বল আৰু গতি বিষয়ক সূত্ৰসমূহ । Class 9 General Science Chapter 9 Assamese Medium Question Answer .

Class 9 General Science Chapter 9 Assamese Medium Question Answer . 

 Class 9 General science All Chapter Question Answers .




বল আৰু গতি বিষয়ক সূত্ৰসমূহ

Class 9 General Science NCRT Textbook – Page no 118

1.      তলত দিয়া কোনটো জড়তা বেছি (ক) এটা ৰবৰৰ বল আৰু এটা একে আকাৰৰ শিলৰ বল ? (খ) এখন চাইকেল আৰু এখন ৰেলগাড়ী ? (গ) এটা পাঁচটকীয়া মুদ্ৰা আৰু এটা এটকীয়া মুদ্ৰা ?

উত্তৰ:- (ক)এটা শিল

    (খ) এখন ৰেলগাড়ী

    (গ) এটা পাঁচটকীয়া মুদ্ৰা

কাৰণ, বস্তুৰ ভৰৰ দ্বাৰা ইয়াৰ জড়তা পৰিমাণ কৰা হয় বা অধিক ভৰবিশিষ্ট বস্তুৰ জড়তা অধিক ।

2. তলত দিয়া উদাহৰণটোত বলটোৰবেগৰ পৰিৱৰ্তন কিমানবাৰ হৈছে ঠাৱৰ কৰিবলৈ চেষ্টা কৰা –

এজন ফুটবল খেলুৱৈয়ে ফুটবলটো তেওঁৰ দলৰ অন্য এজন খেলুৱৈলে আগবঢ়াই আগবঢ়াই দিছে, যিজনে বলটো গললৈ মাৰিছে । বিপৰীত দলৰ গল ৰক্ষকজনে বলটো ধৰি তেওঁৰ নিজৰ দলৰ অন্য এজন খেলুৱৈলৈ আগবঢ়াই দিছে । প্ৰত্যেক ক্ষেত্ৰতে বলৰ যোগান ধৰা অভিকৰ্তাজনক চিনাক্ত কৰা ।

উত্তৰ:- ওপৰৰ উদাহৰণটোত বলটোৰ বেগৰ পৰিৱৰ্তন চাৰিবাৰ হৈছে ।

 প্ৰথমে, এজন ফুটবল খেলুৱৈয়ে ফুটবলটো তেওঁৰ দলৰ অন্য এজন খেলুৱৈলে আগবঢ়াই আগবঢ়াই দিলে ইয়াৰ দ্ৰুতি শূণ্যৰ পৰা নিৰ্দিষ্ট মানলৈ পৰিৱৰ্তিত হয় ।

গতিকে, এই ক্ষেত্ৰত বলৰ যোগান ধৰা অভিকৰ্তাজন হৈছে প্ৰথমজন খেলুৱৈ ।

দ্বিতীয়তে, অন্য এজন খেলুৱৈলৈ বলটো বিপৰীত দলৰ গললৈ মৰাৰ পাছত ইয়াৰ বেগৰ লগতে দিশৰ পৰিৱৰ্তন হয় ।

গতিকে এইক্ষেত্ৰত বলৰ বেগৰ পৰিৱৰ্তন ঘটাবলৈ বলৰ যোগান ধৰা অভিকৰ্তাজন হৈছে দ্বিতীয় গৰাকী খেলুৱৈ ।

 বিপৰীত দলৰ গলৰক্ষকজনে বলটোৰ গতি ৰুদ্ধ কৰিবলৈ বিপৰীতমুখী বল প্ৰয়োগ কৰোঁতে বলটোৰ বেগ তৃতীয়বাৰৰ বাবে পৰিৱৰ্তন হৈছে । এই ক্ষেত্ৰত বলৰ যোগান ধৰা অভিকৰ্তাজন হৈছে বিপৰীত দলৰ গলৰক্ষকজন ।

   বিপৰীত দলৰ গল ৰক্ষকজনে বলটো ধৰি তেওঁৰ নিজৰ দলৰ অন্য এজন খেলুৱৈলৈ আগবঢ়াই দিওঁতে বলটোৰ দ্ৰুতি শূণ্যৰ পৰা এক নিৰ্দিষ্ট মানলৈ সলনি হৈ পৰিৱৰ্তন ঘটিছে । গতিকে, এইবাৰো গলৰক্ষক জনেই হৈছে বলৰ যোগান ধৰা অভিকৰ্তা ।


 

3.     গছৰ ডাল এডাল জোৰকৈ জোকাৰি দিলে কিছুমান পাত কিয় সৰি পৰে বাখ্যা কৰা ।

উত্তৰ:- গছৰ ডাল এটা জোৰকৈ জোকাৰি দিলে গছজোপাই গমন – প্ৰত্যাগমনশীল গতি সম্পন্ন কৰে, আমহাতে ইয়াৰ পাতবিলাকে জড়তাৰ বাবে স্থিতিশীল হৈ থাকিব বিচাৰে । ফলস্বৰূপে কিছুমান পাত ডালৰ পৰা বিছিন্ন হৈ সৰি পৰে, কিয়নো ইহঁতে গছৰ গমন-প্ৰত্যাগমনশীল গতি প্ৰতিৰোধ কৰিবলৈ অক্ষম হয় ।

 

 

4.     চলন্ত বাছ এখন হঠাৎ ৰৈ গলে আমি আগলৈ আৰু ৰৈ থকা বাছ এখন হঠাৎ ত্বৰিত হলে আমি পিছলৈ যাওঁ কিয় ?

