General Science Model Questions paper for Half Yearly Examination-2023 Class-VII Assamese Medium

General Science Model Questions paper for Half Yearly Examination-2023 Class-VII Assamese Medium

 

Class 7 Half Yearly Question Paper 2023-24 | Class 7 Half Yearly General Science Question Paper 2022-2023 | Class 7 Half Yearly Question Paper 2022-2023 in Assamese Medium | Class 7 1st &  2nd Unit Test All Question Paper 2022 -2023 in Assamese Medium.

 

Class 7 Half Yearly Model Question Paper 2023 in Assamese Medium

 

Subjects (বিষয়)
Solutions Links
General Mathematics (সাধাৰণ গণিত)
Click here
General Science (সাধাৰণ বিজ্ঞান)
Click here
Social Science (সমাজ বিজ্ঞান)
Click here
English (ইংৰাজী)
Click here
Assamese MIL (অসমীয়া)
Click here
Hindi (হিন্দী)
Click here
Follow us on Instagram
Click here

 

 

 

 

More Resources For Class 10 Solutions in Assamese Medium




    More Resources For Class 9 Solutions in Assamese Medium

 

 

Model Question Paper For

Half Yearly Examination-2023

Class: VII

Subject: General Science

Time 3 Hours                                                                                                               Full Marks-100

১।শুদ্ধ উত্তৰটো বাছি উলিওৱা ।                                                                                         1x6=6

(i)                অমৰলতা এবিধ-

          (ক)স্বপোষী        (খ)পৰজীৱী      (গ)মৃতজীৱী        (ঘ)পোষক

          উত্তৰ: (খ) পৰজীৱী

(ii)             এবিধ উদ্ভদ যি পোক-পতংগ খাদ্য হিচাপে গ্ৰহণ কৰে-

(ক) অমৰলতা    (খ)জৱাফুল      (গ)কলচী উদ্ভিদ  (ঘ)গোলাপ

উত্তৰ: (গ)কলচী উদ্ভিদ  

(iii)           স্নেহ-পদাৰ্থ সৰ্ম্পূৰুপে হজম হয়-

(ক)পাকস্হলীত  (খ)মুখত         (গ)ক্ষদ্ৰতন্ত্ৰত      (ঘ)বৃহদন্ত্ৰত

উত্তৰ: (গ)ক্ষদ্ৰতন্ত্ৰত

(iv)           তলৰ কোলটোৱে ঊণ নিদিয়ে-

(ক)য়াক            (খ)উট            (গ)ছাগলী           (ঘ)নোমাল  কুকুৰ।

উত্তৰ: (ঘ)নোমাল  কুকুৰ।

(v)              পাচন নোহোৱা আহাৰৰ পৰা পানীৰ প্ৰধানকৈ শোষণ হয়-

(ক)পাকস্হলীত (খ)মুখত          (গ)ক্ষদ্ৰন্ত্ৰত         (ঘ)বৃহদন্ত্ৰত

উত্তৰ:(ঘ)বৃহদন্ত্ৰত

(vi)           তলৰ কোনখন ঠাই ঘূর্ণিবতাহৰ কোপত পৰাৰ সম্ভাৱনা নাই

(ক) চেন্নাই        (খ) কেৰেলা     (গ) অমৃতসৰ       (ঘ) পুৰী

উত্তৰ:(গ) অমৃতসৰ

 

 

২) খালী ঠাই পূৰ কৰা -                                                                                                    1x8=8

(ক) সেউজীয়া উদ্ভিদক                      বোলা হয়, যিহেতুকে সিহঁতে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে ।

(খ) ডিগ্ৰী                        এককত উষ্ণতা জোখা হয়

(গ) এমিবাৰ খাদ্য                     ত হজম হয় ।

(ঘ) বেকিং ছড়াৰ ৰাসায়নিক নাম হল                     

(ঙ) সুদীৰ্ঘ সময় ধৰি লোৱা বতৰৰ গড়ক                      বোলে ।

(চ)বতাহ হল বায়ুৰ                      অৱস্থা ।

(ছ) দৈত থকা এছিডটো হল                      

(জ) এবিধ প্রাকৃতিক সুচকৰ নাম হল                     

2 নং প্ৰশ্নৰ উত্তৰ:

