জীৱ আৰু ইয়াৰ চৌপাশ Class 6 Science Chapter 9 Question Answer in Assamese medium

 জীৱ আৰু ইয়াৰ চৌপাশ Class 6 Science Chapter 9 Question Answer in Assamese medium

 



 

 

১। আৱাসস্থলী কি?

উত্তৰঃ- উদ্ভিদ আৰু প্ৰণীয়ে যি পৰিৱেশত বাস কৰে তাকেই সিহঁতৰ আৱাসস্হলী বোলে।

২। মৰুভূমিত জীয়াই থাকিবলৈ কেকটাছে কেনেকৈ অভিযোজন কৰে?

উত্তৰঃ- মৰুভূমিত জীয়াই থাকিবলৈ কেকটাছে কেনেকৈ তলত দিয়া ধৰণে অভিযোজন কৰে-

১)প্ৰস্বেদন নহবৰ বাবে পাতবোৰ কাঁইটলৈ ৰুপান্তৰ হয়।

২)কাণ্ডবোৰ খাদ্য প্ৰস্ত্ততৰ বাবে পত্ৰহৰিৎযুক্ত।

৩)শিপাবোৰ মাটিৰ গভিৰলৈ সোমোৱা যাতে ভালদৰে পানী শোষণ কৰিব পাৰে।

৩। খালী ঠাই পূৰ কৰা

(ক) যিবিলাক বিশেষ ধৰণৰ লক্ষণৰ উপস্থিতিয়ে উদ্ভিদ বা প্ৰাণীক কোনো এটা আৱাসস্থলীত বাছি থাকিবলৈ উপযুক্ত কৰি তোলে, তাক ------- বোলে।

উত্তৰঃ-অভিযোজন

(খ) উদ্ভিদ আৰু প্ৰাণীৰ স্থলভাগৰ আৱাসস্থলীক-----আৱাসস্থলীক বোলে।

উত্তৰঃ-স্থলজ

(গ) পানীত থকা উদ্ভিদ আৰু প্ৰাণীৰ আৱাসস্হলীক ------ আৱাসস্থলী বোলে।

উত্তৰঃ-জলজ

(ঘ) মাটি ,পানী আৰু বায়ুৰ আৱাসস্হলী ------  কাৰক ǀ

উত্তৰঃ-অজৈৱিক

(ঙ) চৌপাশৰ পৰিবৰ্তনৰ প্ৰতি সঁহাৰি জনোৱাটোকে  উদ্দীপক বোলে ǀ

উত্তৰঃ-উদ্দীপক 

 

 

৪। তলৰ তালিকাৰ কোনবিলাক জড়?

নাঙল, কাঠফুলা, চিলাই মেচিন, ৰেডিঅ, নাও, পানী, মেটেকা, কেঁচু।

উত্তৰঃ- নাঙল, চিলাই মেচিন, ৰেডিঅ, আৰু নাও।

৫। জীৱৰ যিকোনো দুটা বৈশিষ্ট্য দেখুওৱা। এবিধ জড় পদাৰ্থৰ নাম লিখা।

উত্তৰঃ- জীৱৰ দুটা বৈশিষ্ট্য় হ'ল-

    ১)ই আকাৰত ডাঙৰ হৈ থাকে।

    ২)ই চলাচল কৰি থাকে।

৬। তলৰ তালিকাৰ কোনবোৰ জড় পদাৰ্থ এটা সময়ত জীৱৰ অংশ আছিল?

মাখন, চামৰা, মাটি, ঊণ, বৈদ্যুতিক বাল্ব, ৰন্ধন তেল, নিমখ, আপেল, ৰবৰ।

উত্তৰঃ- মাখন, চামৰা, ঊণ, ৰন্ধনতেল, আপেল আৰু ৰবৰ এটাসময়ত জীৱিত আছিল ।

৭। জীৱৰ সাধাৰণ বৈশিষ্ট্যসমূহ তালিকাভুক্ত কৰা

  উত্তৰঃ-জীৱৰ বৈশিষ্ঠ্যসমূহ তলত তালিকাভুক্ত কৰা হল-

১)বৃদ্ধি,

২)চলন,

৩)খাদ্যগ্ৰহণ,

৪)উদ্দীপলাৰ প্ৰতি সঁহাৰি,

৫)ৰেচন

৬)শ্বসন,

৭)কোষীয় গঠন,

৮)প্ৰজনন,

৯)অভিযোজন আদি।

৮। তৃণভূমিত বাস কৰা প্ৰাণীবিলাক বাচি থকাৰ কাৰণে গতি বৰ প্ৰয়োজনীয় কিয়, বাখ্যা কৰা।

উত্তৰঃ তৃণভূমি অঞ্চলত লুকুৱাবৰ বাবে ঠাই কম।যেতিয়া কোনো শত্ৰুৱে আত্ৰুমণ কৰে তেতিয়া নিজক বচালৈ বেগাই যোৱাৰ প্ৰয়োজন হয়। অন্যথাই ই মৃত্যুমুখত পৰিব।সেইবাবে তৃণভূমি অঞ্চলত প্ৰাণীবিলাক বাচি থকাৰ বাবে গতি বৰ প্ৰয়োজনীয়।

 


Published  By Subha Das






Class 9 Textbooks Solutions in Assamese medium

Class 10 Textbooks Solutions in Assamese medium



follow us on

Instagram
Facebook
Subscribe Our YouTube Channel




 

 

Previous Post Next Post