Class 10 Assamese Book Question Answer SEBA .
মই অসমীয়া
১/ চমু উত্তৰ দিয়া :
(ক) চৈয়দ আব্দুল মালিকৰ
কবিতা-পুথি এখনৰ নাম লিখা ।
উত্তৰ:- চৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম হল বেদুইন ।
(খ) মোগলসকলে অসমৰ
ক’ত ভৰি দিছিল ?
উত্তৰ:- মোগলসকলে অসমৰ সেউজীয়া দূবৰি বনত ভৰি দিছিল ।
(গ) অসমৰ হেংদাং ক’ত জিলিকিছিল
?
উত্তৰ:- অসমৰ হেংদাং
দুপৰীয়াৰ পূৰ্ণ আলোকত জিলিকিছিল বুলি কৈছে ।
(ঘ) অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল ?
উত্তৰ:- অসমীয়াসকলে মহৰ শিঙেৰে তৈয়াৰী পেঁপা বজাইছিল ।
(ঙ) অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল ?
উত্তৰ:- অসমৰ স্বৰ্গদেৱে হাঁহ - কণী আৰু চাউলেৰে দেউল সাজিছিল ।
৩/ অসমৰ পুৰুষ নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল
নিজৰ ভাষাৰে লিখা ।
উত্তৰ: সুদূৰ পশ্চিম এৰি অসম বিজয়ৰ লক্ষ্যৰে অহা
মোগলৰ দৃষ্টিৰে কবিয়ে কবিতাটোত অসমৰ অতীত ইতিহাস অৱলোকন কৰিছে । ইতিহাস সাক্ষী হৈ
ৰোৱা শৰাইঘাটৰ যুদ্ধৰ অসমীয়াৰ প্ৰৱল প্ৰতাপ কবিতাটোৰ জৰিয়তে ফুটি উঠিছে । মোগলৰ
তলতীয়া হৈ মাথাকে বুলিয়েই সকলো পুৰুষ নাৰীয়ে ৰণচণ্ডী মুৰ্তি ধৰি বুক পাতি ৰণত নামি
পৰিছিল । শুকান সান্দহ আৰু পানীয়ে যেন অমৃতৰ শক্তি যোগান ধৰিছিল অসমীয়া পুৰুষ-নাৰী
। এই শকতি উমান পায়ে ৰাজপুত
জয়ী মোগলৰ সকলো অভিমান চাৰ-খাৰ হৈ পৰিছিল নাৰী শক্তিৰ উদাহৰম অসম দেশৰ সকলো নৰীয়ো এই
ৰণত সাহসেৰে নামি পৰিছিল।
৪/ “ ক‘ত অত বল পালে অসমৰ
সেনানীয়ে
শুকান সান্দহ আৰু পানী আজলিত ।‘
-- কথাষাৰ তাৎপৰ্য বাখ্যা কৰা ।
উত্তৰ:- সেউজীয়া অসম ভূমিৰ মান অহংকাৰ সৰ্ব কৰিবলৈ অহা
মোগলৰ দৃষ্টিৰে অতীত ইতিহাস অৱলোকন কৰি লিখা এইটো এটা স্বদেশপ্ৰমমূলক মনোৰম কবিতা
। কৃষিৰ লগত জড়িত অসমীয়াৰ পিঠা জলপান আদি সুমিষ্ট খাদ্য । চতাৰে ভিতৰত সান্দহ হল
তিৱোৱা চাউল ভাজি মুন্দি প্ৰস্তুত কৰা এবিধ জলপান পানী দিলে ই ফুলি উঠে । এই
সান্দহ আৰু একজালি পানী খাৱে ৰণত অসমীয়া গাত যি শক্তিৰ সঞ্চাৰ হল সেই শক্তিয়ে
শৰাইঘাত অসমীয়াৰ শোৰ্য্য বিৰ্ষ প্ৰতিপন্ন কৰি ৰাজপুত জয়ী মোগলৰ সপোন চাৰখাৰ কৰি
পেলালে ।
৫ । “মই অসমীয়া” কবিতাটোত
অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্ৰতিফলিত হৈছে বুজাই লিখা ।
