Class 11 Assamese Question Answer Lesson 3 .অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ .

Sudev Chandra Das

  Class 11 Assamese Question Answer Lesson 3 .

 



অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ

 

১। অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণশীৰ্ষক পাঠটি কৰ পৰা সংগ্ৰহ কৰা হৈছে ?

উত্তৰঃ- অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণশীৰ্ষক পাঠটি পদ্মনাথ গোহাঞিবৰুৱাৰ আত্মজীৱনী মোৰ সোঁৱৰণীৰ পৰা সংগ্ৰহ কৰা হৈছে ৷

 

২। মহাত্মা গান্ধীয়ে কেতিয়া প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল?

উত্তৰঃ- ১৯২১ চনৰ ২১ আগষ্টত ৷

 

৩। পদ্মনাথ গোহাঞিবৰুৱাৰ আত্মজীৱনীখনৰ নাম লিখা ।

উত্তৰঃ- মোৰ সোঁৱৰণী' পদ্মনাথ গোহাঞিবৰুৱাৰ আত্মজীৱনী ।

 

৪। আগৰৱালা পকীত অৱস্থিত?

উত্তৰঃ- আগৰৱালা পকীতেজপুৰত অৱস্থিত ৷

 

৫। গান্ধীজীৰ সন্মানাৰ্থে 'পকীৰ সন্মুখত আয়োজিত মজ্লিচত উপস্থিত থকা চৰকাৰী খিতাপধাৰী ব্যক্তিগৰাকীৰ নাম লিখা ৷

উত্তৰঃ- গান্ধীজীৰ সন্মানাৰ্থে 'পকীৰ সন্মুখত আয়োজিত মজ্লিচত উপস্থিত থকা চৰকাৰী খিতাপধাৰী ব্যক্তিগৰাকীৰ নাম হল পদ্মনাথ গোহাঞিবৰুৱা ৷

 

 চমু প্ৰশ্ন (মূল্যাংক -২অথবা ৩)

১। পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা দুখন নাটকৰ নাম লিখা ।

উত্তৰঃ- পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা দুখন নাটকৰ নাম হ'ল - গাঁওবুঢ়া আৰু টেটোন তামুলী'

 

২। পদ্মনাথ গোহাঞিবৰুৱাই সম্পাদনা কৰা তিনিখন আলোচনীৰ নাম লিখা ।

উত্তৰঃ- পদ্মনাথ গোহাঞিবৰুৱাই সম্পাদনা কৰা তিনিখন আলোচনীৰ নাম - বিজুলী, আসাম বন্তি, ঊষা

 


৩। পদ্মনাথ গোহঞিবৰুৱাই ৰচনা কৰা তিনিখন গ্ৰন্থৰ নাম লিখা ।

উত্তৰঃ- পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা তিনিখন গ্ৰন্থৰ নাম হ'ল - শ্ৰীকৃষ্ণ, ভানুমতী, আৰু লহৰি

 

৪। মহাত্মা গান্ধীয়ে ভাৰতৰ গৱৰ্ণৰ জেনেৰেলক কি বুলি সম্বোধন কৰি চিঠি লিখিছিল ?

উত্তৰঃ- মহাত্মা গান্ধীয়ে ভাৰতৰ গৱৰ্ণৰ জেনেৰেলক 'Dear Sir' বুলি সম্বোধন কৰি,'Your Excellency'ৰ ঠাইত উকাকৈ অকল 'Your' বুলি চিঠিখনত লিখিছিল ৷

 

৫। অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণশীৰ্ষক পাঠটিত উল্লেখ থকা দুগৰাকী স্বাধীনতা যোদ্ধাৰ নাম লিখা ৷

উত্তৰঃ- তৰুণ ফুকন, পদ্মনাথ গোহাঞিবৰুৱা ৷

 


 দীঘল প্ৰশ্ন (মূল্যাংক -৪/৫)

১। পদ্মনাথ গোহাঞিবৰুৱাই মহাত্মা গান্ধীৰ কোনবোৰ কাৰ্যৰ কাৰণে গান্ধীজীক লগ পাবলৈ উদগ্ৰীৱ হৈ পৰিছিল?

