Assamese Model Questions paper for Half Yearly Examination-2023 Class-VII Assamese Medium

Assamese Model  Questions paper for Half Yearly Examination-2023 Class-VII Assamese Medium

 

Class 7 Half Yearly Question Paper 2023-24 | Class 7 Half Yearly Assamese Question Paper 2022-2023 | Class 7 Half Yearly Question Paper 2022-2023 in Assamese Medium | Class 7 1st &  2nd Unit Test All Question Paper 2022 -2023 in Assamese Medium.

 

Class 7 Half Yearly Model Question Paper 2023 in Assamese Medium

 

Subjects (বিষয়)
Solutions Links
General Mathematics (সাধাৰণ গণিত)
Click here
General Science (সাধাৰণ বিজ্ঞান)
Click here
Social Science (সমাজ বিজ্ঞান)
Click here
English (ইংৰাজী)
Click here
Assamese MIL (অসমীয়া)
Click here
Hindi (হিন্দী)
Click here
Follow us on Instagram
Click here

 

 

 

 

More Resources For Class 10 Solutions in Assamese Medium




    More Resources For Class 9 Solutions in Assamese Medium

 

 

Model Question Paper For

Half Yearly Examination 2023

MIL (Assamese)

Medium: Assamese

Total marks: 100

 

 

 

Design By

Digital Pipal Academy

 

www.pipalacademy.in , www.pipalacademy.com  


Model Question Paper For

Half Yearly Examination-2023

Class: VII

Subject: Assamese

Time 3 Hours                                                                                                               Full Marks -100

১। জতুৱাৰ জঁট কবিতাটিৰ প্ৰথম ছয়শাৰী মূখস্থ লিখা।                                                                      6

উত্তৰ:

জতুৱাৰ জঁট

আকাশত চাং পতা’ ‘নপতা ফুকনে

অহুকাণে-পহুকাণে' বহুকথা শুনে,

আলাসৰ লাড়ু খায় গা-নচুৱাই

আটোম-টোকাৰিটিও গাই বাই চায়

অঁকৰা উঠিলে মৈতলাগে হুৱা-দুৱা';

সাধ্য নাই কাৰো তাক সহজে নমোৱা ৷

কবি: শ্ৰী গগন চন্দ্ৰ অধিকাৰী

অথবা

তেজৰে কমলাপতি বৰগীতটোৰ প্ৰথম দহশাৰী মূখস্থ লিখা।                                                        10

উত্তৰ:

তেজৰে কমলাপতি

ধ্ৰুং- তেজৰে কমলাপতি পৰভাতে নিন্দ।

তেৰি চান্দ মুখ পেখোঁ উঠৰে গোৱিন্দ।।

পদ- ৰয়নী বিদূৰ দিশ ধৱলী বৰণ।

 তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ।।

শতপত্র বিকশিত ভ্ৰমৰ উৰায় ।

 ব্রজবধূ দধি মথে তুৱা গুণ গাই ।।

 দাম-সুদাম ডাকে তেৰি লৈয়া নাম।

 হেৰ দেখ উঠিয়া আসিল বলৰাম।।

 নন্দ গেল বাথানে গোৱাল গেল পাল।

 সুভী চাৰিতে লাগে উঠৰে গোপাল ।।

শ্ৰী শ্ৰী মাধৱদেৱ

২।                                                                                                                          1x10 = 10

ক) তলত দিয়া শব্দ কেইটাৰ অৰ্থ লিখা ।

      ভ্ৰমৰ, সকালে

উত্তৰ: ভ্ৰমৰ -------- ভোমাৰা

      সকালে -------- পুৱা

খ) চহকী মানুহজন কোন দেশৰ আছিল ?

উত্তৰ: চহকী মানুহজন আচিক দেশৰ আছিল

গ) আনন্দৰাম বৰুৱাৰ জন্ম ক'ত হৈছিল ?

উত্তৰ: আনন্দৰাম বৰুৱাৰ জন্ম উত্তৰ গুৱাহাটীৰ ৰজা দুৱাৰত হৈছিল

ঘ) শৈলবালাই ভোগি থকা বেমাৰটোৰ নাম কি ?

উত্তৰ: শৈলবালাই ভোগি থকা বেমাৰটোৰ নাম হল মৃগী বেমাৰ

ঙ) সময়ৰ টিকনিডাল হেনো আগফালে উৰে ”- এই বাক্য শাৰী কোনে কৈছিল ?

 

 

উত্তৰ: এই বাক্যশাৰী হুনমিলিয়ে কৈছিল।

চ) লেখকে কোনখন ঠাইক স্বৰ্গটো অধিক জনমভূমি বুলি কৈছে ?

উত্তৰ: লেখকে অসমখনক স্বৰ্গত অধিক জনম ভূমি ' বুলি কৈছে ।

ছ) নিধনীৰামৰ ঘৰ কত আছিল ?

উত্তৰ: নিধনীৰামৰ ঘৰ সোণাপুৰত আছিল।

জ) কোন চনৰ ভূমিকম্পৰ পৰা অসমত বানপানীৰ প্ৰকোপ বাঢ়িল ?

উত্তৰ: ১৯৫০ চনৰ ভূমিকম্পটোৰ পৰা অসমত বানপানীৰ প্ৰকোপ বাঢ়িল।

ঝ) চানডুবি বিল কেনেকৈ সৃষ্টি হল ?

উত্তৰ:  ভূমিকম্পৰ ফলত চানডুবি বিলৰ সৃষ্টি হৈছিল।

ঞ) হুনমিলি, শৈলহঁতে কিয় বকুল ফুল বুটলিছিল ?        

উত্তৰ:     হুনমিলি, শৈলহঁতে  মালা  গাঁঠী ছাৰ,  বাইদেউ সকলক শ্ৰদ্ধা আৰু সম্ভাষণ  জনাবলৈ বকুল ফুল বুটলিছিল ।                                         

3x10= 30

ক) চমুটোকা লিখা- শ্ৰী শ্ৰী মাধৱ দেৱ

উত্তৰ: শ্ৰীশ্ৰীমাধৱদেৱ :উত্তৰ লখিমপুৰ (পুৰণি লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ ওচৰৰ লেটেকুপুখুৰী নামৰ ঠাইত মহাপুৰুষ মাধৱদেৱৰ জন্ম হয়। মহাপুৰুষজনাৰ পিতৃ-মাতৃ আছিল ক্ৰমে গোৱিন্দগিৰী আৰু মনোৰমা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য আছিল মহাপুৰুষ মাধৱদেৱ। তেখেতে বহুমুখী প্ৰতিভাৰ অধিকাৰী মহাপুৰুষ মাধৱদেৱ আছিল একাধাৰে কবি, নাট্যকাৰ, গীতিকাৰ, সুগায়ক আৰু ধৰ্ম প্ৰচাৰক। তেখেতৰ শ্ৰেষ্ঠ কৃতি হ'নাম-ঘোষা

খ) বাপেকে ছোৱালীজনীক দিয়া বনকৰা পাট কাপোৰখনৰ বিশেষত্ব কি আছিল লিখা ।

উত্তৰ: বাপেকে ছোৱালীজনীক দিয়া বনকৰা পাটৰ কাপোৰখনৰ বিশেষত্ব কাপোৰখন আছিল কালিকা লগা । এটা মন্ত্র উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হব আৰু কাপোৰখন চৰাইৰ পাখি আৰু নেজ হৈ পৰিব । এয়াই আছিল বিশেষত্ব ।

গ) গিৰিয়েকে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকে কি কৰিলে আৰু শেষত তাইৰ কি হল ?

উত্তৰ: গিৰিয়েকজনে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকেও মন্ত্রযাৰ উচ্চাৰণ কৰিবলৈ পাহৰি

কি কৰিলা ঔবুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে আৰু লগে লগে তায়ো এজনী চৰাইৰ ৰূপ পালে ।

ঘ) পণ্ডিত আনন্দৰাম বৰুৱাৰ কৰ্ম জীৱনৰ বিষয়ে লিখা ।

উত্তৰ: আই. ছি. এছ. পৰীক্ষা পাছ কাৰৰ পিছত স্বদেশলৈ উভতি আহি আনন্দৰাম বৰুৱাই প্রথমে শিৱসাগৰ জিলাত সহকাৰী মেজিষ্ট্রেট হিচাপে যোগদান কৰিছিল । তাৰ পিছত মৈমনসিং জিলাৰ সহকাৰী মেজিষ্ট্রেট আৰু কলেক্টৰ হিচাপে চাকৰি কৰিছিল । বিভিন্ন জিলাত উচ্চপদস্থ বিষয় হিচাপে চাকৰি কৰি ১৮৮৪ চনত নাৱাখালি জিলাৰ মেজিষ্ট্রেট নিযুক্ত হৈছিল । সেই সময়ত তেওঁ বংগদেশৰ ভালেমান উন্নয়নমূলক কাম কৰিছিল ।

 

 

ঙ) আমাৰ ৰাজ্যখনৰ নাম অসম দেশকেনেকৈ হল ?

উত্তৰ: যেতিয়া স্বান জাতীয় ৰজা চুকাফাই পাটকাই পৰ্বত পাৰ হৈ আহি উজনি অসম অধিকাৰ কৰে, তেতিয়া সৌমাৰৰ সোমসকলে স্বানজাতীয় লোকসকলক আসোম বা অসম বুলিছিল। পিছলৈ আসোমবা অসমশব্দই স্বানজাতিৰ মানুহৰ মুখত পৰি আহোমবা অসমৰূপে উচ্চাৰিত হয়। বৰ্তমানৰ আহোমসকলক যে পূর্বতে আহোম বা অসম বোলা হৈছিল, সেই কথা পুৰণি পুথি আদিৰ পৰা জনা যায়। অসম বা আহোম জাতিয়ে এই দেশ অধিকাৰ কৰাৰ বাবে ইয়াৰ নাম অসমৰ দেশবা অসম দেশল।

চ) লক্ষ্মীনাথ বেজবৰুৱাক কিয় সাহিত্যৰথী উপাধি দিয়া হৈছিল ?

উত্তৰ: অসমীয়া সাহিত্যৰ প্ৰায় সকলো দিশলৈ আগবঢ়োৱা বৰঙণিৰ বাবে তেখেতক সাহিত্যৰথী ওপাধিৰে সন্মানিত কৰা হৈছিল।

ছ) প্রাকৃতিক দুৰ্যোগৰ বিষয়ে কি জানা লিখা ।

উত্তৰ: যিবোৰ প্ৰাকৃতিক পৰিঘটনাৰ ফলত মানুহৰ লগতে অন্যান্য জীৱ-জন্তু, চৰাই-চিৰিকতি, গছ-গছনি আদিৰ নানান ক্ষয়-ক্ষতি, আলাই-আথানি হয় সেইবোৰক প্ৰাকৃতিক দুৰ্যোগ বুলি কোৱা হয়। যেনে ধুমুহা, বানপানী, ভূমিকম্প, ভূমিস্খলন, আগ্নেয়গিৰি, ছুনামি আদি।

জ) ভূমিকম্প হলে লব লগা সাৱধানতা সম্পর্কে লিখা ।

উত্তৰ: ঘৰত ভিতৰত সামাই নাথাকি মুকলি ঠাইত বহি ৰওক । ঘৰৰ ভিতৰত থাকিলে ঘৰৰ চুক , পালেং মেজ আদিৰ তলত আশ্রয় লব । গছৰ তল আৰু ওখ দালানৰ ওচৰত আশ্রয় নলব । হতাশ নহ, ভয়ত দৌৰা দৌৰি নকৰিব ।

ঝ) তেজেৰে কমলা পতি বৰগীতটোত যশোদাই কৃষ্ণক ৰাতিপুৱা টোপনিৰ পৰা কেনেদৰে উঠাইছিল ?

উত্তৰ: যশোদাই কৃষ্ণক কৈছে যে ৰাতিৰ আন্ধাৰ আঁতৰি গৈ চৌদিশ সূৰ্যৰ পোহৰত আলোকিত হৈ পৰিছে। পদুম ফুলবোৰ ফুলি উঠিছে আৰু তাৰ ওপৰত ভোমোৰবোৰ উৰি ফুৰিছে। ব্রজবধূসকলে কৃষ্ণৰ নামগুণ গাই দধি মথি আছে। কৃষ্ণৰ লগৰীয়া দাম সুদামে কৃষ্ণক মাতিবলৈ ধৰিছে। বলৰামে শয্যা ত্যাগ কৰি উঠি আহিছে। নন্দ বাথানলৈ গৈছে আৰু গোৱালসকলে গৰুৰ পাল চৰাবলৈ লৈ গৈছে। গতিকে কৃষ্ণই শোৱাপাটী ত্যাগ কৰি উঠি আহিব লাগে আৰু গৰু চৰাবলৈ যাব লাগে।

৪। বাক্য ৰচনা কৰা -                                                                                                      2x5=10

জাকত জিলিকা, গুথুগুল, চতুৰালি, আটোম তোকাৰি, গাই বাই চা ।

উত্তৰ:

জাকত জিলিকা : জাকত জিলিকা গাঁওখন সকলোৰে প্ৰিয়।

গুথুগুল : আজি তেঁওৰ মন টো বৰ উগুল- থুগুল লাগি আছে ।

চতুৰালি: অধিক চতুৰালি বেয়া ।

আটোম টোকাৰি : ঘৰখন সৰু হল - কিনো হ? কেনে আটোমটোকাৰীকৈৰাখিছা ; সেয়েহে কয় -আপডালৰবস্তু কিংকৰৰ ধন !

গাই বাই চা : প্ৰধানৰ ওচৰত গাই বাই চাইহে তাৰ সন্তানটিৰ নামভৰ্তি ঠিক হ'ল।

৫। লিংগ পৰিবৰ্তন কৰা                                                                                                     1x5=5

বোন্দা, ৰানী, পুৰু, খুড়া, মামা

উত্তৰ:

পুংলিঙ্গ                              স্ত্ৰীলিঙ্গ

বোন্দা   -----------------   জাই

ৰানী      -----------------   ৰজা

পুৰু     -----------------   মহিলা

খুড়া    -----------------     খূৰী

মামা     -----------------    মামী

 

 

৬। এটা শব্দত প্ৰকাশ কৰা                                                                                                1x5=5

ক) বিহুৰ আগদিনা

খ) গৰু বন্ধা ঘ

গ) খাবলৈ অনা কলপুলি

ঘ) মাক বাপেক নোহোৱা লৰা ছোৱালী

ঙ) দুটা মাহৰ মাজৰ দিনটো ।

চ) আনৰ ভাল দেখিব নোৱৰা ।

ছ) ঘুনুক-ঘানাককৈ যি কথা শুনা যায় ।

জ) যিজন মাক-দেউতাকৰ অতি মৰমৰ ।

ঝ) যি নিয়মমতে খৰছ কৰে ।

উত্তৰ:

ক) বিহুৰ আগদিনা

 উৰুকা

খ) গৰু বন্ধা ঘ

গোহালী

গ) খাবলৈ অনা কলপুলি

পচলা

ঘ) মাক বাপেক নোহোৱা লৰা ছোৱালী

ঘাটমাউৰা

ঙ) দুটা মাহৰ মাজৰ দিনটো ।

দোমাহী বা সংক্ৰান্তি

চ) আনৰ ভাল দেখিব নোৱৰা ।

ছ) ঘুনুক-ঘানাককৈ যি কথা শুনা যায় ।

জ) যিজন মাক-দেউতাকৰ অতি মৰমৰ ।

ঝ) যি নিয়মমতে খৰছ কৰে ।

চকুচৰহা

পহুকো

আলাসৰ লাড়ু

মিতব্যায়ী



৭/ বিপৰীত শব্দ লিখ ।                                                                                                      1x5=5

কৃতকাৰ্য্য, শান্তি, উন্নতি, বেয়া, ভাল

উত্তৰ:

শব্দ   

বিপৰীত শব্দ

কৃতকাৰ্য্য

কৃতকাৰ্য্য

শান্তি

অশান্তি

উন্নতি

অনুন্নতি

বেয়া

ভাল

ভাল

বেয়া

 

৮। চমুটোকা লিখা -                                                                                                        3x5=15

ক) বৰগী

খ) ব্ৰজাৱলী ভাষা

গ) নলিনীবালা দেৱী

ঘ) কল্পনা চাওলা

 

উত্তৰ:

ক) বৰগী:  বৰগীত হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱে ৰচনা কৰা 'ৰাম কৃষ্ণ'ৰ লীলা বিষয়ক আধ্যাত্মিক গীত। মহাপুৰুষ মাধৱদেৱৰ ৰচিত বৰগীতটোত কৃষ্ণৰ বাল্যকালৰ মহিমাৰ চিত্ৰ প্ৰতিফলিত হৈছে। এই বৰগীতবোৰ ব্ৰজাৱলী ভাষাত ৰচিত বৰগীতসমূহ নিৰ্দিষ্ট ৰাগ আৰু তালত বন্ধা। এই গীত পৰিৱেশন কৰোঁতে খোল, তাল আৰু মৃদংগ বজোৱা হয়। গীতবোৰ পুৱা, দুপৰীয়া আৰু সন্ধিয়াৰ প্ৰসংগত গোৱা হয়।

 

খ) ব্ৰজাৱলী ভাষা : ব্ৰজাৱলী ভাষা হ'ল শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱ প্ৰমুখ্যে বৈষ্ণৱ কবিসকলে ব্যৱহাৰ কৰা এটা ধৰ্মীয় ভাষা। ই মৈথিলী আৰু অসমীয়া আদি ভাষাৰ সংমিশ্ৰণত সৃষ্টি হোৱা শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱে নাট আৰু বৰগীতসমূহত ব্ৰজাৱলী ভাষা ব্যৱহাৰ কৰিছিল। ইয়াৰ অন্য নাম 'ব্রজবুলি' ভাষা।

 

গ) নলিনীবালা দেৱী : অসমৰ মহিলা কবিসকলৰ ভিতৰত নলিনী বালা দেৱী এগৰাকী প্রতিষ্ঠিত কবি। তেখেতৰ জন্ম বৰপেটাত। তেখেত স্বাধীনতা সংগ্রামী কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈৰ জীয়ৰী।  সন্ধিয়াৰ সুৰ’, ‘সপোনৰ সুৰ’, ‘পৰশমণি' আদি হ'ল তেখেতৰ উল্লেখযোগ্য কবিতাৰ পুথি। মীৰাবাঈ', ‘শেষ পূজা’, ‘পাৰিজাতৰ অভিষেকআদি শিশু নাটিকাৰ লগতে তেখেতে আত্মজীবনী আৰু দেউতাকৰ জীৱনীও লিখি থৈ গৈছে। 'পদ্মশ্রী' সন্মান লাভ কৰা কবি নলিনী বালা দেৱী আমাৰ চিৰনমস্য।

 

ঘ) কল্পনা চাওলা : কল্পনা চাওলা এগৰাকী ভাৰতীয় মূলৰ আমেৰিকাবাসী মহাকাশ অভিযন্তা আছিল। তেওঁ ভাৰতীয় মূলৰ প্ৰথমগৰাকী মহিলা মহাকাশচাৰী আছিল। ১৯৯৭ চনত চাওলাই প্ৰথমবাৰৰ বাবে "অভিযান বিশেষজ্ঞ' আৰু মূল ''বটিক আম অপাৰেট'ৰ হিচাপে মহাকাশযান 'কলম্বিয়াৰ যাত্রীরূপে মহাকাশলৈ উৰা মাৰিছিল। ২০০৩ চনত দ্বিতীয়বাৰ মহাকাশ অভিযানলৈ গৈ উভতি আহোতে কলম্বিয়া মহাকাশযানখন পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ মুহূৰ্তত ধ্বংস হয়। সেই দুৰ্ঘটনাত যানখনৰ ছয়গৰাকী সহযাত্রী মহাকাশচাৰীৰ সৈতে কল্পনা চাওলাৰো মৃত্যু হয়। প্রয়াত কল্পনা চাওলাক ভাৰতৰ ৰাষ্ট্ৰীয় | বীৰাঙ্গনাৰূপে (National Hero) স্বীকৃতি দিয়া হৈছে। তদুপৰি, পৃথিৱীৰ ভালেমান দেশৰ বিশ্ববিদ্যালয় আৰু অন্যান্য প্রতিষ্ঠানে মৰণোত্তৰভাৱে তেওঁক সম্মান যাচিছে।

 

 

৯। শ্রুতলিপি                                                                                                                         10

Follow us on

 


YouTube : @DigitalPipalAcademy

E MAIL : info@pipalacademy.com

Instagram: pipal_academy

Facebook : digitalpipalacademy


 

If you're fascinated by our writing style, dive deeper into our world on our website.

 

 

Class 7 Half Yearly Model Question Paper 2023 in Assamese Medium

 

Subjects (বিষয়)
Solutions Links
General Mathematics (সাধাৰণ গণিত)
Click here
General Science (সাধাৰণ বিজ্ঞান)
Click here
Social Science (সমাজ বিজ্ঞান)
Click here
English (ইংৰাজী)
Click here
Assamese MIL (অসমীয়া)
Click here
Hindi (হিন্দী)
Click here
Follow us on Instagram
Click here

 

 
Previous Post Next Post