উত্তৰঃ- “মই অসমীয়া” কবিতাটোৰ মাজেৰে কবিয়ে নিজ জন্মভূমি আৰু স্বজাতিৰ প্ৰতি থকা নিভাঁজ
ভালপোৱা সুন্দৰকৈ প্ৰকাশ কৰিছে । উক্ত কবিতাটোত অসমৰ প্ৰাচীন ইতিহাস বৰ্ণিত হোৱাৰ
লগতে অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপো সুন্দৰকৈ প্ৰতিফলিত হৈছে । যুদ্ধত পৰাজিতহৈ
মোগলৰ বহুতেই যুদ্ধবন্দী হিচাপে ইয়াতে থাকি গৈছে । অসমৰ প্ৰকৃতিক সৌনেদৰ্যই এওঁলোকক
অভিভূত কৰিছে । অসমৰ চৌদিশে ধূসৰ পাহাৰে আনৰি আছে । ইয়াৰ প্ৰতিটো বনৰ পাতে জাংফাই,
মিনাকৰা ৰূপ ধাৰণ কৰে । দূৱৰিৰ পাতে পাতে নিয়ৰৰ টোপালে মুকুটা মণিৰ দৰে জিলিকি
থাকে । হাতীৰ দাঁতেৰে খৰমৰ চুলা নিৰ্মাণ কৰা হয় আৰু পোৱালৰদ্বাৰা নিৰ্মিত দলঙত
অসমীয়াই ভৰি ধোৱা কাৰ্য সম্পাদন কৰে । ইয়াৰ নদীৰ বালিত সোণ চেকুৰে চেকুৰে পোৱা যায়
যি গছকত ভাঙি গুৰি হয় । পুঠি মাছৰবোৰেও কাণত সোণৰ থুৰীয়া পিন্ধে আৰু ভেকুলীৰ দৰে
সৰু জীৱই ফোঁট লৈ নিজকে সুৱাগী ৰূপে সজাই তোলে । নখেৰে ইয়াত অলংকাৰ তৈয়াৰ কৰা হয়, মহৰ
শিঙেৰে নিৰ্মিত পেঁপা বজায়, নিষ্কৰ্মা ধোদে ৰাজআলি নিৰ্মাণ কৰে, হাঁহ কণী, বৰা
চাউলেৰে দেউল সজায় আৰু ৰংঘৰ, কাৰেংঘৰ আদি নিৰ্মাণ কৰা হয় । এইবোৰে অসমক স্বৰেগপুৰী
হিচাপে গঢ়ি তুলিছে । এইদৰে কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ প্ৰতিফলিত হৈছে
।
৬ । কবি চৈয়দ আব্দুল মালিকৰ চমু পৰিচয় দিয়া ।
উত্তৰঃ- কবি চৈয়দ আব্দুল মালিকৰ জন্ম হৈছিল ১৯১৯ চনত গোলাঘাট জিলাৰ
নাহৰণিত । অসমীয়া সাহিত্যৰ জগতলৈ এখেতে
উল্লেখযোগ্য বৰঙণি আগবঢ়াই থৈ গৈছে । ১৯৭৭ চনত অসম সাহিত্য সভাৰ অভয়াপুৰী অধিৱেশনত
এখেতে সভাপতিৰ পদ অলংকৃত কৰিছিল । ২০০০ চনত এিজন সাহিত্যিক্যৰ দেহাৱসান ঘটে ।
এখেতেৰ ফল্লেখযোগ্য সাহিত্য সম্ভাৰ হৈছে – বেদুইন, পৰশমণি, আধাৰশিলা, মহৰাফুল,
ৰূপতীৰ্থৰ যাত্ৰী, ধন্য নৰতনু ভাল, স্বাক্ষৰ, ছবিঘৰ, ৰঙাগড়া, ৰজনীগন্ধাৰ চকুলো
আদি । “অঘৰী আত্মাৰ কাহিনী” নামৰ উপন্যাসখনৰ বাবে মালিকদেৱে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল ।
এখেতেৰ আন এক বিখ্যাত উপন্যাস হৈছে “সৰুযমুখীৰ স্বপ্ন” ।
৭ । অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ
কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা ।
উত্তৰঃ- সূদুৰ পশ্চিম এৰি ৰাজপুতজয়ী মোগলসকলে অসম
