উদ্ভিদৰ বিষয়ে জানো আহা Class 6 Science Chapter 7 Question Answer in Assamese medium

উদ্ভিদৰ বিষয়ে জানো আহা  Class 6 Science Chapter 7 Question Answer in Assamese medium



১।তলৰ বাক্যবোৰত থকা ভূল তথ্য শুদ্ধ কৰা আৰু পুনৰ তোমাৰ বহীত লিখা-

(ক)কাণ্ডই মাটিৰ পৰা পানী আৰুখনিজ পদাৰ্থ শোষণ কৰে।

উত্তৰঃশিপাই মাটিৰ পৰা পানী আৰু খনিজ পদাৰ্থ শোষণকৰে।

(খ)পাতে গছক থিয় কৰি ৰাখে।

উত্তৰঃশিপাই গছক খিয়কৰি ৰাখে।

(গ)শিপাই পাতলৈ পানী পৰিৱহণ কৰে।

উত্তৰঃকাণ্ডই পাতলৈ পানী পৰিবহণ কৰে।

(ঘ)এপাহ ফুলত সদায় সমান সংখ্যক বেটু পাত অৰু পাহি থাকে।

উত্তৰঃএহাহ ফুলত সাধাৰণতে সমান সংখ্যক বেটুপাত আৰু পাহি থাকি।

(ঙ)যদিহে এপাহ ফুলৰ বেটুপাত সংলগ্ন তেতিয়া হলে পাহিবোৰো সংলগ্ন হৈ থাকে।

উত্তৰঃযদিহে এপাহ ফুলৰ বিটুত সংলগ্ন তেতিয়াহলে সাধাৰণতে পাহিবোৰ সংলগ্ন হৈ নাথাকে/থাকে।

(চ)যদি এপাহ ফুলৰ পাহিবোৰ সংলগ্ন ত্তিলাহলে গৰ্ভকেশৰো পাহিৰ লগত সংলগ্ন হৈ থাকে।

উত্তৰঃযদি এপাহ ফুলৰ বেটুপাত পাহিবোৰ সংলগ্ন তেতিয়াহলে সাধাৰণতে গৰ্ভকেশৰ বেটুহাতৰ লগত সংলহ্ন হৈ

নাথাকে/থাকে।

২।তালিকা ৭.৩ত অধ্যয়ন কৰা অনুসৰি অংন কৰা-

(ক)এখিলা পাত (খ)এথোপা মুখ্যমূল আৰু (গ)এপাহ ফুল।

উত্তৰঃ(ক)এখিলা পাত

 







(খ)এথোপা মুখ্যমূল আৰু

(গ)এপাহ ফুল

৩।তোমালোকে ঘৰত বাৰৰ ওচৰে-পাজৰে দীঘ কিন্তু দুৰ্বল কাণ্ড থকা উদ্ভিদ দেখা পাইছানে ?ইয়াৰ নাম লিখা।তোমালোকে ইয়াক কোন শ্ৰেণীত অন্তৰ্ভুক্ত কাৰিবা?

উত্তৰঃ লও, কোমোৰা, উৰহী, অপৰাজিতা আদি। এই শ্ৰেণীৰ উদ্ভিদক তৃণ উদ্ভিদ বোলে।

৪।উদ্ভিদৰ কাণ্ডৰ কাম কি?

উত্তৰঃউদ্ভিদৰ কাণ্ডৰ কাম-

(i)কাণ্ডই পাত,ফুল আৰু ফলধাৰণ কৰে।

(II)ই শিপাৰ পৰা পাতলৈ পানী আৰু খনিজ লৱণ পৰিবহণ কৰে আৰু পাতৰ পৰা শিপালৈ খাদ্য বস্ত্ত পৰিবহণ কৰি।

(III)কিছুমান উদ্ভিদত ই খাদ্যৰ ভঁৰাল হিচাপে কাম কৰে।

(IV)ই উদ্ভিদজোপাক ওপৰৰফালে থিয় হৈ থকাত সহায় কৰে।

৫।তলৰ কোনবোৰ পাতত জাল সিৰাবিন্যাস দেখিবলৈ পোৱা যায়?

