Class 10 Assamese Book Question Answer SEBA .
দৃশ্যান্তৰ
১)
চমু উত্তৰ দিয়া :
ক)
কবিয়ে কিমান বছৰৰ আগতে মানুহজনক লগ পাইছিল?
উত্তৰ:- কবিয়ে পঁচিশ বছৰ
আগতে মানুহজনক লগ পাইছিল ।
খ)
মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল?
উত্তৰ:- মানুহজন
কুকুৰীকণা হোৱা হেতুকে নিজৰ ঘৰ বিচাৰি পোৱা নাছিল ।
গ)
মানুহজনে নিজৰ ঘৰৰ পদূলি কত বিচাৰিছিল ?
উত্তৰ:- মানুজনে নিজৰ ঘৰৰ
পদূলি নিজৰে নঙলামুখত বিচাৰিছিল ।
ঘ)
মানুহজনৰ ঘৰৰ দাঁতিত কিহে নমস্কাৰ ভংগিত আছিল ?
উত্তৰ:- মানুহজনৰ ঘৰৰ দাঁতিত আগলি
বাঁহবোৰে নমস্কাৰৰ ভংগীত আছিল ।
ঙ)
কবিয়ে কেনে সময়ত মানুহজনক লগ পাইছিল ?
উত্তৰ:- কবিয়ে গধূলি সময়ত
মানুহজনক লগ পাইছিল ।
২)
সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ সতে কি কি কথা পাতিছিল তোমাৰ নিজৰ
কথাৰে লিখা ।
উত্তৰ:- সাতমহলীয়া ঘৰৰ
বাহিৰত ৰৈ থকা মানুহজনে কবিয়ে ভাৰাঘৰ বিচাৰি অহা বুলি ভাবিছিল । সেই বাবে তেওঁ কবিৰ সৈতে
সেই সাতমহলীয়া ঘৰটোৰ
লগতে কাষৰ অট্টালিকাসমূহৰ কথাও পাতিছিল । তেওঁৰ ঘৰটো
মানুহজনে কুবেৰৰ মহলাৰ লগত তুলনা কৰিছিল । তেওঁ তাত
শান্তিত থাকিব নোৱাৰিব । আনকি
মৃত্যু হলে দাহ কৰিবলৈও সেই কমক্ৰিটৰ মহা অৰণ্যত মানুহৰ অভাৱ হব পাৰে । কৰাণ দাহ-সমস্কাৰক
পবিত্ৰ কৰ্ম বুলি গণ্য কৰা মানুহ তাত নাই । তাত সকলোবোৰ কৃত্ৰিমতাই আৱৰি আছে । মুঠৰ
ওপৰত সেই ঠাইত শান্তি নাই, মানুহক ভাল পোৱা, সমীহ কৰা মানুহো তাত নাই ।
৩)
‘দৃশ্যান্তৰ’ কবিতাটোৰ মূলভাৱ লিখা ।
উত্তৰ:- কবি হৰেকৃষ্ণ
ডেকাৰ ‘দৃশ্যান্তৰ’ কবিতাটোত সামাজিক জীৱনৰ
ৰূপ প্ৰতিফলিত হৈছে । পঁচিশ বছৰ আগৰ
এটা গধূলিৰ সময় আছিল । কেঁচা আলি-কেঁকুৰি
এটাত ঘৰৰ নঙলামুখত এজনে নিজৰেই ঘৰৰ পদূলি বিচাৰি আছিল । কেইজোপামান কাকিনী তামোল, নমিত নমস্কাৰৰ ভংগীৰে দাঁতিতে
থকা আগলি বাহে ঘৰটোৰ পৰিৱেশ সুন্দৰ কৰি তুলিছিল । তাতে আকৌ পূৰ্ণিমাৰ জোনেও গধূলিটো ফটফটীয়া কৰি তুলিছিল । সেই গধূলি সময়ত কবিয়ে লগ পাইছিল, সেই সুন্দৰ
ঘৰটোৰ বাসিন্দা জনক । সেই ঘৰটোৰ
বাসিন্দা মানুহজন কুকুৰীকণা ৰোগত আক্ৰান্ত আছিল । কবিয়ে মানুহজনৰ হাতত ধৰি ঘৰটোলৈ আগবঢ়াই দিছিল । মানুহজনে যদিও বা গধূলি