বিজয়ৰ লক্ষ্যৰে অসমৰ সেউজীয়া দূৱৰি বনত ভৰি দিয়েই মোগলসকলে অনুভৱ কৰে অসমবাসীৰ
পৰাক্ৰমৰ কথা । অহোমসকলক পৰাজয় কৰবলৈ আহি আহোমৰ হাতত পৰজিত হৈছিল । পৰাজিত মোগলৰ
বহুতেই যুদ্ধবন্ধী হিচাপে অসমত থাকি পাছলৈ অসমীয়া হৈ পৰিছিল । অসমৰ সৌন্দৰ্যই
তেওঁলোকক মোহিত কৰছিল । অসমৰ চৌদিশে থকা ধূসৰ পাহাৰ, গছ-বন আদিয়ে তেওঁলোকক আকৰ্ষণ
কৰিছিল । প্ৰতিটো বনৰ পাত যেন জাংফাই, মিনাকৰা আৰু দূৱৰিৰৰ আগত নিয়ৰৰ টোপালে
মুকুতাৰ থোপাৰ দৰে সৌনেদৰ্যৰ সৃষ্টি কৰিছিল । অসমীয়া মানুহে হাতীৰ দাঁতেৰে খৰমৰ
চুলা নিৰ্মাণ কৰে, পোৱালেৰে নিৰ্মিত দলঙত ভৰি ধোৱা কাৰ্য সমাধা কৰা, বাঘৰ নখেৰে
অলমকাৰ নিৰ্মাণ কৰে, মহৰ শিঙেৰে পেঁপা বজাই, হাঁহ-কণী, চাউল আদিৰে দেৱাল নিৰ্মাণ
কৰিছিল আৰু এইবোৰে অসমক স্বৰ্ণপুৰীৰ শোভা প্ৰদান কৰিছিল । অসমৰ নদীৰ বালিত সোণৰ
চেকুঁৰা পোৱা গৈছিল, পুঠি মাছে কাণত সোণৰ থুৰীয়া পিন্ধে আৰু ভেকুলীৰ দৰে এটা সৰু
জীৱও ফোঁট লৈ নিজকে সুৱাগী সজাইছিল । নিষ্কৰ্মা ধোদৰ দলে ইয়াত ৰাজ আলি নিৰ্মাণ
কৰিছিল । এইদৰে মোগলসকলে অসমৰ ৰূপ দেখি মোহিত হৈছিল আৰু অসমীয়া সমাজ-সংস্কৃতিৰ লগত
নিজকে বিলীন কৰি দিছিল ।
More Resours For Class 10 Solutions in Assamese Medium
- Class 10 Maths Solutions
- Class 10 Science Solutins
- Class 10 Social Science Solutions
- Class 10 Assamese Solutions
- Class 10 English Solutions
- Class 10 Hindi Solutions
- Class 10 Advanced Geography Solutions
৮ । বাখ্যা কৰাঃ
(ক) মোগলে এবাৰ পালে, শকতিৰ নৱ পৰিচয়
দেশ
প্ৰাণ, মুক্ত-প্ৰাণ, অসমৰ স্বদেশ ভকতি ।
উত্তৰঃ- উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ ‘অসমীয়া সাহিত্য চয়নিকা’ অন্তৰ্গত চৈয়দ আব্দুল মালিকদেৱৰ
দ্বাৰা ৰচিত “মই অসমীয়া” কবিতাটোৰ পৰা
তুলি অনা হৈছে ।
এই
কবিতাফাঁকিটোৰ জৰিয়তে অসমীয়া মানুহৰ সাহস, বীৰত্ব, স্বাধীনচিতীয়া মনোভৱ আদি
সুন্দৰকৈ ফুঁটি উঠিছে ।
সূদুৰ
পশ্চিম এৰি ৰাজপুতজয়ী মোগলসকলে অসম বিজয়ৰ লক্ষ্যৰে অসমৰ সেউজীয়া দূৱৰি বনত ভৰি
দিয়েই মোগলসকলে অনুভৱ কৰে অসমবাসীৰ পৰাক্ৰমৰ কথা । মোগলসকলে আহোমসকলক পৰাস্ত কৰি অসমত মুছলমান
ৰাজত্ব চলাবলৈ আৰু পৰাক্ৰম দেকুৱাই অলমক নিজৰ কৰি লবলৈ ইচ্ছা কৰি অসমৰ
