তৰ্কবিজ্ঞান আৰু দৰ্শন প্ৰশ্ন উত্তৰ Class 12 Logic & Philosophy Question Answer

 

তৰ্কবিজ্ঞান আৰু দৰ্শন প্ৰশ্ন উত্তৰ  Class 12 Logic & Philosophy Question Answer

More Resources For Class 10 Solutions in Assamese Medium


     




    More Resources For Class 9 Solutions in Assamese Medium



MCQ Questions for class 10 Maths

Class 10 Maths Model MCQ. Just click on the  links given below to practice the Maths solutions

Class 10 Maths Model Solutions Links
Class 10 Maths MCQ Questions Click Here
Class 10 Maths Important Questions Click Here
Subscribe our Youtube Channel Click Here


     

অতিৰিক্ত প্ৰশ্নোত্তৰঃ

১। তৰ্কবিজ্ঞানক সাধাৰণতে কিহৰ বিজ্ঞান বুলি কোৱা হয় ?

উত্তৰঃ অনুমানৰ বিজ্ঞান ।

২। যুক্তি কাক বোলে ?

উত্তৰঃ অনুমানক যেতিয়া ভাষাৰ মাধ্যমত প্ৰকাশ কৰা হয়, তেতিয়া তাক যুক্তি বোলে ।

৩। কোনো এটা বচন বিশ্লেষণ কৰিলে কেইটা অংশ পোৱা যায় ? অংশকেইটা কি কি ?

উত্তৰঃ কোনো এটা বচন বিশ্লেষণ কৰিলে তিনিটা অংশ পোৱা যায় । অংশকেইটা হল-

             ১। উদ্দেশ্য

             ২। সংযোজক আৰু

             ৩। বিধেয়ক

৪। উদ্দেশ্য কাক বোলে ?

উত্তৰঃ বচনত যাৰ বিষয়ে কিবা কোৱা হয় অৰ্থাত স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাকে উদ্দেশ্য বোলা হয় ।

৫। বিধেয় কাক বোলে ?

উত্তৰঃ উদ্দেশ্য সম্পৰ্কে যি কোৱা হয় অৰ্থাত স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাকে বিধেয় বোলে ।

৬। সংযোজক কাক বোলে ?

উত্তৰঃ উদ্দেশ্য আৰু বিধেয়ৰ মাজত থকা সম্বন্ধ সূচক শব্দক সংযোজক বোলা হয় ।

 

 

পদ (tern): যি শব্দ বা শব্দসমষ্টি আন কোনো শব্দৰ সহায় নোলোৱাকৈ নিজে নিজে কোনো বচনৰ উদ্দেশ্য নাইবা বিধেয় ৰুপে ব্যৱহিত হয় তাকে পদ বোলে ।

১। শব্দ কাক বোলে ?

উত্তৰঃ অৰ্থযুক্ত বৰ্ণ বা বৰ্ণৰ সমষ্টিক শব্দ বোলে ।

Or

    কোনো এটা বৰ্ণ বা এটাতকৈ অধিক বৰ্ণ লগ লাগি কোনো এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰে, তেতিয়া তাক শব্দ বোলে ।

Note: সকলো পদ এটা বা এটাতকৈ অধিক শব্দেৰে গঠিত হয় ।

 

তৰ্কবিজ্ঞান

      

১। তৰ্কবিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ শব্দটো কোনটো গ্ৰীক শব্দৰ পৰা উদ্ভৱ Logic হৈছে ?

উত্তৰঃ Logic শব্দৰ পৰা ।

২। Logos শব্দৰ অৰ্থ কি ?

উত্তৰঃ Logos শব্দৰ অৰ্থ হৈছে চিন্তা বা চিন্তাৰ প্ৰকাশ হিচাপে শব্দ ।

৩। তৰ্কবিজ্ঞান মানে কি ?

