ৰাৱণক বিভীষণৰ সজ উপদেশ . Class 11 Assamese important question Answer.

  

 

ৰাৱণক বিভীষণৰ সজ উপদেশ

 

 

১। মাধৱ কন্দলি কোন যুগৰ শ্ৰেষ্ঠ কবি?

উত্তৰঃ প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি ৷

 

২। সীতাক হৰণ কৰি নি ৰাৱণে কত বন্দী কৰি ৰাখিছিল ?

উত্তৰঃ অশোক বনত বন্দী কৰি ৰাখিছিল ৷

 

 

 

৩। 'অপ্ৰমাদীশব্দৰ অৰ্থ কি?

উত্তৰঃ ভ্ৰান্তিহীন ৷

 

 

৪। ইন্দ্ৰজিৎ কোন আছিল  ?

উত্তৰঃ ইন্দ্ৰজিৎ ৰাৱণৰ পুত্ৰ  আৰু এজন বীৰ যোদ্ধা আছিল ৷

 

 

৫। ৰাৱণৰ পত্নীৰ নাম কি আছিল ?

উত্তৰঃ মন্দোদৰী ৷

 

 

 চমু প্ৰশ্ন (মূল্যাংক-২/৩)

১। নৈকেষী কোন  ?  তেওঁ বিভীষণক কিয় ৰাৱণৰ ৰাজসভালৈ পঠিয়াইছিল ?

 

উত্তৰঃ নৈকেষী  ৰাৱণৰ মাতৃ ৷

             লংকাৰ পৰা সীতাক উদ্ধাৰৰ বাবে ৰামে চলোৱা লংকা অভিযানৰ কথা জানিব পাৰি মাতৃ নৈকেষী চিন্তাত পৰিছিল ৷ যুদ্ধ হলে লংকা সৰ্বনাশ হব বুলি আশংকা কৰিছিল ৷ সেয়ে তেওঁ স-সন্মানেৰে সীতাক ৰামৰ হাতত গতাই দি লংকাক সৰ্বনাশ হোৱাৰ পৰা ৰক্ষা কৰাৰ উপদেশ দি বিভীষণক ৰাৱণৰ ৰাজসভালৈ পঠিয়াইছিল ৷

 

 

 

২। নাগপাশ  কি ?   হনুমানক কোনে কি কাৰণে নাগপাশেৰে  বন্দী কৰি থৈছিল ?

উত্তৰঃ 'নাগপাশল- পুৰণিকালত যুদ্ধত শত্ৰুৰ ওপৰত প্ৰয়োগ কৰা অস্ত্ৰ বিশেষ ৷

 

    সীতাৰ সন্ধানত হনুমান লংকাত প্ৰৱেশ কৰি সৈন্যসকলক হত্যা কৰি সকলো ধ্বংস কৰি সীতাকো দৰ্শন কৰে ৷ ফলত ৰাৱণৰ পুত্ৰ ইন্দ্ৰজিতে হনুমানক নাগপাশেৰে  বন্দী কৰি থৈছিল ৷

 

 

 

৩। হনুমানে কিদৰে লংকা নগৰত জুই লগাইছিল ?

উত্তৰঃ ৰাৱণৰ পুত্ৰ ইন্দ্ৰজিতে হনুমানক বন্দী কৰি শাস্তি হিচাপে নেগুৰত জুই লগাই দি এৰি দিলে ৷ হনুমানে সেই জুই নুমুৱাবলৈ চেষ্টা কৰোঁতে গোটেই লংকানগৰী জ্বলি ধংব্স হয়  

 

 

৪। শংকৰদেৱ আৰু মাধৱদেৱে ৰামায়ণৰ কোন দুটা কাণ্ড ৰচনা কৰিছিল ?

উত্তৰঃ শংকৰদেৱে উত্তৰাকাণ্ড আৰু মাধৱদেৱে আদিকাণ্ড নামেৰে ৰামায়ণৰ দুটা কাণ্ড ৰচনা কৰিছিল ৷

 

৫। উত্তম,   মধ্যম আৰু অধম কোন মন্ত্ৰক কোৱা হয়  ?  ৰাজকাৰ্য পৰিচালনা কৰোঁতে কোনবিধ মন্ত্ৰক ব্যৱহাৰ কৰা হয়  ?