যুদ্ধক্ষেত্ৰত আহি উপস্থিত হৈছিল । আহোমসকলেও মোগলৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দি হেংদাং
লৈ যুদ্ধক্ষেত্ৰলৈ ওলাই আহিছিল । অসমৰ পুৰুষ তিৰোতা সকলোৱে নিজ দেশৰ স্বাধীনতা
ৰক্ষা কৰিবলৈ ৰণক্ষেত্ৰলৈ ওলাই আহিছিল । অসম সেনানিৰ সাহস আৰু বীৰত্ব দেখি
ৰাজপুতজয়ী মোগলৰ সবল বাহুৰ বল-শক্তি হেৰাই গৈছিল । অৱশেষত এই যুদ্ধত আহোমৰ হাতত মোগলৰ পৰাজয় হৈছিল । মোগলে
অসমৰ লোকসকলৰ বল-শক্তি পৰিচয় পুনৰ এবাৰ পাবলৈ সক্ষম হৈছিল । এই দেশৰ লোকসকলৰ
দেশপ্ৰেম, স্বাধীনচিতীয়া মনোভৱ আৰু স্বদেশৰ প্ৰতি থকা ভক্তিয়ে মোগলসকলক আহোমৰ
শক্তিৰ পৰিচয় দিছিল ।
(খ) দূৱৰিৰ পাতে পাতে মুকুতাৰ থোপা
গচকত ভাগে মৰকত
হাতীৰ
দাঁতেৰে কৰে খৰমৰ চুলা,
বৰি ধোৱে পোৱালৰ ভৰা দলঙত ।
উত্তৰঃ- উক্ত
কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ ‘অসমীয়া সাহিত্য চয়নিকা’ অন্তৰ্গত চৈয়দ আব্দুল মালিকদেৱৰ দ্বাৰা ৰচিত “মই অসমীয়া” কবিতাটোৰ পৰা তুলি অনা হৈছে ।
এই
কবিতাফাঁকিটোৰ জৰিয়তে অসম দেশখনৰ প্ৰাচুৰ্যতাৰ বিষয়ে কবিয়ে উল্লেখ কৰিছে ।
অসমৰ
প্ৰাকৃতিক শোভা অতি মনোমোহা আৰু গোটেই অসমখন মূল্যৱান সম্পদৰে ভৰা । ইয়াত নিয়ৰ
টোপালে দূৱৰি বনৰ পাতত মুকুতাৰ থপাৰ দৰে সৌন্দৰ্য প্ৰদান কৰে । মৰকত হৈছে এবিধ সেউজীয়া ৰঙৰ বাখৰ । অসমৰ ধূলিয়ে-বালিয়ে
ধূনীয়া বাখৰৰ দৰে মূল্যৱান বস্তু পৰি থাকে । বনৰীয়া জীৱ-জন্তুৰ ক্ষেত্ৰত এই দেশখন
অতি চহকী । ইয়াত হাতীৰ দাঁতেৰে খৰমৰ চুলা তৈয়াৰ কৰা হয় । বাঘ নখেৰে আ-অলংকাৰ
নিৰ্মাণ কৰা হয় । মহৰ শিঙেৰে পেঁপা তৈয়াৰ কৰি বজোৱা হয় । ইয়াত প্ৰবাল নামৰ এবিধ
মূল্যৱান সামগ্ৰী পোৱা যায় । অসমীয়া লোকসকলে প্ৰৱালেৰে দলং নিৰ্মাণ কৰি তাত ভৰি
ধোৱা কাৰ্য সম্পাদন কৰে । এইদৰে অসমত সকলো বস্তু উভৈনদীকৈ পোৱা যায় ।
(গ) মোহ গল দূৰণিৰ বিদেশী মোগল
অসমত যোতিয়া দেখিলে সৰগৰ ৰূপ-বিনন্দীয়া
অসমত
বন্দী হল, অসমৰ ৰূপ মুগ্ধ
দূৰৰ মোগল আহি হল অসমীয়া ।।
উত্তৰঃ- উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ ‘অসমীয়া সাহিত্য চয়নিকা’ অন্তৰ্গত চৈয়দ আব্দুল মালিকদেৱৰ
দ্বাৰা ৰচিত “মই অসমীয়া” কবিতাটোৰ পৰা
তুলি অনা হৈছে ।
এই
কবিতাফাঁকিটোৰ জৰিয়তে পৰাজিত মোগলৰ বহুতেই যুদ্ধবন্ধী হিচাপে অসমত থাকি পাছলৈ
অসমীয়া হৈ পৰাৰ কথা বৰ্ণনা কৰিছে ।
সূদুৰ পশ্চিম
