Class 7 Social Science Chapter 1 Question Answer . ভূপৃষ্ঠ সময় গণনা ।

 Class 7 Social Science Chapter 1 Question Answer . ভূপৃষ্ঠ সময় গণনা ।





১। চমু উত্তৰ দিয়া-

(ক) দ্ৰাঘিমাৰেখাৰ সৰ্বমুঠ সংখ্যা কিমান ?

 উত্তৰঃ- দ্ৰাঘিমাৰেখাৰ সৰ্বমুঠ সংখ্য়া হল- ৩৬০ ডাল

 

(খ) ভাৰতীয় মান সময়ৰ দ্ৰাঘিমাংশ কিমান  ?

উত্তৰঃ- ভাৰতীয় মান সময়ৰ দ্ৰাঘিমাংশ হল- ভাৰতবৰ্ষৰ প্ৰায় সোঁমাজেদি যোৱা  ৮২°৩০  পূব দ্ৰাঘিমাৰেখা

 

(গ) পৃথিৱীৰ নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ কিমান ঘণ্টা সময়ৰ প্ৰয়োজন ?

উত্তৰঃ-  ২৪ ঘন্টা সময়ৰ প্ৰয়োজন

 

(ঘ) গ্ৰীনিজৰ ওপৰেৰে কল্পনা কৰা প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ স্থানীয় সময়ক কি বোলে ?

উত্তৰঃ- গ্ৰীনিজৰ  ওপৰেৰে  কল্পনা কৰা প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ স্থানীয় সময়ক গ্ৰীনিজ মান সময় বোলে

 

(ঙ) কৌণিক দূৰত্বৰ জোখৰ একক কি ?

 উত্তৰঃ   ডিগ্ৰী

 

 

২। খালী ঠাই পূৰ কৰা

(ক) পৃথিৱীৰ পৰিধিয়ে কেন্দ্ৰত _____  কোণ কৰি থাকে

উত্তৰঃ-   পৃথিৱীৰ পৰিধিয়ে কেন্দ্ৰত ৩৬০ ডিগ্ৰী কোণ কৰি থাকে

(খ) দ্ৰাঘিমাৰেখাৰ মান বা জোখক _____ বোলে

উত্তৰঃ- দ্ৰাঘিমাৰেখাৰ মান বা জোখক দাঘিমাংশ বোলে

(গ) প্ৰাথমিক দ্ৰাঘিমাৰেখাৰ কৌণিক দূৰত্ব  _____  দ্ৰাঘিমাংশ

উত্তৰঃ-  প্ৰাথমিক দ্ৰাঘিমাৰেখাৰ কৌণিক দূৰত্ব  ঠাইখনৰ  দ্ৰাঘিমাংশ

(ঘ) মধ্যাহ্ন সূৰ্যৰ পৰা পূৱফালে ১৫ ডিগ্ৰী আঁতৰত থকা ঠাইখনত _____ বাজিব

উত্তৰঃ- মধ্যাহ্ন সূৰ্যৰ পৰা পূৱফালে ১৫ ডিগ্ৰী আঁতৰত থকা ঠাইখনত  ১ বাজিব

 

 

৩। সঁচা-মিছা নিৰ্ণয় কৰা ।

(ক) পৃথিৱীৰ আহ্নিক গতিৰ ফলত পশ্চিমৰ ঠাইসমূহ পূবতকৈ আগতে সূৰ্যৰ সন্মূখীন হয়।

উত্তৰঃ- অশুদ্ধ ।

(খ) ভ্ৰমণকাৰীয়ে পূব দিশৰ পৰা ১৮০ ডিগ্ৰী অতিক্ৰম কৰাৰ সময়ত ১ দিন য়োগ দিব লাগে ।

উত্তৰঃ- অশুদ্ধ ।

 

(গ) কোনো এখন ঠাইত নিশা ১২ বাজিলে ঠাইখনত এটা দিন শেষ হয়  আৰু অন্য এটা দিন আৰম্ভ হয়।

উত্তৰঃ- শুদ্ধ ।

 

(ঘ) ১৮০ ডিগ্ৰী দ্ৰাঘিমাংশত সময়ৰ ব্যৱধান ১২ ঘণ্টা।

উত্তৰঃ- শুদ্ধ ।

 

(ঙ) গ্ৰীনিজতকৈ পিছত সন্ধিয়া হোৱা ঠাই এখন পশ্চিম দ্ৰাঘিমাংশত অৱস্থিত ।

উত্তৰঃ- শুদ্ধ ।

 