উত্তৰ:- ব্ৰেক প্ৰয়োগৰ ফলস্বৰূপে চলন্ত বাছ এখন হঠাৎ ৰৈ গলে বাছখনৰ লগতে আমাৰ দেহৰ নিম্নাংশ স্থিৰ অৱস্থালৈ আহে, আনহাতে শৰীৰৰ ঊৰ্দ্ধাংশই গতি জড়তাৰ বাবে গতিশীল হৈ থাকিব বিচাৰে । ফলস্বৰূপে, আমি সন্মুখৰ ফালে হালি যাওঁ কিয়নো আমাৰ ওপৰত এটা বলে ক্ৰিয়া কৰে ।

 ৰৈ থকা বাছ এখন হঠাৎ ত্বৰিত হলে বাছখনৰ মজিয়াৰ সংস্পৰ্শত থকা আমাৰ দেহৰ নিম্নাংশই গতি কৰিবলৈ ধৰে আমহাতে ঊৰ্দ্ধাংশই স্থিতি জড়তাৰ বাবে স্থিৰ হৈ থাকিব বিচাৰে । ফলস্বৰূপে আমি পিছলৈ হালি যাওঁ কিয়নো আমাৰ দেহে এই গতিৰ বিৰোধিত কৰে ।


Class 9 General Science NCRT Textbook – Page no 126-127

1.  যদি ক্ৰিয়া সদায় প্ৰতিক্ৰিয়াৰ সমান, তেন্তে ঘোঁৰা এটাই গাড়ীখন কেনেকৈ টানিব পাৰে বাখ্যা কৰা ।

উত্তৰ:- ঘোঁৰাটোৱে এটা বলেৰে (ক্ৰিয়া) সন্মুখৰ ফালে টানে । দুচকীয়া গাড়ীখনে বিপৰীত দিশত এটা সমান বল (প্ৰতিক্ৰিয়া) প্ৰয়োগ কৰে । এই সমান আৰু বিপৰীত বল দুটা সমান আৰু সমতুল হৈ পৰে । অৱশ্যে, ঘোঁৰাটোৱে গাড়ীখনৰ লগতে ভূমিভাগকো ইয়াৰ ঠেঙেৰে পিছফালে ঠেল আৰু ইয়াৰ ফলশ্ৰুতিত ভূমিভাগেও ঘোঁৰাটোৰ ঠেঙত সন্মুখৰ ফালে ঠেলে । ঘোঁৰাটোৱে পিছমুৱাকৈ প্ৰয়োগ কৰা হেঁচা চকা ঘৰ্ষণ বলতকৈ বেছি হোৱা বাবে গাড়ীখনে গতি কৰিবলৈ ধৰে ।   


2. অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মী এজনে তীব্ৰ বেগেৰে পানী ওলোৱা পাইপৰ মূৰটো ধৰি ৰাখোতে কিয় অসুবিধা পায় বাখ্যা কৰা ।

উত্তৰ:- পাইপডালেৰে উচ্চ বেগত বৃহৎ পৰিমাণৰ পানী নিৰিগত হওঁতে সন্মুখৰ ফালে প্ৰবাহিত পানীয়ে পিছমুৱাকৈ এক বৃহৎ প্ৰতিক্ৰিয়াৰ বল প্ৰয়োগ কৰে । নিউটনৰ তৃতীয় গতি বিষয়ক সূত্ৰৰ বাবে এনে হয় । এই প্ৰতিক্ৰিয়া বলে পাইপডালক পিছমুৱাকৈ ঠেলি কৰ্মীজনৰ স্থিৰতা হ্ৰাস কৰে । সেয়ে, অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মী এজনে তীব্ৰ বেগেৰে পানী ওলোৱা পাইপৰ মূৰটো ধৰি ৰাখোতে অসুবিধা পায় আৰু নিজৰ স্থিৰতা নিয়ন্ত্ৰণ কৰিবলৈ তেওঁ অধিক দৃঢ়ভাৱে খামুচি ধৰিবলগীয়া হয় ।


3.       4 kg ভৰৰ বন্দুক এটাৰ পৰা 50g ভৰৰ গুলী এটা 35 ms-1 প্ৰাৰম্ভিক বেগেৰে ওলাই গৈছে । বন্দুকটোৰ প্ৰাৰম্ভিক প্ৰতিক্ষেপ বেগ কিমান ?

উত্তৰ:- দিয়া আছে,

            গুলিটোৰ ভৰ, m = 50 g = 0.05 kg

                              বন্দুকৰ ভৰ, M = 4 kg

                        গুলীটোৰ প্ৰাৰম্ভিক বেগ, V1 = 35 m s-1

                      বন্দুকৰ প্ৰতিক্ষেপ বেগ, V2 = ?