এৰি ৰাজপুতজয়ী মোগলসকলে অসম অধিকাৰ কৰিবলৈ আহি অৱশেষত আহোমৰ হাতত পৰাস্ত হৈছিল । পৰাজিত
মোগলৰ বহুতেই যুদ্ধবন্ধী হিচাপে অসমত থাকি পাছলৈ অসমীয়া হৈ পৰে । এই মোগলসকলে অসমত
সৰগৰ বিনন্দীয়া ৰূপ দেখি মোহিত হৈছে । অসমৰ চৌদিসে ধূসৰ পাহাৰে আৱৰি আছে । প্ৰতিটো
বনৰ পাত যেন জাংফাই, মিনাকৰা আৰু দূৱৰিৰৰ আগত নিয়ৰৰ টোপালে মুকুতাৰ থোপাৰ দৰে
সৌনেদৰ্যৰ সৃষ্টি কৰিছিল । অসমীয়া মানুহে হাতীৰ দাঁতেৰে খৰমৰ চুলা নিৰ্মাণ কৰে,
পোৱালেৰে নিৰ্মিত দলঙত ভৰি ধোৱা কাৰ্য সমাধা কৰা, বাঘৰ নখেৰে অলমকাৰ নিৰ্মাণ কৰে,
মহৰ শিঙেৰে পেঁপা বজাই, হাঁহ-কণী, চাউল আদিৰে দেৱাল নিৰ্মাণ কৰিছিল আৰু এইবোৰে
অসমক স্বৰ্ণপুৰীৰ শোভা প্ৰদান কৰিছিল । অসমৰ নদীৰ বালিত সোণৰ চেকুঁৰা পোৱা গৈছিল,
পুঠি মাছে কাণত সোণৰ থুৰীয়া পিন্ধে আৰু ভেকুলীৰ দৰে এটা সৰু জীৱও ফোঁট লৈ নিজকে
সুৱাগী সজাইছিল । নিষ্কৰ্মা ধোদৰ দলেও ইয়াত ৰাজ আলি নিৰ্মাণ কৰিছিল । অসমৰ লোকসকলৰ মূখৰ মাতত মৌ সৰি পৰে । এই মিঠা
মধুৰ মাতেৰে গোৱা গীত শুনি শিলৰ দৰে টান বস্তুও গলি যায় । অসম দেশৰ দৰে এনো ধৰণৰ
ঠাই জগতত আৰু দ্বিতীয় এখন নাই । গতিকে অসমৰ এনে বিনন্দীয়া ৰূপ দেখি দূৰণিৰ পৰা অহা
বিদেশী মোগলে অসমত যুদ্ধবন্দী হৈ থাকি পিছলৈ অসমীয়া হৈ পৰে ।
(ঘ) জীৱনে মৰণে মই চিৰদিন অসমীয়া
অসমীয়া দেহ প্ৰাণ মন,
জীয়াই
থকোঁতে মই অসমৰে অসমীয়া
মৰিলেই বৰি লম অসমৰ অমিয়া মৰণ ।
উত্তৰঃ- উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ ‘অসমীয়া সাহিত্য চয়নিকা’ অন্তৰ্গত চৈয়দ আব্দুল মালিকদেৱৰ
দ্বাৰা ৰচিত “মই অসমীয়া” কবিতাটোৰ পৰা
তুলি অনা হৈছে ।
এই
কবিতাফাঁকিটোৰ জৰিয়তে কবিয়ে যুদ্ধবন্দী মোগল সৈন্যই অসমত থাকি পাছলৈ নিভাঁজ অসমীয়া
হৈ যোৱাৰ কথা বৰ্ণনা কৰিছে ।
পৰাজিত
মোগলৰ বহুতেই যুদ্ধবন্ধী হিচাপে অসমত থাকি পাছলৈ অসমীয়া হৈ পৰে । এই মোগলসকলে অসমত
সৰগৰ বিনন্দীয়া ৰূপ দেখি মোহিত হৈছে । তেওঁলোকে অসমৰ সমাজ-সংস্কৃতিক আপোন কৰি
আঁকোৱালি লৈ হাড়ে – হিমজুৱে অসমীয়া হৈ পৰিছে । অসমীয়া জীতিৰ বীৰত্বৰ সেই
বিজয়গাঁথা আজিও যেন অক্ষুণ্ণ হৈ আছে । কবিয়ে সেয়েহে অসমৰ হকে য়ুঁজিব খুজিছে আৰু
অসমৰ হকে মৰিবও খুজিছে । অসমৰ ধৰ্ম, অসমীয়া জাতি কবিৰ প্ৰণৰ অপোন হৈ পৰিছে । জীৱিত
কালত তেওঁ অসমীয়া পৰিচয়ৰে জীয়াই থাকিব বিচাৰিছে আৰু মৰাৰ পিছতো পুনৰ অসমীয়া হৈ জনম