৪। শুদ্ধ উত্তৰটো বাছি উলিওৱা ।

(ক) ভ্ৰমণকাৰীয়ে গ্ৰীনিজৰ মান সময় অনুসৰে গ্ৰীনিজৰ পশ্চিমে গলে সময় লাভ  / লোকচান হোৱা বুলি অনুভৱ কৰে ।

উত্তৰঃ- ভ্ৰমণকাৰীয়ে গ্ৰীনিজৰ মান সময় অনুসৰে গ্ৰীনিজৰ পশ্চিমে গলে সময় লাভ হোৱা বুলি অনুভৱ কৰে  ।

 

(খ) গ্ৰীনিজতকৈ মুম্বাইত আগতে সূজোদয় হয়। গতিকে মুম্বাইত পূব / পশ্চিম দ্ৰাঘিমাংশত অৱস্তিত ।

উত্তৰঃ- গ্ৰীনিজতকৈ মুম্বাইত আগতে সূজোদয় হয়। গতিকে মুম্বাইত  পূব দ্ৰাঘিমাংশত অৱস্তিত ।

 

(গ) প্ৰাথমিক দ্ৰাঘিমাৰেখাৰ পূবৰ প্ৰতি ডিগ্ৰী দ্ৰাঘিমাৰেখাত ৪ মিনিটকৈ সময় আগবঢ়া /  পিছপৰা ।

উত্তৰঃ- প্ৰাথমিক দ্ৰাঘিমাৰেখাৰ পূবৰ প্ৰতি ডিগ্ৰী দ্ৰাঘিমাৰেখাত ৪ মিনিটকৈ সময় আগবঢ়া ।

 

(ঘ) ভাৰতীয় মান দ্ৰাঘিমাৰেখাৰ হিচাপে ৮৩ডিগ্ৰী ২০/ ৯০/ ৮২ ডিগ্ৰী ৩০ পূব দ্ৰাঘিমাৰেখা ডালক গ্ৰহণ  কৰা হৈছে ।

উত্তৰঃ- ভাৰতীয় মান দ্ৰাঘিমাৰেখাৰ হিচাপে  ৮২ ডিগ্ৰী ৩০ পূব দ্ৰাঘিমাৰেখা ডালক গ্ৰহণ  কৰা হৈছে  ।

 

(ঙ) আমি পিন্ধাসাধাৰণ হাত ঘডীবোৰ স্থানীয় সময় / গ্ৰীনিজ মান সময় /ভাৰতীয় মান সময় মতে চলে ।

উত্তৰঃ- আমি পিন্ধাসাধাৰণ হাত ঘডীবোৰ ভাৰতীয় মান সময় মতে চলে ।

 

 

৫) পাৰ্থক্য লিখা ।

(ক) অক্ষৰেখা আৰু দ্ৰাঘিমাৰেখা ।

উত্তৰঃ- বিষুৱৰেখাক ভিত্তি কৰি দুয়ো মেৰুৰ পিনে কৌণিক দূৰত্ব গণনা কৰি অক্ষাংশসমূহ নিৰ্ণয় কৰা হয় । বিষুৱৰ সমন্তৰালকৈ দুয়ো মেৰুৰ পিনে কল্পনা কৰা বৃত্তাকাৰ ৰেখাসমূহেই হল অক্ষৰেখা ।

          প্ৰাথমিক দ্ৰাঘিমাৰ পূবে আৰু পশ্চিমে দুয়ো মেৰু সংযোগ কৰি কল্পনা কৰা ৰেখাবোৰেই হল দ্ৰাঘিমাৰেখা ।

 

(খ)  স্থানীয় সময় আৰু মান সময় ।

উত্তৰঃ- কোনো এখন ঠাইৰ মধ্যাহ্ন সূৰ্যৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি যি সময় গণনা কৰা হয় তাকে ঠাইখনৰ স্থানীয় সময় বোলে ।

          সময় গণনাৰ অসুবিধা দূৰ  কৰিবলৈ প্ৰত্যেক দেশে এক বা একাধিক নিৰ্দিষ্ট দ্ৰাঘিমাৰেখাৰ স্থানীয় সময় ব্যৱহাৰ কৰে । কোনো এক বা একাধিক নিৰ্দিষ্ট দ্ৰাঘিমাৰ ভিত্তিত সমগ্ৰ দেশৰ বাবে যি সময় গণনাৰ ব্যৱস্থা কৰা হয় তাক দেশখনৰ মান সময় বোলে ।


        

Published by susmita das


More Resources For Class 10 Solutions in Assamese Medium




    More Resources For Class 9 Solutions in Assamese Medium

Previous Post Next Post