 গুলী চালনা কৰাৰ আগতে গুলী আৰু বন্দুকৰ প্ৰাম্ভিক বেগ শূণ্য,       অৰ্থাৎ  u1 = u2 = 0

গুলী চালনা কৰাৰ আগতে গুলী আৰু বন্দুকৰ ভৰবেগ

 = mu1 + Mu2

   = 0.05 kg × 0 m s-1 + 4 kg × 0 m s-1

  = 0 kg m s-1

গুলীচালনা কৰাৰ পাছত গুলী আৰু বন্দুকৰ মুঠ ভৰবেগ

  = mv1 + Mv2

  = 0.05 kg × 35 m s-1 + 4 kg ×  v2

  = 1.75 kg m s-1 + 4v2 kg

ভৰবেগ সংৰক্ষণ সূত্ৰ অনুসৰি,

গুলীচালনা কৰাৰ পাছত মুঠ ভৰবেগ = গুলীচালনা কৰাৰ আগতে মুঠ ভৰবেগ

  ∴    = 1.75 kg m s-1 + 4v2 kg  = 0 kg m s-1

               4v2 = - 1.75 m s-1

               V2  = - 1.75/4   m s-1

                V2  = - 0.4375 m s-1

 ঋণাত্মক চিনে দেখুৱাইছে যে গুলীৰ গতিপথৰ বিপৰীত দিশে বন্দুকটোৱে পশ্চাৎ গতি সম্পন্ন কৰিছে ।

গতিকে, বন্দুকটোৰ প্ৰতিক্ষেপ বেগ 0.4375 m s-1

 

4.      100 g  আৰু 200g ভৰৰ দুটা বস্তু একে দিশত আৰু একে সৰল ৰেখাৰে ক্ৰমে 2 m s – 1 আৰু 1 m s -1 বেগেৰে গতি কৰি আছে । সিহঁত সংঘাতত লিপ্ত হল আৰু তাৰ পিছত প্ৰথমটোৰ বেগ 1.67 m s-1  হল । দ্বিতীয়টোৰ বেগ নিৰ্ণয় কৰা ।

উত্তৰ:- দিয়া আছে,

               প্ৰথম বস্তুটোৰ ভৰ, m1 = 100 g  = 0.1kg

              দ্বিতীয় বস্তুটোৰ ভৰ, m2 = 200 g = 0.2 kg

    প্ৰথম বস্তুটোৰ প্ৰাৰম্ভিক বেগ, u1 = 2 m s-1

   দ্বিতীয় বস্তুটোৰ প্ৰাৰম্ভিক বেগ, u2 = 1 m s-1

 সংঘাতৰ পাছত প্ৰথম বস্তুটোৰ অন্তিম বেগ, v1 = 1.67 m s-1

 সংঘাতৰ পাছত দ্বিতীয় বস্তুটোৰ অন্তিম বেগ, v2 = ?

সংঘাতৰ আগত বস্তু দুটাৰ মুঠ ভৰবেগ

  = m1u1 + m2u2

  = 0.1 kg × 2 m s-1  +  0.2 kg × 1 m s-1

  = 0.2 kg m s-1 + 0.2 kg m s-1

  = 0.4 kg m s-1

 

সংঘাতৰ পাছত বস্তু দুটাৰ মুঠ ভৰবেগ

  = m1v1 + m2v2

  = 0.1 kg × 1.67 m s-1  + 0.2 kg × v2

  = 0.167 kg m s-1 + 0.2 v2 kg

ভৰবেগৰ সংৰক্ষণ সূত্ৰ অনুসৰি,

সংঘাতত লিপ্ত হোৱাৰ পাছত মুঠ ভৰবেগ  = সংঘাতত লিপ্ত হোৱাৰ আগতে মুঠ ভৰবেগ  

  0.167 kg m s-1 + 0.2 v2 kg =  0.4 kg m s-1

           0.2 v2 kg = 0.4 kg m s-1 – 0.167 kg m s-1

            0.2 v2 = 0.233 m s-1

           v2   = 0.233/0.2 m s-1

           v2   =   1.165 m s-1

গতিকে, সংঘাতৰ পাছত দ্বিতীয় বস্তুটোৰ বেগ 1.165 m s-1       


         

অ ণু শী ল নী

1.    বস্তু এটাই কোনো বাহ্যিক অসন্তুলিত বল অনুভৱ কৰা নাইবস্তুটোৱে কিবা বেগেৰে গতি কৰি থকাটো সম্ভৱনে ?  যদি সম্ভৱ, তেন্তে বেগৰ মান আৰু দিশৰ ওপৰত আৰোপ কৰিবলগীয়া চৰ্তসমূহ উল্লেখ কৰা । যদি নহয় কাৰণ দৰ্শোৱা ।

উত্তৰ:- সম্ভৱ, কাৰণ বস্তুটো এটাই সুষম বেগত গতি কৰিলে বাহ্যিক অসন্তুলিত বলে দ্ৰুতি বা গতিৰ দিশ পৰিৱৰ্তন কৰিব পাৰে ।


2.  দলিচা এখন মাৰিৰে কোবালে, ধূলিবোৰ ওলাই আহে । বাখ্যা কৰা ।

উত্তৰ:- দলিচা এখন মাৰিৰে কোবালে, দলিচাখনে গতি সম্পন্ন কৰে, কিন্তু ধূলিৰ কণিকাবোৰে জড়তাৰ বাবে স্থিৰ অৱস্থাত থাকিব বিচাৰে আৰু এনেদৰে দলিচাখনৰ পৰা বিছিন্ন হয় ।


3.   বাছৰ মূধছত ৰখা বস্তুবোৰ ৰচিৰে বান্ধি ৰাখিবলৈ কিয় কোৱা হয় ?