দেখাত কষ্ট পাইছিল তেওঁ কিন্তু মনেৰে সুখী আছিল । সেইবাবে কবিয়ে শান্তিৰে বিৰাজ কৰাৰ কথা ক'বলৈ পাহৰা নাছিল ।
সময়বোৰ পাৰ হৈ গ’ল । সেউজীয়া প্ৰকৃতিৰ প্ৰতিনিধি কাকিনী তামোল, আগলি বাঁহৰ চিন
চাব নাইকিয়া হৈ গ'ল । শান্তিৰ পঁজাঘৰৰ ঠাইত হ'ল সাতমহলীয়া অট্টালিকা । ওচৰে পাঁজৰেও আছে আন কেইটামান
বৃহৎ অট্টালিকা । পঁচিশ বছৰ আগেয়ে সেই
পথটোৰ আশে-পাশে
গধূলি এজনো মানুহ নথকা ঠাইত এতিয়া সেই সময়ত বহুতো মানুহ ঘূৰি ফুৰি আছিল । ইমান বছৰ পাৰ হোৱাৰ পিছতো
কবিয়ে সেই একেজন মানুহৰ মুখামুখি হ’ল । সেই বৃদ্ধ মানুহজনৰ চকুত এতিয়া চশমা, গধূলি নেদেখা
সমস্যাটো এতিয়া দূৰ হৈছিল তেওঁৰ । মানুহজনে কিন্তু চশমা পিন্ধাৰ
পিছতো কবিক চিনিব পৰা নাছিলে । মানুহজনে
ভাবিছিল কবিয়ে তেওঁৰ তাত ভাৰাঘৰ বিচাৰি আহিছে । কিন্তু মানুহজনে পঁজাঘৰত শান্তিত থকাৰ পিছতো কবিক সাতমহলীয়া
ঘৰত ভাৰাতীয়া হৈ থাকিব মানা কৰিলে । মানুহজনে
কবিক ক’লে যে জাক জমকীয়া অট্টালিকাত হেনো মনৰ শান্তি নাথাকে । কোনো মানুহ মৰিলে দাহ
কৰিবলৈও তেওঁলোকৰ সময় নাথাকে । বৃদ্ধ
মানুহজনৰ ক্ৰোধ নিজৰ মাজতে সামৰি কবি অশান্ত মনেৰে উভতি আহিল । ইয়াৰ
লগতেই সদায় দৃশ্যপটৰ সলনি হয় বা দৃশ্যান্তৰ ঘটে ।
৪)
“বৰ শান্তিত আছো
এই
পঁজাটিত ।”
- কোনে, কিয়
এইদৰে কৈছিল ? কথাষাৰৰ অন্তৰ্নিহিত ভাব মোকলাই লিখা ।
উত্তৰ:- এই বাক্যশাৰী
কেঁচা আলি-কেঁকুৰি এটাত পঁচিশ বছৰৰ আগৰ সন্ধিয়া লগ পোৱা কুকুৰীকণা মানুহজনে কৈছিল
।
কবিয়ে পঁচিশ বছৰৰ আগত কবিয়ে লগ পাওঁতে
মানুহজন শান্তিত আছিল । কেঁচা, কেকুঁৰি, বিচাৰিলেও বিচাৰি নোপোৱা এটা পঁজাঘৰত
প্ৰকৃততে একো সুখৰ উৎস নাছিল । নাছিল কোনো ভোগ । একেবাৰে সহজ সৰল পৰিৱেশ –
পদূলিমুখত নঙলা, আকাশলৈ মূৰ তুলি থিয় দি থকা কাকিনী তামোল, ঘৰৰ দাঁতিত থিয় হৈ
নমস্কাৰ জনাই থকা বাঁহ গছ । কিন্তু মানুহৰ মানুহৰ প্ৰতি মৰম ভালপোৱা আছিল সেই
পৰিৱেশত । অচিনাকি হৈও কবিয়ে অচিনাকি মানুহজনক হাতত ধৰি ঘৰটো বিচাৰি উলিওৱাত সহায়
কৰিছিল । সেইবাবেই সেই পৰিৱেশত শান্তি বিচাৰি পাইছিল মানহজনে ।
