কিতাপৰ কথা class 11 Class 11 Assamese Chapter 4 Question Answer Assamese Medium .

Sudev Chandra Das

 কিতাপৰ কথা class 11 Class 11 Assamese Chapter 4 Question Answer Assamese Medium . 


কিতাপৰ কথা


(ক) অতি চমু প্ৰশ্নৰ উত্তৰ দিয়াঃ-

১। ছপাখানা আৰু কাগজ আৱিষ্কাৰ কোন দেশৰ আৱিষ্কাৰ ?

উত্তৰ: ছপাখানা আৰু কাগজ আৱিষ্কাৰ চীন দেশৰ আৱিষ্কাৰ ৷

 

২। গুৰুৰ স্থান আজিৰ যুগত কিহে কাঢ়ি লৈছে ?

উত্তৰ: গুৰুৰ স্থান আজিৰ যুগত কিতাপে কাঢ়ি লৈছে ৷

 

৩। ইংৰাজ দাৰ্শনিক বেকনে কিতাপ অধ্যয়নৰ বিষয়ে কি দিহা দিছিল ?

উত্তৰঃ ইংৰাজ দাৰ্শনিক বেকনে কিতাপ অধ্যয়নৰ বিষয়ে দিহা দিছিল এইদৰে, কিছুমান কিতাপৰ সোৱাদ লব লাগে, আন কিছুমান লাগে গিলিব, আৰু অলপ সংখ্যক লাগে চোবাব আৰু হজম কৰিব ৷

 

৪। বিদ্যাৰ অনুশীলন নহলে কি হয় ?

উত্তৰঃ বিদ্যাৰ অনুশীলন নহলে মানুহৰ মন ভীৰুতা আৰু কু-সংস্কাৰে আৱৰি ৰাখে ৷

 

৫।  কিতাপ আৰু কিতাপ অধ্যয়নৰ বিষয়ে বিদেশত প্ৰচলিত যোজনা আছে ?

উত্তৰঃ কিতাপ আৰু কিতাপ অধ্যয়নৰ বিষয়ে  চীনদেশত  প্ৰচলিত যোজনা -

কিতাপ মেলা মানেই লাভ ৷

বিদ্বান লোকে চোৰাং কাম নকৰে ৷

আলবানিয়াত প্ৰচলিত যোজনা-

যি পঢ়িব আৰু লিখিব পাৰে তাৰ চকু চাৰিটা ৷

 

 

(খ) চমু প্ৰশ্ন দিয়াঃ-

১। হেলেন কেলাৰৰ আত্মজীৱনীত থকা কি কথাই মানুহক কিতাপ অধ্যয়নৰ বাবে অনুপ্ৰাণিত কৰিছিল ?

উত্তৰঃ হেলেন কেলাৰে কেঁচুৱা  দৃষ্টিশক্তি আৰু শ্ৰৱণশক্তি হেৰুৱাইছিল ৷ তেওঁ কলা মানুহৰ কাৰণে বিশেষকৈ সজা কিতাপহে পঢ়িব পাৰে ৷ অথচ এইগৰাকী মহিলাই সাহিত্যৰ প্ৰতি এনে প্ৰীতি প্ৰকাশ কৰিছে ৷ এনেবোৰ কাৰণে মানুহক কিতাপ পঢ়িবলৈ অনুপ্ৰেৰণা যোগাইছিল

 

২। আনন্দৰাম ঢেকিয়াল ফুকনে বিদ্যা আৰু জ্ঞান সৰ্ন্দভত অসমীয়া মানুহক কোৱা কথাখিনি বৰ্ণনা কৰা ৷

উত্তৰঃ- আনন্দৰাম ঢেকিয়াল ফুকনে বিদ্যা আৰু জ্ঞান সৰ্ন্দভত অসমীয়া মানুহক মন্তব্য কৰিছিল, হেৰা মিত্ৰসকল, বিদ্যা উপকাৰৰ বাদে আন একো নহয় ৷ সভ্য আৰু সুখী হব বিচাৰিলে ইংৰাজৰ দৰে কৃষি আৰু শিল্প কৰিব লাগে৷ অজ্ঞানী হোৱাৰ বাবে এইবোৰ একো বুজি নোপোৱা আৰু বুজিবলৈও চেষ্টা নকৰা ৷  

