আৱিষ্কাৰৰ কাহিনী প্ৰশ্ন উত্তৰ । Class 6 Assamese Chapter 13 questions with answer.

আৱিষ্কাৰৰ কাহিনী প্ৰশ্ন উত্তৰ । Class 6 Assamese Chapter 13 questions with answer. Class 6 books solutions in Assamese medium.

 

 


Class 9 Textbooks Solutions in Assamese medium

Class 10 Textbooks Solutions in Assamese medium



follow us on

Instagram
Facebook
Subscribe Our YouTube Channel


 

 


1   1. শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ বা অভিধান চাই নিজৰ বহীত লিখা।

 উত্তৰঃ

      পৰিৱহণ - এঠাইৰ পৰা আন ঠাইলৈ নিয়া প্ৰক্ৰিয়া।

      অধ্যৱসায় - কঠোৰ পৰিশ্ৰম।

      অসাধ্য - সাধ্য নথকা।

      অহৰহ - নিতৌ।

      প্ৰয়োগিক - ব্যৱহাৰিক।

      নেৰানেপেৰা - একটা কথাতে লাগি থকা।

      যুগান্তকাৰী - পুৰণি কালৰ পৰা।

      কৃতিত্ব - কাৰ্যদক্ষতা।

      নিয়ন্ত্ৰণ - নিজকে চম্ভালিব পৰা।

      সুচল - সুগম।

      গুৰুত্ব - শ্ৰেষ্ঠতা। 

      অতুলনীয় - যাৰ তুলনা নাই।

      অদম্য- যাক দমন কৰিব নোৱাৰি।

      দৃষ্টিগোচৰ - দৃষ্টি পৰা।

      দৃঢ়তা - কঠিনতা

      সান্নিধ্য - ওচৰত থকা।

      কৰ্মস্পৃহা - ৰাসৰ প্ৰতি ধাউতি বা আসক্তি।

      উপলব্ধি - অনুমান।

      প্ৰশিক্ষণ - কাৰিকৰী শিক্ষা।

      গৱেষণা - পৰ্যবেক্ষণ কৰা।

      ঘাত-প্ৰতিঘাত - দুখ-কষ্ট।

 

2.      উত্তৰ লিখা।

(ক) গুৰুপ্ৰসাদ দাসে উদ্ভাৱন কৰা যন্ত্ৰটোৰ নাম লিখা ?

উত্তৰঃ গুৰুপ্ৰসাদ দাসে উদ্ভাৱন কৰা যন্ত্ৰটোৰ নাম হ'ল ভেকুৱাম ব্ৰেক।

(খ) গুৰুপ্ৰসাদ দাসে কাৰ মটৰ গেৰেজত  কাম কৰিছিল?

উত্তৰঃ গুৰুপ্ৰসাদ দাসে ভোলানাথ বৰুৱাৰ মটৰ গেৰেজত কাম কৰিছিল।

(গ) গুৰুপ্ৰসাদ দাসৰ কৰ্মনিষ্ঠা আৰু ধৈৰ্যশক্তি কাৰ চকুত পৰিছিল?

উত্তৰঃ গুৰুপ্ৰসাদ দাসৰ কৰ্মনিষ্ঠা আৰু ধৈৰ্যশক্তি এজন বৃটিছ চাহাবৰ চকুত পৰিছিল।

 (ঘ) বৃটিছ চাহাবে গুৰুপ্ৰসাদ দাসক কোন কোম্পানীত নিযুক্তি দিছিল?

উত্তৰঃ বৃটিছ চাহাবে গুৰুপ্ৰসাদ দাসক হাওৰা ''ৱাৰ্ণ এণ্ড কোম্পানিত'' নিযুক্তি দিছিল।

(ঙ) গুৰুপ্ৰসাদ দাসে লণ্ডনৰ কোন প্ৰতিষ্ঠানত প্ৰশিক্ষণ লৈছিল?