ঘেঁহু,তুলসী,গোমধান,ঘাঁহ,ধনীয়া,জৱাফুল

উত্তৰঃতুলসী,ধনীয়া, জৱাফুল

৬।যদি এজোপা উদ্ভিদৰ শিপাবোৰ গুচ্ছমূলযুক্ত হয়,তেতিয়াহ তুমি এই উদ্ভিদজোপাৰ পাতত কেলেকুৱা সিৰাবিন্যস দেখিবলৈ পাবা?

উত্তৰঃসমান্তৰাল সিৰাবিন্যাস।

৭।যদি এজোপা উদ্ভিদৰ পাত জাল সিৰাবিন্যাসযুক্ত হয় তেতিয়াহলে ইয়াৰ শিপাকোন প্ৰকাৰৰ হ ?

উত্তৰঃমুখ্যমূল।

৮।এখিলা কাগজত থকা পাতৰ সাঁচ চাই গছজোপাত মুখ্যমমূল আছেনে গুচ্ছমূল আছে কোৱাটো তোমাৰ পক্ষে সম্ভৱপৰ হবনে ?

উত্তৰঃএখিলা পাত নেদেখাকৈ সম্পূৰ্ণভাৱে চিনাক্ত কৰা  অসম্ভৱ।অৱশ্যে পাতখিলাৰ গোন্ধ আৰু লাৰি চাই ইয়াক কিচু পৰিমাণে ধাৰণা কৰিব পাৰি।

৯।ফুলৰ বিভিন্ন অংশৰ নাম লিখা।

উত্তৰঃফুলৰ বিভিন্ন অংশবোৰ হল-(i)বেটুপাত (ii)পাহি (iii)পুংকেশৰ (iv)গৰ্ভকেশৰ।

 

 

 

 

১০।তলত দিয়া কোনবোৰ উদ্ভিদ তোমালোকে দেখিছা ? ভিতৰত কোনবোৰত ফুল আছে ? ঘঁহ, গোমধান,ঘেণহু,জলকীয়া, বিলাহী, তুলসী,বট,শিশু,আঁহত, আম, জামু,মধুৰিয়াম, ডালিম,অমিতা, কল নেমুটেঙা, কুঁহিয়াৰ আলু, বাদাম।

উত্তৰঃআটাইবোৰ উদ্ভিদেই দেখিবলৈ পোৱা উদ্ভিদ।

ইয়াৰ ভিতৰত ফুল থকা উদ্ভিদবোৰ হল-

গোমধান,জলকীয়া,দিলাহী,তুসী,শিশু,আম,জামু,মধুৰিআম,ডালিম,অমিতা,কল,নেমুটেঙা।

১১।উদ্ভিদৰ কোন অংশই খাদ্য প্ৰস্তুত কৰে ? প্ৰক্ৰিয়াটোৰ নাম  লিখা।

উত্তৰঃউদ্ভিদৰ পাতে খাদ্য প্ৰস্ত্তত কৰে।প্ৰক্ৰয়াটোৰ নাম হল সালোক সংশ্লেষণ।

১২।ফুলৰ কোন অংশত তোমাকে গৰ্ভাশয় দেখা পোৱা ?

উত্তৰঃগৰ্ভকেশৰত।গৰ্ভাশয় গৰ্ভদণ্ডৰ তলৰ অংশ।

১৩।বেটুপাত সংলগ্ন আৰু পৃথককৈ থকা দুবিধ ফুলৰ লিখা।

উত্তৰঃবেটুপাত সংলগ্ন ফুল-ধঁতুৰা

বেটুপাত পৃথককৈ থকা ফুল-সৰিয়হ আৰু গোলাপ


Published  By Subha Das






Class 9 Textbooks Solutions in Assamese medium

Class 10 Textbooks Solutions in Assamese medium



follow us on

Instagram
Facebook
Subscribe Our YouTube Channel




Previous Post Next Post