বিহু আদৰণি প্ৰশ্ন উত্তৰ , Class 6 Assamese Chapter 4 question answer

 বিহু আদৰণি Class 6 Assamese Chapter 4 Question answer


 

 

Class 9 Textbooks Solutions in Assamese medium

Class 10 Textbooks Solutions in Assamese medium



follow us on

Instagram
Facebook
Subscribe Our YouTube Channel

 

বিহু আদৰণি

 

      1.       চৰাইৰ বাহত থকা শব্দসমূহৰ অৰ্থ শব্দ সম্ভাৰ বা অভিধান চাই শিকি লোৱাঃ

উত্তৰঃ

     চ'তাই - চ'ত মাহক সম্বোধন কৰি মতা নাম।

    থেৰেজু - কাচিদৰীয়া পাতেৰে এবিধ ওখ গছ আৰু তাৰ ফল।

    আওলা - আগছালি।

    বৰ্হমথুৰি - ইয়াৰ থুৰি বোৰ চুবাই ছোৱালী বোৰে ওঠ ৰঙীন কৰা দেখা যায়।

    বাঁহত চাত - শলা।

    সুগৰ - পৰিস্কাৰ।

    আঁচু - কাপোৰত ফুল তুলিবলৈ বুলোৱা সুতা।

    ভমকা - ডাঙৰ আৰু উজ্জ্বল।

    ৰচঙ্গা - ৰঙচঙীয়া।

    খোলা - টান আৱৰণ

    শাল - কাপোৰ ববলৈ ব্যৱহাৰ কৰা এবিধ যন্ত্ৰ বা সজুলি।

    দিহা - যোগাৰ।

 

 

       2.      উত্তৰ দিয়া-

 

(ক) চ'তাই বুলি কবিয়ে কাক কৈছে?

উত্তৰঃ চতাই বুলি কবিয়ে চ 'ত মাহক কৈছে।

 

(খ) কবিতাটিত জেতুকা, থেৰেজুৰ লগতে আৰু কি অনাৰ কথা কোৱা হৈছে? 

উত্তৰঃ কবিতাটিত জেতুকা, থেৰেজুৰ লগতে আৰু বৰ্হমথুৰি অনাৰ কথা কোৱা হৈছে।

 

গ) মাখিয়তী আৰু তৰাৰ পঘাৰে কি জুৰি পোলোৱাৰ কথা কোৱা হৈছে?

উত্তৰঃ মাখিয়তী আৰু তৰাৰ পঘাৰে আওলা জুৰি পোলোৱাৰ কথা কোৱা হৈছে ।

 

(ঘ) বাহঁত চাত কিহেৰে সজালে?

উত্তৰঃ বাঁহৰ চাত হালধি, থেকেৰা, বেঙেনাই সজালে।

 

(ঙ) বায়ে খোপালৈ বুলি কি ফুল আনিলে?

উত্তৰঃ বায়ে খোপালৈ বুলি ৰচঙ্গা কপৌৰ ফুল আনিলে।

 

(চ) কবিয়ে চতাইক কি বুলি কাবৌ  কৰিছে?

উত্তৰঃ কবিয়ে চতাইক ৰঙালীক আদৰি আনিবলৈ কাবৌ কৰিছে।

 

 

       3.      কবিতাটিৰ কথাখিনি তোমাৰ কথাৰে লিখা।

উত্তৰঃ কবিতাটোত কবিয়ে চ'ত মাহৰ আগমনৰ লগে লগে ঢালে, পেপা বজাই ৰঙালী বিহুক আনিবলৈ কৈছে। পদূলি মুখত বাট চাই থাকিম। জেতুকা, থেৰেজু বৰ্হমথুৰি সকলো আনিলে। মাখিয়তি পাতে তৰাৰ পঘাৰে আওঁলা মানে আগ চোতাল জুৰি পেলোৱাৰ কথা কৈছে। বাঁহৰ চাত হালধি, থেকে আনি সজালে। ঢালে, টকা, পেঁপা পৰিষ্কাৰ কৰিলে। বাট চোতাল সাৰি পৰিষ্কাৰ কৰিলে। ভমকা ফুলিয়া গামাচা আয়ে শালৰ পৰা কাটিলে। বায়ে খাপোলৈ বুলি ৰচঙ্গা কপৌ ফুল আনি থ'লে। বহল পাতে নাহৰৰ ডাল পিতাই আনি থলে খুড়ীয়ে মজিয়াত তিল গুড় দিহা হৈ খালো পাতিলে। আইতাই থাপনাৰ আগ সুন্দৰকৈ মচি থৈছে। চতাইক নৰবলৈ কৈছে, কাবৌ কৰি কৈছে ৰঙালীক সোনকালে আনিবলৈ।

 

 

       4.     বাক্য ৰচনা কৰা।

উত্তৰঃ

 

জেতুকাঃ ৰঙালী বিহুৰ সময়ত ছোৱালি বোৰে হাতত জেতুকা বুলায়।

 

ভমকাঃ ৰহিমলাই গামোছা খনত ভমকা ফুল বাচিছে।

 

আঁচুঃ ৰেখাই শালৰ গামোছা খনত আচু ৰ ভমকা ফুল দি কাটিলে।

 

শালঃ ৰহিলাই এইবাৰ শালত গামোছা লগাইছে।

 

দিহাঃ আনৰ ভাল দিহা বোৰ মন দি শুনিব লাগে।

 

 

 

      5.        লিংগ নিৰ্ণয় কৰি তালিকা পূৰ কৰা

 

    খুড়ী, আইতা, বাইদেউ, আই, পিতাই, ককাই, শাহু, ননন্দ, জোঁৱাই

 উত্তৰঃ

      পুং লিংগঃ পিতা, ককাই, জোৱাই।

 

