Class 11 Assamese Question Answer ধনৰ ব্যৱহাৰ Lesson 1 .

 Class 11 Assamese Question Answer ধনৰ ব্যৱহাৰ  Lesson 1 .

 


ধনৰ ব্যৱহাৰ

 

      ১) কৃপণলোকৰ দুই ধৰ্ম কি কি?

উত্তৰ-   লাজ ঢকা আৰু প্ৰাণ প্ৰৱৰ্তোৱা ৷

     ২) অৰ্থ ব্যৱহাৰৰ মূলমন্ত্ৰ কি ?

উত্তৰ- আয় অনুসৰি ব্যয় কৰা ৷


৩) দৰিদ্ৰ হোৱাৰ চিন কেনেকুৱা ?

উত্তৰ- অলপ আয় অধিক ব্যয় দৰিদ্ৰ হোৱাৰ চিন ৷


৪) মানুহৰ ঋণ কেতিয়া হয় ?

উত্তৰঃ- মানুহে যেতিয়া উপাৰ্জনতকৈ অধিক মাত্ৰাত খৰচ কৰে তেতিয়া ঋণ লব লগা হয় ৷


৫) কোন প্ৰকাৰৰ খৰচ গুপ্ত শত্ৰুৰ নিচিনা ?

উত্তৰঃ- খুচুৰীয়া খৰচ গুপ্ত শত্ৰুৰ নিচিনা ৷

 


১) ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ কি কি ?

উত্তৰঃ- ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ হল -

ক) ধনেৰে সুখ-সম্পদৰ আহিলা-পাতি গোটাই লব পাৰি ৷

খ) ধনেৰে আনৰ উপকাৰ সাধিব পাৰি

 

২) কৃপণলোকে আন মানুহে ধন খৰচ কৰিলে কিয় সহিব নোৱাৰে ?

উত্তৰঃ- আন মানুহে ধন খৰচ কৰিলে কৃপণলোকে অত্যাচাৰ কৰা যেন বোধ কৰে ৷ তেওঁলোকৰ মতে উত্তম ভোজন খঁক, উত্তম পিন্ধন গপ, আৰু দান-দক্ষিণা ধনৰ অপব্যয় মাথোঁন ৷

 


৩) লেখকৰ মতে কোন দুটা বৃত্তি ফলিওৱাৰ বাবে অলপ ধন লাগে ?

উত্তৰঃ- লেখকৰ মতে সজ-অসজ বৃত্তি দুটা ফলিওৱাৰ বাবে অলপ ধন লাগে৷ অৰ্থাৎ, দয়া বৃত্তি ফলাব লাগিলেও ধন লাগে আৰু অহংকাৰ বা লোভ ফলাব লাগিলেও ধনৰ প্ৰয়োজন হয় ৷

 

৪) কি দুটা কাৰণত মানুহে কৃপণালি কৰে ?

উত্তৰঃ- কিছুমানে ধন উভৈনদী কৰি পৃথিৱীত এটা খ্যাতি ৰাখিবৰ বাবে কৃপণালি কৰে আৰু আন কিছুমানে সন্তান-সন্ততিলৈ এটা অক্ষয় ভাণ্ডাৰ বান্ধি থবৰ বাবেও কৃপণালি কৰে ৷

 


৫) কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজত থকা পাৰ্থক্য দুটা লিখা ৷

উত্তৰঃ- কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজত থকা পাৰ্থক্য দুটা হল-

ক) কৃপণৰ হাত টান, খৰছ কৰিবলৈ নিবিচাৰে৷ আনহাতে, ধোঁৱাখুলীয়াই ওচ-মোচ নিবিচাৰি সৰহকৈ খৰচ কৰে ৷

খ) কৃপণে সঞ্চয় কৰাত উত্ৰাৱল কিন্তু ধোঁৱাখুলীয়াই ক্ষয়ংকৰ কৰাত উত্ৰাৱল ৷

 