(ক) সেউজীয়া উদ্ভিদক    স্বপোষী       বোলা হয়, যিহেতুকে সিহঁতে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে ।

(খ) ডিগ্ৰী            C            এককত উষ্ণতা জোখা হয়

(গ) এমিবাৰ খাদ্য      খাদ্য ৰিক্তিকা       ত হজম হয় ।

(ঘ) বেকিং ছড়াৰ ৰাসায়নিক নাম হল ছডিয়াম হাইড্রজেন কার্বনেট    

(ঙ) সুদীৰ্ঘ সময় ধৰি লোৱা বতৰৰ গড়ক        জলবায়ু        বোলে ।

(চ)বতাহ হল বায়ুৰ    গতিশীল        অৱস্থা ।

(ছ) দৈত থকা এছিডটো হল    লেকটিক এছিড         

(জ) এবিধ প্রাকৃতিক সুচকৰ নাম হল       হালধি     

 

 

 

৩) উত্তৰ লিখা -                                                                                                       2x10 = 20

(ক) পৰপোষী জীৱ কাক বোলে? উদাহৰণ দিয়া ।

উত্তৰ: যিবোৰ জীৱই নিজে নিজৰ আহাৰ তৈয়াৰ কৰি ল'ব নোৱাৰে , বা  আন প্ৰাণী আৰু উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল সেইবোৰ প্ৰাণীক পৰপোষী জীৱ বোলে। উদাহৰণ স্বৰূপে মানুহ ।

(খ) মানুহৰ দেহৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিটোৰ নাম কি? ক্ষুদ্ৰান্তৰ দৈর্ঘ্য কিমান ?

উত্তৰ: মানুহৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থিটো হ'ল যকৃতক্ষুদ্ৰান্তৰ দৈর্ঘ্য 7.5 মিটাৰ ।

গ) সহজীবী সম্বন্ধ কাক বোলে ? এটা উদাহৰণ দিয়া ।

উত্তৰ: যিবোৰ জীৱই একেলগে থাকে । খাদ্য আৰু আশ্ৰয় একেলগে ভগাই লয় । সেইবোৰক প্ৰাণীক সহজীবী সম্বন্ধ বোলে। উদাহৰণ স্বৰূপে ভেকুঁৰ ।

(ঘ) ভিলাই কি ?

উত্তৰ: ক্ষুদ্রান্ত্ৰৰ ভিতৰৰ বেৰত হাজাৰ হাজাৰ আঙুলি সদৃশ বাহিৰলৈ ওলোৱা অংশ থাকে এইবোৰক ভিলাই' (Villi) বুলি কোৱা হয়।

(ঙ) দক্ষিণ আমেৰিকাত পোৱা দুটা জন্তুৰ নাম লিখা ।

উত্তৰ:দক্ষিণ আমেৰিকাত পোৱা দুটা জন্তুৰ নাম হল বাঘ , হাতী ।

(চ) ৰোমন্থক প্ৰাণী কাক বোলে? উদাহৰণ দিয়া ?

উত্তৰ: কিছুমান প্রাণীয়ে খোৱা খাদ্যবোৰ ভালকৈ নোচোবাই পাকস্থলীৰ এক বিশেষ অংশত জমা কৰি ৰাখে। পিছত অন্য সময়ত সেইবোৰ উলিয়াই ভালকৈ চোবাই খায়। এনেধৰণৰ প্ৰাণীবোৰক ৰোমন্থক প্রাণী বোলে। উদাহৰণ স্বৰূপে  গৰু, ' 

(ছ) জ্বৰ জোখা তাপমেতাৰ উষ্ণতাৰ পৰিসৰ কিমান ?

