মনোৰম মাজুলী প্ৰশ্নউত্তৰ । Class 6 Assamese Chapter 12 Questions with Answer.

মনোৰম মাজুলী প্ৰশ্নউত্তৰ ।  Class 6 Assamese Chapter 12 Questions with Answer. 

Class 6 Books Solutions in Assamese medium

 


Class 9 Textbooks Solutions in Assamese medium

Class 10 Textbooks Solutions in Assamese medium



follow us on

Instagram
Facebook
Subscribe Our YouTube Channel


 




      1.      দলত ভাগ হৈ পাঠটো মনযোগৰে পঢ়া আৰু তলত উল্লেখ্য কৰা দিশসমূহত কত আৰু কেননেদৰে প্ৰতিফলিত হৈছে – আলচনা কৰা

উত্তৰ : ছাত্ৰ ছাত্ৰী সকলে নিজে কৰিবলৈ চেষ্টা কৰিবা ।

       2.       বিহু, ৰাস উৎসৱ, পালনাম, ভাওনা, সবাহ আদিৰ উপৰি মাজুলীত আৰু কি  পালন কৰা হয়?

উত্তৰঃ  আলি-য়াই-লৃগাং, বাথৌ পূজা, ৰাজকৃবাং আদি উৎসৱ পালন কৰা হয়।

 3.      পাঠটো পঢ়া আৰু  লিখা।

(ক) "কি ক'বা! ইয়াত মানুহৰ সপোনে পোখা মেলে, কিন্তু বানপানী আৰু গৰাখহনীয়াই সেই পোখা মোহাৰি পেলায়।'' কথাষাৰ কোনে কি প্ৰসংগত আৰু কিয় কৈছিল?

 

উত্তৰঃ  ছাত্ৰ-ছাত্ৰীসকলে সত্ৰখন পৰিভ্ৰমণ কৰি আহি ছাৰক সুধিলে মাজুলীত মুঠতে কিমানখন সত্ৰ আছে? তেতিয়া ছাৰে দুখ মনেৰে ক'বলৈ ল'লে যে বৰ্তমান মাজুলীত সৰু বৰ বাইশখন সত্ৰ আছে। আগতে অৱশ্য়ে পয়ষষ্ঠিখন সত্ৰ আছিল। এতিয়া ইয়াত সত্ৰৰ সংখ্য়া কমি গৈছে। তেতিয়া তৎক্ষণাৎ এজন ছাত্ৰই ছাৰক সুধিলে যে পয়ষষ্ঠিখন সত্ৰৰ ভিতৰত বাইশখন হে আছেগৈ, বাকী কেইখন কি হ'? তেতিয়া বৰুৱা চাৰে উক্ত কথাষাৰ কৈছিল।

(খ) ''বুজিছা, মাজুলীৰ সত্ৰসমূহৰ ভিতৰত দক্ষিণপাট, গড়মূৰ, আউনীআটি, কমলাবাৰী, বেঙেনাআটি, চামগুৰি আদি প্ৰতিখন সত্ৰৰে সুকীয়া-সুকীয়া  বৈশিষ্ট্য আছে।'' - কোনখন সত্ৰৰ কি কি বৈশিষ্ট্য আছে?

উত্তৰঃ  আউনীআটি সত্ৰৰ পালনাম আৰু অপ্সৰা নৃত্য় অসমীয়া সংস্কৃতিলৈ বিশিষ্ট অৱদান। ইয়াৰ উপৰি অসমীয়া ঠাঁচৰ আ-অলংকাৰ আৰু বাচন-বৰ্তনৰ বাবেও ই বিখ্য়াত। কমলাবাৰী সত্ৰ শিল্প, সাহিত্য় আৰু নানান সত্ৰীয়া শৈলীৰ সংৰক্ষণ থলী। বেঙেনাআটিকে ধৰি মাজুলীৰ প্ৰায়বোৰ সত্ৰ তে সাঁচিপাতৰ পুথি আৰু হাতীদাঁতৰ বিভিন্ন অলংকাৰ, হাতীদাঁতৰ পাটী আদিও সংৰক্ষিত হৈ আছে।