সুখ আৰু শান্তি একে যেন লাগিলেও দৰাচলতে
একে নহয় । শান্তিৰ উপলব্ধি এক ডাঙৰ উপলদ্ধি ।
৫)
‘হেৰা অচিনাকি মানুহজন, তোমাক কি লাগেহে ইয়াত?’ - কোনে কিয় কবিক
এনেদৰে সুধিছে বুজাই লিখা ।
উত্তৰ:- উক্ত কথাষাৰি
কবিক এগৰাকী বৃদ্ধ মানুহে কৈছিল ।
কবিয়ে পঁচিশ বছৰ আগতে
এজন মানুহ লগ পাইছিল, এডোখৰ ঠাইত এক সহজ সৰল জীৱন শৈলীৰ মাজত । উৰুখা পঁজাত থাকিও
সেইজন মানুহে শান্তিত থকাৰ কথা কৈ গৌৰৱ অনুভৱ কৰিছিল । সেই একেজন মানুহকেই পঁচিশ
বছৰৰ পিছত কবিয়ে সেই একেডোখৰ ঠাইতে এটা সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা দেখা পালে । তেওঁ
সন্দেহেৰে কবিলৈ চাই সুধিছিল, কবিয়ে ভাৰাঘৰ বিচাৰি আহিছে নেকি ? যদি ভাৰাঘৰ
বিচাৰি আহিছে কুবেৰৰ মহলাত ঘৰ পোৱা সহজ নহয় । আৰু যদি পোৱাও যায়, তাত শান্তি পোৱা
টান আছে । আনকি মৃত্যু হলে দাহ কৰিবলৈও সেই কংক্ৰিটৰ মহা অৰণ্যত মানুহৰ অভাৱ হব
পাৰে । কাৰণ দাহ-সংস্কাৰক আৱৰি পেলাইছে । মুঠতে সেই ঠাইত শান্তি নাই, মানুহক ভাল পোৱা, সমীহ কৰা
মানুহো তাত নাই ।
৬)
‘দৃশ্যান্তৰ’ কবিতাটোত কবিয়ে কিদৰে পৰিৱৰ্তিত সামাজিক
জীৱনৰ ছবি আঁকিছে তোমাৰ ভাষাৰে বুজাই লিখা ।
উত্তৰ:- “দৃশ্যান্তৰ” নামটোতেই লুকাই আছে আমাৰ সমাজ
জীৱনৰ পৰিৱৰ্তিত সত্য । দুটা ভিন্ন অভিজ্ঞতাৰ মাজেৰে
কবিয়ে কবিতাটোত ভাব আৰু ভাষাৰ অনুপম সামঞ্জস্য ৰাখিবলৈ সমৰ্থ হৈছে । কবিতাটোত
কবিৰ মতে এটা সময়ত গাঁৱৰ মানুহবোৰে এটা মুকলিমুৰীয়া পৰিৱেশত বাস কৰিছিল । য’ত মুক্ত বতাহ পাইছিল । প্ৰকৃতিৰ
সেউজীয়া পৰিৱেশবোৰে মানুহক পঁজা ঘৰত থাকিও উশাহ ল'বৰ বাবে সতেজ অক্সিজেন যোগান ধৰিছিল
। পঁজা ঘৰত থাকিও মানুহে মৰম- চেনেহ আদিৰ মাজেৰে
শান্তিত সময় কটাইছিল । সময় বাগৰাৰ লগে লগে গ্ৰাম্য
জীৱন যেন নগৰীয়া জীৱনলৈ পৰিৱৰ্তন হৈ পৰিল । পঁচিশ
বছৰ আগেয়ে মানুহে পঁজাঘৰত বাস কৰিছিল । কিন্তু
কবিৰ মতে পঁচিশ বছৰ পিছত পঁজাঘৰৰ ঠাইত সাতমহলীয়া
অট্টালিকা হ'ল। গধূলি সময়ত আগতে মানুহৰ ভিৰ নাছিল । এতিয়া
সেই সময়ত বাটে পথে মানুহৰ ভীৰ । কিন্তু
পঁচিশ বছৰ পিছত তাত সাতমহলীয়া অট্টালিকা হ’লেও খালী হৈ