লোৱাটোৱে তেখেতে কামনা কৰিছে । অসমীয়া গীত মাত আৰু ভাষা তেখেতে সৰগতো চিনি পাব
বুলি দৃঢ়তাৰে কৈছে । এই কবিতাটোৰ দ্বাৰা এই কবিতাটোৰ দ্বৰা জীৱনে – মৰণে অসমীয়া
হব খোজা কবিজনাৰ মাতৃভূমিৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ পাইছে ।
৯ । “মই অসমীয়া” কবিতাটোত কবিয়ে
অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক কিয় প্ৰশংসা কৰিছে তোমাৰ কথাৰে বুজাই লিকা ।
উত্তৰঃ- “মই অসমীয়া” কবিতাটোৰ
দ্বাৰা কবি চৈয়দ আব্দুল মালিকৰ স্বদেশৰ প্ৰতি আনুগত্য আৰু স্বজাতিৰ প্ৰতি থকা নিভাঁজ
ভালপোৱা সুন্দৰকৈ পৰিস্ফূত হৈছে । মোগলসকলে অসম আক্ৰমণ কৰিবলৈ আহি অসমীয়া মীনুহৰ
বীৰত্ব দেখি বিস্মিত হৈছে । নাৰী-পুৰুষৰ মাজত দেখা পোৱা স্বদেশ প্ৰীতিয়ে মোগলসকলৰ
অন্তৰ স্পৰ্শ কৰিছে ।
মোগলে আহোমৰ
লগত হোৱা যুদ্ধখনত আহোমৰ হাতত পৰাজিত হৈছে । এই পৰাজয়ৰ পাছত মোগলে অসমৰ সেনানীৰ
বল, শক্তিৰ নতুন পৰিচয় লাভ কৰিছে । অসমীয়া লোকসকলে দেশৰ বাবে সকলো সময়তে প্ৰাণ দিবলৈ প্ৰস্তুত হৈ থাকে । এই কবিতাটোত
মোগলৰ দৃষ্টিৰে অসমৰ অতীত ইতিহাস অৱলোকন কৰিছে । অসমীয়া জাতিৰ বীৰত্বৰ সেই বিজয়
গাথা আজিও যেন অক্ষুণ্ণ হৈ আছে । সেহেয়ে কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক
প্ৰশংসা কৰিছে আৰু নিজকে ইয়াৰ লগত বিলীন কৰি দিছে । তেওঁ অসমৰ বাবে যুঁজিৰ খুজিছে আৰু
অসমৰ বাবে মৰিবও খুজিছে । কবিয়ে নিজৰ দেশখনক ইমানেই ভাল পায় যে অসমীয়া পৰিচয়েৰে এই
মাটিৰ মায়াত বন্দী হৈ তেওঁ জীৱনে – মৰণে চিৰকাল ইয়াতেই থাকিব খোজে ।
১০ । কবিয়ে কিয় মৰাৰ পাছতো পুনৰ অসমতে জনম লম
বুলি ভাবিছে বুজাই লিখা ।
উত্তৰঃ- “মই অসমীয়া” কবিতাটোৰ দ্বাৰা
কবিৰ নিজৰ জনমভূমিৰ প্ৰতি থকা আনুগত্য আৰু স্বজাতিৰ প্ৰতি থকা নিভাঁজ ভালপোৱা
সুন্দৰকৈ প্ৰকাশ পাইছে । অসমৰ অতীত ইতিহাস অৱলোকন কৰিছে । সূদুৰ পশ্চিম এৰি
ৰাজপুতজয়ী মোগলসকলে অসম অধিকাৰ কৰিবলৈ আহি অৱশেষত আহোমৰ হাতত পৰাস্ত হৈছিল ।
পৰাজিত মোগলৰ বহুতেই যুদ্ধবন্ধী হিচাপে অসমত থাকি পাছলৈ অসমীয়া হৈ পৰে ।
অসমত
বন্দী হৈ ৰোৱা সেই মোগল সৈন্যবোৰে আহোমৰ আনুগত্য স্বীকাৰ কৰিছে, কামৰূপক নিজৰ দেশ
হিচাপে গ্ৰহণ কৰিছে । প্ৰাচীন অসমৰ অসমীয়া পুৰুষ –নাৰীৰ বাৰত্ব, স্বদেশ প্ৰীতি
