শব্দ । নৱম শ্ৰেণীৰ অধ্যায় 12 । অতিৰিক্ত প্ৰশ্নোত্তৰ । Class 9 Science Chapter 12 Question answer in Assamese medium NCERT Solutions For Class 9 Science Chapter 12 ।নৱম শ্ৰেণীৰ অধ্যায় 12। নৱম শ্ৰেণী অধ্যায় ১২ ।


    Class 9 Science NCERT Textbook – Page 162

         1. স্পন্দনশীল বস্তু এটাই মাধ্যমত উৎপন্ন কৰা শব্দ কেনেকৈ তোমাৰ কাণ পায়গৈ?

Class 9 Science NCERT Textbook – Page 163

         1.তোমাৰ স্কুলৰ ঘণ্টাটোৱে কেনেদৰে শব্দৰ সৃষ্টি কৰে বৰ্ণনা কৰা।

উত্তৰঃ স্কুলৰ ঘণ্টাটোক হাতুৰীৰে আঘাত কৰিলে ই কম্পন কৰিবলৈ ধৰে । কম্পনশীল স্কুলৰ ঘণ্টাটোৱে অনুদৈৰ্ঘ্য তৰংগ হিচাপে বায়ুলৈ সংকোচন আৰু তনুভৱনৰ এলানি তৰংগ প্ৰেৰণ কৰে । বায়ুৰে সংকোচন আৰু তনুভৱনৰ এই তৰংগবোৰ আমাৰ কাণত পৰাৰ ফলত কাণমাদলত কম্পনৰ সৃষ্টি হয় আৰু এনেদৰে শ্ৰৱণৰ অনুভূতি সঞ্চাৰ হয় । এনেদৰে, স্কুলৰ ঘণ্টাটোৱে শব্দৰ সৃষ্টি কৰে ।

         2.শব্দ তৰংগক কিয় যান্ত্ৰিক তৰংগ বুলি কোৱা হয় ?

উত্তৰঃ শব্দ তৰংগৰ সঞ্চালনৰ বাবে ভৌতিক মাধ্যমৰ (বায়ু, পানী আদি ) প্ৰয়োজন হোৱা বাবে এইবোৰক যান্ত্ৰিক তৰংগ বুলি কোৱা হয় ।

          3.ধৰা হওঁক, তুমি আৰু তোমাৰ বন্ধু চন্দ্ৰত আছা । তোমাৰ বন্ধুৱে উৎপন্ন কৰা যিকোনো শব্দ শুনিবলৈ সমৰ্থ হবানে ?

উত্তৰঃ শ্বদ তৰংগ হৈছে যান্ত্ৰিক তৰংগ য মাধ্যমৰ অবিহনে সিঁহতে সঞ্চালন কৰিব নোৱাৰে । শব্দ তৰংগ সঞ্চালনৰ বাবে চন্দ্ৰত বায়ুমণ্ডল বা মাধ্যম নাই । সেয়ে মোৰ বন্ধুৱে উৎপন্ন কৰা যিকোনো শব্দ শুনিবলৈ সমৰ্থ নহম ।

Class 9 Science NCERT Textbook – Page 166

           1.তৰংগৰ কি ধৰ্মই (a) তীব্ৰতা আৰু (b) তীক্ষ্মতা নিৰ্ণয় কৰে ?

উত্তৰঃ

(a)                বিস্তাৰে তীব্ৰতা নিৰ্ণয় কৰে ।

(b)                কম্পনাংকই তীক্ষ্ণতা নিৰ্ণয় কৰে ।

            2.গাড়ীৰ হৰ্ন আৰু গীটাৰ, এই দুয়োটাৰ ভিতৰত কোনটোৰ শব্দৰ তীক্ষ্মতা বেছি ?

উত্তৰঃ গিটাৰৰ শব্দৰ তীক্ষ্ণতা বেছি ।

Class 9 Science NCERT Textbook – Page 166

            1. শব্দৰ তৰংগৰ তৰংগ দৈৰ্ঘ্য, কম্পনাংক, পৰ্যায় কাল আৰু বিস্তাৰৰ সংজ্ঞা লিখা ।

উত্তৰঃ দোলনৰ পৰ্যায় একে থকা দুটা নিকটৱৰ্তী বিন্দুৰ মাজৰ দূৰত্বই হৈছে তৰংগ দৈৰ্ঘ্য । ই দুটা অনুক্ৰমিক সংকোচন বা দুটা অণুক্ৰমিক তনুভৱনৰ মাজৰ দূৰত্ব সমান ।

সাধাৰণতে তৰংগৰ দৈৰ্ঘ্যক λ (লামদা) ৰে সূচোৱা হয় আৰু ইয়াৰ এছ আই একক হৈছে মিটাৰ (m)

