Class 11 Assamese Chapter 6 Question Answer Assamese Medium. কেম্ব্ৰিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান .

 Class 11 Assamese Chapter 6 Question Answer Assamese Medium.


কেম্ব্ৰিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান


 

লেখক পৰিচয়ৰ পৰা প্ৰশ্ন -

১। হীৰেন গোঁহাইৰ জন্ম কিমান চনত হৈছিল ?

উত্তৰঃ-  হীৰেন গোঁহাইৰ জন্ম ১৯৩৯ চনত হৈছিল ৷

 

২। হীৰেন গোঁহাইৰ সাহিত্য আৰু সমাজ সমালোচনামূলক গ্ৰন্থ কেইখনমানৰ নাম লিখা ৷

উত্তৰঃ-  হীৰেন গোঁহাইৰ সাহিত্য আৰু সমাজ সমালোচনামূলক গ্ৰন্থ কেইখনমানৰ নাম হল- সাহিত্যৰ সত্য,  সমাজ আৰু সমালোচনা, সাহিত্য আৰু চেতনা, বিশ্বায়তন, বন্দৰৰ কাল, কালস্ৰোত আৰু কাণ্ডাৰী, কবিতাৰ বিচাৰ আৰু নতুন সমালোচনা, কীৰ্তন পুথিৰ ৰস বিচাৰ, অসমৰ জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা

 


৩। হীৰেন গোঁহাইৰ আত্মকথামূলক গ্ৰন্থ কেইখনমানৰ নাম লিখা ৷

উত্তৰঃ- হীৰেন গোঁহাইৰ আত্মকথামূলক গ্ৰন্থ কেইখনমানৰ নাম - লস্ত লাগিজ, বতাহত কৰ গধূলি গোপাল, হেঙুল আকাশ,  কলা চানকেল আৰু এজন আৰোহী, সপোনৰ দিকচৌ বনত,  ইমান তিতা সাগৰৰ পানী, উৰণীয়া হাঁহৰ মাত

 

৪। হীৰেন গোঁহাইয়ে কি গ্ৰন্থৰ বাবে কিমান চনত সাহিত্য অকাডেমী বটাঁ লাভ কৰিছিল ?

উত্তৰঃ অসমৰ জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰাগ্ৰন্থৰ বাবে ১৯৮৯ চনত হীৰেন গোঁহাইয়ে সাহিত্য অকাডেমী বটাঁ লাভ কৰিছিল ৷

 

৫। হীৰেন গোঁহাইয়ে কৰপৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল আৰু গ্ৰন্থখনৰ নাম কি ?

উত্তৰঃ - হীৰেন গোঁহাইয়ে ইংলেণ্ডৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰপৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল আৰু গ্ৰন্থখনৰ নাম- 'Tradition and Paradise Lost’

 

 

অতি চমু প্ৰশ্ন

১। কেম্ব্ৰিজ বিশ্ববিদ্যালয় কোনখন নদীৰ উপত্যকাত অৱস্থিত ?

উত্তৰঃ- কেম্ব্ৰিজ বিশ্ববিদ্যালয় কেম নদীৰ উপত্যকাত অৱস্থিত ৷

 

২। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ অধীনত কেইখন কলেজ আছে ?

উত্তৰঃ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ অধীনত ৩১ খন কলেজ আছে ৷

 

৩। ড° হীৰেন গোঁহাইয়ে অধ্যয়ন কৰা কেম্ব্ৰিজৰ কলেজখনৰ নাম লিখা ৷

উত্তৰঃ- ড° হীৰেন গোঁহাইয়ে অধ্যয়ন কৰা কেম্ব্ৰিজৰ কলেজখনৰ নাম গনবিল এণ্ড কীইজ্ ৷

 

৪। কেম্ব্ৰিজ বিশ্ববিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিল ?

উত্তৰঃ- কেম্ব্ৰিজ বিশ্ববিদ্যালয় কোনো ব্যক্তি বিশেষে প্ৰতিষ্ঠা কৰা নাছিল, পণ্ডিত আৰু বিদ্যানুৰাগী লোক কিছুমানৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছিল ৷

 

৫। জৰ্জ ষ্টাইনাৰ কোন ?

উত্তৰঃ জৰ্জ ষ্টাইনাৰ মাৰ্কিন পণ্ডিত ৷

 


চমু প্ৰশ্ন -

১। ইউৰোপত মধ্যযুগত স্থাপন হোৱা চাৰিখন বিশ্ববিদ্যালয়ৰ নাম লিখা ৷

উত্তৰঃ- ইউৰোপত মধ্যযুগত স্থাপন হোৱা চাৰিখন বিশ্ববিদ্যালয়ৰ নাম- পেৰিছ বিশ্ববিদ্যালয়, হাইডেলবাৰ্গ বিশ্ববিদ্যালয়, অক্সফোৰ্ড বিশ্ববিদ্যালয়, কেম্ব্ৰিজ বিশ্ববিদ্যালয় ৷

 

২। টমাছ আকুৱাইনাছ আৰু পিয়েৰ আবেলাৰ কোন আছিল ?

উত্তৰঃ- টমাছ আকুৱাইনাছ মধ্যযুগৰ ইটালীৰ এগৰাকী প্ৰখ্যাত দাৰ্শনিক আৰু পিয়েৰ আবেলাৰ মধ্যযুগৰ পাশ্চাত্যৰ এগৰাকী প্ৰখ্যাত দাৰ্শনিক, পণ্ডিত, কবি ৷

 


৩। গথিক স্হাপত্য বুলিলে কি বুজা ?

উত্তৰঃ-  গথিক স্হাপত্য বুলিলে  মধ্যযুগৰ ইউৰোপৰ গিৰ্জাবোৰত দেখা পোৱা এক স্হাপত্য কলা শৈলী ৷

 

৪। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ কলেজবোৰৰ অধ্যক্ষসকলক কিদৰে নিৰ্বাচন কৰা হৈছিল ?

উত্তৰঃ- কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ কলেজবোৰৰ অধ্যক্ষসকলক কলেজৰ সদস্য সকলে নিৰ্বাচন কৰিছিল আৰু এই সদস্যসকলক প্ৰতিখন কলেজে বাছ-বিচাৰ কৰি নিৰ্বাচন কৰিছিল ৷

 

৫। আৰৱী গ্ৰন্থত প্লেটো আৰু আৰিস্ততলক কি কি নামেৰে জনা যায় ?

উত্তৰঃ- আৰৱী গ্ৰন্থত প্লেটোক 'আফ্লাতুনআৰু আৰিস্ততলক 'আৰিস্তুনামেৰে জনা যায় ৷



PUBLISHED BY LOKESH DAS



Previous Post Next Post