Class 11 Assamese Question Paper Unit Test . Question Pattern For Class 11 .

 Class 11 Assamese Question Paper Unit Test .

 

 

 

1st unit test  important question

Class: XI

Sub : Assamese

 

১। কেৱল উত্তৰ দিয়াঃ                                           ১ × ৭ =

   ক) সত্যনাথ বৰাৰ জন্ম কত হৈছিল ?

  খ) সত্যনাথ বৰাৰ প্ৰথমখন গ্ৰন্থৰ নাম কি ?

 গ) অৰ্থ ব্যৱহাৰৰ মূলমন্ত্ৰ কি ?

 ঘ) অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পৰ্দাপণ  শীৰ্ষক পাঠটি কৰ পৰা সংগ্ৰহ কৰা হৈছে ?

ঙ) মহাত্মা গান্ধীয়ে কেতিয়া প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল ?

চ) ডিভাইন কমেডি কাৰ ৰচনা ?

ছ) কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষা সম্পৰ্কীয় গ্ৰন্থখনৰ নাম কি ?

 

 

 

২। তলৰ যিকোনো পাচটা প্ৰশ্নৰ উত্তৰ দিয়া                           ২ × ৫ = ১০

ক) কৃপণ লোকৰ দুটা ধৰ্ম কি কি ?

খ) কি দুটা কাৰণত মানুহে কৃপণালি কৰে ?

গ) পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা দুখন নাটকৰ নাম লিখা ?

ঘ) অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পৰ্দাপণ শীৰ্ষক পাঠটিত উল্লেখ থকা দুগৰাকী স্বাধীনতা যোদ্ধাৰ নাম লিখা ?

ঙ) সৌভাগ্যৰ পৰা গৌৰৱ কেনেকৈ উপজে ?

চ) শুদ্ধোধনৰ নাম মানুহে কিয় জানে  ?

 

 

 

৩। তলৰ যিকোনো চাৰিটা প্ৰশ্নৰ উত্তৰ লিখা –

ক) লেখকৰ দৃষ্টিত ধৰা পৰা কৃপন লোকৰ সংজ্ঞা সম্বন্ধে আলোচনা কৰা ?

খ) গান্ধীজীৰ প্ৰথম অসম ভ্ৰমণ সম্পৰ্কে এটি টোকা প্ৰস্তুত কৰা ?

গ) গান্ধীজীৰ অসম ভ্ৰমণৰ সময়ত কত কোনে মজলিচ বৈঠকৰ আয়োজন কৰিছিল ,বুজাই লিখা ?

ঘ) প্ৰকৃত গৌৰৱৰ কাৰণ কেইটা আৰু কি কি বুজাই লিখা  ?

 ঙ) চমু টোকা লিখা –

     ডাণ্টে , হোমাৰ 

 

 

 

৪। চমু উত্তৰ লিখা –

ক) নৈকেষী কোন ?

খ) মাধৱ কন্দলি কোন যুগৰ শ্ৰেষ্ঠ কবি ?

গ) ৰাৱণৰ পত্নীৰ নাম কি আছিল ?

ঘ) শংকৰদেৱৰ প্ৰথম বৰগীত কোনটো ?

ঙ) শংকৰদেৱৰ বৰগীতৰ প্ৰধান ব্যক্তব্য কি ?

 

৫। বিভীষণে ৰাজসভালৈ গৈ ৰাৱণক কি কি সজ উপদেশ দিছিল ?    

৬। উত্তম, মধ্যম আৰু অধম কোন মন্ত্ৰক কোৱা হয় ৰাজকাৰ্য পৰিচালনা কৰোঁতে কোনবিধ মন্ত্ৰক ব্যৱহাৰ কৰা হয় ?                                  

 

 

৭। কেৱল উত্তৰ দিয়া –                                        

ক) কুশল কোঁৱৰ কোন আছিল ?

খ) কুশল কোঁৱৰে পঢ়া স্কুলখনৰ নাম কি ?

গ) কুশল কোঁৱৰ নাটকৰ ডাৰোগা জনৰ নাম কি আছিল ?

ঘ) কুশল কোঁৱৰৰ পিতৃৰ নাম কি আছিল ?

ঙ) কুশল নাটকৰ নায়ক জনৰ নাম কি আছিল ?

 

 Question Pattern For Class 11 .

 

 

Previous Post Next Post