Class 11 Assaese chapter 1 Additional Question Answers (ধনৰ ব্যৱহাৰ) একাদশ শ্ৰেণী অধ্যায় ১ অতিৰিক্ত প্ৰশ্নোত্তৰ

Class 11 Assaese chapter 1 Additional Question Answers (ধনৰ ব্যৱহাৰ)  একাদশ শ্ৰেণী অধ্যায় ১ অতিৰিক্ত প্ৰশ্নোত্তৰ 






Class 9 Textbooks Solutions in Assamese medium

Class 10 Textbooks Solutions in Assamese medium



follow us on

Instagram
Facebook
Subscribe Our YouTube Channel


    


অতিৰিক্ত প্ৰশ্নোত্তৰ


১। সত্যনাথ বৰাৰ জন্ম কেতিয়া হৈছিল?

উত্তৰঃ ১৮৬০ চনত ।

২। সত্যনাথ বৰাৰ প্ৰথম প্ৰকাশিত গ্ৰন্থৰ নাম  কি আৰু কিমান চনত প্ৰকাশিত হৈছিল?

উত্তৰঃ গীতাৱলী, ১৮৮৮ চনত প্ৰকাশিত হৈছিল ।

৩। বহল ব্যাকৰণ কৰা ৰচনা?

উত্তৰঃ সত্যনাথ বৰাৰ ।

৪। অসমীয়া সাহিত্যৰ বিজ্ঞান বিষয়ক প্ৰথমখন গ্ৰন্থৰ নাম লিখা ।

উত্তৰঃ আকাশ ৰহস্য ।

৫। অসমীয়া সাহিত্যত বেকন হিচাপে কাক জনা যায়?

উত্তৰঃ সত্যনাথ বৰা ।

৬। সত্যনাথ বৰাই ৰচনা কৰা চাৰিখন গ্ৰন্থৰ নাম লিখা ।

উত্তৰঃ কেন্দ্ৰসভা, সাহিত্যবিচাৰ, চিন্তাকালি, সাৰথি ।

৭। অসমীয়া গদ্যসাহিত্যৰ জন্মদাতা কোন?

উত্তৰঃ ভট্টদেৱ ।

৮। ধনৰ ব্যৱহাৰ শীৰ্ষক পাঠটি কৰ পৰা লোৱা হৈছে ?

উত্তৰঃ সাৰথি নামৰ গ্ৰন্থৰ পৰা ।

৯। সত্যনাথ বৰাৰ কোন যুগৰ লেখক ?

উত্তৰঃ জোনাকী যুগৰ ।

১০। সাহিত্যবিচাৰ কাৰ ৰচনা ?

উত্তৰঃ সত্যনাথ বৰাৰ ।

১১। কৃপণৰ বিবেচনাত উত্তম ভোজন আৰু উত্তম পিন্ধন কি ?

উত্তৰঃ কৃপণৰ বিবেচনাত উত্তম ভোজন খঁক আৰু উত্তম পিন্ধন গপ ।

১২। ঋণক কিয় ব্যাধি বুলি কোৱা হয় ?

উত্তৰঃ ব্যাধিয়ে মানুহৰ তেজ-বল-ক্ষয় কৰাৰ নিচিনাকৈ ধনেও মানুহৰ অৱস্থা দিনক-দিনে তললৈ নি থাকে ব্যাধি হলে যেনেকৈ গুচাবলৈ টান, ঋণো এবাৰ হলে গুচাবলৈ টান । বৰঞ্চ ক্ৰমে ক্ৰমেই বাঢ়িহে যায় । ব্যাধিয়ে শৰীৰৰ উদগতি হব নিদিয়ে, ঋণে মানুহৰ অৱস্থাৰ উদগতি হব নিদিয়ে । সেয়েহে ঋণক ব্যাধি বুলি কোৱা হয় ।

১৩। কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজৰ সাদৃশ্য কি ?

উত্তৰঃ কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজৰ সাদৃশ্যটো হল- দুয়োজনে ধনৰ উচিত ব্যৱহাৰ নাজানে ।

১৪। খুচুৰীয়া খৰচক কিয় গুপ্ত শত্ৰু আখ্যা দিয়া হয়?

উত্তৰঃ খুচুৰীয়া খৰচ কম পৰিমাণৰ হয় বাবে সি সহজে মানুহৰ চকুত ধৰা নপৰে । কিন্তু বছৰেকৰ খুচুৰীয়া খৰচ একগোট কৰিলে দেখা যায় যে সিহঁত ডাঙৰ খৰচতকৈ পৰিমাণত বেছিহে হয়গৈ । এনে খৰচ বেছিকৈ কৰিলে সি মানুহক ক্ৰমাণ্বয়ে দুখীয়া কৰি আনে । এনে খৰচৰ গতি চোৰাং আৰু ই মানুহক গুপ্ত শত্ৰুৰ নিচিনাকৈ গম নোপোৱাকৈ অনিষ্ট কৰে ।

 

 


Written By

Krishna Das 


Follow us on


YouTube : @DigitalPipalAcademy                                                E MAIL : info@pipalacademy.com

Instagram: pipal_academy                                                              Facebook : digitalpipalacademy

 

यदि आप हमारी लिखित शैली से मुग्ध हैंतो हमारी वेबसाइट पर हमारी दुनिया में गहराई से गोता लगाएँ।


Previous Post Next Post