উত্তৰঃ ৰাজসভাৰ সকলো মন্ত্ৰী একমত হৈ দিয়া মন্ত্ৰক উত্তম, অধিকাংশ মন্ত্ৰীয়ে একমত হৈ দিয়া মন্ত্ৰক মধ্যম আৰু নিজৰ বল শক্তিৰ ওপৰত আস্থা নাৰাখি দৈৱলৈ ঠেলি দি গ্ৰহণ কৰা মন্ত্ৰক অধম মন্ত্ৰ কোৱা হয় ৷

    ৰাজকাৰ্য পৰিচালনা কৰোঁতে উত্তম মন্ত্ৰক ব্যৱহাৰ কৰা হয় ৷

 

 

 

 দীঘল প্ৰশ্ন-----

১। বিভীষণে ৰাজসভালৈ গৈ ৰাৱণক কি কি সজ উপদেশ দিছিল  ?

 

উত্তৰঃ লংকাধিপতি ৰাৱণে সীতাক হৰণ কৰি নিয়াৰ কথা জানিব পাৰি ৰামে বান্দৰ সৈন্যৰ সহযোগত লংকা অভিযান আৰম্ভ কৰে ৷ এই কথা জানিব পাৰি ৰাৱণৰ মাতৃ নৈকেষী চিন্তিত হৈ পৰে ৷ তেওঁ বিভীষণক ৰাৱণৰ ৰাজসভালৈ গৈ ৰাৱণক যুদ্ধৰ পৰা বিৰত থাকিবলৈ উপদেশ দিয়ে ৷ সেই অনুসৰি বিভীষণ ৰামৰ ৰাজসভাত উপস্থিত হয় ৷ পাত্ৰ-মন্ত্ৰী সমন্বিতে বহি থকা ৰাৱণক ৰাজোচিত সন্মান জনাই তেওঁ কয় যে,ৰাম জগতৰ প্ৰতি আৰু যুদ্ধ হলে তেওঁৰ হাতত স্বৰ্ণলংকা ধ্বংস অনিবাৰ্য ৷ অনতিপলমে বান্দৰ সেনাৰ সহযোগত সাগৰ পাৰ কৰি লংকাত প্ৰৱেশ কৰিব আৰু সীতাকো উদ্ধাৰ কৰি লৈ যাব ৷ ইয়াত বাধা দিব পৰা ক্ষমতা কাৰো নাই ৷ সেয়ে সময় থাকোঁতেই ৰাৱণে সীতাক স-সন্মানেৰে ৰামৰ হাতত গতাই দিয়া উচিত বুলি বিভীষণে বাৱণক উপদেশ দিছিল ৷

 

 

 

২। সীতাক উদ্ধাৰ কৰিবৰ বাবে ৰামে কাৰ সহায় লৈছিল আৰু কেনেকৈ সাগৰ পাৰ হৈ সীতাক উদ্ধাৰ কৰিছিল ?

 

উত্তৰঃ সীতাক উদ্ধাৰ কৰিবৰ বাবে ৰজা সুগ্ৰীৱৰ লগত লগ হৈ বান্দৰ সেনাৰ সহযোগত সীতা উদ্ধাৰৰ অভিযান আৰম্ভ কৰে ৷ ইয়াৰ পুৰ্বে ৰামে ভক্ত হনুমানক লংকালৈ প্ৰেৰণ কৰে ৷ হনুমান গৈ সীতাক দেখা কৰাৰ লগতে হাবি-বন তহিলং কৰে৷হনুমানৰ হাতত বহু সৈন্যৰ প্ৰাণো যায় ৷ অৱশেষত ইন্দ্ৰজিতে অন্যায়ভাৱে হনুমানক বন্দী কৰি শাস্তি হিচাপে নেগুৰত জুই জ্বলাই এৰি দিয়ে ৷ এৰি দিয়াৰ লগে লগেই হনুমানে নেগুৰৰ জুইৰে লংকা পুৰি ছাঁই কৰে ৷ ইয়াৰ পিছতে বান্দৰ সৈন্যৰ সহযোগত ৰামে সাগৰত সেতু বান্ধি লংকাত প্ৰৱেশ কৰে ৷ লংকাৰ বিস্তৰ সৈন্যৰ লগতে মেঘনাদ,  কুম্ভকৰ্ণ,  ৰাৱণক পৰাভূত কৰি সীতাক উদ্ধাৰ কৰি অযোধ্যালৈ ঘূৰি আহে ৷



PUBLISHED BY LOKESH DAS

Previous Post Next Post