 

৩। দেশ আৰু জাতিক গ্ৰন্থ অধ্যয়নে কিদৰে উপকৃত কৰে, প্ৰৱন্ধটিৰ আধাৰত বিচাৰ কৰা ৷

উত্তৰঃ গ্ৰন্থ জ্ঞানৰ ভাণ্ডাৰ ৷ একো একোখন কিতাপে যি পোহৰ দিয়ে, সেই পোহৰত ৰাইজে যেতিয়া নিজৰ পথ বিচাৰি পায়,  তেতিয়া শাসনযন্ত্ৰ কঁপি উঠে ৷ সত্যৰ বিম্ব দাঙি ধৰাত কিতাপে সহায় কৰে ৷ ভীৰুতা আৰু কু-সংস্কাৰ আঁতৰ কৰে ৷ এইদৰে গ্ৰন্থই দেশ আৰু জাতিৰ উপকাৰ সাধন কৰে ৷

 


৪। সাহিত্যৰ প্ৰতি থকা প্ৰীতিয়ে জীৱনক কেনেদৰে উদ্ভাসিত কৰিব পাৰে, হেলেন কেলাৰৰ আত্মজীৱনীৰ আঁত ধৰি বিচাৰ কৰা ৷

উত্তৰঃ হেলেন কেলাৰে কেঁচুৱা  দৃষ্টিশক্তি আৰু শ্ৰৱণশক্তি হেৰুৱাইছিল ৷ তেওঁ কলা মানুহৰ কাৰণে বিশেষকৈ সজা কিতাপহে পঢ়িব পাৰে ৷ অথচ এইগৰাকী মহিলাই সাহিত্যৰ প্ৰতি এনে প্ৰীতি প্ৰকাশ কৰিছে ৷ এনেবোৰ কাৰণে মানুহক কিতাপ পঢ়িবলৈ অনুপ্ৰাণিত কৰিছিল ৷

 


৫। ''... কিন্তু যি সজ কিতাপ এখন ধ্বংস কৰে সি বিবেচনাকে হত্যা কৰে । ''- কথাষাৰ ব্যাখ্যা কৰা ।

 

উত্তৰঃ- একো একোখন কিতাপে যেতিয়া মানুহৰ ভয়, কু-সংস্কাৰ এন্ধাৰ আঁতৰ কৰি জ্ঞানৰ আলোকেৰে আলোকিত কৰে তেতিয়া ৰাইজে নিজৰ পথ বিচাৰি পায় আৰু শাসনযন্ত্ৰ কঁপাই তোলে ৷ তেতিয়াই কিতাপ পুৰি পেলোৱা হয়, লেখকক শাস্তি দিয়া হয় ৷ বিবিধ অত্যাচাৰ চলাৰ পিছতো সেই পোহৰৰ আভা লোপ নাপায়, লুকাই নাথাকে, ৰাইজে নিজৰ গন্তব্যস্থান পাবই সত্যৰ বিম্ব দাঙি ধৰা এনে কিতাপ ধ্বংস কৰিলে কি হয় তাকে মিল্টনে মন্তব্য কৰিছিল, কিতাপ এখন ধ্বংস কৰাতকৈ বৰং মানুহ এজনকে হত্যা কৰা; যি মানুহ এজনক হত্যা কৰে সি ভগৱানৰ প্ৰতিৰূপ বিবেচনা সম্পন্ন প্ৰাণী এটিকে হত্যা কৰে; কিন্তু যি সজ কিতাপ এখন ধ্বংস কৰে বিবেচনাকে হত্যা কৰে বুলি কোৱা হৈছে ৷

 


দীঘল প্ৰশ্নৰ উত্তৰঃ-

১। অনাখৰী চহা লোকেও কিতাপৰ পৰা লাভ কৰিব পৰা জ্ঞানক অশ্ৰদ্ধা নেদেখুৱায়৷ পাঠটিৰ সহায়ত আলোচনা কৰা ৷