কম্পনাংকঃ প্ৰতি একক সময়ত সম্পূৰ্ণ হোৱা দোলনৰ সংখ্যাকে কম্পনাংক বুলি কোৱা হয় ।সাধাৰণতে সম্পনাংকক গ্ৰীক আখৰ v(nu) ৰে সূচোৱা হয় । কম্পনামকৰ এছ আই একক হাৰ্টজ (Hz)

পৰ্যায়কালঃ এটা সম্পূৰ্ণ দোলনৰ বাবে প্ৰয়োজন হোৱা সময়কে শব্দ তৰংগৰ পৰ্যায়কাল বুলি কোৱা হয় । পৰ্যায়কালৰ এছ আই একক হৈছে চেকেণ্ড (s) আৰু পৰ্যায়কাল সাধাৰণতে T আখৰটোৰ নিৰ্দেশ কৰা হয় ।

বিস্তাৰঃ মাধ্যমৰ মাজেৰে তৰংগৰ সঞ্চালনৰ সময়ছোৱাত মূল অবিঘ্নিত অৱস্থানৰ পৰা মাধ্যমৰ কণিকাবোৰৰ সৰ্বোচ্চ সৰণক শব্দ তৰংগৰ বিস্তাৰ বুলি কোৱা হয় সাধাৰণতে বিস্তাৰক A আখৰটোৰে নিৰ্দেশ কৰা হয় ।

         2.শব্দ তৰংগৰ কম্পনাংক আৰু তৰংগ দৈৰ্ঘ্য কি দৰে তাৰ দ্ৰুতিৰ সৈতে জড়িত হৈ আছে ?

উত্তৰঃ শব্দ তৰংগৰ কম্পনাংক আৰু তৰংগ দৈৰ্ঘ্য যিটো সম্পৰ্কৰে দ্ৰুতিৰ সৈতে সম্পৰ্কিত সেই সম্পৰ্কটো হৈছে

     দ্ৰুতি = তৰংগ দৈৰ্ঘ্য × কম্পনাংক

  বা    v = λv

          3.প্ৰদত্ত মাধ্যম এটাত শব্দ তৰংগৰ দ্ৰুতি 440 m s-1 আৰু কম্পনাংক 220 Hzইয়াৰ তৰংগ দৈৰ্ঘ্য নিৰ্ণয় কৰা

উত্তৰঃ

      ইয়াত,

                কম্পনাংক, u = 220 Hz

                 দ্ৰুতি, v = 440 m/s

      তৰংগ দৈৰ্ঘ্য, λ = ?

  আমি জানো,

          
         
4. উৎসৰ পৰা 450 m দূৰত্বত উপবিষ্ট ব্যক্তি এজনে শুনি থকা স্বৰ এটাৰ কম্পনাংক 500 Hz উৎসৰ পৰা নিৰ্গত অনুক্ৰমিক সংকোচনবোৰৰ মাজৰ সময়ৰ অন্তৰাল কিমান ?

উত্তৰঃ দুটা অনুক্ৰমিক সংকোচন বা দুটা অনুক্ৰমিক তনুভৱনৰ মাজৰ দূৰত্বই হৈছে তৰংগৰ তৰংগ দৈৰ্ঘ্য । অনুক্ৰমিক সংকোচনৰ মাজৰ সময়ৰ ব্যৱধানকে শব্দ তৰংগৰ পৰ্যায়কাল বোলা হয় ।

   ইয়াত,

            কম্পনাংক, u = 500 Hz

             পৰ্যায়কাল, T = ?

    আমি জানো,

                 


 Class 9 Science NCERT Textbook – Page 166

          1. শব্দৰ তীব্ৰতা আৰু প্ৰাবল্যৰ মাজৰ পাৰ্থক্য কি ?

উত্তৰঃ শব্দৰ তীব্ৰতা হৈছে কাণত উৎপন্ন হোৱা সংবেদনৰ মাত্ৰা, আনহাতে একক ক্ষেত্ৰফলৰ মাজেৰে প্ৰতি ছেকেণ্ডত পাৰ হৈ যোৱা শব্দ শক্তিয়েই হৈছে শব্দৰ প্ৰাবল্য ।

শব্দৰ তীব্ৰতা কাণৰ সংবেদনশীলতাৰ ওপৰত নিৰ্ভৰহ কৰে । গতিকে, দুটা শব্দ তৰংগৰ প্ৰাবল্য সমান হলেও, এটা আনটোতকৈ তীব্ৰ হব পাৰে ।

Class 9 Science NCERT Textbook – Page 167

          1. বায়ু, পানী আৰু লোৰ ভিতৰত কোনটো মাধ্যমত এক নিৰ্দিষ্ট উষ্ণতাত শব্দৰ দ্ৰুতি আটাইতকৈ বেছি ?