উত্তৰঃ- গান্ধীজীৰ কীৰ্তি কাহিনীৰ কথা বহুত দিনৰপৰাই গোহাঞিবৰুৱাই শুনি আছিল ৷ দক্ষিণ আফ্ৰিকাবাসী ভাৰত সন্তানৰ দুখ-নিৰ্যাতন মোচন আৰু অভাৱ অভিযোগ নিৰাকৰণৰ অৰ্থে গান্ধীজীৰ অসাধাৰণ কাৰ্য-কলাপ আৰু কৃতিত্বৰ বিষয়েপঢ়ি-শুনি তেখেতৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা-ভক্তি গোহাঞিবৰুৱাৰ অন্তৰত উপচি পৰিছিল ৷ আমেৰিকাৰ খ্ৰীষ্টিয়ান মিচনেৰী সম্প্ৰদায়ে গান্ধীজীৰ মানৱজাতিৰ মংগলাৰ্থে কৰা অলৌকিক আত্মোৎসৰ্গত বিস্ময় মানি তেখেতক অশেষ প্ৰশংসা কৰিছিল ৷ সেই সম্প্ৰদায়ৰ পুৰোহিত পাদ্ৰীসকলে গান্ধীজীক যীশুখ্ৰীষ্টতকৈও  ওপৰ খাপত আসন দিয়া দেখি পদ্মনাথ গোহাঞিবৰুৱা স্তম্ভিত হৈছিল ৷ ভাৰতবৰ্ষলৈ উলটি আহি গান্ধীজীয়ে পৰাধীন স্বজাতি ভাৰতবাসীৰ উদ্ধাৰৰ অৰ্থে বিবিধ বিষয়ক নৈতিক, দৈহিক, সামাজিক, ৰাজনৈতিক দেশহিতকৰ কাৰ্যত আত্মনিয়োগ কৰে ৷ সেয়েহে গান্ধীজীয়ে গৱৰ্ণৰ জেনেৰেল লৰ্ড ৰীডিং চাহাবলৈ ভাৰতবাসীৰ হৈ এখন পত্ৰ লিখে ৷ সেই পত্ৰত গৱৰ্ণৰ জেনেৰেলক 'Dear Sir' বুলি সম্বোধন কৰি, 'Your Excellency'ৰ ঠাইত উকাকৈ অকল 'Your' বুলি লিখা কথাবোৰে গোহাঞিবৰুৱাক বিস্ময়ত পেলাইছিল ৷ গান্ধীজী ভাৰত পৰ্যটনৰ কথা শুনি তেওঁক লগ পাবলৈ পদ্মনাথ গোহাঞিবৰুৱাই উদগ্ৰীৱ হৈ পৰিছিল ৷

 

 

২। গান্ধীজীৰ প্ৰথম অসম ভ্ৰমণ সম্পৰ্কে এটি টোকা প্ৰস্তুত কৰা ।

উত্তৰঃ- ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ অপ্ৰতিদ্বন্দ্ববী নেতা মহাত্মা গান্ধীয়ে ১৯২১ চনৰ আগষ্ট মাহত প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰে ৷ ২১ তাৰিখে তেওঁ তেজপুৰত উপস্থিত হয় ৷ সেইদিনা ৰাতিপুৱা প্ৰায় ৯.৩০ বজাত গান্ধীভাৰী জাহাজখন তেজপুৰ ঘাটত ৰল ৷ পদ্মনাথ সহিতে গোটেই ৰাইজে গান্ধীৰ সম্ভাষণ যাচিলে ৷ গান্ধীয়ে গোহাঞিবৰুৱাক ঘৰতে সূতা কাটি বৈ উলিওৱা খদ্দৰ কাপোৰ ব্যৱহাৰৰ বাবে পৰামৰ্শ দিয়ে ৷ তেজপুৰীয়া ৰাইজে শোভাযাত্ৰাৰে গান্ধীক আগবঢ়াই নি আগৰৱালা পকীত জা-জলপানেৰে আপ্যায়ন কৰিলে ৷ কিছুসময় পিছত গান্ধীয়ে স্বৰাজ আৰু অসহযোগ সম্পৰ্কে এটা দীঘলীয়া ভাষণ দি অসমৰ পৰা বিদায় লয় ৷

 

 