উত্তৰঃ - সাধাৰণতে চহা লোকসকলৰ বুজ-বিবেচনা অলপ কম ৷ কিন্তু কিবা এটা নতুন কথা জানিবলৈ তেওঁলোকো আগ্ৰহী ৷ তেওঁলোকে যদিও কিতাপ পঢ়িব নাজানে, সেই কিতাপৰ পৰা পোৱা জ্ঞান আনৰপৰা শুনি বুজি নিজৰ প্ৰয়োজনীয় কামত প্ৰয়োগ কৰে ৷ জ্ঞানৰ কাৰণে কিতাপৰ প্ৰয়োজন, সেই জ্ঞানে সংসাৰৰ জটিলতা বুজিবলৈ সহায় কৰে; তদুপৰি বোধ, চিন্তা, অনুভূতি আদিও বৃদ্ধি কৰে ৷ সেয়েহে অনাখৰী চহা লোকে কিতাপৰ পৰা লাভ কৰিব পৰা জ্ঞানক কেতিয়াও অশ্ৰদ্ধা নেদেখুৱাই

 

২। কিছুমান কিতাপৰ সোৱাদ লব লাগে, আন কিছুমান লাগে গিলিব, আৰু অলপ সংখ্যক লাগে চোবাব আৰু হজম কৰিব৷কথাখিনিৰ তাৎপৰ্য বিশ্লেষণ কৰা ৷

উত্তৰঃ- আজিৰ যুগত বিভিন্ন ধৰণৰ কিতাপ ওলাইছে ৷ বৰ্তমান সভ্যতাৰ বিভিন্ন আভাস এই কিতাপবোৰৰ পৰাই পোৱা যায় ৷ পাঠ্যপুথি আৰু বোৱা-কটা, ৰন্ধা-বঢ়া আদি কেনেকৈ কৰিব লাগে তাৰ সংকেত দিয়া কিতাপৰ পৰা সাধাৰণ উপন্যাস আৰু ভ্ৰমণ কাহিনীলৈ অলেখ কিতাপ পোৱা যায় ৷ সময়ৰ লগে লগে তাৰে কিছুমান লোপ পায়, কিছুমান বাচে আৰু সেইবোৰ মানৱ জাতিৰ সম্পত্তি হৈ পৰে ৷ ইয়াৰ আটাইবোৰ পঢ়া সম্ভৱ নহয়, পঢ়িবৰ দৰকাৰো নহয় ৷ এই কাৰণেই ইংৰাজ দাৰ্শনিক বেকনে এইদৰে দিহা  দিছিল, “কিছুমান কিতাপৰ সোৱাদ লব লাগে, আন কিছুমান লাগে গিলিব, আৰু অলপ সংখ্যক লাগে চোবাব আৰু হজম কৰিব ৷

 


৩। হে মোৰ অসমীয়া মিত্ৰ সকল, বিদ্যা জেনেকৈ ইহকালত উপকাৰক আন একো তেনে নহই," - কথাষাৰৰ যুক্তি-যুক্ততা বিচাৰ কৰা ৷

উত্তৰঃ-  পূৰ্বতে আমাৰ দেশত আজিৰ দৰে বিদ্যাৰ অনুশীলন নাছিল ৷ সেই হেতুকে মানুহৰ মন ভয় আৰু কু-সংস্কাৰে আৱৰি ৰাখিছিল ৷ বিদ্যা আৰু জ্ঞানেই যে উন্নতিৰ মূল সেই কথা সাধাৰণ ৰাইজে জনা নাছিল ৷ দেশবাসীৰ এই অজ্ঞান এন্ধাৰ লক্ষ্য কৰি আনন্দৰাম ঢেকিয়াল ফুকনে এইদৰে মন্তব্য কৰিছিল - "হে মোৰ অসমিয়া মিত্ৰ সকল, বিদ্যা জেনেকৈ ইহকালত উপকাৰক আন একো তেনে নহই; যদি সভ্য আৰু সুখি হব খোজা তেন্তে কৃসি আৰু সিল্প কৰমত ইংৰাজৰ দৰে পাৰ্গত হবলৈ পুৰুসাৰ্থ কৰা ৷ তোমালোক নিচই অগিয়ান আৰু সেই বিদ্যাৰ ভু নোপোৱা আৰু জানিবলৈকো স্ৰম নকৰা ৷

