Social Science Model Questions paper for Half Yearly Examination-2023 Class-VII Assamese Medium

Social Science Model Questions paper for Half Yearly Examination-2023 Class-VII Assamese Medium

 

Class 7 Half Yearly Question Paper 2023-24 | Class 7 Half Yearly Social Science Question Paper 2022-2023 | Class 7 Half Yearly Question Paper 2022-2023 in Assamese Medium | Class 7 1st &  2nd Unit Test All Question Paper 2022 -2023 in Assamese Medium.

 

Class 7 Half Yearly Model Question Paper 2023 in Assamese Medium

 

Subjects (বিষয়)
Solutions Links
General Mathematics (সাধাৰণ গণিত)
Click here
General Science (সাধাৰণ বিজ্ঞান)
Click here
Social Science (সমাজ বিজ্ঞান)
Click here
English (ইংৰাজী)
Click here
Assamese MIL (অসমীয়া)
Click here
Hindi (হিন্দী)
Click here
Follow us on Instagram
Click here

 

 

 

 

More Resources For Class 10 Solutions in Assamese Medium




    More Resources For Class 9 Solutions in Assamese Medium

 

 

 

Model Question Paper For

Half Yearly Examination-2023

Class: VII

Subject: Social Science

Time:- 3 Hours                                                                                                               Full Marks:-100

১। শুদ্ধ উত্তৰটো বাছি উলিওৱা                                                                                    1×15 = 15

(i)            তলৰ কোনবিধ গেছে আমাক সূৰ্যৰ অনিষ্টকাৰী ৰশ্মিৰ পৰা ৰক্ষা কৰে –

(ক) কার্বন ডাই অক্সাইড (খ) নাইট্ৰজেন   () অজন         (ঘ) অক্সিজেন

উত্তৰ: () অজন

(ii)         মানুহৰ বাবে বায়ুমণ্ডলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্তৰটো হল-

(ক) মেছস্ফিয়েৰ          (খ) ষ্ট্ৰেটস্ফিয়েৰ () ট্ৰপস্ফিয়েৰ (ঘ)

উত্তৰ: () ট্ৰপস্ফিয়েৰ

(iii)      অশ্বখুৰাকৃতি হ্দ সৃষ্টি হোৱা ঠাই-

(ক) হিমবাহ অঞ্চল       (খ)দী উপতাকা () মৰুভূমি      (ঘ)

উত্তৰ: (খ)দী উপতাকা

(iv)       কোনটো প্রাকৃতিক পৰিবেশৰ উপাদান নহয়-

(ক) পর্বত                   (খ) ঘৰ               () নদী            (ঘ)