উত্তৰঃ এক নিৰ্দিষ্ট উষ্ণতাত লোভ শব্দৰ দ্ৰুতি আটাইতকৈ বেছি ।

Class 9 Science NCERT Textbook – Page 168

          1. শব্দ এটাৰ প্ৰতিধ্বনি 3 s পিছত শুনা গল । প্ৰতিফলনক পৃষ্ঠ আৰু উৎসৰ মাজৰ দূৰত্ব কিমান ? দিয়া আছে, শব্দৰ দ্ৰুতি 342 ms-1

উত্তৰঃ    ইয়াত,            

    প্ৰতিধ্বনি শুনা পাবলৈ লগা সময়, t = 3 s

                                শব্দৰ দ্ৰুতি, v = 342 m s-1

              শব্দই অতিক্ৰম কৰা দূৰত্ব, s = v × t

                                                    = 342 m s-1 × 3 s

                                                    = 1026 m

       3 s ত শব্দই প্ৰতিফলন পৃষ্ঠ আৰু উৎসৰ মাজৰ দূৰত্ব দুবাৰ অতিক্ৰম কৰে ।

      গতিকে, 

     
   
Class 9 Science NCERT Textbook – Page 169

          1. সংগীত সমলয়ৰ প্ৰেক্ষাগৃহৰ মূধচখন বক্ৰাকৃতিৰ কিয় হয়?

উত্তৰঃ বক্ৰপৃষ্ঠৰ পৰা প্ৰতিফলনৰ পাছত শব্দই প্ৰেক্ষাগৃহটোৰ প্ৰতিটো কোণলৈ যাব পৰাকৈ সংগীত সমলয়ত প্ৰেক্ষাগৃহৰ মূধচখন বক্ৰাকৃতিৰ কৰা হয় ।

Class 9 Science NCERT Textbook – Page 170

         1. সাধাৰণতে মানুহৰ কাণৰ শ্ৰাৱ্য পৰিসৰ কি ?

উত্তৰঃ সাধাৰণতে মানুহৰ কাণৰ শ্ৰাৱ্য পৰিসৰ  20 Hz ৰ পৰা 20000 Hz লৈ ।

         2. (a) অৱশব্দ আৰু (b) অতিশব্দৰ সৈতে জড়িত কম্পনাংকৰ পৰিসৰ কি?

উত্তৰঃ

(a)                অৱশব্দৰ সৈতে জড়িত কম্পনাংকৰ পৰিসৰ 20 Hz ৰ তলত ।

(b)                অতিশব্দৰ সৈতে জড়িত কম্পনাংকৰ পৰিসৰ 20 kHz ৰ ওপৰত ।

Class 9 Science NCERT Textbook – Page 172

       1. শিহু জাহাজ এখনে নিৰ্গত কৰা চনাৰ স্পন্দন (sonar pulse) এটা সমুদ্ৰ

তলিৰ টিলা এটাত খুন্দা খাই 1.02 s ত উভতি আহিল । যদি লুণীয়া পানীত শব্দৰ দ্ৰুতি 1531 m/s হয়, তেন্তে টিলাটোৰ দূৰত্ব কিমান ?

উত্তৰঃ

   ইয়াত,

          প্ৰেৰণ আৰু গ্ৰহণৰ মাজৰ সময়, t = 1.02 s

                লুণীয়া পানীত শব্দৰ দ্ৰুতি, v = 1531 m/s

                শব্দই অতিক্ৰম কৰা দূৰত্ব, s = v × t

                                                      = 1531 m/s × 1.02 s

                                                      = 1561.62 m

         1.02 s শব্দই উৎস আৰু টিলাৰ মাজত দুবাৰ অতিক্ৰম কৰে ।

            

অণুশীলনী

       1.       শব্দ কি আৰু ইয়াক কেনেকৈ উতপন্ন কৰা হয়?

উত্তৰঃ আমাৰ কাণত শ্ৰৱণৰ অনুভূতি সৃষ্টি কৰা শক্তিবিধক শব্দ বোলা হয় । কোনো পদাৰ্থই কিছু সময় কম্পন কৰিলে অৰ্থাৎ ইফালে সিফালে গতি কৰিলে শব্দ উৎপন্ন হয় ।

        2.       শব্দৰ উতসৰ ওচৰত বায়ুৰ ঘনীভবন আৰু তনুভৱনে কেনেকৈ উতপন্ন হয় চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা।

উত্তৰঃ

         3.       শব্দৰ সঞ্চালনৰ বাবে মাধ্যমাৰ প্ৰয়োজনীয়তা প্ৰদৰ্শন কৰা পৰীক্ষা এটা উল্লেখ কৰা।

উত্তৰঃ এটা দোলনশীল বস্তুয়ে এটা দোলন সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজন হোৱা সময়ক পৰ্যায়কাল বোলা হয় । ইয়াক T ৰে প্ৰকাশ কৰা হয় ।

এক ছেকেণ্ডত সম্পূৰ্ণ কৰা দোলনৰ সংখ্যাক দোলনৰ কম্পনাংক বুলি কোৱা হয় । ইয়াক nৰে প্ৰকাশ কৰা হয় ।