উত্তৰ:- বাছ এখন ত্বৰিত হৈ সন্মুখৰফালে গতি কৰিলে মূধছত ৰখা বসত্বোৰে জড়তাৰ বাবে স্থিৰ অৱস্থাত থাকিব বিচাৰে । ফলস্বৰূপে, বস্তুবোৰ পৰি যাব বিচাৰে । সেয়ে, বাছৰ মূধছত ৰখা বস্তুবোৰ ৰচিৰে বান্ধি ৰাখিবলৈ কোৱা হয় । 

  

4.        ক্ৰিকেট খেলৰ বেট ধৰোঁতাজনে মৰা বলটো মাটিৰে অলপ দূৰ বাগৰি গৈ ৰৈ যায় । বলটো ৰৈ যোৱাৰ কাৰণ হল –

(ক) বেট ধৰোঁতাজনে বলটো পৰ্যাপ্ত জোৰেৰে নামাৰিলে

(খ) বলটোৰ বেগ ইয়াৰ ওপৰত প্ৰয়োগ কৰা বলৰ সমানুপাতিক ।

(গ) বলটোৰ গতিৰ বিৰোধিতা কৰা বল এটা ক্ৰিয়াশীল হৈ আছে ।

(ঘ) বলটোৰ ওপৰত কোনো অসন্তুলিত বলে ক্ৰিয়া কৰা নাই আৰু সেইবাবেই বলটো ৰৈ যাব খোজে ।

উত্তৰ:- (গ) বলটোৰ গতিৰ বিৰোধিতা কৰা বল এটা ক্ৰিয়াশীল হৈ আছে ।  (আমি জানো যে ঘৰ্ষণ বলে সদায় বসেতুৰ গতিৰ বিপৰীত দিশত ক্ৰিয়া কৰে ।)

 More Resours For Class 9 Solutions in Assamese Medium

 

5.    ৰৈ থকা অৱস্থাৰ পৰা ট্ৰাক এখন পাহাৰৰ পৰা স্থিৰ ত্বৰণেৰে নামি আহিছে । ই 20 s 400 m দূৰত্ব অতিক্ৰম কৰিলে ইয়াৰ ত্বৰণ নিৰ্ণয় কৰা । যদি ট্ৰাকখনৰ ভৰ 7 মেট্ৰিক টন হয় তেন্তে ট্ৰাকখনৰ ওপৰত ক্ৰিয়া কৰা বলৰ মান নিৰ্ণয় কৰা । ( ইংগিত 1 টন = 1000 kg ) 

উত্তৰ:- দিয়া আছে,

           প্ৰাৰম্ভিক বেগ, u = 0 m s-1

                 অতিক্ৰম কৰা দূৰত্ব, v = 400 m

                                         সময়,  t = 20 s

                                          ত্বৰণ, a = ?

  আমি জানোঁ,

        s = ut + ½ at2

            ⇒ 400 m = 0 m s-1  × 20 s + ½ a × (20)2 s2

           ⇒ 400 m = 0 + ½ a × 400 s2

        

       ⇒  a  = 2 m s-2

 ভৰ, m = 7 টন  = 7000 kg

  ∴ বল = m × a = 7000 kg

 গতিকে, ট্ৰাকখনৰ ত্বৰণ 2 m s-2 আৰু ট্ৰাকখনৰ ওপৰত ক্ৰিয়া কৰা বলৰ মান 14000 N   । 


 6.       1 kg ভৰৰ শিল এটা হিমীভূত হ্ৰদ এটাৰ পৃষ্ঠৰ ওপৰেদি 20 m s-1 বেগেৰে দলিয়াই দিয়াত সি 250 m দূৰত্ব অতিক্ৰম কৰি ৰৈ গল । শিলটো বৰফৰ মাজত ঘৰ্ষণৰ বল কিমান  ?

উত্তৰ:- দিয়া আছে,

          ভৰ, m = 1 kg

          প্ৰাৰম্ভিক বেগ, u = 20 m s-1

              অন্তিম বেগ, v = 0 m s-1

 অতিক্ৰম কৰা দূৰত্ব, s = 50 m

                         ত্বৰণ, a = ?

আমি জানোঁ,

      2as  = v2 – u2

     ⇒ 2a × 50 m = 0 – 202 m2 s-2

     ⇒ 100 a    = - 400 m s-2

  
  
  a  = - 4 m s-2

শিলটোৰ ওপৰত প্ৰয়োগ হোৱা বল  F

                            F = ma

                               = 1 kg × (-4 m s-2)

                               = - 4 N


7.    8000 kg ভৰৰ ইঞ্জিন এটাই প্ৰতিটো 2000 kg ভৰৰ 5 টা ডবা অনুভুমিক ৰেল লাইনৰ ওপৰেদি টানি নিছে । যদি ইঞ্জিনটোৱে প্ৰয়োগ কৰা বল 40000 N আৰু ৰেল লাইনে দিয়া ঘৰ্ষণ বল 5000 N হয়, তেন্তে তলত দিয়া ৰাশি কেইটা উলিওৱা –

  (a) ত্বৰণ উৎপন্নকাৰী মুঠ বল

  (b) ৰেলগাড়ীখনৰ ত্বৰণ আৰু

    (c) 1 নং ডবাই 2 নং ডবাৰ ওপৰত প্ৰয়োগ কৰা বল ।

  

