গৌৰৱ ।Class 11 Assamese Chapter 3 Question Answer Assamese Medium . কালিৰাম মেধি ।

 Class 11 Assamese Chapter 3 Question Answer Assamese Medium . কালিৰাম মেধি ।




 

গৌৰৱ

 

১ । কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষা সম্পৰ্কীয় গ্ৰন্থখনৰ নাম লিখা ৷

উত্তৰঃ- অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব

 

২। 'ডিভাইন কমেডিকাৰ ৰচনা?

উত্তৰঃ- ডাণ্টেৰ ৰচনা ৷

 

৩ । নেপোলিয়ন বোনাপাৰ্ট কোন দেশৰ বীৰ আছিল ?

উত্তৰঃ- নেপোলিয়ন বোনাপাৰ্ট ফ্ৰান্সৰ বীৰ আছিল

 

৪। মৈথিলী জৰু বঙালীয়ে কোনগৰাকী পণ্ডিতক লৈ 'টনাটনিকৰে ?

উত্তৰঃ- মৈথিলী জৰু বঙালীয়ে বিদ্যাপতি পণ্ডিতক লৈ 'টনাটনিকৰে ৷

 

৫। জাপানীবিলাকে নিজৰ দেহৰ গঢ় কাৰ নিচিনা কৰিবলৈ চেষ্টা কৰিছে ?

উত্তৰঃ- জাপানীবিলাকে নিজৰ দেহৰ গঢ় ককেচিয়ানবিলাকৰ নিচিনা কৰিবলৈ চেষ্টা কৰিছে৷

 

চমু প্ৰশ্ন (মূল্যাংক ২/৩)

১। সৌভাগ্যৰপৰা গৌৰৱ কেনেকৈ ওপজে ?

উত্তৰঃ সৌভাগ্যৰ বাবে উচ্চবংশৰ মৰ্যাদা,ধন-সম্পতি আৰু মান-মৰ্যাদা লাভ কৰে৷ এজন ধনী ব্যক্তি বা উচ্চবংশৰ লোকক বৰ্তমান সমাজত এক শ্ৰেণীৰ লোকে যথেষ্ট মান সন্মান কৰে৷

 

 

২ । ৰূপৰ বলত পোৱা মান আৰু ভক্তি স্হায়ী হয়নে ? বুজাই লিখা ৷

উত্তৰঃ ৰূপৰ বলত পোৱা মান আৰু ভক্তি স্হায়ী নহয়৷কাৰণ শৰীৰৰ পতনৰ লগে লগে ৰূপৰো পতন ঘটে ৷

 

৩। বিশ্বামিত্ৰৰ দুখৰ কাৰণ কি আছিল বুলি পাঠটোত কোৱা হৈছে ?

উত্তৰঃ বিশ্বামিত্ৰৰ দুখৰ কাৰণ জন্ম আছিল বুলি পাঠটোত কোৱা হৈছে ৷

 

৪। শুদ্ধোধনৰ নাম মানুহে কিয় জানে ?

উত্তৰঃ শুদ্ধোধন বুদ্ধৰ বাপেক হোৱা বাবে মানুহে জানে ৷

 

৫। দেশ জয় কৰা বীৰসকলে প্ৰকৃততে দেশ ৰাখিব পাৰেনে ?

উত্তৰঃ দেশ জয় কৰা বীৰসকলে প্ৰকৃততে দেশ ৰাখিব নোৱাৰে ৷

 

দীঘল প্ৰশ্ন (মূল্যাংক ৪/৫)