১) অশিক্ষিত মানুহে ধন খৰচ কৰাৰ কৌশল সম্পৰ্কে কেনে ধাৰণা কৰে লিখা ৷

উত্তৰ- অশিক্ষিত মানুহৰ মনত ধন খৰচ কৰা এটা মহতালিৰ কাম ৷ সিহঁতে ধনীক ঈশ্বৰ যেন দেখে ৷ ধনীৰ অত্যাচাৰক প্ৰতাপ বোলে, কু-কৰ্মক ধেমালি বোলে আৰু ধনীৰ মাৰ কিলক আদৰ বুলি ভাবে ৷ সিহঁতৰ ভাল-বেয়া বোধ নাই,মান-অপমানৰ জ্ঞান নাই ৷ এনেকুৱা নিৰ্বোধ মানুহৰ প্ৰশংসা পাবলৈ যি নিজৰ হিতাহিত জ্ঞানক ঠেলি থৈ অযুগুত খৰচ কৰি দুখ মাতি আনে ৷ এইবোৰেই হৈছে অশিক্ষিত মানুহৰ ধন খৰচ কৰা কৌশল ৷

 

      ২) অসজ বৃত্তিধাৰী কৃপণ লোকৰ জীৱন প্ৰণালী কেনেকুৱা হয় আলোচনা কৰা ৷

উত্তৰঃ- অসজ বৃত্তিধাৰী কৃপণলোকে ভাল বস্তু খাবলৈ অভিলাষ কৰিলেও নিজৰ ধন খৰচ কৰি ভাল বস্তু কেতিয়াও নাখায় ৷ নিজৰ ঘৰত সদায় শাক-ভাতৰ ব্যৱস্থা কিন্তু আনৰ ঘৰত উপাদেয় বস্তু নহলে ভোজন নকৰে ৷ নিজৰ ঘৰত এখন আঞ্জা,আনৰ ঘৰত পাঁচখন বিচাৰে ৷ নিজৰ কামত খোজ কাঢ়ি এদিনৰ বাট যায়, লোকৰ কামত বাহন নহলে এখোজো নলৰে৷ মুঠ কথা লোকৰ ওপৰত পালে সিহঁতে ভালৰো ভাল খায়, ভালৰো ভাল পিন্ধে, কিন্তু নিজ খৰচত চলিব লাগিলেমোটা চাউলৰ ভাত খায় আৰু ঢৰিয়া সূতাৰ কাপোৰ পিন্ধি দিন কটায় ৷ খাৱন-পিন্ধন সম্বন্ধে এই শ্ৰেণীৰ কৃপণৰ মুখত সদায় ডাংকোপ মৰা কথা ৷ সিহঁতে নিজৰ ঘৰৰ আচল অৱস্থা কেতিয়াও সদৰী হব নিদিয়ে, কাৰণ তেনেহলে আনৰ ঘৰত দম্ভালি মাৰিবলৈ বাট নৰয় ৷

 


৩) মানুহে ঋণক পাপৰ লগত কিয় তুলনা কৰে লিখা ৷

উত্তৰঃ- উপাৰ্জনতকৈ সৰহ খৰচ কৰিলে মানুহৰ ঋণ হয় ঋণক মানুহে পাপৰ লগত ৰিজায় কাৰণ পাপী মানুহৰ দৰে ঋণী মানুহেও বহুত লাঞ্ছনা ভোগ কৰে৷ ঋণী মানুহে সমাজত গৰিহণা খায়,মান-মৰ্যাদা হেৰুৱায়,মনৰ সুখ-শান্তি নাইকিয়া হয় ৷ ঋণক ব্যাধিৰ লগত তুলনা কৰে কিয়নো ব্যাধিয়ে যেনেকৈ তেজ-মাংস ক্ষয় কৰে, ঋণে অৱস্থাহীন কৰি নিয়ে৷ ব্যাধি অনুক্ৰমে বাঢ়ি অহাৰ দৰে ঋণো বাঢ়ি যায় ৷ সেয়েহে ঋণ লৈ পাপ আৰু ব্যাধি চপাই লব নালাগে ।

 