আজিও যেন অক্ষুণ্ণ হৈ আছে । কবিয়ে সেইবাবে অসমৰ বাবে যুঁজিব খুজিছে আৰ অসমৰ বাবে
মৰিবও খুজিছে । মৰিলে পুনৰ অসমীয়া হৈ অসম দেশতে জীৱণে – মৰমে চিৰকাল থাকিব খোজে এই
মাটিৰ মায়াত বন্দী হৈ স্বদেশৰ প্ৰতি থকা আনুগত্য আৰু গভীৰ ভালপোৱাৰ বাবে কবিয়ে
মৰাৰ পাছতো পুনৰ অসমতে জনম লব বুলি ভাবিছে ।
১১ । “মই অসমীয়া” কবিতাটোৰ সাৰাংশ লিখা ।
উত্তৰঃ- কবি চৈয়দ আব্দুল মালিকৰ “মই অসমীয়া” এটি
সুন্দৰ দেশপ্ৰেমমূলক কবিতা । এই কবিতাটোৰ দ্বাৰা অসমৰ অতীত ইতিহাস ব্যঞ্জিত হোৱাৰ
লগতে অসম বুৰঞ্জীৰ নান দিশো ফুটি উঠিছে । পশ্চিম দিশৰপৰা পৰাক্ৰমী মোগলসকলে অসম আক্ৰমণ
কৰিবলৈ আহি লুইতৰ পাৰত উপস্থিত হৈছে । এই
আক্ৰমণৰ প্ৰতুত্ত্যৰ দিবলৈ অসমৰ পুৰুষ নাৰী সকলোৱেই নিজ দেশৰ , স্বাধীনতা ৰক্ষা
কৰিবলৈ আহি লুইতৰ পাৰত উপস্থিত হৈছে । অসম আক্ৰমণ কৰিবলৈ আহি মোগলসকলে অসমীয়া
মানুহৰ বীৰত্ব দেখি বিস্মিত হৈছে । অসমীয়া মানুহৰ মাজত দেখা পোৱা স্বদেশপ্ৰম মোগলৰ
অন্তৰ স্পৰ্শ কৰিছে । এই যুদ্ধখনত মোগল পৰাজিত হৈছে আৰু পৰাজিত মোগলৰ বহুতেই
যুদ্ধবন্দী হিচাপে অসমত থাকি পিছলৈ অসমীয়া হৈ পৰিছে । অসমৰ প্ৰকৃতিক সৌন্দৰ্য,
ইয়াৰ প্ৰাচুৰ্যৰ-সম্পদ আদিয়ে মোগলক মোহিত কৰিছে । এওঁলোকে আহোম ৰজাক নিজৰ ৰজা বুলি
স্বীকাৰ কৰিছে আৰু কামৰূপক নিজৰ দেশ বুলি গ্ৰহণ কৰি হাড়ে-হিমজুৱে অসমীয়া অসমীয়া হৈ
পৰিছে । কবিয়ে কবিতাটোত মোগলৰ দৃষ্টিৰে অসমৰ অতীত ইতিহাস অৱলোকন কৰিছে । অসমীয়া
জাতিৰ বীৰত্বৰ সেই বিজয় গাথা আজিও যেন অক্ষুণ্ণ হৈ আছে । সেয়েহে কবিয়ে অসমৰ বাবে
যুঁজিব খুজিছে, অসমৰ বাবে মৰিব খুজিছে । অসমীয়া হিচাপে জীয়াই থাকিব খুজিছে, অসমীয়া
নামলৈ মৰিবলৈ ইচ্ছা কৰিছে । মৰিলেও অসমীয়া হৈ জনম জনম লোৱাটো তেওঁ কামনা কৰিছে ।
অসমীয়া গীত-মাত ভাষা তেওঁ সৰগতো চিনি পাব বুলি দৃঢ়তাৰে কৈছে । এই দৃঢ়তাই আমাৰ
ইতিহাস আৰু বৰ্তমানৰ সমযোগ সেতু । জীৱনে-মৰণে চিৰদিন অসমীয়া হব খোজা কবিজনাৰ
স্বদেশপ্ৰেমৰ এক সুন্দৰ নিদৰ্শন এই কবিতাটোত পৰিস্ফূট হৈছে ।
১২ । “মই অসমীয়া”কবিতাটোত অসমৰ অতীত গৈৰৱৰ চানেকি কিদৰে ফুটি উঠিছে বুজাই লিখা ।
উত্তৰঃ- “মই অসমীয়া”কবিতাটোত
অসমৰ অতীত গৈৰৱৰ চানেকি অতি সুন্দৰকৈ ফুটি উঠিছে । সেই সময়ত অসমৰ লোকসকল অতি সাহসী
আছিল আৰু নিজ মাতৃভূমিৰ প্ৰতি প্ৰেম চিৰ প্ৰবাহমান আছিল । পশ্চিম দিশৰ পৰা অহা