আছিল মানুহৰ মনবোৰ আৰু অনুভৱ কৰিছিল আত্মীয়তাৰ । অট্টালিকাৰ
ভিতৰতো যেন অকনমান মৰমৰ মাত পাবলৈ নোহোৱা হৈছিল । মানুহে
মানুহক সন্দেহৰ চকুৰে চাইছিল । গ্ৰাম্য
সৰলতাৰ ঠাই নোহোৱা কৰি পেলাইছিল নগৰীয়া যান্ত্ৰিকতাই । এনেকৈয়ে আধুনকতাৰ প্ৰভাৱত সকলো
প্ৰাচীনত্ব নোহোৱা হৈ গল ।
৭)
‘দৃশ্যান্তৰ’ কবিতাটোৰ কবি
গৰাকীৰ এটা চমু পৰিচয় দিয়া ।
উত্তৰ:- হৰেকৃষ্ণ ডেকাৰ
১৯৪৩ চনত তিনিচুকীয়াত জন্ম হয় । তেওঁৰ
পিতৃৰ নাম নৰেন্দ্ৰ
নাথ ডেকা আৰু মাতৃৰ নাম কামিনী ডেকা । তেখেতে
তিনিচুকীয়াত শিক্ষা জীৱন আৰম্ভ কৰি তাৰ পৰাই ১৯৫৯ চনত প্ৰৱেশিকা পৰীক্ষাত
উত্তীৰ্ণ হৈ গুৱাহাটীৰ কটন কলেজত পঢ়িবলৈ লয় । ১৯৬৩ চনত কটন কলেজৰ পৰা স্নাতক আৰু
১৯৬৫ চনত ইংৰাজী বিষয়ত এম.এ.পাচ কৰে । তেখেতে
গুৱাহাটীৰ
কমাৰ্চ কলেজত অধ্যাপনাৰে চাকৰি জীৱনৰ পাতনি মেলে যদিও ১৯৬৮ চনত ভাৰতীয় আৰক্ষী
সেৱাত যোগদান কৰি ২০০৩ চনত আৰক্ষী সঞ্চালক হিচাপে অৱসৰ গ্ৰহন কৰে । তেখেতে ‘The Sentinel’ আৰু
‘গৰিয়সী’ আলোচনীৰ সম্পাদনাৰ দায়িত্বও
গ্ৰহণ কৰিছিল । তেওঁৰ
একমাত্ৰ উপন্যাসখনৰ নাম হ’ল ‘আগন্তুক’। তেখেতে ‘ৰাতিৰ শোভাযাত্ৰা’, ‘আন এজন’, ‘Sea Scare’ আদি কবিতা পুথি; ‘গল্প আৰু কল্প’, ‘মধুসূদনৰ দলং’, ‘মৃত্যু দণ্ড’ আদি গল্প পুথিৰ ৰচনা কৰাৰ উপৰি
কেইবাখনো পুথি অসমীয়া ভাষালৈ অনুবাদ কৰিছে । তেখেতে ১৯৮৭ চনত ‘সাহিত্য অকাডেমী বঁটা’, ১৯৯৬ চনত ‘কথা- বঁটা’ আৰু ২০১০
চনত ‘আসাম ভেলী লিটাৰীৰ (অসম উপত্যকা সাহিত্য বঁটা)’ বঁটা লাভ কৰে ।
৮) বাখ্যা কৰা :
ক)
‘মৰিলে দাহ কৰিবলৈও
এজন মানুহ নাই ।’
উত্তৰ:-
প্ৰসংগ :- উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত
হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত ‘দৃশ্যান্তৰ’ কবিতাটোৰ পৰা তুলি দিয়া হৈছে ।
সংগতি :-
কবিতাফাঁকিৰ দ্বাৰা কবিয়ে
আধুনিকতাৰ ধামখুমীয়াত উটি-ভাঁহি আন্তৰিকতাহীন, স্বাৰ্থপৰ হৈ পৰা মানুহবোৰৰ
স্বৰূপ প্ৰকাশ কৰিছে ।
বাখ্যা :-
বৰ্তমান সময়ত মানুহবোৰ আভিজাত্য হৈ উঠিছে।মানুহবোৰ যিমানেই শিক্ষিত
হৈ উঠিছে মনবোৰ স্বাৰ্থপৰ হৈ পৰিছে। মানুহবোৰ নিজক লৈ ব্যস্ত হৈ পৰিছে । মানুহবোৰৰ এনে ব্যস্ততাৰ