      স্ত্ৰী লিংগঃ খুড়ী, আইতা, বাইদেউ, শাহু, ননন্দ।

 

 

      6.        শব্দবোৰ বহুবচনত প্ৰকাশ কৰা

 

ককাই, গামোচা, মানুহ, পিঠা, বাইদেউ

উত্তৰঃ ককাইহঁত,  গামোচাবোৰ, মানুহবোৰ, পিঠাবোৰ, বাইদেউহঁত।

 

      7.        অৰ্থ প্ৰকাশ হোৱাকৈ তলৰ শব্দবোৰেৰে বাক্য সাজা-

 

উত্তৰঃ

টকাঃ ৰামে আঠলাখ টকা দি গাড়ীখন কিনিলে।

টকাঃ ৰহিমে হুছৰি গাবলৈ ঢোল, টকা, পেপা যোগাৰ কৰিলে।

বাতঃ  কোমোৰা আৰু হাঁহৰ আঞ্জা খায় মাৰ বাত বিষ নাইকিয়া হ'ল।

বাটঃ ৰহিমলাই চোতাল-বাট সাৰি গধূলি প্ৰাৰ্থনা কৰিবলৈ গ'ল।

থালঃ শাহুৱেকে নতুন কইনাক আদৰিবলৈ ধূপ-ধুনাৰে স'তে থাল খন লৈ গ'ল।

ঠালঃ আমডালৰ ঠাল-ঠেঙুলিবোৰ লহপহ কৈ বাঢ়িছে।

জুৰিঃ আমাৰ গাৱত এটা জুৰি আছে।

জুৰিঃ সৰু কোঠাটোত যেনে-তেনে সকলোবিলাক বস্তু জুৰিছে।

 

 

       8.        ৰচনাৰ আৰ্হিত বিহুৰ বিষয়ে দহটা বাক্য লিখা।

উত্তৰঃ বিহু আমাৰ জাতীয় উৎসৱ। বিহু বুলি ক'লে ডেকা, বুঢ়া, জীয়ৰী, বোৱাৰী আদিৰ মনত অপাৰ আনন্দ। বিহু আমাৰ তিনিটা। বহাগ বিহু ৰঙালী, কাতি বিহু কঙালী আৰু মাঘৰ বিহু ভোগালী। চ'ত মাহৰ সংক্ৰান্তিৰ দিনা গৰু বিহু বুলি কোৱা হয়। সেইদিনা গৰুক মাহ-হালধিয়ে গা ধোৱাই লাওঁ - বেঙেনা আদি গৰুৰ গালৈ মাৰি দিয়া হয়। তাৰ পিছৰ দিনা মানুহৰ বিহু সেইদিনা মানুহে মাহ - হালধিয়ে গা ধোয়ে। বহাগ বিহুত সন্ধিয়া সময়ত হুছৰি গায় আৰু ইঘৰে সিঘৰত চাহ জলপান খাবলৈ যায়। কাতি বিহুত ৰাতি তুলসীৰ তলত চাকি-বন্তি দি নাম গায়। মাঘৰ বিহুৰ দিনা সকলোৱে ৰাতিপোৱা গা ধুই মেজি জ্বলাই আৰু ৰাতি সকলোৱে ভেলাঘৰত ভোজ-ভাত খায়।

 

 

      9.       তোমালোকৰ অঞ্চলত ৰঙালী বিহু কেনেদৰে উদযাপন কৰা হয়   লিখা।

উত্তৰঃ আমাৰ অঞ্চলত ৰঙালী বিহু খুউব আনন্দ আৰু উৎসাহেৰে উদযাপন কৰা হয়। আমাৰ অঞ্চলত ৰঙালী বিহুত প্ৰথম দিনা গৰু বিহু উদযাপন কৰা হয় সেইদিনা গৰুক মাহ-হালধিৰে গা ধোওৱা হয়। পিছদিনা মানুহৰ বিহু। সেইদিনা মানুহে মাহ-হালধিৰে গা ধুৱে। আৰু ডেকা-গাভৰু সকলোৱে হুচৰি গায়। এই বিহু ৭ দিন পালন কৰা হয়।

 

 

      10.    দলত আলোচনা কৰি বস্তুকেইপদৰে আমি কি কি কৰোঁ লিখা।

উত্তৰঃ

(ক) জেতুকা পাত - হাতত বুলায় লওঁ।

 

(খ) বৰ্হমথুৰি - ইয়াৰ থুৰিবোৰ চুবাই ছোৱালীবোৰে ওঠ ৰঙীন কৰে।

 

(গ) পঘা - গৰু বান্ধো।

 

(ঘ) কপৌফুল - বহাগ বিহুত ছোৱালী বোৰে খোপাত বুলাই লয়।

 

(ঙ) বিহুৱান - এইখনেৰে মান্যৱান ব্যক্তিক সম্বোধন জনায়।

 

(চ) মাখিয়তী - এই গছৰ পাতেৰে গৰু বিহুৰ দিনা আওলা বনায় আৰু গৰুক কুবোৱা হয়।

 

  

      11.    তলত উল্লেখ কৰা বাদ্যসমূহৰ কোনকেইবিধ বাদ্য বিহুগীত বা বিহুনাচত ব্যৱহাৰ কৰা হয় দলত আলোচনা কৰি লিখা।

পেঁপা, গগণা, ঢোল, হাৰমনিয়াম, খোল, তাল, সুতুলি, ঢাক, টকা, গীটাৰ।

 

উত্তৰঃ পেঁপা, গগণা, ঢোল, তাল আৰু সুতুলি।



                                             ********* 

follow us on

Instagram
Facebook
Subscribe Our YouTube Channel

 

 

PUBLISHED BY ABHIMAN DAS


                       **********

 

Previous Post Next Post