গিবন . Class 11 Assamese Chapter 5 Question Answer Assamese Medium .

 গিবন . Class 11 Assamese Chapter 5 Question Answer Assamese Medium .


গিবন


  অতি চমু উত্তৰ দিয়াঃ-

   ১। এডৱাৰ্ড গিবন কোন আছিল ?

উত্তৰঃ- এডৱাৰ্ড গিবন পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ঐতিহাসিক আছিল ৷

 

   ২। এডৱাৰ্ড গিবনে অধ্যয়ন কৰা কলেজখনৰ নাম লিখা ৷

উত্তৰঃ- এডৱাৰ্ড গিবনে অধ্যয়ন কৰা কলেজখনৰ নাম অক্সফোৰ্ডৰ মেগডালেন কলেজ ৷

 

   ৩। এডৱাৰ্ড গিবনে ৰচনা কৰা প্ৰখ্যাত গ্ৰন্থ এখনৰ নাম লিখা ৷

উত্তৰঃ- এডৱাৰ্ড গিবনে ৰচনা কৰা প্ৰখ্যাত গ্ৰন্থ এখনৰ নাম –“The History of the Decline and Fall of the Roman Empire”.

 

   ৪। শ্বপেনহাৱাৰ কোন ?

উত্তৰঃ- শ্বপেনহাৱাৰ এগৰাকী বিখ্যাত জাৰ্মান দাৰ্শনিক ৷

 


   ৫। 'আলেকজেন্দ্ৰিয়ান কোৱাৰ্টেটনামৰ উপন্যাসমালাৰ লেখক কোন ?

উত্তৰঃ আলেকজেন্দ্ৰিয়ান কোৱাৰ্টেটনামৰ উপন্যাসমালাৰ লেখক লৰেঞ্চ ডাৰেল ৷

 

চমু প্ৰশ্নঃ-

১। জন মিল্টন কোন শতিকাৰ কবি আছিল ? তেওঁ ৰচনা কৰা বিখ্যাত মহাকাব্যখনৰ নাম লিখা ৷

উত্তৰঃ- জন মিল্টন ১৬০৮-১৬৭৪ শতিকাৰ কবি আছিল ৷ তেওঁ ৰচনা কৰা বিখ্যাত মহাকাব্যখনৰ নাম পেৰাডাইজ লষ্ট

 

২। দাৰ্শনিক ৰুছোয়ে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা ৷

উত্তৰঃ- দাৰ্শনিক ৰুছোয়ে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম- ‘The Social Contract’ আৰু ‘Confession’ .

 

 ৩। গিবনৰ সম্পূৰ্ণ নামটো কি ? তেওঁ কোন শতিকাৰ লেখক ?

উত্তৰঃ- গিবনৰ সম্পূৰ্ণ নামটো এডৱাৰ্ড গিবন ৷ তেওঁ ১৭৩৭-১৭৯৪ শতিকাৰ লেখক আছিল ৷

 


   ৪। ‘Age of Reason’ নামৰ গ্ৰন্থখন কোনে কেতিয়া ৰচনা কৰিছিল ?

উত্তৰঃ- ‘Age of Reason’ নামৰ গ্ৰন্থখন টমাছ পেইনে অষ্টাদশ শতিকাত ৰচনা কৰিছিল ৷

 

     ৫। যৌৱনকালত এডৱাৰ্ড গিবন কোনখন দেশৰ, কোনখন চহৰৰ বাসিন্দা আছিল ?

উত্তৰঃ যৌৱনকালত এডৱাৰ্ড গিবন ছুইজাৰলেণ্ডৰ লুছান চহৰৰ বাসিন্দা আছিল ৷

 


   দীঘল প্ৰশ্নৰ উত্তৰঃ-

১। এডৱাৰ্ড গিবনৰ চমু পৰিচয় দিয়া ৷

উত্তৰঃ- এডৱাৰ্ড গিবনৰ জন্ম হয় ১৭৩৭ চনত, ইংলেণ্ডত ৷ ছাত্ৰ অৱস্থাত অসাধাৰণ প্ৰতিভাৰ পৰিচয় দিব নোৱাৰিলেও পৰৱৰ্তী কালত বিশ্বৰ এগৰাকী ঐতিহাসিক আৰু লেখকৰূপে খ্যাতি লাভ কৰা পৰিলক্ষিত হয় ৷ তেওঁৰ অমৰ কীৰ্তি হল- “The History of the Decline and Fall of the Roman Empire” ৷ শক্তিশালী আৰু ব্যতিক্ৰমী গদ্যশৈলীৰ বাবেও তেও বিখ্যাত ৷ ১৭৯৪ চনত গিবনৰ মৃত্যু হয় ৷

 

 