৩। গান্ধীজীৰ আৰু পদ্মনাথ গোহাঞিবৰুৱাৰ মাজৰ কথোপকথনখিনি তোমাৰ ভাষাত বুজাই লিখা ।

উত্তৰঃ-  ১৯২১ চনৰ ২১ আগষ্টৰ দিনা মহাত্মা গান্ধী যেতিয়া তেজপুৰৰ জাহাজ ঘাটত উপস্থিত হয়, গোহাঞিবৰুৱাই তৎক্ষণাৎ জাহাজত উঠি গান্ধীৰ চাপিল৷গান্ধীৰ লগত অসম কংগ্ৰেছৰ নেতা তৰুণ ফুকন আহিছিল ৷ ফুকনে গান্ধীজীক "তেজপুৰৰ আগৰণুৱা দেশহিতৈষী অসমীয়া নেতা,ৰায়চাহাব পদ্মনাথ গোহাঞিবৰুৱা" বুলি পৰিচয় কৰাই দিলে ৷ শুনিয়েই গান্ধী জিকাৰ খাই উঠি কলে, “ আচৰিত, ৰায়চাহাব খিতাপধাৰীয়ে গান্ধীক আদৰিবলৈ আহে ৷  ফুকনে তেতিয়া বুজাই কলে যে গোহাঞিবৰুৱা যদিও চৰকাৰী কৰ্মচাৰী তেওঁ কিন্তু ৰাইজৰ হকেহে মাত মাতে ৷ তেতিয়া গান্ধীয়ে কলে, “যি হওঁক, আশা কৰোঁ খিতাপৰ কিৰীটিয়ে পাক ঘূৰণি খুৱাই আপোনাক ৰাইজৰ প্ৰতিকূলমুখীয়া নকৰক যেন ৷ তেতিয়া গোহাঞিবৰুৱাই মূৰ দোঁৱাই সৈমান হল ৷ পদ্মনাথে সেইদিনা পিন্ধি যোৱা কাপোৰ দেখি গান্ধীয়ে শলাগিলে আৰু লাৰি চাই চেলেং কাপোৰৰ সূতা স্বদেশীনে বুলি সুধাত গোহাঞিবৰুৱাই উত্তৰ দিলে, “সূতা ঘৰত কটা নহয়, দোকানৰ পৰা কিনি আনি ঘৰত বোৱা কাপোৰহে ৷ তেতিয়া গান্ধীয়ে ঘৰতে সূতা কাটি বৈ উলিয়াব পৰা খদ্দৰ কাপোৰ ব্যৱহাৰৰ পৰামৰ্শ আগবঢ়ায় ৷ এই দৰেই দুয়োজনৰ মাজত ভাবৰ আদান-প্ৰদান চলিছিল ৷

 

 

৪। গান্ধীজীৰ অসম ভ্ৰমণৰ সময়ত কত কোনে মজলিচ বৈঠকৰ আয়োজন কৰিছিল বুজাই লিখা ৷

উত্তৰঃ- ১৯২১ চনৰ ২১ আগষ্টৰ দিনা যেতিয়া মহাত্মা গান্ধী অসম ভ্ৰমণৰ বাবে আহিছিল তেতিয়া গান্ধীজীৰ সন্মানাৰ্থে 'আগৰৱালা পকী'ৰ সন্মুখত সন্ধিয়া সাত বজাৰ পৰা বহল ঘাঁহনি চোতালত দলিচা, সতৰঞ্চি, ত্ৰিপাল, নগাঢাৰি পাৰি মজ্লিচ বৈঠক পতা হৈছিল৷নিৰ্ধাৰিত কাৰ্যতালিকা অনুসৰি, টাউনৰ গণ্যমান্য লোকসকল, দূৰৈৰপৰা আহি অভ্যৰ্থনাত যোগ দিয়াৰাইজৰ নেতা-শ্ৰেণী,ৰাইজৰ এভাগ আৰু টাউনবাসী সৰ্বসাধাৰণ মানুহ চাপি ধীৰে-শাঁতে যথাযোগ্য ঠাইত আসন লৈছিল৷মজ্লিচত কিন্তু গোহাঞিবৰুৱাৰ বাদে আন কোনো চৰকাৰী চাকৰিয়াল, পেন্সনীয়া, গৱৰ্ণমেণ্ট খিতাপধাৰী লোক অংশ লোৱা নাছিল ৷

 

৫। আচৰিত,ৰায়চাহাব খিতাপধাৰীয়ে গান্ধীক আদৰিবলৈ আহে৷ - এই কথাষাৰ কোনে কি প্ৰসংগত কৈছিল বুজাই লিখা ৷

উত্তৰঃ- গান্ধীজী অসম পৰ্যটনলৈ আহোঁতে তেজপুৰ জাহাজঘাটত নমাৰ পিছত মি: ফুকনে গোহাঞিবৰুৱাক তেজপুৰৰ আগৰণুৱা দেশহিতৈষী অসমীয়া নেতা বুলি পৰিচয় কৰাই দিছিল৷তেতিয়া মহাত্মা গান্ধীয়ে কৈছিল, “আচৰিত,ৰায়চাহাব খিতাপধাৰীয়ে গান্ধীক আদৰিবলৈ আহে৷" তেতিয়া মি: ফুকনে গান্ধীজীক বুজাই কৈছিল যে,'ৰায়চাহাব' খিতাপ গোহাঞিবৰুৱাক চৰকাৰে দিয়া হয় যদিও আচলতে তেওঁ ৰাইজৰ উন্নতিৰ হকেহে কাম কৰে ৷


                                                                                   Published by lokesh das



Our website uses cookies to enhance your experience. Learn More
Accept !