১। ধনেই ধৰ্মৰ মূল, মন নহলে যায় জাতি কুল -কথাষাৰ বুজাই লিখা ৷

উত্তৰঃ ধন-সম্পতি এনেকুৱা এটা নিচা যাৰ বাবে মানুহে নিজক লৈ গৌৰৱ,অহংকাৰ কৰে ৷ তেওঁলোকৰ মানত ধনেই সৰ্বেসৰ্বা ৷ ধন থাকিলে সকলো বস্তু কিনিব পাৰি অথচ মান-সন্মানকো নিজৰ কৰি ৰাখিব পাৰে ৷ ধন থাকিলে বন্ধু লগত থাকে,সেয়া লাগিলে স্বাৰ্থপৰ ব্ন্ধুৱে হওঁক ৷ ধনীক সাধাৰণ মানুহে ভয় কৰে,ভক্তি কৰে আৰু সন্মান কৰে ৷ সেয়েহে কোৱা হৈছে,"ধনেই ধৰ্মৰ মূল,মন নহলে যায় জাতি কুল"৷

 

 

২। 'গৌৰৱ' প্ৰৱন্ধটোত প্ৰকৃত গৌৰৱৰ কাৰণ কি বুলি কোৱা হৈছে?

উত্তৰঃ- প্ৰকৃত গৌৰৱৰ কাৰণ জ্ঞান,আত্মসংযম আৰু আত্মদানৰ পৰা ওলায় ৷ এই গুণবিলাকে মানুহক অমৰ কৰে ৷ ছক্ৰেটিছৰ জ্ঞান, হৰিশ্চন্দ্ৰৰ ন্যায়, প্ৰহ্লাদৰ আত্মসংযম আৰু জয়মতীৰ আত্মদান ইতিহাসৰো গৌৰৱৰ বিষয় ৷ ছেক্সপীয়েৰ, কবীৰ, শংকৰদেৱ, মাধৱদেৱ, কালিদাস, ব্যাস আদিৰ ৰচনাৰাজিয়ে আজিও গোটেই বিশ্বত স্থান দখল কৰি আছে ৷ এই গৌৰৱৰ কাৰণ স্বৰ্গীয় আৰু চিৰস্থায়ী ৷

 

৩। প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা- বিজেতাই মানুহক হে পৰাস্ত কৰে,মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে

উত্তৰঃ- উপৰোক্ত গদ্যাংশফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি 'সাহিত্য সৌৰভ'ৰ অন্তৰ্গত কালিৰাম মেধি ৰচিত 'গৌৰৱ' পাঠটোৰপৰা তুলি দিয়া হৈছে ৷

     বলীয়ে নিজৰ দেহৰ বলত সকলো জয় কৰিব পাৰিলেও কিন্তু মন জয় কৰিব নোৱাৰে৷উপৰোক্ত বাক্যফাঁকিয়ে তাৰেই অৱতাৰণা কৰিছে ৷

    বল হল শৰীৰৰ এটি গৌৰৱৰ কাৰণ ৷ বলে মানুহক সাহস, স্ফূৰ্তি আৰু আনন্দ দিয়ে ৷ বল থাকিলে মানুহে আনৰ ওপৰত প্ৰভুত্ব চলাব পাৰে আৰু আনৰ পৰা ভয়, ভক্তি আকৰ্ষণ কৰিব পাৰে ৷ দেশ জয় কৰা বীৰসকলক গৌৰৱৰ পাত্ৰ বুলি ভবা হয় এই বলক ৷ কিন্তু বিজেতাই প্ৰথম দিন দেশ জয় কৰে, দ্বিতীয় দিন ৰাখে, তৃতীয় দিন আনে জয় কৰি লয় ৷ আলেকজেণ্ডাৰে দেশ জয় কৰিছিল, কিন্তু প্লেটোৱেহে মানুহৰ মন জয় কৰিছিল ৷ নিউটন, ডাৰউইনৰ নিজৰ ভাব আনৰ মনত সুমুৱাই দি আনৰ মন জয় কৰিছে আৰু তেওঁলোকৰ নিচিনাকৈ ভাবিবলৈ সমৰ্থ কৰাইছে ৷ চুকাফা আৰু নৰনাৰায়ণৰ ৰাজ্য নাই কিন্তু শংকৰদেৱৰ ৰাজ্য কোনেও ধ্বংস কৰিব পৰা নাই ৷ আকবৰৰ ৰাজ্য কেতিয়াবাই চাৰখাৰ হল কিন্তু  গৌতম বুদ্ধৰ হোৱা নাই ৷ সেয়েহে কোৱা হৈছে, "বিজেতাই মানুহক হে পৰাস্ত কৰে, মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে"৷