       4.    মাজুলীৰ বিষয়ে ১০ টা বাক্য লিখা ।

উত্তৰঃ

১) মাজুলী গোটেই পৃথিৱীৰ ভিতৰতে বৃহৎ নদীদ্বীপ।

২) মাজুলীত বৰ্তমান ২২ খন সত্ৰ আছে।

৩) মাজুলীত থকা সত্ৰখমূহৰ প্ৰত্যকখন সত্ৰৰে সুকীয়া-সুকীয়া বৈশিষ্ট্য আছে।

৪) মাজুলীৰ বেলগুৰী সত্ৰত মহাপূৰুষ দুজনাৰ মিলন হৈছিল। এই মিলনকে মণিকাঞ্চন সংযোগ বোলে।

৫) মাজুলীত আগতে ৬৫ খন সত্ৰ আছিল। কিন্তু বানপানী আৰু গৰাহনীয়াই বহু সত্ৰ উটুৱাই নিলে।

৬) মাজুলীৰ সত্ৰসমূহৰ নাম হ'ল-  দক্ষিণপাট সত্ৰ, আউনিআটি সত্ৰ,  কমলাবাৰী সত্ৰ, চামগুৰি সত্ৰ, বেলগুৰী সত্ৰ, বেঙেনাআটি সত্ৰ গড়মূৰ সত্ৰ আদি।

৭) মাজুলীলৈ যাতায়ত কৰিবলৈ মাত্ৰ দুটা পথ আছে  এটা নিমাটীঘাটৰ পৰা আৰু আনটো উত্তৰ লক্ষীমপুৰৰ পৰা লুইত খাবলু হৈ মাজুলীলৈ।

৮) মাজুলীত প্ৰধান উৎসৱসমূহ হ'ল- বিহু, ৰাস উৎসৱ, পালনাম,  ভাওনা, সবাহৰ উপৰি আলি-য়াই-লৃগাং, ৰাজকৃবাং, বাথৌপূজা।

৯) মাজুলীৰ সত্ৰসমূহে মহাপূৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেবৰ সুমধুৰ স্মৃতি বহন কৰে।

১০) মাজুলীৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাত এই জলাশয়বোৰৰ বিশেষ ভূমিকা আছে।

 

5.      বাক্য সাজা।

উত্তৰঃ

 পৰিভ্ৰমীঃ শীতকালত অসমলৈ পৰিভ্ৰমী চৰাইৰ আগমন ঘটে । 

 

ৰহণঃ  বেলিৰ পোহৰে গছ-পাতত ৰহণ চৰায় ।

 

সংৰক্ষণঃ আমি প্ৰাকৃতিক সম্পদবোৰ সংৰক্ষণ কৰিব লাগে । 

 

মণিকূটঃ ৰহিমহঁতে সত্ৰত মণিকূটৰ পৰা আৰম্ভ কৰি চাৰি প্ৰসংগ অনুষ্ঠিত কৰা বিশেষ স্থানলৈকে সকলোবোৰ চালে।

 

সীৰলুঃ নাঙলৰ সীৰলুৱে মাটি কাটে । 

 

মনোোৰম: লুইতৰ বুকুত সূৰ্যৰ অস্ত যোৱা দৃশ্য চাবলৈ মনোৰম হৈ উঠে । 

 

কিৰীলিঃ ভাওনাৰ মুখাবোৰ দেখি ৰিমাই কিৰীলি পাৰি উঠিল।

6.      সমাৰ্থক শব্দ লিখাঃ

উত্তৰঃ

         পৃথিৱী - ধৰিত্ৰী।

         সুচল - সুবিধা ফটফটীয়া।

         আনন্দ - সুখ।

        লেখীয়া - লিখনী লিখা।

         চুই - স্পৰ্শ।

       শেষ - অন্ত।

      বেছি - বহুত।

     বিখ্যাত - প্ৰখ্যাত।

       নিশা - ৰাতি।



PUBLISHED BY ABHIMAN DAS

****** ********

 

Previous Post Next Post