উত্তৰ: (খ) ঘৰ

(v)          কোনটো মানৱসৃষ্ট পৰিবেশৰ উপাদান নহয় –

(ক) মাটি                    (খ) শিক্ষানুষ্ঠান     (গ) পৰিবহন ব্যৱস্থা

উত্তৰ: (ক) মাটি

(vi)       সাতবাহন ৰাজ্য প্রতিষ্ঠা কৰিছিল –

(ক) জয়দ্ৰথে              (খ) সিমুকে           (গ) বাসুদেৱে

উত্তৰ: (খ) সিমুকে

(vii)    জাতক হৈছে-

(ক)গল্প                      (খ) কবিতা           (গ) উপন্যাস

উত্তৰ: (ক)গল্প

(viii) গুপ্তসকলে ভাৰতত ৰাজত্ব কৰিছিল –

(ক) দুশ বছৰ               (খ) তিনিশ বছৰ    (গ) চাৰিশ বছৰ

উত্তৰ: (ক) দুশ বছৰ

(ix)       হৰ্ষবৰ্ধণৰ ৰাজ্যৰ ৰাজধানী আছিল –

(ক) তাঞ্জোৰ                (খ) তক্ষশীলা       (গ) কনৌজ

উত্তৰ: (গ) কনৌজ

(x)          গ্রাহকে বস্তু ক্ৰয় কৰে –

(ক) পাইকাৰী বিক্রেতাৰ পৰা       (খ) খুচুৰা বিক্ৰেতাৰ পৰা

(গ) উৎপাদকাৰীৰ পৰা

উত্তৰ: (খ) খুচুৰা বিক্ৰেতাৰ পৰা

(xi)       বস্তু এটাৰ কিনা দামতকৈ বিক্ৰী দাম বেছি হলে ব্যসায়ীজন-

() লাভ হয়               (খ) লোকচান হয়   (গ) একো নহয়

উত্তৰ: () লাভ হয়

(xii)    ঘৰে ঘৰে গৈ বস্তু বিক্ৰী কৰা বিক্রেতাসকল –

(ক) পাইকাৰী বিক্রেতা   (খ) খুচুৰা বিক্রেতা (গ) হকাৰ বা ফেৰীৱালা

উত্তৰ: (গ) হকাৰ বা ফেৰীৱালা

(xiii) নিতি আয়োগৰ অধ্যক্ষ –

(ক) ৰাষ্ট্রপতি                 (খ) প্রধান মন্ত্রী      (গ) বিত্তমন্ত্রী

উত্তৰ: (খ) প্রধান মন্ত্রী

(xiv)  পঞ্চবার্ষিক পৰিকল্পনাৰ কাৰ্যকাল –

ক) ৪ বছৰ                   (খ) ৫বছৰ            (গ) ৬ বছৰ

উত্তৰ: (খ) ৫বছৰ

(xv)     তলৰ কোনটো অনাকৰ ৰাজহৰ উদাহৰণ –

(ক) আয়কৰ                (খ) নিগম কৰ       (গ) জৰিমনা

উত্তৰ: (গ) জৰিমনা

২। খালী ঠাই পূৰ কৰা -                                                                                                     1x5=5

ক) শাৰীৰিক আৰু মানসিকভাৱে কাম কৰিব পৰা সক্ষম ব্যক্তিক             সম্পদ বোলে ।

খ) বৰ্মণ বংশৰ শ্ৰেষ্ঠ ৰজা আছিল             

গ)              ৰ আন এটা নাম আছিল শিলাদিত্য ।

(ঘ)             গুপ্তবংশ প্রতিষ্ঠা কৰিছিল ।

(ঙ)পৃথিৱীৰ পৰিধিয়ে কেন্দ্ৰত              কোণ কৰি থাকে ।

নং প্ৰশ্নৰ উত্তৰ:

ক) শাৰীৰিক আৰু মানসিকভাৱে কাম কৰিব পৰা সক্ষম ব্যক্তিক   মানৱ সম্পদ    সম্পদ বোলে ।

খ) বৰ্মণ বংশৰ শ্ৰেষ্ঠ ৰজা আছিল     ভাস্কৰবৰ্মণ   

গ)      হৰ্ষবৰ্ধন    ৰ আন এটা নাম আছিল শিলাদিত্য ।

(ঘ)        শ্ৰীগুপ্তই     গুপ্তবংশ প্রতিষ্ঠা কৰিছিল ।

(ঙ) পৃথিৱীৰ পৰিধিয়ে কেন্দ্ৰত        ৩৬০°       কোণ কৰি থাকে ।

৩। অতি চমু উত্তৰ দিয়া -                                                                                              1x12=12

ক) এলাহাবাদ প্রশস্তিৰ লেখকগৰাকীৰ নাম কি ?

উত্তৰ: লাহাবাদ প্ৰশস্তিৰ লেখকগৰাকীৰ নাম হল হৰিসেন ।

খ) থানেশ্বৰ ৰাজ্যখন বৰ্তমান কোন প্ৰদেশৰ অন্তৰ্গত ?

উত্তৰ: থানেশ্বৰ ৰাজ্যখন বৰ্তমান হাৰিয়ানা প্ৰদেশৰ অন্তৰ্গত ।

গ) হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবিগৰাকীৰ নাম কি ?

উত্তৰ: হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবিগৰাকীৰ নাম আছিল বাণভট্ট।

ঘ) চোল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি ?

উত্তৰ: চোল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম হল প্ৰথম পৰান্তক ।

ঙ) কলিংগ ৰাজ্যক বৰ্তমান কি নামেৰে জনা যায় ?

উত্তৰ: কলিংগ ৰাজ্যক বৰ্তমান উৰিষ্যা নামেৰে জনা যায় ।

) কুষান বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল ?

উত্তৰ: কুষাণ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল কণিষ্ক।

ছ) বিনিময় প্রথা কাক বোলে ?