উত্তৰঃ গুৰুপ্ৰসাদ দাসে লণ্ডনৰ ৰে'লৰ কাৰিকৰী প্ৰতিষ্ঠান ''ইনষ্টিটিউট অৱ মেকানিকেল ইঞ্জিনিয়াৰিঙত প্ৰশিক্ষণ লৈছিল।

(চ) লণ্ডনত প্ৰশিক্ষণ লৈ থকা সময়ত গুৰুপ্ৰসাদ দাসে কাৰ পৰা বৃত্তি লাভ কৰিছিল?

উত্তৰঃ লণ্ডনত প্ৰশিক্ষণ লৈ থকা সময়ত গুৰুপ্ৰসাদ দাসে অসম প্ৰশাসনৰ পৰা বৃত্তি লাভ কৰিছিল।

 (ছ) আই.আৰ.এছৰ. পদমৰ্যাদা লাভ কৰা প্ৰথম ভাৰতীয় কোন?

উত্তৰঃ আই.আৰ.এছৰ. পদমৰ্যাদা লাভ কৰা প্ৰথমজন ভাৰতীয় হৈছে- গুৰুপ্ৰসাদ দাস।

(জ) গুৰুপ্ৰসাদ দাসে উদ্ভাৱন কৰা ভেকুৱাম ব্ৰেকক কোম্পানিয়ে কি বুলি নামাকৰণ কৰিছিল?

উত্তৰঃ গুৰুপ্ৰসাদ দাসে উদ্ভাৱন কৰা ভেকুৱাম ব্ৰেকক কোম্পানিয়ে ''জি পি ব্ৰেক'' নামাকৰণ কৰিছিল।

      

      3.      চমুকৈ লিখা।

 

(ক) গুৰুপ্ৰসাদ দাস লণ্ডনলৈ কিয় গৈছিল?

উত্তৰঃ গুৰুপ্ৰাসদ দাসে ''ৱাৰ্ণ এণ্ড কোম্পানিত চাকৰি কৰি থাকোঁতে লণ্ডনৰ ৰেলৰ কাৰিকৰী প্ৰতিষ্ঠান ইনষ্টিটিউট অৱ মেকানিকেল ইঞ্জিয়ানীৰিঙত উচ্চস্তৰীয় প্ৰশিক্ষণৰ বাবে গুৰু প্ৰসাদ দাসে নিৰ্বাচিত হৈছিল বাবে প্ৰশিক্ষণ লবলৈ লণ্ডলৈ গৈছিল ।

(খ) তেওঁক অসমৰ সু-সন্তান বুলি কিয় কোৱা হৈছে? গুৰুপ্ৰসাদ দাস কেনেকুৱা ব্যক্তিত্বৰ অধিকাৰী আছিল ?

উত্তৰঃ ''ভেকুৱাম ব্ৰেকৰ জৰিয়তে ৱাৰ্ণ এণ্ড কোম্পানী প্ৰখ্য়াত হৈ উঠে। তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে কোম্পানীত ভেকুৱাম ব্ৰেকক জি.পি. ব্ৰেক বুলি নামাকৰণ কৰে। বৃটিছ চৰকাৰে তেওঁক আই.আৰ.এছ পদমৰ্যাদা দিয়ে। উল্লেখযোগ্য  যে আই.আৰ.এছ পদমৰ্যাদা লাভ কৰা গুৰুপ্ৰসাদ দাসে প্ৰথম ভাৰতীয়। গতিকে ইমানবোৰ সন্মান লাভ কৰা তথা কৃতিত্বৰে কাম কৰা গুৰুপ্ৰসাদ দাস হৈছে অসমৰ সু-সন্তান।

      

