৰ কৰি দেশৰ পুৰণি গৰিমা-কীৰ্তি পুনৰ উভতাই আনিবলৈ দেশৰ লোকসকল ঝাড়ুদাৰ হবলৈ আহ্বান জনাইছে । দেশৰ ভাইসকল পৰাধীন হৈ থকাৰ সময় শেষ হবলৈ উপক্ৰম হৈছে । ইতিমধ্যেই এওঁলোকৰ মুখ কাজল ছাইৰে ভৰি পৰিছে । গতিকে সকলোৱে একত্ৰিতভাৱেৰে এই কাজল ছাই আঁতৰাই কলংক মোচন কৰাৰ সময় আহি পৰিছে বুলি কবিয়ে উল্লেখ কৰিছে ।  

 

More Resours For Class 10 Solutions in Assamese Medium


৬। ধৰ ঝাড়ু ধৰ ভাই -কবিতাটোৰ মাজেৰে কবি ৰায়চৌধুৰীদেৱৰ স্বদেশপ্ৰেমৰ ভাৱ কিদৰে প্ৰকাশ পাইছে লিখা ?

উত্তৰ:- ধৰ ঝাড়ু ধৰ ভাই বিপ্লৱী কবি অম্বিকাগিৰী ৰায়চৌধুৰীদেৱে ৰচনা কৰা এটা দেশপ্ৰেমমূলক কবিতা । স্বদেশী আন্দোলনত যোগদান কৰাৰ সময়ত তেওঁ কেইবাবাৰো কাৰাবাস বৰণ কৰিবলগীয়া হৈছিল । কাৰগাৰত তেওঁক পায়খানা সাৰি চাফাই কৰা কাম দিয়া হৈছিল এই কাম কৰোঁতে তেওঁ বাঢ়নী চলোৱাৰ লগে লগে এই কবিতাটি ৰচনা কৰি গাই গৈছিল । কবি ৰা.চৈধুৰীদেৱে ঝাড়ুৰে পায়খানাৰ ময়লা পৰিষ্কাৰ কৰোঁতে দেশখনত আৱৰি ধৰা কাজল-ছাইৰূপী পৰাধীনতাৰ কলংক-কালিমা এইবোৰৰ পৰা উদ্ধাৰ কৰিবলৈ দেশৰ ভাইসকলক ঝাড়ুদাৰ হৈ আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে । আমাৰ সাতামপুৰুষীয়া ঐতিহ্যময় চোতাল ঘৰ বহু যুগৰ পৰাই ভুঁহুৰ পৰি পৰি পোত খাই যোৱাৰ উপক্ৰম হৈছে । গতিকে দেশৰ ভাইসকলে হাতত ঝাড়ুলৈ সেই ভুঁহুৰবোৰ সাৰি-পুছি আঁতৰ কৰি চোতাল ঘৰ পৰিষ্কাৰ কৰি সেই পুৰণি ঐতিহ্য কাৰ্তি পুনৰ ফিৰাই আনিব লাগে । এতিয়া নিজৰ ভিতৰত থকা হিংসা-দ্বেষ, ভেদা-ভেদ, ভেম-অহংকাৰ আদি ৰূপী মলি-মামৰবোৰ ঝাড়ু দি আঁতৰ কৰি বীৰৰ বেশেৰে একত্ৰিত হৈ দেশৰ হেৰুৱা স্বাধীনতা পুনৰ ঘূৰাই আনি বিশ্বৰ দৰবাৰত এখন উচ্চস্থান অধিকাৰ কৰিবলৈ কবিয়ে সকলোকে আহ্বান জনাইছে । উক্ত কবিতাটিত দেশপ্ৰেমৰ সুন্দৰ নিদৰ্শন ফুটি উঠা দেখা গৈছে ।



 

ভাষা-বিষয়কঃ

১। তলত দিয়া যুৰীয়া শব্দবোৰেৰে একোটিকৈ বাক্য ৰচনা কৰাঃ

ক) হীনে-ঘিণে- পৰৰ গোলামি হলে হীনে-ঘিণে সকলো কাম কৰিব লগা হয়

খ) ধাৰে-ঋণে- ব্ৰিটিছ সকলক অসমীয়া সকলে ধাৰে-ঋণে হলেও তেওঁলোকৰ চৰণত পূজা দিব লগীয়া হৈছিল

 

গ) ঘৃণা-ঘৃণি- আমি এজনে আনজনক ঘৃণা-ঘৃণি ভাৱে চাব নালাগে

ঘ) জাহি-জাবৰঃ- জাহি-জাবৰ সমূহে ঘৰৰ লেতেৰা কৰে

ঙ) সাৰি-পুছিঃ- ঝাড়ুৰে সাৰি-পুছি আমাৰ চাৰিওকাষ চাফ-চিকুন কৰা হয়

চ) মলি-মামৰ- এটা সময়ত আমাৰ সমাজত মলি মামৰে ভৰি পৰিছিল




২। তলৰ শব্দবোৰত মূৰ্ধন্য ণ হোৱা কাৰণ দৰ্শোৱাঃ

ক) সোণ, খ) ঘৃণা,গ) ঋণ

উত্তৰঃ-

ক) সোণ- কিছুমান শব্দত স্বাভাৱিকতে মূৰ্ধন্য ণ হয়

খ) ঘৃণা- একেটা পদতে থকা ঋ,ৰ আৰু ষ পাছৰ দন্ত্য ন মূৰ্ধন্য ণ হয়

গ) ঋণ- একেটা পদতে থকা ঋ,ৰ আৰু ষ পাছৰ দন্ত্য ন মূৰ্ধন্য ণ হয়

৩। বিপৰীত শব্দ লিখাঃ

ক) ঘৃণা, খ) স্বাৰ্থ, গ) জীৱন, ঘ) বীৰ

উত্তৰঃ-

ক) ঘৃণা-    প্ৰেম

খ) স্বাৰ্থ- নিস্বাৰ্থ

গ) জীৱন- মৰণ

ঘ) বীৰ- দুৰ্বল

 

 

Assamese All Chapter Question Answer .

     Published  By Lokesh Das

Class 10 Assamese  questions Answer.               


Previous Post Next Post