 

৪। জন্মগতভাৱে লাভ কৰা ধন আৰু মান স্থায়ী হয়নে ? বুজাই লিখা ৷

উত্তৰঃ- জন্ম, ধন আৰু মান সৌভাগ্যৰপৰা আহে ৷  জন্মগতভাৱে লাভ কৰা ধন আৰু মান স্থায়ী নহয় ৷ ধন থাকিও যদি প্ৰয়োজনত খৰচ কৰা নহয়, দান কৰা নহয়, ধাৰ নিদিয়ে তেন্তে সেই ধন কি কামৰ? টকা থাকে মানে বাহিৰৰ পৰা মান - সভ্ৰম নিজেই আহি লগ ধৰে ৷ সংসাৰত আহি যদি সৎ কৰ্ম নকৰি অসৎ কৰ্মত ধন ভাঙিব লগা হয় এই কু-সংগীবোৰৰ পৰা বাচি থাকিব নোৱাৰিলে ধন আৰু মান কেতিয়াও স্থায়ী হৈ থাকিব নোৱাৰে ৷

 

৫।প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা৷-

 ৰূপৰ কিবা আচৰিত চুম্বক শক্তি আছে৷

উত্তৰঃ  উপৰোক্ত গদ্যাংশফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি 'সাহিত্য সৌৰভ'ৰ অন্তৰ্গত কালিৰাম মেধি ৰচিত 'গৌৰৱ' পাঠটোৰপৰা তুলি দিয়া হৈছে ৷

        ৰূপে মানুহক কিদৰে নিজৰ মায়াজালত বন্দী কৰিব পাৰে তাৰে অৱতাৰণা উপৰোক্ত বাক্যফাঁকিৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰা হৈছে ৷

       শৰীৰৰ এটা প্ৰধান অংশ হল ৰূপ ৷ ৰূপৰ সহায়তো মানুহে জগত জিনিব পাৰে ৷ মহাদেৱৰ নিচিনা প্ৰধান যোগীকো ভগৱানৰ বিশ্ব-বিমোহন ৰূপে বলিয়া কৰিছিল ৷ ৰাম - ৰাৱণৰ যুদ্ধৰ কাৰণো সীতাৰ ৰূপ-লাৱণ্য ৷ গ্ৰীক-ট্ৰজান যুদ্ধৰ কাৰণ ৰূপ ৷ডাণ্টেৰ  'ডিভাইন কমেডি'  ৰূপৰ পৰাই ওলাইছে৷হিৰোৰ লাৱণ্যৰ প্ৰভাৱত লিয়েণ্ডাৰে হেলিস্পট সাগৰ সাতুঁৰি পাৰ হৈছিল ৷ সাপ যেনেকৈ যোগীৰ মন্ত্ৰত মুগ্ধ হয়, মানুহো তেনেকৈ ৰূপত মুগ্ধ হয় ৷ ৰূপৰ বলতে বহুতে বহুত ঠাইত মান আৰু ভক্তি পায় ৷ মহাপুৰুষ শংকৰদেৱৰ ৰূপ আৰু শান্ত মূৰ্তিয়ে তেওঁৰ প্ৰতিদ্বন্দ্বীৰ পৰাও ভক্তি আৰু শ্ৰদ্ধা আকৰ্ষণ কৰিছিল ৷ ৰূপৰ প্ৰভাৱতে মহম্মদক বধ কৰিবলৈ উদ্যত শত্ৰুৰ হাতৰ তৰোৱাল খহি পৰিছিল ৷ গতিকে সেইকাৰণে ৰূপৰ কিবা আচৰিত চুম্বক শক্তি আছে বুলি কোৱা হৈছে ৷

PUBLISHED BY LOKESH DAS


Previous Post Next Post