বাবে নিজৰ মানুহৰ ভিতৰতে খবৰ ল’ব সময় যেন নাইকিয়া হৈ পৰিছে । মানুহ বোৰ শিক্ষা-
দীক্ষা, ব্যস্ততা, আভিজাত্য আদিক লৈ প্ৰতিযোগিতাত নামি নিজৰ
মানৱীয় গুণ, আন্তৰিকতা, সবলতা আদি
সকলোবোৰ হেৰুৱাই পেলাইছে । মানুহবোৰ নিজক লৈ ব্যস্ত হৈ
পৰিছে যে বিপদে- আপদেও কোনো কাৰো সহায় কৰিবলৈও ওলাই নাহে । আনকি মানুহবোৰৰ ইমানে অনুভূতিহীন হৈ পৰিছে যে কোনোবা মৰিলেও
দাহ কৰিবলৈও কাৰো ওলাই আহিবলৈ সময় নহয় । কবিয়ে
মানুহৰ নিদাৰুণ স্থিতিৰ কথা ক’ব বিচাৰিছে কবিতাফাঁকিৰ দ্বাৰা ।
খ)
‘যখৰ পোৱালিহঁতে কাক কোনে চায় ।’
উত্তৰ:-
প্ৰসংগ :-
উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দ্বাৰা
ৰচিত ‘দৃশ্যান্তৰ’ কবিতাটোৰ পৰা তুলি দিয়া হৈছে ।
সংগতি :-
উক্ত কবিতাফাঁকিৰ জৰিয়তে কবিয়ে অট্টালিকাত বাস কৰা মানুহৰ মানসিকতাৰ
কথা কৈছে ।
বাখ্যা :- সময় নৈৰ সোঁতৰ দৰে আগবাঢ়ি গৈছে । পঁচিশ বছৰ আগতে এজন মানুহে
গাঁৱৰ এটা পঁজাত বাস কৰিছিল । মানুহ জনে
গধূলি কমকৈ দেখিলেও আত্মীয়তাবোধ আৰু মৰমৰ মাজেৰে সুন্দৰ, শান্তিৰ মাজেৰে
সেই সৰু পঁজাঘৰটোত বাস কৰিছিল । কিন্তু
এতিয়া কবিয়ে পঁচিশ বছৰ পিছত যেতিয়া সেই ঠাইলৈ গ'ল তাত তেওঁ দেখিলে সাতমহলীয়া
অট্টালিকা । গাওঁৰ সেই পৰিৱেশ নাই । গাঁওখন এতিয়া নগৰ হৈ
পৰিছিল । মানুহবোৰ বাঢ়িছে কিন্তু
মানুহবোৰৰ মাজত আত্মীয়তা নাইকিয়া হৈ গৈছে । সেই
সাতমহলীয়া অট্টালিকাত থকা মানুহবোৰে ইজনে আনজনক সন্দেহৰ চকুৰে চাই । যিদৰে কৃপন মানুহৰ ধন কোনো
কামত নাহে, নগৰীয়া মানুহৰ
কৃত্ৰিম আদৰৰো কোনো মূল্য নাই । সাতমহলীয়া
অট্টালিকাত বাস কৰা লোকসকলে ধন-সোণ উপাৰ্জ্জন কৰি যখৰ দৰে ৰাখি থৈছিল । তেওঁলোকে কাৰোবাৰ বিপদ হ'লে সহায় কৰা দূৰৰ
কথা আনকি মানুহ এজন মৰিলেও দাহ কৰিবলৈ আগবাঢ়ি অহা নাছিল । কবিতাফাঁকিৰ জৰিয়তে কবিয়ে
নিসংগতা
জীৱনৰ কথা কৈছে ।
গ)
‘এই কংক্ৰীটৰ হাবিখনত তেওঁক
বিচাৰি নাপালো আৰু ।’
উত্তৰ:-
প্ৰসংগ :- উক্ত
কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত ‘দৃশ্যান্তৰ’ কবিতাটোৰ পৰা
তুলি দিয়া হৈছে ।
সংগতি:- উক্ত
কবিতাফাঁকিৰ দ্বাৰা কবিয়ে ক’ব বিচাৰিছে যে সেউজীয়া গছ