   ২। এডৱাৰ্ড গিবনে ৰচনা কৰা ৰোমান সাম্ৰাজ্যৰ ইতিহাস বিষয়ক গ্ৰন্থখনৰ চমু পৰিচয় দাঙি ধৰা ৷

উত্তৰঃ গিবনৰ বিখ্যাত ৰচনা “The History of the Decline and Fall of the Roman Empire” ত ৰোমান সাম্ৰাজ্যৰ ইতিহাস বৰ্ণনা কৰা হৈছে ৷ সাতটা খণ্ডত সমাপ্ত এই বিপুলায়তন ইতিহাস গ্ৰন্থই সম্ৰাট এণ্টনিনেছৰ ৰাজত্ব কালৰ পৰা আৰম্ভ কৰি তুৰ্কীসকলৰ দ্বাৰা কনষ্টাণ্টিনপলৰ অধিকাৰৰ সময়লৈকে সুদীৰ্ঘ চৌদ্ধটা শতাব্দী সামৰি লৈছে ৷ গিবনৰ যাদুকৰী লিখনিৰ স্পৰ্শত অসংখ্য চৰিত্ৰ আৰু অজস্ৰ যুগান্তকাৰী ঘটনা জীৱন্ত হৈ উঠিছে ৷ ৰোমান সাম্ৰাজ্যৰ অৱক্ষয়সূচনা, খ্ৰীষ্টিয়ানিটিৰ উত্থান, ইছলামৰ বিজয় অভিযান, ইউৰোপত জাতীয় ৰাষ্ট্ৰগঠনৰ আৰম্ভণি আদি পৃথিৱী তোলপাৰ লগোৱা অজস্ৰ ঘটনা - প্ৰবাহৰ ব্যাখ্যাই গিবনৰ গ্ৰন্থখনিত প্ৰাণ পাই উঠিছে ৷ এই গ্ৰন্থখন অভ্ৰভেদী গ্ৰীক মন্দিৰৰ দৰে

 

    ৩। এডৱাৰ্ড গিবনে কত কিদৰে শিক্ষা গ্ৰহণ কৰিছিল বুজাই লিখা ৷

উত্তৰঃ পোন্ধৰ বছৰ বয়সত গিবনঅক্সফোৰ্ডৰ মেগডালেন কলেজত ভৰ্তি হয় ৷ কবলৈ গলে ছাত্ৰ অৱস্থাত অতি সাধাৰণ লৰা আছিল ৷ জগদ্বিখ্যাত অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ অৱস্থা তেতিয়া তেনেই শোচনীয় ৷ পঢ়া-শুনা বিশেষ নহয় বুলিয়েই কব পাৰি ৷ অধ্যাপক সকলৰ পৰা বিশেষ সহায় নাপালেও গিবনে নিজে প্ৰচুৰ কিতাপ পঢ়িছিল ৷ অক্সফোৰ্ডত পঢ়ি থাকোঁতেই তেওঁ প্ৰটেষ্টাণ্ট ধৰ্মমত ত্যাগ কৰি ৰোমান কেথলিক ধৰ্মমতত দীক্ষিত হবলৈ মন মেলিলে ৷ তেওঁৰ মতি গতি দেখি তেওঁৰ অভিভাৱক সকল আতংকিত হৈ তেওঁক কলেজৰপৰা নাম কটাই এৰুৱাই আনিলে আৰু জোৰকৈ ছুইজাৰলেণ্ডৰ লুছান চহৰলৈ পঠাই দিলে ৷ সেইসময়ত লুছান ফৰাছী প্ৰভাৱাধীন আছিল ৷ সমগ্ৰ ইউৰোপীয় মানসত তেতিয়া টমাছ পেইনৰ The Age of Reason - ৰ ভাৱ-তৰংগৰদ্বাৰা উদ্বেলিত ৷ গিবনকো এই প্ৰভাৱে গ্ৰাস কৰিলে, যাৰ ফলত তেওঁ কেথলিক হব খোজা মানুহজন সংশয়বাদীত পৰিণত হল ৷ ফলস্বৰূপে তেওঁ “The History of the Decline and Fall of the Roman Empire” গ্ৰন্থ লিখি উলিয়ালে ৷

 

৪। চমু টোকা লিখা ।

ক) শ্বপেনহাৱাৰ

উত্তৰঃ-  ক) শ্বপেনহাৱাৰ- এগৰাকী বিখ্যাত জাৰ্মান দাৰ্শনিক (১৭৮৮-১৮৬০) ৷ তেওঁ নান্দনতাত্ত্বিক, নৈতিক আৰু মনোবৈজ্ঞানিক লিখনি সমূহ ঊনবিংশ আৰু বিংশ শতিকাৰ চিন্তানায়ক আৰু শিল্পীসকলক বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল ৷ “The World as Will and Representation” তেওঁৰ বিখ্যাত ৰচনা ৷

 

PUBLISHED BY LOKESH DAS

Previous Post Next Post