      8) লেখকৰ দৃষ্টিত ধৰা পৰা কৃপণলোকৰ সংজ্ঞা সম্বন্ধে আলোচনা কৰা ৷

উত্তৰ:-  লেখকৰ দৃষ্টিত কৃপণ দুই প্ৰকাৰৰ ৷ প্ৰথমতে, কৃপণৰ ধন, ধন নহয়, ৰাই ওমলা খোলাকটি ৷ ধনৰ সহায়ত সুখ-সম্পদৰ আহিলা-পাতি গোটাই লব পাৰি ৷ ভোজনৰ ভাল বস্তু, পিন্ধিবৰ বাবে ভাল কাপোৰ, থাকিবৰ বাবে ভাল ঘৰ, হাতী-ঘোঁৰা, গাড়ী, বন্দী-বেটী আদি সাংসাৰিক সুখৰ আহিলাবোৰ ধন হলে গোটাই লব পাৰি৷ কিন্তু, ভোগৰ নিমিত্তে ধন এই কথা কৃপণে নুবুজে৷ লৰা-তিৰোতা কৃপণৰ মানত ধনতকৈ হীন৷ তেওঁলোকে ধন খৰচ হোৱাৰ ভয়ত নিজেও দুখ কষ্ট ভোগ কৰে আৰু লৰা-ছোৱালীকো সেইদৰে খাৱন-পিন্ধনত দুখ-কষ্ট দিয়ে৷ দ্বিতীয়তে, অসজ বৃত্তিধাৰী কৃপণলোকে ভাল বস্তু খাবলৈ অভিলাষ কৰিলেও নিজৰ ধন খৰচ কৰি ভাল বস্তু কেতিয়াও নাখায়৷ নিজৰ ঘৰত সদায় শাক-ভাতৰ ব্যৱস্থা কিন্তু আনৰ ঘৰত উপাদেয় বস্তু নহলে ভোজন নকৰে ৷ নিজৰ ঘৰত এখন আঞ্জা,আনৰ ঘৰত পাঁচখন বিচাৰে ৷ নিজৰ কামত খোজ কাঢ়ি এদিনৰ বাট যায়, কিন্তু লোকৰ কামত বাহন নহলে এখোজো নোলায়৷ মুঠতে লোকৰ ওপৰত পালে সিহঁতে ভালৰো ভাল খায়, ভালৰো ভাল পিন্ধে, কিন্তু নিজ খৰচত চলিব লাগিলে মোটা চাউলৰ ভাত খায় আৰু ঢৰিয়া সূতাৰ কাপোৰ পিন্ধি দিন কটায়৷খাৱন-পিন্ধন সম্বন্ধে এই শ্ৰেণীৰ কৃপণৰ মুখত সদায় ডাংকোপ মৰা কথা ৷ সিহঁতে নিজৰ ঘৰৰ আচল অৱস্থা কেতিয়াও সদৰী হব নিদিয়ে, কাৰণ তেনেহলে আনৰ ঘৰত দম্ভালি মাৰিবলৈ বাট নৰয় ৷

 


   ৫) ধন সুখ ভোগৰ উপায় নহয়, স্বয়ং ধনেই সুখ- ব্যাখ্যা কৰা

উত্তৰ- পৃথিৱীত এনেকুৱা কিছুমান মানুহ আছে যি ধনৱন্ত হৈও অষ্টম দৰিদ্ৰৰ নিকাৰ ভুঞ্জে ৷ এইবিলাক মানুহক সাধাৰণতে কৰাইচ,কটকিনা বা কৃপণ বোলে৷আচলতে কৃপণৰ ধন, ধন নহয়,ৰাই ওমলা খোলাকটি৷ধনৰ সহায়ত সুখ-সম্পদৰ আহিলা-পাতি গোটাই লব পাৰি৷ভোজনৰ ভাল বস্তু,পিন্ধিবৰ বাবে ভাল কাপোৰ,থাকিবৰ বাবে ভাল ঘৰ,হাতী-ঘোঁৰা,গাড়ী,বন্দী-বেটী আদি সাংসাৰিক সুখৰ আহিলাবোৰ ধন হলে গোটাই লব পাৰি৷কিন্তু, ভোগৰ নিমিত্তে ধন এই কথা কৃপণে নুবুজে৷ গতিকে কৃপণলোকৰ বাবে স্বয়ং ধনেই সুখ ৷লৰা-তিৰোতা কৃপণৰ মানত ধনতকৈ হীন৷তেওঁলোকে ধন খৰচ হোৱাৰ ভয়ত নিজেও দুখ কষ্ট ভোগ কৰে আৰু লৰা- ছোৱালীকো সেইদৰে খাৱন-পিন্ধনত দুখ-কষ্ট দিয়ে ৷


                                                                       PUBLISHED BY LOKESH DAS


Previous Post Next Post