এতিয়া, সংজ্ঞামতে, n টা দোলনৰ বাবে প্ৰয়োজন হোৱা সময় 1 s  ।

এতিয়া, ভেকুৱাম পাম্পৰ সহায়ত পাত্ৰটোৰ পৰা বায়ুখিনি আঁতৰাই পলোৱা হল । যিমানেই বেছি বায়ু পাত্ৰৰ পৰা আঁতৰোৱা হয়, বেলৰ শব্দ সিমানেই ক্ষীণ হৈ পৰা শুনা যায় । পাত্ৰটোৰ পৰা সকলোখিনি বায়ু আঁতৰাই পঠালে শব্দ একেবাৰে নুশুনা হব ।

অৱশ্যে, ঘণ্টাটোৰ হাতুৰীটোৱে এনে অৱস্থাটো ধাতুৰ পাত্ৰটোত নিৰৱচ্ছিন্নভাৱে কোবাই থাকিব । এই পৰীক্ষাটোৱে দেখুৱায় যে শব্দ তৰংগৰ সঞ্চালনৰ বাবে এটা মাধ্যম (যেনেঃ বায়ু)ৰ প্ৰয়োজন ।

          4.    শব্দ তৰংগক অনুদৈৰ্ঘ্য তৰংগ বুলি কিয় কোৱা হয়?

উত্তৰঃ যি তৰংগই মাধ্যমৰ কণাবিলাকে তৰংগৰ গতিৰ দিশত দোলন কৰে, তেনে তৰংগক অনুদৈৰ্ঘ্য তৰংগ বোলে । শব্দ তৰংগই বায়ুৰ দৰে মাধ্যমৰ মাজেৰে অতিক্ৰম তৰিলে মাধ্যমৰ কণিকাবোৰে শব্দ তৰংগৰ সঞ্চালনৰ দিশত অগা-পিছাকৈ লৰচৰ কৰে । সেয়ে শব্দ তৰংগক অনুদৈৰ্ঘ্য তৰংগ বুলি কোৱা হয় ।

            5.   অন্ধকাৰ কোঠা এটাত বহুতৰ সগত বহি থকা অৱস্থাত শব্দৰ কোলটো বৈশিষ্ট্যৰ বাবে তোমাৰ বন্ধুৰ মাত চিনাক্ত কৰিব  পাৰা?

উত্তৰঃ অন্ধকাৰ কোঠা এটাত বহুতৰ লগত বহি থকা অৱস্থাত শব্দৰ গুণ বা ধ্বনি বৈশিষ্ট্যৰ বাবে বন্ধুজনৰ মাত চিনাক্ত কৰিব পৰা যায় ।

            6. বিজুলী আৰু ঢেৰেকণি দুয়োটাৰ একেলগে সৃষ্টি হয়। কিন্ত বিজুলী দৃশ্যমান হোৱাৰ কেইচেকেণ্ডমানৰ পিছতহে ঢেৰেকণি শুনা যায়, কিয়?

উত্তৰঃ পোহৰৰ বেগ শব্দৰ বেগতকৈ যথেষ্ট বেছি । সেয়ে বিজুলি প্ৰথমে দৃশ্যমান হয় আৰু কেইছেকেণ্ড মানৰ পিছতহে ঢেৰকণি শুনা যায় ।

            7.  ব্যক্তি এজনৰ শ্ৰাব্য সীমাৰ পৰিসৰ 20 Hz – 20 kHz ৰ ভিতৰত। এই দুটা তৰংগৰ বায়ুত প্ৰাৰুপিত তৰংগ দৈৰ্ঘ্য কমান? বায়ুত শব্দৰ দ্ৰুতি 344 m/s বুলি ধৰা

উত্তৰঃ

        য      v হৈছে শব্দৰ দ্ৰুতি

                     λ হৈছে তৰংগ দৈৰ্ঘ্য

                     u হৈছে কম্পনাংক

     কম্পনাংক (v1) 20 Hz, হোৱাৰ ক্ষেত্ৰত অনুৰুপ তৰংগ দৈৰ্ঘ্য

  
  
আৰু কম্পনাংক (u2) 20 kHz হোৱাৰ ক্ষেত্ৰত অনুৰুপ তৰংগ দৈৰ্ঘ্য,

            
     
   গতিকে, 20 Hz ৰ পৰা 20 kHz লৈ এই দুটা তৰংগ কম্পনাংকৰ সাপেক্ষে শব্দ তৰংগৰ বায়ুত প্ৰাৰুপিত তৰংগ দৈৰ্ঘ্যৰ পৰিসৰ 1702 m ৰ পৰা 0.0172 m লৈ ।

 8. এলুমিনিয়ামৰ দণ্ড এজালৰ দুই মুৰত দুজন ছাত্ৰ আছে। এজনে শিলগুটিৰে দণ্ডডাল টুকৰিয়াই দিলে। শব্দ বায়ু আৰু এলুমিনিয়ামৰ মাজেৰে গৈ ইজন ছাত্ৰৰ ওচৰ পাওঁতে লগা সময়ৰ অনুপাত উলিওৱা।