      4.      ভাব বহলাই লিখা।

(ক) অভাৱেই আৱিষ্কাৰৰ মূল।

উত্তৰঃ অভাৱ পূৰণৰ স্পৃহা মানুহৰ আদিম প্ৰবৃত্তি । মানুহৰ মনত ৰোপিত এই স্পৃহাই মানুহক যুগে যুগে আৱিষ্কাৰকৰ ৰূপত আৱিৰ্ভাৱ ঘটাইছে । অৱশ্য সকলোকে সেইবুলি আৱিষ্কাকৰক হব নোৱাৰে । আৱিষ্কাৰক হবলৈ এজন মানুহক লাগিব প্ৰবল কৰ্মনিষ্ঠা, একাগ্ৰতা, কঠোৰ পৰিশ্ৰম আৰু প্ৰচুৰ বিষয়-বস্তুগত জ্ঞান ।   এনে গুণৰ অধিকাৰজনহে আৱিষ্কাৰক ৰূপে নিজক প্ৰতিষ্ঠা কৰি দেশৰ-দহৰ কল্যাণ সাধিব পাৰে । অভাৱ পূৰণৰপ স্পৃহাৰ বাবেই গুৰুপ্ৰসাদ দাসে ভেকুৱাম ব্ৰেক  উদ্ভাৱন কৰি গুৰুপ্ৰসাদ দাসে ভেকুৱাম ব্ৰেক  উদ্ভাৱন কৰিব পাৰছিল । এতেকে আৱিষ্কাৰৰ মূল বোলা কথাষাৰ গ্ৰহণযোগ্য ।  

(খ) একান্ত অধ্যৱসায় আৰু পৰিশ্ৰমেই উন্নতিৰ মূলমন্ত্ৰ।

উত্তৰঃ গুৰুপ্ৰসাদ দাসে প্ৰথমতে সাধাৰণ গেৰেজ এটাত কাম কৰিছিল যদিও তেওঁ অতি পৰিশ্ৰমী আৰু  নতুন কথা জনা বা নতুন কাম এটা কৰাৰ একান্ত আগ্ৰহ তথা সাধনা আছিল। সেইবাবে তেওঁৰ এই অদম্য হেঁপাহ আৰু সাধনা তথা ডাঙৰ ডাঙৰ মানুহ সান্নিধ্যলয় অহাৰ বাবে পিছলৈ গেৰেজত কাম কৰিয়েই প্ৰৱেশিকা পৰীক্ষা পাছ কৰে। গেৰেজত কাম কৰি থাকোতেই তেওঁৰ পৰিশ্ৰমী গুণৰ প্ৰতি আপ্লুত হৈ এজন ইংৰাজ চাহাবে ''ৱাৰ্ণ এণ্ড কোম্পানীত'' যোগদানৰ সুযোগ দিয়ে। এই সুযোগ পোৱাৰ পিছত গুৰুপ্ৰসাদ দাসৰ উৎসাহ দুগুণ বৃদ্ধি পালে। আৰু তেওঁ অতি পৰিশ্ৰম আৰু সাধনাৰ জৰিয়তে শেষলৈ ''ভেকুৱাম ব্ৰেক'' আৱিষ্কাৰ কৰে। সাধনা অবিহনে কোনো মানুহে উন্নতি কৰিব নোৱাৰে। প্ৰত্যেক ব্যক্তিয়ে নিজৰ জীৱনত এই দুটাৰ সাৰ্থক প্ৰয়োগ ঘটাই উন্নতিৰ বাটেদি অগ্ৰসৰ উচিত ।

 

      5.    এটা শব্দত প্ৰকাশ কৰা।


উত্তৰঃ

(ক) যিজনে কোনো বস্তু বা তথ্য আৱিস্কাৰ কৰে- আৱিস্কাৰক

(খ) গোটেই জীৱন জুৰি- আজীৱন।

(গ) যিয়ে গুণীৰ গুণ বুজিব পাৰে- জ্ঞানী।

(ঘ) পুৱাই স্মৰণ কৰাৰ যোগ্য- প্ৰাতঃস্মৰণীয়।

 

 

***************

Previous Post Next Post