উত্তৰ:- (a) ইঞ্জিনটোৱে প্ৰয়োগ কৰা বল, F1 = 40000 N

                     ৰেল লাইনে দিয়া ঘৰ্ষণ বল, F2 = 5000 N

        ∴   ত্বৰণ উৎপন্নকাৰী মুঠ বল, F  = F1  - F2

                                                            = 40000 N – 5000 N

                                                                 = 35000 N 

(b) ইঞ্জিনটোৰ ভৰ,    m1 = 8000 kg

  প্ৰতিটো ডবাৰ ভৰ,   m2 = 2000 kg

  ইঞ্জিন আৰু 5 টা ডবাৰ মুঠ ভৰ,

                                  m  = m1  + 5m2

                                            = 8000 kg + 5 × 2000 kg

                                            = 8000 kg  + 10000 kg

                                                = 18000 kg

ৰেলগাড়ীখনৰ ত্বৰণ,   a = ?

 ইঞ্জিন আৰু ডবাকেইটাত প্ৰয়োগ হোলা ত্বৰণ উৎপন্নকাৰী মুঠ বল, F = 35000 N

আমি জানো,

         F = ma

       

      
 
            = 1.944 m s-2

(c) 1 নং ডবাই 2 নং ডবাৰ ওপৰত প্ৰয়োগ কৰা বল

     = ত্বৰণ উৎপন্নকাৰী মুঠ বল – (ইঞ্জিনে প্ৰয়োগ কৰা বল + 1 নং ডবাৰ ওপৰত প্ৰয়োগ কৰা বল)

 = 35000 N – (8000 kg×1.944 m s-2 +200 kg×1.944 m s-2 )

  = 35000 N – ( 15552 N + 3888 N )

  = 35000 N – 19440 N

  = 15560 N         


8.   মটৰগাড়ী এখনৰ ভৰ 1500 kg গাড়ীখন 1.7 m s-2 ঋণাত্মক ত্বৰণেৰে ৰখাবলৈ গাড়ী আৰু ৰাস্তাৰ মাজৰ বল কিমান হব লাগিব ?

উত্তৰ:- দিয়া আছে,

      মটৰগাড়ীখনৰ ভৰ, m = 1500 kg

                                   ত্বৰণ, = - 1.7 m s-2

                                                = - 2550 N

ঋণাত্মক চিনে বুজায় যে ঘৰ্ষণ বল মটৰ গাড়ীখনৰ গতিৰ বিপৰীত দিযত ক্ৰিয়া শীল হৈছে । 


9.     m ভৰৰ বস্তু এটা v  বেগেৰে গতি কৰিলে তাৰ ভৰবেগ হব –

(ক) (mv)2    (খ)  mv2    (গ)    1/2mv2   (ঘ) mv

উত্তৰ:- (ঘ) mv

 

10.       200 N অনুভুমিক বল প্ৰয়োগ কৰি কাঠৰ বাকচ এটা মজিয়া এখনেৰে স্থিৰ বেগেৰে নিয়াৰ চেষ্টা কৰা হৈছে । মজিয়াখনে বাকচটোৰ ওপৰত প্ৰয়োগ কৰা ঘৰ্ষণ বলৰ মান কিমান

উত্তৰ:- কোনো এটা বস্তুৰ ওপৰত ক্ৰিয়া কৰা বল (ঠেলা বল আৰু ঘৰ্ণ বল) সন্তুলিত হলে আৰু ইয়াৰ ওপৰত কোনো বাহ্যিক বল প্ৰয়োগ নহলে বস্তুটোৱে স্থিৰ বেগেৰে হতি কৰে ।

   গতিকে, যদি ঘৰ্ষণ বলৰ মান অনুভূনিক বলৰ সমান হয় অৰ্থাৎ 200 N হয়, তেন্তে কাঠৰ বাকচটোৱে স্থিৰ বেগেৰে গতি কৰিব ।



11.      1.5 kg  ভৰৰ দুটা বস্তুৱে একে সৰল ৰেখাৰে কিন্তু বিপৰীত দিশত গতি কৰি আছিল । সংঘাতৰ পূৰ্বে দুয়োৰে বেগ আছিল 2.5 m s-1 সংঘাতৰ পিছত বস্তু দুটা লগ লাগি যায় । সংঘাতৰ পিছত লগ লগা বস্তুটোৰ বেগ কিমান ?

উত্তৰ:- ধৰা হল A বস্তুটোৱে বাওঁফালৰ পৰা সোঁফাললৈ গতি কৰিছে । সোঁফালৰ দিশক আমি ধণাত্মক দিশ হিচাপে বিবেচনা কৰিছো । B বস্তুটোৱে সোঁফালৰ পৰা বাওঁফাললৈ গতি কৰিছে ।

   

   দিয়া আছে,

   A বস্তুটোৰ ভৰ, mA  = 1.5 kg

       A বস্তুটোৰ বেগ, vA  = 2.5 m s-1

সংঘাতৰ পূৰ্বে A ৰ ৰৈখিক ভৰবেগ

                               PA = mA vA

                                    = 1.5 Kg × 2.5 m s-1

                                     = 3.75 kg m s-1

      B বস্তুটোৰ ভৰ, mB  = 1.5 kg

       B বস্তুটোৰ বেগ, vB  = - 2.5 m s-1

সংঘাতৰ আগতে B ৰৈখিক ভৰবেগ

                         PB = mB vB

                                = 1.5 kg × ( - 2.5 m s-1 )