উত্তৰঃ

       ধৰা হল,

      এলুমিনিয়ামৰ দণ্ডডালৰ দৈৰ্ঘ্য l m

        25oC ত বায়ুত শব্দৰ দ্ৰুতি = 346 m s-1

  দ্বিতীয়জন ছাত্ৰৰ ওচৰ পাঁওতে শব্দৰ তৰংগক লগা সময়

          
          
        25oC ত এলুমিনিয়ামত শব্দৰ দ্ৰুতি = 6420 m s-1

  দ্বিতীয়জন ছাত্ৰৰ ওচৰ পাঁওতে এলুমিনিয়ামত শব্দ তৰংগই লোয়া সময়,

           
    
  গতিকে, শব্দ বায়ু আৰু এলুমিনিয়ামৰ মাজেৰে গৈ দ্বিতীয়জন ছাত্ৰৰ ওচৰ পাঁওতে লগা সময়ৰ অনুপাত

              

          9.   শব্দৰ উতস এটাৰ কম্পনাংক 100 Hzই এক মিনিটত কিমানটা কম্পন সম্পূৰ্ণ কৰিব?

উত্তৰঃ শব্দৰ উৎস এটাৰ কম্পনাংক 100 Hz ইয়াৰ অৰ্থ এয়ে যে শব্দৰ উৎসটোৱে 1s100 বাৰ কম্পনাংক কৰে।

       এক মিনিটত সম্পূৰ্ণ কৰা সম্পনৰ সংখ্যা = 100 × 60 = 6000

    গতিকে, শব্দৰ  উৎসটোৱে এক মিনিটত 6000 টা কম্পন সম্পূৰ্ণ কৰিব ।

          10.       পোহৰে মানি চলা প্ৰতিফলনৰ সূত্ৰকেইটা শব্দই মানেনে? ব্যাখ্যা কৰা।

উত্তৰঃ হয়, পোহৰে মানি চলা প্ৰতিফলনৰ সূত্ৰকেইটা শব্দই মানে ।

শব্দৰ প্ৰতিফলনৰ সূত্ৰ—

i)              আপতিত শব্দ তৰমগ, আপতন বিন্দুত টনা প্ৰতিফলন পৃষ্ঠৰ অভিলম্ব আৰু প্ৰতিফলিত শব্দ তৰংগ এই সকলোবোৰ একেখন সমতলতে থাকে ।

ii)                  শব্দৰ আপতন কোণ আৰু প্ৰতিফলন কোণৰ  মাপ সমান ।

শব্দৰ প্ৰতিফলনৰ পৰীক্ষা—

    

দুটা দীঘল সদৃশ চুঙা লোৱা হল আৰু ইঁহতক বেৰ এখনৰ ওচৰত স্থাপিত টেবুল এখনত সজাই লোৱা হল । এটী চুঙাৰ খোলা মূৰৰ ওচৰত এটা ঘড়ী ৰখা হল আনহাতে চুঙা ঘড়ীৰ শব্দ শুনিব পৰাকৈ ৰখা হল । দেখা গল যে শব্দ তৰংগৰ আপতন কোণ আৰু প্ৰতিফলন কোণৰ মাপ সমান হলে অৰ্থাৎ i = r লে ঘড়ূটোৰ শব্দ ডাঙৰকৈ শুনা নাযায় । ইয়াৰ কাৰণ এই চুঙাটো আপতিত শব্দ তৰংগ আৰু অভিলম্বৰ দৰে এক সমতলত নাই ।

              11. দূৰৰ বস্ত এটাই শব্দ প্ৰতিফলিত কৰিলে প্ৰতিধ্বনিৰ সৃষ্টি হয়। ধৰা হওঁক, শব্দৰ উতস আৰু প্ৰতিফলিত পৃষ্ঠৰ মাজৰ দূৰত্ব একে আছে। তাতোকৈ গৰম দিন এটাত প্ৰতিধ্বনিৰ শব্দ শুনিবানে?

উত্তৰঃ এজন ব্যক্তিয়ে শুনা শব্দৰ অনুভূতি তেওঁৰ মস্তিস্কত 0.1 s পৰ্যন্ত স্থায়ী হয় । 0.1 s ৰ ব্যৱধানত দুটা শব্দ শুনিলে মানুহৰ কাণৰ শব্দ দুটাৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰিব নোৱাৰে আৰু সিহঁতক এটা শব্দ বুলিয়েই ধৰি লয় । উষ্ণতা বৃদ্ধি হলে শব্দৰ বেগ বৃদ্ধি পায় । সেয়ে অধিক গৰমৰ দিন এটাত শব্দৰ বেদ বৃদ্ধি পায় । ফলস্বৰুপে, দূৰৱৰ্তী লক্ষ্যবস্তুৰ পৰা প্ৰতিফলিত শব্দ তৰংগ উৎসলৈ 0.1 s তকৈ কম সময়ত উৎসলৈ প্ৰত্যাৱৰ্তন কৰে । গতিকে, অধিক গৰম দিন এটাত সুষ্পষ্ট প্ৰতধ্বনি শুনা নাযাব ।