গছনিৰে ভৰা ঠাইবোৰ ধ্বংস কৰি মানুহে তাত ঘৰ- দুৱাৰ সাজিছে । মানুহে কিদৰে সেউজীয়া
অৰণ্যবোৰ কংক্ৰীটৰ ভাৱে হাবিলৈ কৰিবলৈ ধৰিছে তাকে ক’ব বিচাৰিছে ।
বাখ্যা :-
সময়বোৰ যিদৰে সলনি হয়, সেই সময়ৰ লগে লগে
প্ৰাকৃতিক পৰিৱেশ, সামাজিক পৰিৱেশ আদিও সলনি হয় । এটা সময়ত সেউজীয়া পৰিৱেশত
থাকি ভাল পোৱা মানুহবোৰে সময়ৰ লগে লগে শিল-বালি ইটা আদিৰে গঢ়ি তোলে । সেই চহৰ বুলি কংক্ৰীটেৰে
গঢ়ি উঠা একেদৰে মানুহৰ মনবোৰে কংক্ৰীটেৰে গঢ়ি উঠে । মানুহৰ মনবোৰ সহজ-
সৰল, কোমল ৰূপৰ সলনি শিলৰ দৰে কঠিন আৰু কঠোৰ হৈ পৰিল । ভালদৰে এটা মূহুৰ্তৰ বাবেও সময় উলিয়াই মানুহৰ
মনৰ বতৰা লবৰ বাবে কোনো কাৰো সময় নোহোৱা হৈ পৰিল । যিদৰে অৰণ্য জীৱ- জন্তু লুকালে বিচাৰি পোৱা সহজ নহয় একেদৰে
মানুহৰ মনবোৰো যদি কংক্ৰীটৰ দৰে কঠিন হৈ পৰে তাক আৰু পুনৰ বিচাৰি পোৱা নাযায় । সেইবাবে হয়তো কবিয়ে ভাৰাঘৰ
বিচাৰি
অহা বুলি সোধা মানুহজনক এটা সময়ৰ পিছত পুনৰ বিচাৰি নাপালে । মানুহৰ মনত মানবীয়তা, আন্তৰিকতা, সৌহাদ্যতা আদি নাথাকে তেন্তে মানুহ কেতিয়াও সুখত থাকিব নোৱাৰে। সেয়েহে
কবিয়ে কৈছে কংক্ৰীটৰ অট্টালিকাৰ মাজত যেন মানুহবোৰৰ মানবীয়তা হেৰাই পশু সদৃশ হৈ
উঠিছে বুলি ।
ভাষা-
বিষয়ক:-
১)
বিপৰীত শব্দ লিখা ।
কেঁচা, গধূলি, পোহৰ, শান্তি, ৰূপ ।
উত্তৰ:-
শব্দ |
বিপৰীত শব্দ |
কেঁচা
গধূলি পোহৰ ৰূপ |
পকা ৰাতিপুৱা আন্ধাৰ বিৰূপ |
২)
এটাকৈ সমাৰ্থক শব্দ লিখা :
জোন, ঘৰ, চৰা, দাহ, উভতি।
উত্তৰ:-
শব্দ |
সমাৰ্থক শব্দ |
জোন ঘৰ চৰা দাহ উভতি |
চন্দ্ৰ গৃহ ওখ দাহন ঘূৰি |
৩)
নঞাৰ্থক শব্দ গঠন কৰা :
শান্তি, চিনাকি, সহায় ।
উত্তৰ:-
শান্তি
- অ+ শান্তি = অশান্তি
চিনাকি
- অ + চিনাকি = অচিনাকি
সহায়
- অ + সহায় = অসহায়
৪।
‘নমস্কাৰ’ শব্দটো সন্ধি ভাঙিলে এনে হব -
নমঃ + কাৰ । - এনেদৰে
আন চাৰিটা শব্দ লিখি সন্ধি ভাঙা ।
উত্তৰ:-
পুৰঃ
+ কাৰ = পুৰস্কাৰ
পৰিঃ
+ কাৰ = পৰিস্কাৰ
নিঃ
+ কাৰ = নিৰাকাৰ
বহিঃ
+ কাৰ = বহিস্কাৰ
Assamese All Chapter Question Answer .
Published By Lokesh Das
Class 10 Assamese questions Answer.