পৰাক্ৰমী মোগলক যুদ্ধত পৰাস্ত কৰিবলৈ অসমৰ পুৰুষ ৰণচণ্ডী মূৰ্তি ধৰি মোগলৰ আগত
নিজৰ বুকু পাতি থিয় দিছিলহি । অসমীয়া
মানুহৰ বীৰত্ব দেখি মোগল বিস্মিত হৈছিল আৰু অসমীয়া পুৰুষ তিৰোতাৰ দেশপ্ৰেমে মোগলৰ
অন্তৰ চুই গৈছিল ।
অসমৰ বিনন্দীয়া ৰূপ দেখি যুদ্ধত পৰাজিত হোৱা মোগলসকল মোহিত হৈছিল । ইয়াত
নিয়ৰ টোপালে দূৱৰি বনৰ পাতত মুকুতাৰ থপাৰ দৰে সৌন্দৰ্য প্ৰদান কৰে । মৰকত হৈছে এবিধ সেউজীয়া ৰঙৰ বাখৰ । অসমৰ ধূলিয়ে-বালিয়ে
ধূনীয়া বাখৰৰ দৰে মূল্যৱান বস্তু পৰি থাকে । বনৰীয়া জীৱ-জন্তুৰ ক্ষেত্ৰত এই দেশখন
অতি চহকী । ইয়াত হাতীৰ দাঁতেৰে খৰমৰ চুলা তৈয়াৰ কৰা হয় । বাঘ নখেৰে আ-অলংকাৰ
নিৰ্মাণ কৰা হয় । মহৰ শিঙেৰে পেঁপা তৈয়াৰ কৰি বজোৱা হয় । ইয়াত প্ৰবাল নামৰ এবিধ
মূল্যৱান সামগ্ৰী পোৱা যায় । অসমীয়া লোকসকলে প্ৰৱালেৰে দলং নিৰ্মাণ কৰি তাত ভৰি
ধোৱা কাৰ্য সম্পাদন কৰে । এইদৰে অসমত সকলো বস্তু উভৈনদীকৈ পোৱা যায় । এইদৰে অতীত
অসমখন সকলো দিশৰে পৰাই চহকী আৰু সমৃদ্ধশালী আছিল । এই কবিতাটোত অসমৰ অতীত গৌৰৱৰ
সুন্দৰ আভাস পাব পাৰি ।
More Resours For Class 10 Solutions in Assamese Medium
- Class 10 Maths Solutions
- Class 10 Science Solutins
- Class 10 Social Science Solutions
- Class 10 Assamese Solutions
- Class 10 English Solutions
- Class 10 Hindi Solutions
- Class 10 Advanced Geography Solutions
ভাষা-বিষয়কঃ
(ক) ব্যাসবাক্যসহ সমাসৰ নাম লিখাঃ
১ । স্বৰ্ণপুৰী, মুক্তগীত, অনিৰুদ্ধ, নিষ্কৰ্মা
।
উত্তৰঃ-
শব্দ |
ব্যাসবাক্য |
সমাস |
স্বৰ্ণপুৰী মুক্তগীত অনিৰুদ্ধ নিষ্কৰ্মা |
স্বৰ্ণ নিৰ্মিত
পুৰী মুক্ত যি গীত যাক ৰোধ কৰিব
নোৱাৰি কৰ্মৰ অভাৱ |
কৰ্মধাৰয় কৰ্মধাৰয় বহুব্ৰীহি অব্যয়ীভাৱ |
২ । তলৰ শব্দবোৰৰ নিচিনা পাঁচটা শব্দ সাজাঃ-
বাঘ-নখ, হাঁহ-কণী, মহ-শিং
উত্তৰঃ- পিতল-চকু, মুখ-পদ্ম, কমল-লোচন, ধন-সোণ,
হাতী-শুৰীয়া ।
৩ । বিপৰীত শব্দ লিখাঃ
গৌৰৱ,
আলোক, স্বাধীনতা, পৰাজিত, সপোন, মৰণ ।
উত্তৰঃ-
শব্দ |
বিপৰীত
শব্দ |
গৌৰৱ আলোক স্বাধীনতা পৰাজিত সপোন মৰণ |
লজ্জা তিমিৰ পৰাধীনতা জিত দিঠক জীৱন |
Assamese All Chapter Question Answer .
Published By Lokesh Das
Class 10 Assamese questions Answer.