                                = - 3.75 kg m s-1

সংঘাতৰ আগত A আৰু B ৰ ভৰবেগ

                                P1  = PA +   PB

                                    =   3.75 kg m s-1 - 3.75 kg m s-1

                                    = 0 kg m s-1

সংঘাতৰ পিছত বস্তু দুটা লগ লাগি যায় ।

   সংঘাতৰ পিছত A আৰু B ৰ মুঠ ভৰবেগ

                                 P2  = mv

                                       = 3 kg × v

এতিয়া, ভৰবেগৰ সংৰক্ষণ সূত্ৰ অনুসৰি

সংঘাত পূৰ্বে A আৰু B ৰ মুঠ ভৰবেগ =  সংঘাতৰ পিছত A আৰু B ৰ মুঠ ভৰবেগ

                       P1  =  P2

         ⇒ 0 kg  m s-1  = 3 kg × v

         ⇒ v = 0 m s-1

গতিকে, সংঘাতৰ পিছত লগ লগা বস্তুটোৰ বেগ 0 m s-1 , অৰ্থাৎ দুয়োটা বস্তু স্থিতিশীল হৈ ৰব । 


12.       গতি বিষয়ক তৃতীয় সূত্ৰৰ মতে আমি যদি বস্তু এটা ঠেলোঁ তেন্তে বস্তুটোৱে আমাক সমান আৰু বিপৰীত বলেৰে পিছলৈ ঠেলিব । যদি বস্তুটো ৰাস্তাৰ কাষত ৰখাই থোৱা এখন গধুৰ ট্ৰাক হয়, তেন্তে ই লৰচৰ নকৰাৰ সম্ভাৱনাই বেছি । সমান আৰু বিপৰীত বলে পৰস্পৰক সন্তুলিত কৰে বুলি এজন ছাত্ৰই যুক্তি আগবঢ়াই দি ইয়াৰ নায্যতা প্ৰতিপাদন কৰিছে । এই যুক্তিৰ ওপৰত তোমাৰ মতামত দিয়া আৰু ট্ৰাকখন কিয় লৰচৰ নকৰে তাৰ বাখ্যা দিয়া ।

উত্তৰ:- ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া বলে সদায় ভিন ভিন বস্তুৰ ওপৰত ক্ৰিয়া কৰে । গতিকে, সিঁহতে পৰস্পৰক সন্তুলিত কৰিব নোৱাৰে ।

ট্ৰাকখনৰ ভৰ অধিক হোৱাৰ বাবে ট্ৰাকখনৰ স্বাভাৱিক প্ৰতিক্ৰিয়া বলৰ মান বৃহৎ হয় । স্বাভাৱিক প্ৰতিক্ৰিয়া বলৰ মান বৃদ্ধি হলে সৰ্বোচ্চ বা সংঘাট ঘৰ্ষণ বল বৃদ্ধি পায় । ট্ৰাকখন গতিশীল কৰিবলৈ হলে ইয়াৰ সংকট ঘৰ্ষণ বলৰ মানতকৈ সামান্য অধিক বল প্ৰয়োগ কৰিব লাগিব ।

More Resours For Class 9 Solutions in Assamese Medium

13.   200 g  ভৰৰ হকী বল এটা 10 m s-1 বেগেৰে গৈ থকা অৱস্থাত ওডাল হকী মাৰিৰে কোবোৱাত সি অহা পথৰে 5 m s-1 বেগেৰে উভতি গল হকী মাৰিয়ে প্ৰয়োগ কৰা বলৰ প্ৰভাৱত হকী বলটোৰ গতিৰ ভৰবেগ পৰিৱৰ্তন নিৰ্ণয় কৰা ।

উত্তৰ:- দিয়া আছে,

         হকী বলটোৰ ভৰ m = 200 g = 0.2 kg

                   প্ৰাৰম্ভিক বেগ, u = 10 m s-1

                 অন্তিম বেগ, v = - 5 m s-1

    প্ৰাৰম্ভিক ভৰবেগ,  p1  = mu

                                            = 0.2 kg × 10 m s-1

                                            = 2 kg m s-1

  ∴   অন্তিম ভৰবেগ,  p2  = mv

                                      = 0.2 kg × ( -5 m s-1 )

                                         = - 1 kg m s-1

  ∴ ভৰবেগ পৰিৱৰ্তন, P = P2P1

                                            = -1 kg m s-1 – 2 kg m s-1

                                            = - 3 kg m s-1

ঋণাত্মক চিনে সূচাইছে যে হকী মাৰিয়ে কোবোৱাৰ পিছত হকী বলটোৰ দিশৰ পৰিৱৰ্তন ঘটিছে ।

গতিকে, ভৰবেগৰ পৰিৱৰ্তন মান 3 kg m s-1


14.     10 গ্ৰাম ভৰৰ গুলী এটা অনুভূমিক দিশত 150 m s-1 বেগেৰে গৈ থকা অৱস্থাত ৰৈ থকা 5 kg ভৰৰ স্থিতিশীল কাঠৰ টুকুৰা এটাত খুন্দা খাই 0.03 s ত স্থিতিশীল অৱস্থাপ্ৰাপ্ত হল । কাঠৰ টুকুৰীটোত গুলীটোৰ অন্তৰ্ভেদৰ দূৰত্ব নিৰ্ণয় কৰা । তদুপৰি কাঠৰ টুকুৰাটোৱে গুলীটোৰ ওপৰত প্ৰয়োগ কৰা বলৰ মান নিৰ্ণয় কৰা ।