 

৪। কিছুমান কিতাপে ৰাইজৰ ওপৰত অদ্ভুত প্ৰভাৱ পেলায় । পাঠটোৰ সহায়ত বুজাই লিখা ৷

উত্তৰঃ- যিমানেই বিদ্যাৰ অনুশীলন হয়, সিমানেই কিতাপৰ সমাদৰ বাঢ়ে; সিমানেই ৰাইজেও নিজৰ অভাৱ-অভিযোগ বুজি উঠে ৷ ৰাইজ সজ্ঞান আৰু সজীৱ হলে ৰাষ্ট্ৰ শাসনত কেৰোণ নালাগে, শাসন ৰাইজৰ ওপৰত মহাভাৰ হৈ পৰাৰ ভয় নাথাকে ৷ স্বামী বিবেকানন্দ, ৰাজা ৰামমোহন ৰায়, মহাত্মা গান্ধী আদিৰ দৰে লোকৰ ৰচনাই আমাৰ জাতীয় জাগৰণ বহুতো বেগী কৰিছে; ইউৰোপত ৰুছো ৷ মাৰ্ক্স আদি চিন্তাবিদৰ ৰচনাই সমাজ পৰিৱৰ্তনত প্ৰেৰণা যোগাইছে ৷ একো একোখন কিতাপে যি পোহৰ দিয়ে সেই পোহৰত ৰাইজে যেতিয়া নিজৰ পথ বিচাৰি পায়, তেতিয়াই শাসনযন্ত্ৰ কঁপি উঠে ৷ সেয়েহে কোৱা হৈছে যে কিছুমান কিতাপৰ ৰাইজৰ ওপৰত অদ্ভুত প্ৰভাৱ পৰিলক্ষিত হয় ৷

 


 

৫। আজি যন্ত্ৰৰ যুগত গুৰুৰ স্থান সৰহখিনি কিতাপে কাঢ়ি লৈছে ৷ এতিয়া কিতাপেই গুৰু ৷ কথাখিনি পাঠটিৰ সহায়ত আলোচনা কৰা ৷

উত্তৰঃ-  আগৰ দিনত গুৰুগৃহত থাকি ছাত্ৰই জ্ঞান লাভ কৰিছিল ৷ সেইকালত কিতাপ-পত্ৰৰ অভাৱ থকাত ছাত্ৰই গুৰুৰ মুখৰ পৰা যি ওলায় তাৰ ওপৰতে নিৰ্ভৰ কৰিছিল ৷ বৰ্তমান জগত ছপাখানা, কিতাপ-আলোচনীৰ জগত ৷ কিতাপ আওকাণ কৰি আমি জীয়াই থাকিব নোৱাৰোঁ ৷ কিতাপ লাগে জ্ঞানৰ কাৰণে ৷ জ্ঞান-বিদ্যাৰে চহকী, জীৱনৰ চেপাত পোৱা তিতা-কেঁহাৰে বহুতো লোকে তেওঁলোকৰ অভিজ্ঞতাবোৰ কিতাপত লিপিৱদ্ধ কৰি থৈ গৈছে ৷ কিতাপ মানৱ জাতিৰ উমৈহতীয়া সম্পত্তি ৷ যুগে যুগে কিতাপে মানুহৰ মন আকৰ্ষণ কৰি আহিছে ৷ ধৰ্মপুথি, আত্মজীৱনী, উপন্যাস আদিৰ পৰা আৰম্ভ কৰি ৰন্ধা-বঢ়া, বোৱা-কটা আদি বিবিধ কিতাপে জনসাধাৰণৰ মাজত সমাদৰ লাভ কৰিছে ৷ বৰ্তমান সময়ত কিতাপেই গুৰু ৷ সেই হেতুকে আজি যন্ত্ৰৰ যুগত গুৰুৰ স্থান সৰহখিনি কিতাপে কাঢ়ি লৈছে ৷


PUBLISHED BY LOKESH DAS


Our website uses cookies to enhance your experience. Learn More
Accept !