                12. শব্দ তৰংগৰ প্ৰতিফলনৰ দুটা ব্যৱহাৰিক প্ৰয়োগ লিখা।

উত্তৰঃ শব্দ তৰংগ প্ৰতিফলনৰ দুটা ব্যৱহাৰিক প্ৰয়োগ হলঃ

(i) ধ্বনিৰ্দ্ধক বা মেগাফনঃ মেগাফন হৈছে শিং আকৃতিৰ নলী । মেগাফন নলীতৰ ঠেক প্ৰান্তত শব্দৰ সৃষ্টি কৰিলে নলীটোৰ আভ্যন্তৰীণ বেৰত হোৱা প্ৰতিফলনৰ বাবে শব্দ তৰংগৰ বিস্তাৰণত প্ৰতিবন্ধকতাৰ সৃষ্টি হয় । 


(ii)         ষ্টেথস্কপঃ ৰোগীৰ দেহত বিশেষকৈ হৃদযন্ত্র বা হাওঁফাওঁত সৃষ্টি হোৱা শব্দ শুনিবলৈ এই আহিলাটো চিকিৎসকসকলে ব্যৱহাৰ কৰে । ষ্টেথস্কপৰ নলীৰে হাওঁফাওঁ বা হৃদপিণ্ড উৎপন্ন হোৱা শব্দৰ পুনঃপুনঃ প্ৰতিফলন ঘটি চিকিৎসকৰ কাণত পৰে ।

          13.       500 m ওখ স্তম্ভ এটাৰ শীৰ্ষৰ পৰা শিল এটা স্তম্ভৰ পাদদেশত থকা পুখুৰীৰ পানীত পৰিবলৈ দিয়া হল । পানীত পৰাৰ শব্দটো স্তম্ভটোৰ শীৰ্ষত কেতিয়া শুনিবলৈ পোৱা যাব?

দিয়া আছে g = 10 m/s2 আৰু শব্দৰ দ্ৰুতি = 340 m/s2

        উত্তৰঃ

          দিয়া আছে,

                        স্তম্ভটোৰ উচ্চতা, s = 500 m

                        প্ৰাৰম্ভিক বেগ, u = 0 m s-1

                  মাধ্যাকৰ্ষণিক ত্বৰণ, g = 10 m s-1

                       শিলটোৰ ত্বৰণ, a = + 10 m s-1

             ধৰা হ, পুখুৰীৰ পানীৰ পৃষ্ঠভাগত উপনীত হবলৈ শিলটোক লগা সময়,

           14. শব্দ তৰংগ এটা 339 m/s-1 দ্ৰুতিৰে সঞ্চালিত হৈছে। যদি ইয়াৰ তৰংগ দৈৰ্ঘ্য 1.5 cm, তেন্তে তৰংগটোৰ কম্পনাংক কিমান? ই শ্ৰাব্য হবনে?

উত্তৰঃ

          15.       অনুৰণ কাক বোলে? ইয়াক কেনেকৈ কমাব পাৰি ?

উত্তৰঃ ডাঙৰ প্ৰেক্ষাগৃহত সৃষ্টি হোৱা শব্দবোৰ প্ৰেক্ষাগৃহটোৰ বেৰ, চিলিং আদিৰ পৰা বাৰম্বাৰ প্ৰতিফলন ঘটাৰ বাবে ই দীৰ্ঘ সময়ৰ বাবে বিৰাজ কৰে । বাৰম্বাৰ প্ৰতিফলনৰ বাবে হোৱা শব্দৰ নিৰ্বন্ধতাক অণুৰণন বুলি সকোৱা হয় । ডাঙৰ হলঘৰত অত্যধিক অণুৰণন গ্ৰহণযোগ্য নহয় কিয়নো ইয়াৰ ফলত শব্দ অশ্পষ্ট হয় । অণুৰণন হ্ৰাস কৰিবৰ বাবে আবৃত কৰা হয় । তদুপৰি অণুৰণন কমাবলৈ ডাঙৰ হলঘৰত শব্দ শোষণকাৰী পদাৰ্থৰে নিৰ্মিত আসন ব্যৱহাৰ কৰা হয় ।

            16.       শব্দৰ তীব্ৰতা কাক বেলো? কি কি কাৰকৰ ওপৰত ই নিৰ্ভৰশীল?

উত্তৰঃ কাণত সৃষ্টি হোৱা সংবেদনৰ মাত্ৰাই হৈছে শব্দৰ তীব্ৰতা বা উচ্চ স্বৰতা ।

        নিম্নোক্ত কাৰকৰ ওপৰত শব্দৰ তীব্ৰতা নিৰ্ভৰশীলঃ

I)                   কাণৰ সংবেদনশীলতা

II)                 বিস্তাৰ আৰু সেয়ে শব্দৰ প্ৰাবল্যৰ ওপৰত । শব্দ তৰংগ উৎপন্নকাৰী উৎসটোৰ কম্পনৰ বিস্তাৰ বৃদ্ধি পালে শব্দৰ তীব্ৰতাও বৃদ্ধি পায় ।

            16.       চিকাৰ ধৰিবলৈ বাদুলিয়ে অতিশব্দৰ ব্যৱহাৰ কি দৰে কৰে?