উত্তৰ:জ্বৰ জোখা তাপমেতাৰ উষ্ণতাৰ পৰিসৰ হল 35°C ৰ পৰা 42°C লৈ থাকে

(জ) তাপৰ পৰিবাহী আৰু অপৰিবাহী দুটা বস্তুৰ নাম লিখা ?

উত্তৰ: তাপৰ পৰিবাহী হ' লো, তাম আৰু  তাপৰ অপৰিবাহী হ'ল প্লাষ্টিক, কাঠ।

(ঝ) পৰুৱাৰ শুং আৰু পালোং শাকত থকা এছিড দুটা কি কি ?

উত্তৰ: পৰুৱাৰ শুং থকা এছিড ' ফৰমিক এছিড আৰু পালোং শাকত থকা এছিড ' অক্সালিক এছিড ।

(ঞ)সূচক কাক বোলে ? এটা সূচকৰ নাম লিখা ?

উত্তৰ: যিবিলাক পদাৰ্থই আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত ৰঙৰ পৰিবৰ্তন কৰি এচিড আৰু ক্ষাৰকৰ চিনাক্তকৰণত সহায় কৰে, তাকে সূচক বোলে। এটা সূচকৰ নাম ' লিটমাছ ।

 

 

উত্তৰ লিখা                                                                                                      3x10 =30

(ক) অম্ল আৰু ক্ষাৰকৰ মাজত পাৰ্থক্য লিখা ।

উত্তৰ: অম্ল আৰু ক্ষাৰকৰ মাজত পাৰ্থক্য ' 

অম্ল বা এছিড

ক্ষাৰ

অম্লৰ সোৱাদ টেঙা

ক্ষাৰকৰ সোৱাদ তিতা বা কেঁহা

অম্লই নীল লিটমাছ ৰঙা কৰে

ক্ষাৰে ৰঙা লিটমাছ নীলা কৰে

এছিড চুলে হাত খহটা যেন হয়

ক্ষাৰ চুলে হাত পিছল লাগে ।

 (খ) ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন বুলিলে কি বুজা

উত্তৰ:  যিবিলাক পৰিবৰ্তনত পদাৰ্থৰ আকাৰহে সলনি হয়, নতুন পদাৰ্থৰ সৃষ্টি নহয় তেনে পৰিবৰ্তনক ভৌতিক পৰিবৰ্তন বোলা হয়।

আৰু যিবিলাক পৰিবৰ্তনত পদাৰ্থৰ আকাৰ আৰু আকৃতিৰ লগতে নতুন পদাৰ্থৰো সৃষ্টি হয় তেনে পৰিবৰ্তনক ৰাসায়নিক পৰিবৰ্তন বোলা হয়।

(গ) দস্তালেপন কাক বোলে? লোত মামৰে ধৰা কেনেদৰে ৰোধ কৰিব পাৰি ?

উত্তৰ:  লোৰ সঁজুলিৰ ওপৰত দস্তাৰ ( যিংক ) প্রলেপ দিয়া প্রক্রিয়াটোক দস্তালেপ বোলে। লোত  ৰঙৰ প্ৰলেপ দি আৰু দস্তালেপন ৰ দ্বাৰা মামৰে ধৰা ৰোধ কৰিব পাৰি ।

(ঘ) জলবায়ু কাক বোলে? মেৰু অঞ্চলত বাস কৰা দুটা প্ৰাণীৰ নাম লিখা

উত্তৰ: কোনো ঠাইৰ সুদীৰ্ঘ সময় ধৰি লোৱা বতৰৰ গড়ক সেই ঠাইৰ জলবায়ু বোলে। মেৰু অঞ্চলত বাস কৰা দুটা প্ৰাণীৰ নাম ' পেংগুইন আৰু বগা ভালুক।

(ঙ) কোনো এখন ঠাইৰ বতাহৰ দিশ নিৰ্ণয় কৰিব পৰা দুটা পদ্ধতিৰ নাম লিখা ।

উত্তৰ: কোনো এখন ঠাইৰ বতাহৰ দিশ নিৰ্ণয় কৰিব পৰা দুটা পদ্ধতিৰ নাম ' 

( i ) যদি আমিএমুঠি ধূলি ওপৰৰ পৰা এৰি দিওঁ ধূলিখিনি যি দিশে যায় , সেইদিশে বতাহ বলা বুলি ঠিৰাং কৰিব পাৰি ।

( ii ) ধোঁৱা উৰুৱাই  বতাহৰ দিশ নির্ণয় কৰিব পাৰি ।

(চ) ঘূর্ণিবতাহ কাক বোলে? ঘূর্ণিবতাহৰ ফলত কি কি ক্ষতি হব পাৰে ?

উত্তৰ: বায়ুমগুলীয় প্ৰবাহৰ যি অৱস্থাত এটা নিম্নচাপক কেন্দ্ৰ কৰি তীব্ৰবেগী বতাহে চক্ৰকাৰ গতি লয় তাকে ঘূৰ্ণীবতাহ বোলে । ঘূর্ণিবতাহ ফলত  তীব্ৰবেগী বতাহে ঘৰ-দুৱাৰ, দূভাষ (Telephone) আৰু অন্যান্য যোগাযোগ ব্যৱস্থা, গছ-গছনি আদি বিনষ্ট কৰিব পাৰে, লগতে জীৱন আৰু সম্পত্তিৰ প্রভূত ক্ষতি সাধন কৰিব পাৰে।

(ছ) ঠাই এখনৰ বতৰ নিয়ন্ত্ৰণ কৰা কাৰকসমূহৰ নাম লিখা ।

উত্তৰ: এখন ঠাইৰ বতৰ নিয়ন্ত্ৰণ কৰা কাৰকসমূহ হৈছে  উষ্ণতা, আর্দ্রতা, বৰষুণৰ পৰিমাণ, বতাহৰ গতি আদি৷

(জ) অম্ল আৰু ক্ষাৰক কাক বোলে? উদাহৰণ দিয়া ।

উত্তৰ:  যিবোৰৰ সোৱাদ টেঙা সেইবোৰক অম্ল বোলা হয় উদাহৰণ স্বৰূপে   নেমুটেঙাৰ ৰস ।   

যিবোৰৰ সোৱাদ তিতা আৰু চুলে চাবোন পানীৰ দৰে লাগে  সেইবোৰক ক্ষাৰক বোলা হয় । উদাহৰণ স্বৰূপে  ব্লিচিং পাউদাৰ।

(ঝ) জলবতাহ আৰু স্থলবতাহ কাক বোলে?

উত্তৰ: দিনৰ ভাগত জলভাগৰ পৰা স্থলভাগলৈ বলা বতাহক জলবতাহ বোলে। আনহাতে , ৰাতি স্থলভাগৰ পৰা জলভাগলৈ বলা বতাহক স্থলবতাহ বোলে

(ঞ) জীৱই খাদ্য গ্রহণ কৰা কিয় প্রয়োজন? বুজাই লিখা

উত্তৰ: জীৱই শৰীৰৰ বৃদ্ধিৰ লগতে জীৱন প্ৰক্ৰিয়া চলাই নিবৰ বাবে বিভিন্ন ধৰনৰ পুষ্টিকাৰক দ্ৰব্য যেনে কাৰ্বহাইড্ৰেট, প্ৰটিন, চৰ্বী, ভিটামিন আৰু খনিজ দ্ৰব্যৰ প্ৰয়োজন। খাদ্যই এই পুষ্টিকাৰক দ্ৰব্য বা পৰিপোষক সমূহ জীৱক যোগান ধৰে। সেয়ে জীৱই খাদ্য গ্রহণ কৰা প্রয়োজন ।

 

 

৫ । পার্থক্য লিখা পৰজীৱী আৰু মৃতজীৱী                                                                                      4

উত্তৰ:  পৰজীৱী আৰু মৃতজীৱী মাজত পাৰ্থক্য ' পৰজীৱী উদ্ভিদবোৰে আন উদ্ভিদৰ পৰা খাদ্য শোষণ কৰি তাৰ পুষ্টি সাধন কৰে । কিন্তু মৃতজীৱী উদ্ভিদবোৰে  মৰা , পচা আদি বস্তুৰ পৰাহে খাদ্য শোষণ  কৰে । পৰজীৱী উদ্ভিদে তাৰ আশ্রয়দাতা উদ্ভিদৰ অনিষ্ট সাধন কৰে । কিন্তু মৃতজীৱী উদ্ভিদৰ ক্ষেত্ৰত এনে নহয় ।

৬ । কাৰণ দৰ্শোৱা- এছিডিটিত ভূগিলে তুমি অম্লনাশক টেবলেট খোৱা ।                                             4

উত্তৰ: কাৰণ ই অতিৰিক্ত অম্লৰ প্ৰভাৱ নাইকিয়া কৰে আৰু কষ্টৰ পৰা ৰক্ষা কৰে ।

৭ । পাতিত পানী আম্লিক, ক্ষাৰৰ্কীয় নে প্ৰশম ? তুমি এইটো কেনেকৈ প্ৰমান কৰিবা ?                            4

উত্তৰ: পাতিত পানীত ৰঙা আৰু নীলা লিটমাছৰ কাগজ এখন ডুবাই দিলে লিটমাছ কাগজ- খনৰ ৰঙৰ কোনো পৰিবৰ্তন নহয়। ইয়াৰ পৰা প্ৰমাণ হ'ল যে পাতিত পানী  প্রশম।

৮ । গ্রীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত বাস কৰা হাতীয়ে কেনেদৰে নিজকে অভ্যস্ত কৰে ?                          4

উত্তৰ: হাতীয়ে শুঁৰডাল নাকৰ দৰে ব্য়ৱহাৰ কৰে, ফলত ইহঁতৰ ঘ্ৰাণশক্তি সবল হয়। ইহঁতে শুঁৰডালৰ সহায়ত আহাৰ সংগ্ৰহ কৰে। মুখৰ পৰা বাহিৰলৈ ওলোৱা দাঁতৰ সহায়ত ইহঁতে খাদ্য়ৰ বাকলি এৰুৱাব পাৰে। হাতীৰ কাণ দুখন ডাঙৰ হোৱাৰ বাবে ইহঁতে সৰু শব্দও অতি সহজে শুনিব পাৰে। কাণ দুখনে হাতীক বিষুৱীয় বৰ্ষাৰণ্য় অঞ্চলৰ গৰম আৰু আদ্ৰ জলবায়ুত শৰীৰ ঠাণ্ডা কৰি ৰখাত সহায় কৰে।

ওলমি থকা বেনাৰ বা হৰ্ডিঙৰ ফুটা ৰখাৰ কাৰণ দশোৱা ।                                                        5

উত্তৰ: বায়ুয়ে চাপ প্ৰয়োগ কৰে। এই চাপৰ বাবে বেনাৰ আৰু হৰ্ডিংত যেতিয়া বতাহ দ্ৰুতগতিত উৰি থাকে তেতিয়া ফাটি যায়। বেনাৰ আৰু হৰ্ডিংত ফুটা তৈয়াৰ কৰা হয় যাতে বতাহৰ গতিবোৰৰ মাজেৰে পাৰ হয় আৰু সেইবোৰ ঢিলা হৈ নাযায় আৰু তললৈ নপৰে।

 

 

১০.শুদ্ধ নে অশুদ্ধ লিখা                                                                                                   1x4=4

ক) নাইট্রিক এছিডে ৰঙা লিটমাছ নীলা কৰে ।

উত্তৰ: অশুদ্ধ

খ) ক্ষাৰকৰ উপস্থিতিৰ বাবে দন্তক্ষয় ৰোগ হয়

উত্তৰ: অশুদ্ধ

গ) শ্বেতসাৰৰ পাচন পাকস্থলীত হয় ।

উত্তৰ: অশুদ্ধ

(ঘ) সালোক সংশ্লেষণ প্রক্রিয়াত কার্বন ডাই অক্সাইড নির্গত হয়

উত্তৰ:অশুদ্ধ

১১. আঁহৰ পৰা ঊণ প্ৰস্তুত কৰা পদ্ধতিৰ বিভিন্ন স্তৰ সমূহ বৰ্ণনা কৰা                                       6

 

 

উত্তৰ: আঁহৰ পৰা ঊণ প্ৰস্তুত কৰা পদ্ধতিৰ বিভিন্ন স্তৰ সমূহ ' 

   প্ৰথম স্তৰ (Step I): ভেড়াৰ  শৰীৰৰ পৰা পাতল এতৰপ ছালৰ (Thin layer of skin) সৈতে নোমবোৰ আঁতৰাই পেলোৱা হয় । এই পদ্ধতিটোক মুণ্ডন (Shearing) বা প্ৰাণীৰ নোম খুৰোৱা বুলি কোৱা হয়।

    দ্ধিতীয় স্তৰ (Step II) : ছালৰ সৈতে কাটি লোৱা লোমবোৰ চৌবাচ্চাত (Tanks) ভালদৰে ধুই তেল (Grease),ধূলি (Dust) আৰু ময়লাবোৰ (Dirt) আঁতৰাই লোৱা হয়।

তৃতীয় স্তৰ (Step III)পৰিষ্কাৰ কৰাৰ পিছত বৰ্গীকৰণ(Sorting)কৰা হয়। নোম থকা ছালবোৰ কাৰখানালৈ পঠোৱা হয়।

চতুৰ্থ স্তৰ (Step IV) : শুং থকা সৰু ভোবোৰা নোমবোৰ (Small fluffy fibres)যাক বাৰ্ চ (Burrs) বোলা হয়, সেইবোৰ নোমবোৰৰ পৰা আঁতৰাই পেলোৱা হয়।

পঞ্চম স্তৰ (Step V) : ভেড়া আৰু ছাগলীৰ প্ৰকৃতিক নোমবোৰ (Naturral fleece) সাধাৰণতে কলা (Brown)বা  বগা (White)ৰঙৰ।

ষষ্ঠ খাপ (Step VI) : আঁহবোৰ পোল কৰা (Straighten) হয়, ফণিওৱা (Comb) হয়  আৰু পকোৱা সূতা (Yarn) লৈ ৰিপান্তৰ কৰা হয়।

১২ । ক অংশৰ লগত খ অংশ মিলোৱা -                                                                                       5


পত্রহৰিৎ

নাইট্ৰজেন

অমলতা

প্রাণী

পোক-পতংগ

বেক্টেৰিয়া

পৰপুষ্ট জীৱ

কলচী উদ্ভিদ

পাত

পৰজীৱী


উত্তৰ:

অংশ                       অংশ

পত্ৰহৰিৎ                         পাত

নাইট্ৰজেন                    বেক্টেৰিয়া

অমলতা                         পৰজীৱ

প্ৰাণী                              পৰপোষী জীৱ

মৃতজীৱী                          ভেঁকুৰ

পোক পতংগ                   কলচী উদ্ভিদ

 

 

 

Follow us on

 


YouTube : @DigitalPipalAcademy

E MAIL : info@pipalacademy.com

Instagram: pipal_academy

Facebook : digitalpipalacademy


 

If you're fascinated by our writing style, dive deeper into our world on our website.

 

Class 7 Half Yearly Model Question Paper 2023 in Assamese Medium

 

Subjects (বিষয়)
Solutions Links
General Mathematics (সাধাৰণ গণিত)
Click here
General Science (সাধাৰণ বিজ্ঞান)
Click here
Social Science (সমাজ বিজ্ঞান)
Click here
English (ইংৰাজী)
Click here
Assamese MIL (অসমীয়া)
Click here
Hindi (হিন্দী)
Click here
Follow us on Instagram
Click here

 

 

 

 

Previous Post Next Post