উত্তৰঃ ভাষাত প্ৰকাশিত চিন্তাৰ বিজ্ঞানক তৰ্কবিজ্ঞান বুলি কোৱা হয় ।

৪। বিজ্ঞানৰ সংজ্ঞা দিয়া ।

উত্তৰঃ প্ৰকৃতিৰ কোনো এটা নিৰ্দিষ্ট বিভাগ সম্পৰ্কে সুসংঘবদ্ধ, সাধাৰণ, যুক্তিনিষ্ঠ, প্ৰামাণিক, যথাৰ্থ আৰু সুনিশ্চিত জ্ঞানক বিজ্ঞান বোলে ।

    যেনেঃ পদাৰ্থবিজ্ঞান, মনোবিজ্ঞান ইত্যাতি ।

৫। অনুমান কাক বোলে ?

উত্তৰঃ যি মানসিক প্ৰক্ৰিয়াৰ জৰিয়তে জ্ঞান সত্যৰ ওপৰত নিৰ্ভৰ কৰি অজ্ঞাত নতুন সত্যত উপনীত হোৱা যায়, তাক অনুমান বোলে ।

৬। অনুমানত জ্ঞাত বিষয় বা সত্যই কি গঠন কৰে ?

উত্তৰঃ আধাৰবচন ।

 

 

৭। অনুমানক কি কি ভাগত ভাগ কৰা হয় ?

উত্তৰঃ অনুমানক দুটা ভাগত ভাগ কৰা হয় ।

      ১। নিগমন (Deductive)

      ২। আগমন (Inductive)

৮। তৰ্কবিজ্ঞানৰ আলোচনাৰ মূল বিষয়বস্তু কি ?

উত্তৰঃ তৰ্কবিজ্ঞানৰ আলোচনাৰ মূল বিষয়বস্তু হল – অনুমান ।

৯। তৰ্কবিজ্ঞানক কিয় অনুমানৰ বিজ্ঞান বুলি কোৱা হয় ?

উত্তৰঃ অনুমান সম্পৰ্কে বিজ্ঞানসন্মত ভাৱে আলোচনা কৰাৰ কাৰণে তৰ্কবিজ্ঞানক অনুমানৰ বিজ্ঞান বুলি কোৱা হয়।

১০। জ্ঞানৰ সংজ্ঞা দিয়া ।

উত্তৰঃ যদি বৰ্হিজগতৰ কোনো বস্তু বা ঘটনাৰ লগত মনৰ মাজত উদয় হোৱা ধাৰণাসমূহৰ সামঞ্জস্য বা সাদৃস্য থাকে আৰু সেই সামঞ্জস্য বা সাদৃশ্যত বিশ্বাস থাকে তেনেহলে তাক জ্ঞান বোলে ।

১১। জ্ঞানৰ মাজত কেইটা উপাদান নিহিত হৈ থাকে আৰু কি কি ?

উত্তৰঃ জ্ঞানৰ মাজত তিনিটা উপাদান নিহিত থাকে । যেনেঃ

     ১। কোনো বস্তু বা ঘটনা সম্পৰ্কে মনত উদয় হোৱা ধাৰণা সমূহ,

     ২। বৰ্হিজগতৰ অস্তিত্বশীল কোনো বস্তু বা ঘটনাৰ লগত এই ধাৰণাসমূহৰ সামঞ্জস্য বা সাদৃশ্য আৰু

     ৩। এনে সামঞ্জস্যত বিশ্বাস ।

 

 

১২। জ্ঞান কেইপ্ৰকাৰৰ আৰু কি কি ?

উত্তৰঃ জ্ঞান দুই প্ৰকাৰৰ । যেনেঃ

      ১। প্ৰত্যক্ষ জ্ঞান আৰু

      ২। পৰোক্ষ জ্ঞান ।

১৩। প্ৰত্যক্ষ জ্ঞান কাক বোলে ?

উত্তৰ- অন্য কোনো জ্ঞানৰ সহায় নোলোৱাকৈ পোনপটীয়াভাৱে অৰ্জন কৰা জ্ঞানক প্ৰত্যক্ষ জ্ঞান বোলা হয় ।

১৪। পৰোক্ষ জ্ঞান কাক বোলে ?

উত্তৰঃ অন্য কোনো জ্ঞানৰ মাধ্যমেৰে লাভ কৰা জ্ঞানক পৰোক্ষ জ্ঞান বোলা হয় ।

১৫। তৰ্কবিজ্ঞান কিহৰ লগত জড়িত ?