উত্তৰ: সামগ্ৰীৰ বিপৰীতে প্রত্যক্ষভাৱে সামগ্রী বিনিময় কৰা প্ৰক্ৰিয়াক বিনিময় প্ৰথা বোলে

জ) জোনবিন মেলা কিহৰ বাবে বিখ্যাত ?

উত্তৰ: জোন-বিল মেলা বিনিময় প্ৰথা বাবে বিখ্যাত ।

ঝ) সঞ্চয়ৰ অৰ্থ কি ?

উত্তৰ: প্ৰয়োজনত খৰচ কৰি ৰাহি হোৱা খিনি ভৱিষ্যতৰ প্ৰয়োজনৰ বাবে জমা ৰখাকেই সাধাৰণ অৰ্থত সঞ্চয় বুলিব পাৰি।

) নিতি আয়োগ কোন চনত গঠন কৰা হয় ?

উত্তৰ: নিটি আয়োগ ২০১৫ চনত গঠন কৰা হয়৷

ট) বাজেট মানে কি ?

উত্তৰ: ৰিকল্পনা মতে কাম কৰিবলৈ কিমান অৰ্থ বা চকা পইচাৰ প্ৰয়েজন হব , সেই অৰ্থ কৰ পৰা পাব , কেনেকৈ খৰচ কিব আদিৰ হিচাপ যিদৰে কৰা হয় সেয়াই হৈছে বাজেট ।

ঠ) বায়ুমণ্ডল বুলিলে কি বুজা ?

উত্তৰ: পৃথিৱীৰ উপৰিভাগক বায়ুৰ যি আৱৰণে আৱৰি আছে, তাকে সাধাৰণ অৰ্থত বায়ুমণ্ডল বুলি কোৱা হয়।

বায়ুমণ্ডলৰ প্ৰধান স্তৰ কেইটা আৰু কি কি?                                                                                4

উত্তৰ: বায়ুমণ্ডলক চাৰিটা প্ৰধান ভাগত ভাগ ৰা হয়। এইবোৰ হ'টুপ'স্ফিয়েৰ, স্ট্রেটস্ফিয়েৰ, মেছ স্ফিয়েৰ আৰু থাম স্ফিয়েৰ।

৫। অজন স্তৰে আমাক কেনেদৰে উপকাৰ সাধে? বায়ুমণ্ডলৰ কোনটো স্তৰত উল্কা দেখা যায়।

                                                                                                                                   1+3=4

উত্তৰ: অজন স্তৰে  সূৰ্যৰপৰা অহা ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মি শোষণ কৰি পৃথিৱীত পৰাত বাধা দিয়ে। বায়ুমণ্ডলৰ মেছ স্ফিয়েৰ  স্তৰত উল্কা দেখা যায়।

৬। অক্ষৰেখা আৰু দ্রাঘিমাৰেখা কাক বোলে ?                                                                       2+2=4

উত্তৰ: বিষুবৰ সমান্তৰালকৈ দুয়ো মেৰুৰ পিনে কল্পনা কৰা বৃত্তাকাৰ ৰেখাসমূহেক অক্ষৰেখা বোলে আৰু প্ৰাথমিক দ্ৰাঘিমাৰেখাৰ পূব আৰু পশ্চিমে দুয়ো মেৰু সংযোগ কৰি কল্পনা কৰা ৰেখাবোক  দ্ৰাঘিমাৰেখা বোলে  

৭। পৰিবেশক ঘাইকৈ কেইটা ভাগত ভাগ কৰিব পাৰি ? মানৱসৃষ্ট পৰিবেশৰ উপাদান সমূহ কি কি ? 2+2=4

উত্তৰ: পৰিৱেশ ঘাইকৈ দুটা ভাগত ভগাব পাৰি। মানৱসৃষ্ট পৰিবেশৰ উপাদান সমূহ   যেনে - মাটি, পানী, গছ-গছনি আদি

৮। গুপ্ত ৰাজত্ব কালত কি কি ধাতুৰ মুদ্ৰাৰ প্ৰচলন আছিল ?                                                              4

উত্তৰ: গুপ্ত যুগত স্বর্ণ , ৰূপৰ মুদ্ৰাৰ আগতে কড়িৰ প্ৰচলন আছিল ।

|  গংগা উপত্যকাত থকা বন্দৰটোৰ নাম কি ?  অসমৰ কত কত গুপ্ত স্থাপত্য-ভাস্কৰ্যৰ প্ৰভাