Class 11 Assamese Questions Answer . বিয়াৰ প্ৰেজেণ্ট .



 

 

বিয়াৰ প্ৰেজেণ্ট

 

১। চৈয়দ আব্দুল মালিকৰ প্ৰথম প্ৰকাশিত চুটিগল্পৰ পুথিখনৰ নাম কি ?

উত্তৰ- পৰশমণি

২। কোনখন উপন্যাসৰ বাবে চৈয়দ আব্দুল মালিকে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল ?

উত্তৰ- অঘৰী আত্মাৰ কাহিনী

৩। চৈয়দ আব্দুল মালিকে ৰচনা কৰা এখন ভ্ৰমণ কাহিনীৰ নাম লিখা ৷

উত্তৰ- মাজত মাথোঁ হিমালয়            

 

৪। জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনক কেন্দ্ৰ কৰি চৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাসখনৰ নাম কি ?

উত্তৰ- ৰূপতীৰ্থৰ যাত্ৰী

 

৫। 'বিয়াৰ প্ৰেজেণ্টগল্পটোত থকা অসুখ হোৱা ছোৱালীজনীৰ নাম কি ?

উত্তৰ-  বিনীতা ৷

 

চমু প্ৰশ্নৰ –

১। তেৱেঁই আগবাঢ়ি আহিল আৰু মোৰ মুখলৈ চাই সুধিলে-আমাৰ তাৰে নোহোৱানে ?” -কোনে কাক কথাষাৰ সুধিছিল ?

উত্তৰ-   এই কথাষাৰ কনকেশ্বৰ ঠাকুৰে নাজিয়াক সুধিছিল ৷

 


২। নাজিয়াই কাৰ বিয়া খাবলৈ গৈছিল ?

উত্তৰ- নাজিয়াই সম্পৰ্কীয় মোমায়েক নগৰৰ বিখ্যাত মানুহ ৰিটায়াৰ্ড হাকিম আহমেদ চাহেবৰ নুমলীয়া জীয়েকৰ বিয়া খাবলৈ গৈছিল ৷

 

৩। নাজিয়াই কিয় হস্পিতাললৈ যাবলগীয়া হ?

উত্তৰ-  কনকেশ্বৰ ঠাকুৰৰ সৰ জীয়েক হস্পিতালত আছিল ৷ চিকিৎসাৰ বাবে টকাৰ অসুবিধা হোৱাৰ বাবে ঠাকুৰ গাঁৱলৈ যাবলৈ ওলোৱাত জীয়েকক হস্পিতালত ৰখিবলৈ নাজিয়া হস্পিতালত যাব লগা হৈছিল ৷

 


৪। কনকেশ্বৰ ঠাকুৰে তেওঁৰ কন্যা বিনীতাৰ অপাৰেচন কৰাবলৈ ক পৰা পইচা পালে ?

উত্তৰ- কনকেশ্বৰ ঠাকুৰে তেওঁৰ কন্যা বিনীতাৰ অপাৰেচন কৰাবলৈ নাজিয়াৰপৰা পইচা পালে ৷

 

৫। আমাৰ দুজন একেলগে বিয়ালৈ যোৱাটো উচিত নহআমাৰ দুজনবুলি ইয়াত কাৰ কাৰ কথা কোৱা হৈছে ?

উত্তৰ- আমাৰ দুজন একেলগে বিয়ালৈ যোৱাটো উচিত নহআমাৰ দুজনবুলি ইয়াত নাজিয়া আৰু নাজিয়াৰ গিৰিয়েকৰ কথা কোৱা হৈছে ৷

 

দীঘল প্ৰশ্নৰ উত্তৰঃ-

১। কি পৰিস্থিতিত কনকেশ্বৰ ঠাকুৰে নাজিয়াক লগ পাইছিল ?

উত্তৰ- নাজিয়াই সম্পৰ্কীয় মোমায়েকৰ জীয়েকৰ বিয়া খাবলৈ গৈছিল আৰু বিয়া ঘৰলৈ বুলি ৰিক্সা এখন লব ওলাওঁতেই কনকেশ্বৰ ঠাকুৰে নাজিয়াক লগ পালে ৷ তেওঁৰ সৰু জীয়েকৰ অসুখ আৰু অপাৰেচনৰ বাবে হস্পিতালত আছে আৰু তেজৰ প্ৰয়োজন হোৱাত টকাৰ অসুবিধা হোৱা হেতুকে গাঁৱলৈ টকাৰ যোগাৰৰ বাবে যাবলৈ বাছ আস্থানলৈ যাওঁতে নাজিয়াই লগ পালে ৷

 

২। নাজিয়াই বিয়ালৈ কিয় অকলে গৈছিল ?