উত্তৰঃ তৰ্কবিজ্ঞান জ্ঞানৰ বিষয়ৰ সত্যতা প্ৰমাণৰ লগত জড়িত ।

১৬। তৰ্কবিজ্ঞানৰ প্ৰধান আলোচ্য বিষয় কি ?

উত্তৰঃ অনুমান ।

১৭। তৰপ্কবিজ্ঞানৰ মূল কাৰ্য কি ?

উত্তৰঃ তৰ্কবিজ্ঞানৰ মূল কাৰ্য হল- সত্যক জনা বা উপলদ্ধি কৰা আৰু জ্ঞাত বিষয়ৰ সত্যতাক প্ৰমাণ কৰা ।

১৮। আমি কিদৰে সত্যতাত উপনীত হব পাৰোঁ ?

উত্তৰঃ সংগতিপূৰ্ণ চিন্তা বা বাস্তৱ জগতৰ লগত চিন্তাৰ সামঞ্জস্য বা অনুৰুপতাৰ জৰিয়তে আমি সত্যতাত উপনীত হব পাৰো ।

১৯। চিন্তাৰ সত্যতা কেইপ্ৰকাৰৰ আৰু কি কি ?

উত্তৰঃ চিন্তাৰ সত্যতাত দুই প্ৰকাৰৰ । যেনে-

        ১। আকাৰগত সত্যতা

        ২। বস্তুগত সত্যতা ।

 

 

২০। আকাৰগত সত্যতা বুলিলে কি বুজা ?

উত্তৰঃ সংগতিপূৰ্ণ চিন্তাৰ জৰিয়তে যি সত্যতাত উপনীত হোৱা যায়, তাক আকাৰগত সত্যতা বুলি কোৱা হয় ।

২১। বস্তুগত সত্যতা বুলিলে কি বুজা ?

উত্তৰঃ বাস্তৱ জগতৰ বস্তুৰ লগত চিন্তাৰ বা ধাৰণাৰ সামঞ্জস্য বা অনুৰুপতাৰ জৰিয়তে যি সত্যতাত উপনীত হোৱা যায় তাকে বস্তুগত সত্যতা বুলি কোৱা হয় ।

২২। তৰ্কবিজ্ঞানৰ প্ৰকৃতি কেনেকুৱা ?

উত্তৰঃ তৰ্কবিজ্ঞানৰ প্ৰকৃতি-

    ১। তৰ্কবিজ্ঞান পৰোক্ষজ্ঞানৰ লগত জড়িত, প্ৰত্যক্ষ জ্ঞানৰ লগত নহয় ।

    ২। তৰ্কবিজ্ঞান আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা উভয় প্ৰকাৰৰ সত্যতাৰ লগত জড়িত ।

   ৩। তৰ্কবিজ্ঞান বিজ্ঞান আুৰু কলা উভয়েই ।

    ৪। তৰ্কবিজ্ঞান বিজ্ঞান সমূহৰ বিজ্ঞান আৰু কলা সমূহৰ কলা ।

   ৫। তৰবিজ্ঞান আদৰ্শনিষ্ঠ বিজ্ঞান, বিষয়নিষ্ঠ নহয় ।

 

 

২৩। তৰ্কবিজ্ঞান বিজ্ঞান নে কলা ?

উত্তৰঃ তৰ্কবিজ্ঞান বিজ্ঞান আৰু কলা উভয়েই ।

২৪। পাশ্চাত্য তৰ্কবিজ্ঞানত আকাৰগত সত্যতা আৰু বস্তুগত সত্যতাৰ পাৰ্থক্যৰ ভিক্তিত তৰ্কবিজ্ঞানক কি কি ভাগত ভাগ কৰা হয় ?

উত্তৰঃ দুটা ভাগত ভাগ কৰা হয়-

     ১। আকাৰনিষ্ঠ তৰ্কবিজ্ঞান

     ২। বস্তুনিষ্ঠ তৰ্কবিজ্ঞান ।

Previous Post Next Post