উত্তৰ:- দিয়া আছে,

        গুলীটোৰ ভৰ, m = 10 g = 0.01 Kg

কাঠৰ টুকুৰাটোত খুন্দা মৰাৰ পূৰ্বে গুলীটোৰ বেগ, u = 150 m s-1

গুলীটোৰ অন্তিম বেগ,     v = 0

                      সময়,     t = 0.03

  আমি জানো,

        V = u + at

     ⇒ 0 = 150 m s-1  +  a × 0.03 s

     ⇒ a = - 150 m s-1/0.03 s

     ⇒ a = - 5000 m s-1

ধৰা হল, কাঠৰ টুকুৰাটোত গুলীটোৰ অন্তৰ্ভেদ দূৰত্ব s

     ∴  s = ut + ½ at2

          = 150 m s-1 × 0.03s + ½ × (-5000)m s-2 × (0.03)2 s2

          = 4.5 m – 2500 × 0.0009 m

          = 4.5 m – 2.25 m

          = 2.25 m

ধৰা হল, কাঠৰ টুকুৰাটোৱে গুলীটোৰ ওপৰত প্ৰয়োগ কৰা বলৰ মান F 


এতিয়া,       F = ma

                       = 0.01 kg × (-5000) m s-2

                      = -50 N

গুলীটোৰ ওপৰত প্ৰয়োগ কৰা বলৰ মান 50 N



15.       1 kg  ভৰৰ বস্তু এটা সৰল ৰেখা এডালেদি 10 m s-1 বেগেৰে গৈ থকা অৱস্থাত 5 kg ভৰৰ স্থিতিশীল কাঠৰ টুকুৰা এটাত খুন্দা মাৰি তাত লাগি ধৰিল । তাৰ পিছত দুয়োটাই একেডাল সৰল ৰেখাৰে গতি আৰম্ভ কৰিলে । সংঘাতৰ ঠিক আগত আৰু ঠিক পিছত মুঠ ভৰবেগ নিৰ্ণয় কৰা । লগতে সংলগ্ন বস্তুটোৰ বেগ নিৰ্ণয় কৰা ।

উত্তৰ:- দিয়া আছে,

                      বস্তুটোৰ ভৰ,  m1 = 1 kg

বস্তুটোৰ প্ৰাৰম্ভিক বেগ, v1 = 10 m s-1

  বস্তুটোৰ প্ৰাৰম্ভিক ভৰবেগ,P1 = m1 v1

                                                = 1 kg × 10 m s-1

                                                = 10 kg m s-1

          কাঠৰ টুকুৰাটোৰ ভৰ, m2 = 5 kg

কাঠৰ টুকুৰাটোৰ প্ৰাৰম্ভিক বেগ, v2 = 0 m s-1

কাঠৰ টুকুৰাটোৰ প্ৰাৰম্ভিক ভৰবেগ, P2 = m2 v2

                                                            =  5 kg × 0 m s-1

                                                            = 0 kg m s-1

সংঘাতৰ ঠিক আগত বস্তুটোৰ আৰু কাঠৰ টুকুৰাটোৰ মুঠ প্ৰাৰম্ভিক ভৰবেগ

                      = P1  + P2                                                  

                          = 10 kg m s-1 + 0 kg m s-1

                          = 10 kg m s-1

ভৰবেগৰ সংৰক্ষণ সূত্ৰ অনুসৰি,

      সংঘাতৰ ঠিৰ পাছত বস্তুটোৰ আৰু কাঠৰ টুকুৰাটোৰ মুঠ অন্তিম ভৰবেগ = সংঘাতৰ ঠিক আগত বস্তুটোৰ আৰু কাঠৰ টুকুৰাটোৰ মুঠ প্ৰাৰম্ভিক ভৰবেগ   = 10 kg m s-1

সংঘাতৰ ঠিক পাছত,

  বস্তুটোৰ আৰু কাঠৰ টুকুৰাটোৰ মুঠ ভৰ

                               m  = m1 + m2

                                    = 1 kg + 5 kg

                                    = 6 kg

ধৰা হল,  সংলগ্ন বস্তুটোৰ বেগ v

সংলগ্ন বস্তুটোৰ ভৰবেগ = mv = 6 kg × v

কিন্তু, বস্তুটো আৰু কাঠৰ টুকুৰাটোৰ মুঠ ভৰবেগ সংলগ্ন বস্তুটোৰ ভৰবেগ সমান ।

  ∴ 6 kg × v = 10 kg m s-1

  ⇒ v  = 10/6 m s-1

   ⇒ v  = 1.667 m s-1

গতিকে, সংলগ্ন বস্তুটোৰ বেগ 1.667 m s-1 


16.      6 s  100 kg  ভৰৰ বস্তু এটাৰ বেগ 5 m s-1 ৰ পৰা 8 m s-1 লৈ সুষমভাৱে ত্বৰিত কৰা হল । বস্তুটোৰ প্ৰাৰম্ভিক আৰু অন্তিম ভৰবেগ নিৰ্ণয় কৰা । তদুপৰি বস্তুটোৰ ওপৰত প্ৰয়োগ কৰা বলৰ মান নিৰ্ণয় কৰা ।