উত্তৰ- নাজিয়াৰ মোমায়েকৰ জীয়েকৰ বিয়ালৈ পতি-পত্নী দুয়োৰে যোৱা ইচ্ছা আছিল ৷ কিন্তু আৰ্থিক অনাটনৰ বাবে অকল নাজিয়াই হে যাব পাৰিলে৷কিয়নো- ৰিক্সা ভাড়া,বাছৰ ভাড়া আৰু বিয়াৰ উপহাৰৰ দাম হিচাপ কৰি দেখিলে যে হাতত থকা দুশ টকাৰে দুজন মানুহ যোৱাটো সম্ভৱ নহয় ৷ সেইবাবে নাজিয়াই বিয়ালৈ অকলে গৈছিল। 

 

৩। কি পৰিস্থিতিৰ বাবে নাজিয়াই বিয়ালৈ বুলি ওলাই বিয়ালৈ নগ?

উত্তৰ- নাজিয়াই সম্পৰ্কীয় মোমায়েকৰ জীয়েকৰ বিয়া খাবলৈ গৈছিল আৰু বিয়া ঘৰলৈ বুলি ৰিক্সা এখন লব ওলাওঁতেই কনকেশ্বৰ ঠাকুৰে নাজিয়াক লগ পালে ৷  তেওঁৰ সৰু জীয়েকৰ অসুখ আৰু অপাৰেচনৰ বাবে হস্পিতালত আছে আৰু তেজৰ প্ৰয়োজন হোৱাত টকাৰ অসুবিধা হোৱা হেতুকে গাঁৱলৈ টকাৰ যোগাৰৰ বাবে যাবলৈ বাছ আস্থানলৈ যাওঁতে নাজিয়াই লগ পালে ৷ নাজিয়াই কনকেশ্বৰ বৰুৱাৰ মুখত সকলো কথা শুনি বিয়ালৈ নগল ৷

 

৪। বিনীতাৰ অপাৰেচন কেনেকৈ ততাতৈয়াকৈ হৈ গল বৰ্ণনা কৰা ?

উত্তৰ- নাজিয়াই সম্পৰ্কীয় মোমায়েকৰ জীয়েকৰ বিয়া খাবলৈ গৈছিল আৰু বিয়া ঘৰলৈ বুলি ৰিক্সা এখন লব ওলাওঁতেই কনকেশ্বৰ ঠাকুৰে নাজিয়াক লগ পালে ৷ তেওঁৰ সৰু জীয়েকৰ অসুখ আৰু অপাৰেচনৰ বাবে হস্পিতালত আছে আৰু তেজৰ প্ৰয়োজন হোৱাত টকাৰ অসুবিধা হোৱা হেতুকে গাঁৱলৈ টকাৰ যোগাৰৰ বাবে যাবলৈ বাছ আস্থানলৈ যাওঁতে নাজিয়াই লগ পালে ৷ নাজিয়াই কনকেশ্বৰ বৰুৱাৰ মুখত সকলো কথা শুনি বিয়ালৈ নগৈ হস্পিতাললৈ গল৷টকা এশ ঠাকুৰৰ হাতত দি অপাৰেচনৰ দিহা কৰিবলৈ দিলে৷যথাসময়ত বিনীতাৰ অপাৰেচন ততাতৈয়াকৈ হৈ গল ৷

 

৫। বিয়াৰ প্ৰেজেণ্টগল্পটোত মানৱবোধৰ প্ৰকাশ কিদৰে ঘটিছে আলোচনা কৰা ৷

উত্তৰ- আনৰ দুখত দুখী হৈ সহায়ৰ হাত আগবঢ়োৱাটোৱে হল প্ৰকৃত মানৱতাবোধ ৷ 'বিয়াৰ প্ৰেজেণ্টগল্পটোত এই মানৱতাবোধ সুন্দৰভাৱে প্ৰকাশ পাইছে ৷ নাজিয়াই সম্পৰ্কীয় মোমায়েকৰ জীয়েকৰ বিয়া খাবলৈ গৈছিল আৰু বিয়া ঘৰলৈ বুলি ৰিক্সা এখন লব ওলাওঁতেই কনকেশ্বৰ ঠাকুৰে নাজিয়াক লগ পালে ৷ তেওঁৰ সৰু জীয়েকৰ অসুখ আৰু অপাৰেচনৰ বাবে হস্পিতালত আছে আৰু তেজৰ প্ৰয়োজন হোৱাত টকাৰ অসুবিধা হোৱা হেতুকে গাঁৱলৈ টকাৰ যোগাৰৰ বাবে যাবলৈ বাছ আস্থানলৈ যাওঁতে নাজিয়াই লগ পালে ৷ নাজিয়াই কনকেশ্বৰ বৰুৱাৰ মুখত সকলো কথা শুনি বিয়ালৈ নগৈ হস্পিতাললৈ গল ৷ টকা এশ ঠাকুৰৰ হাতত দি অপাৰেচনৰ কৰিবলৈ দিলে ৷ যথাসময়ত বিনীতাৰ অপাৰেচন  হৈ গল ৷ আৰু নাজিয়াই ঘৰলৈ উভতি আহিল ।

 

 

Previous Post Next Post