উত্তৰঃ বাদুলিয়ে অতিশাব্দিক তৰংগ উৎপন্ন আৰু গ্ৰহণ কৰিব পাৰে ।  ই অতিশাব্দিক সংকেত উলিয়াই পঠিয়াই আৰু ইয়াৰ চলন পথত থকা চিকাৰৰ পৰা প্ৰতিফলিত হৈ অহা এই সংকেতবোৰ পুনৰ গ্ৰহণ কৰিব পাৰে । অতিশাব্দিক সংকেতৰ প্ৰেৰণ আৰু গ্ৰহণৰ সময়ৰ ব্যৱধানৰ জৰিয়তে বাদুলিয়ে নিজৰ চিকাৰৰ অৱস্থানৰ দূৰত্ব আৰু দিশ নিৰ্ধাৰণ কৰিব পাৰে । এনেকৈয়ে বাদুলিয়ে আন্ধাৰতো বিচৰণ কৰি নিজৰ খাদ্যৰ যোগাৰৰ বাবে চিকাৰ কৰিবলৈ সক্ষম হয় ।

             17.       পৰিষ্কাৰ (cleaning) কৰিবলৈ অতিশব্দৰ ব্যৱহাৰ কি দৰে হয়?

উত্তৰঃ ঘড়ীত ব্যৱহ্ৰত ক্ষুদ্ৰ অংশ, শঙ্খ কুণ্ডলী আকৃতিৰ নলীৰ দৰে অদ্ভুত যন্ত্ৰাংশ, ইলেক্ট্ৰনিক উপাদান আদিৰ দৰে সহজে ঢুকি নোপোৱা ঠাইৰ উপাদানবোৰ পৰিস্কাৰ কৰাৰ উদ্দেশ্য অতিশব্দৰ ব্যৱহাৰ কৰা হয় । এই বস্তুবোৰ পৰিস্কাৰ দ্ৰৱত ৰাখি দ্ৰৱৰ মাজেৰে অতিশব্দ প্ৰেৰণ কৰা হয় । উচ্চ কম্পনাংকৰ কম্পনৰ বাবে ধূলিকণা, তেলেতীয় পদাৰ্থ আদি বস্তুবোৰৰ পৰা বিচ্ছিন্ন হৈ দ্ৰৱটোৰ তলিত জমা হয় । এই প্ৰক্ৰিয়াত বস্তুবোৰ সঠিকভাৱে পৰিস্কাৰ হয় ।

             18.       চনাৰৰ কাৰ্যনীতি আৰু প্ৰয়োগ ব্যাখ্যা কৰা

উত্তৰঃ ইয়াৰ  সম্পৰ্ণ ৰুপটো হৈছে Sound Navigation and Ranging শিল,হিমশিলাখণ্ড, শিহুজাহাজ আদিৰ স্হান নিৰুপণ কৰিবলৈ  এইবিধ কৌশল জাহাজত ব্যৱহাৰ কৰা হয়। সাগৰৰ গভীৰতা পৰিমাপ কৰিবলৈও ইয়াক ব্যৱহাৰ কৰা হয়। শব্দ তৰংগৰ প্ৰতিফলনৰ পৰিঘটনাটো চনাৰত ব্যৱহ্ৰত হয়। ই দুটা অংশৰে গঠিতঃ

 a)       অতিশাব্দিক তৰংগ প্ৰেৰণৰ বাবে এটা প্ৰেৰক যন্ত্ৰ আৰু b) অতিশাব্দিক তৰংগ সংগ্ৰহৰ বাবে এটা গ্ৰাহক যন্ত্ৰ ।


      চিত্ৰত দেখুওৱাৰ দৰে জাহাজৰ তলত চনাৰ যন্ত্ৰ স্থাপন কৰা হয় । ধৰা হল, সাগৰৰ গভীৰতা পৰিমাণ কৰিব লাগে । প্ৰেৰক যন্ত্ৰই উচ্চ কম্পনাংকৰ অতিশাব্দিক তৰংগ উৎপন্ন কৰে আৰু প্ৰেৰণ কৰে । তৰংগবোৰ সাগৰৰ তলিৰ পৰা প্ৰতিফলিত হৈ আহে আৰু চনাৰৰ সংগ্ৰাহকৰ সহায়ত সেইবোৰ বৈদ্যুতিক সংকেতলৈ পৰিৱৰ্তন কৰে যিবোৰক সঠিকভাৱে বিশ্লেষণ কৰা হয় । তৰংগবোৰৰ প্ৰেৰণ আৰু গ্ৰহণৰ সময়ৰ ব্যৱধান টুকি ৰখা হয় । ধৰা হল, সাগৰৰ গভীৰতা d আৰু সাগৰৰ পানীত অতিশব্দৰ বেগ v, পানীত অতিশব্দ আৰু সাধাৰণ শব্দৰ বেগৰ মান সমান ।