উত্তৰ:- দিয়া আছে,

      বস্তুটোৰ ভৰ, m = 100 kg

         প্ৰাৰম্ভিক বেগ, u = 5 m s-1

             অন্তিম বেগ,  v = 8 m s-1

                সময়,    t = 6 s

 বস্তুটোৰ প্ৰাৰম্ভিক ভৰবেগ,  P1 = mu

                                                        = 100 kg × 5 m s-1

                                                  = 500 kg m s-1

 বস্তুটোৰ অন্তিম ভৰবেগ,  P2 = mv

                                                    = 100 kg × 8 m s-1

                                                    = 800 kg m s-1

  ∴ ভৰবেগৰ পৰিৱৰ্তন,  P  = P2 P1

                                        = 800 kg m s-1 - 500 kg m s-1

                                       = 300 kg m s-1

বস্তুটোৰ ওপৰত প্ৰয়োগ কৰা বলৰ মান,

  F = ভৰবেগৰ পৰিৱৰ্তন হাৰ, 

                        

    = 300 kg m s-1 / 6 s

     = 50 kg m s-1

     = 50 N

গতিকে, বস্তুটোৰ ওপৰত প্ৰয়োগ কৰা বলৰ মান 50 N



17.          আখটাৰ, কিৰণ আৰু ৰাহুল দ্ৰুতবেগী পথত মটৰগাড়ীৰে তীব্ৰ বেগেৰে গৈ থকা অৱস্থাত পোক এটাই গাড়ীৰ বায়ুৰোধী ঢালখনত খুন্দা মাৰি চালখনত লাগি ধৰিল । আখটাৰ আৰু কিৰণে বিষয়টোৰ ওপৰত চিন্তা-চৰ্চা কৰিবলৈ ধৰিলে । কিৰণে যুক্তি দিলে যে গাড়ীখনৰ ভৰবেগৰ পৰিৱৰ্তনতকৈ পোকটোৰ ভৰবেগৰ পৰিৱৰ্তন অধিক ( কাৰণ গাড়ীখনতকৈ পোকটোৰ বেগৰ পৰিৱৰ্তন অধিক ) । আখটাৰে কলে যে যিহেতু গাড়ীখন অধিক বেগেৰে গৈ আছিল, ই পোকটোৰ ওপৰত অধিক বল প্ৰয়োগ কৰিলে আৰু তাৰ ফলত পোকটো মৰিল । ৰাহুলে সম্পূৰ্ণ নতুন এটা বাখ্যা দি কলে যে মটৰগাড়ী আৰু পোক দুয়োটাই একেই বল আৰু ভৰবেগৰ একেই পৰিৱৰ্তন অনুভৱ কৰিছিল । এই যুক্তিসমূহৰ ওপৰত মতামত দিয়া ।


উত্তৰ:- কিৰণৰ যুক্তি অশুদ্ধ কিয়নো, মটৰগাড়ী আাৰু পোক উভয়ৰে সংঘাতৰ সময় একে হোৱা বাবে ভৰবেগৰ পৰিৱৰ্তন একে ।

   আখটাৰৰ যুক্তিটো যদিও শুদ্ধ নহয়, কিয়নো ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া বল সমান আৰু বিপৰীতমুখী ।

গতিকে, ৰাহুলৰ যুক্তি শুদ্ধ । ক্ষুদ্ৰ ভৰ বা জড়তাৰ বাবে পোকটো মৰিল ।


18.         10 kg  ভৰৰ ডামবেল (dumb-bell) এটা 80 cm  উচ্চতাৰ পৰা মাটিত পৰিলে মাটিলৈ স্থানান্তৰ বোৱা ভৰবেগৰ মান কিমান হব ?  নিম্নাভিমুখী ত্বৰণ          10 m s-2 ধৰিবা ।   

উত্তৰ:- দিয়া আছে,

       ডামবেলটোৰ ভৰ, m = 10 kg

                      প্ৰাৰম্ভিক বেগ, u  = 0 m s-1

                          উচ্চতা, s = 80 cm = 0.8 m

               নিম্নাভিমুখী ত্বৰণ, a = 10 m s-2

                      অন্তিম বেগ,   v = ?

  আমি জানোঁ,

      2as = v2 – u2

   ⇒ 2 × 10 m s-2 × 0.8 m = v2 – 0

    ⇒ v2  = 16 m2 s-2

    ∴ v = 4 m s-1

  ∴ গতিকে, ডামবেলটোৱে মাটিত 4 m s-1 বেগেৰে আঘাত কৰিব ।

  ∴ মাটিলৈ স্থানান্তৰ হোৱা ভৰবেগৰ মান = mv

                                                                    = 10 kg × 4 m s-1

                                                                        = 40 kg m s-1

 

 
 
 
 
 
 
 
 

                               Published by lokesh das

More Resours For Class 9 Solutions in Assamese Medium

 

CLASS 9 ASSAMESE MEDIUM ALL BOOK SOLUTIONS. CLASS 9 SCIENCE SOLUTIONS IN ASSAMESE MEDIUM. CLASS 9 SCIENCE CHAPTER 14 SOLUTIONS IN ASSAMESE MEDIUM. 

****************


       

Previous Post Next Post