তেন্তে, সাগৰৰ তলি পাবলৈ অতিশব্দই লোৱা সময়


 

           19.       শিহুজাহাত সংযুক্ত চনাৰ সঁজুলি এটাই সংকেত প্ৰেৰণ কৰাৰ 5 s পিছত প্ৰতিধ্বনি ধৰা পেলালে। শিহুজাহাজৰ পৰা বস্তটোৰ দূৰত্ব 3625 m লে পানীত শব্দৰ দ্ৰুতি নিৰ্ণয় কৰা।

উত্তৰঃ

             20.       অতিশব্দ ব্যৱহাৰ কৰি ধাতুৰ কুণ্ডা এটাৰ বিসংগতি কেনেকৈ ধৰা পেলোৱা হয় ব্যাখ্যা কৰা।

উত্তৰঃ

            21.   মানুহৰ কাণৰ কাৰ্য পদ্ধতি ব্যাখ্যা কৰা

উত্তৰঃ কাণ হৈছে শব্দ শ্ৰৱণৰ অতিশয় সংবেদনশীল অংগ । ই বায়ুত সংঘটিত শ্ৰাব্য কম্পনাংকৰ চাপৰ পৰিৱৰ্তনক বৈদ্যুতিক সংকেতলৈ পৰিৱৰ্তন কৰি তাক শ্ৰৱণ স্নায়ুৰে মগজুলৈ প্ৰেৰণ কৰে যাৰ ফলত আমি শব্দ শুনা পাওঁ ।

মানুহৰ কাণৰ অংশ তিনিটা হৈছেঃ

I)                   বহিঃকৰ্ণ

II)                 মধ্যকৰ্ণ

III)              অন্তঃকৰ্ণ

এই তিনিটা অংশত থকা ভিন্ন ভিন্ন উপাংশই বিভিন্ন কাৰ্য সম্পাদন কৰে । এইসমূহ হল—

(I)                 বহিঃকৰ্ণঃ বহিঃকৰ্ণক কৰ্ণপালী বুলি কোৱা হয় । ই চৌপাশৰ শব্দ তৰংগ সংগ্ৰহ কৰি এইবোৰ শ্ৰৱণ নলীৰে সঞ্চালিত কৰে । শ্ৰৱণ নলীৰ শেষ প্ৰান্তত এখন পাতল পৰ্দা থাকে । ইয়াক কৰ্ণপটহীয় পৰ্দা বা কাণমাদল বুলি কোৱা হয় । মাধ্যমৰ (বায়ু) ঘনীভৱনৰ প্ৰভাৱত পৰ্দাৰ বাহিৰফালে চাপ বৃদ্ধি হয় আৰু কাণমাদলক ভিতৰৰ ফালে ঠেলে । মাধ্যমৰ তনুভৱনৰ প্ৰভাৱত কাণমাদল বাহিৰৰ পিনে গতি কৰে । এনেদৰে ভিন্ন প্ৰৰ্যায়ত কাণমাদলৰ কম্পন হয়

(II)              মধ্যকৰ্ণঃ মধ্যকৰ্ণত থকা হাড় তিনিডাল হৈছে হাতুৰি, নিয়াঁৰি আৰু ৰিকাপি । এই তিনিডাল হাড়ে কম্পনক কেইবাগুনো বৰ্দ্ধিত কৰে । শব্দ তৰংগৰ পৰা গৃহীত সংবৰ্দ্ধিত চাপৰ পৰিৱৰ্তনক মধ্যকৰ্ণই অন্তঃকৰ্ণলৈ পঠিয়াই ।

(III)            অন্তঃকৰ্ণঃ অন্তঃকৰ্ণ কৰ্ণাবৰ্ত আৰু শ্ৰৱণ স্নায়ুৰে গঠিত ইয়াত বায়ুচটাপৰ পৰিৱৰ্তনক কুণ্ডলী আকাৰৰ অংগ কৰ্ণাবৰ্তই বৈদ্যুতিক সংকেতলৈ পৰিৱৰ্তন কৰে । শ্ৰৱণ স্নায়ুৰ জৰিয়তে বৈদ্যুতিক সংকেতবোৰ মগজুত উপনীত হয় আৰু মগজুৱে সেইবোৰক শব্দ হিচাপে তাৎপৰ্যোদ্ধাৰ কৰে ।

এনেদৰে কাণৰ তিনিটা অংশৰ বিভিন্ন কাৰ্য প্ৰক্ৰিয়াৰ দ্বাৰা আমি শব্দ শুনো

 

PUBLISHED BY KRISHNA DAS



                
   

               


           

              

Previous Post Next Post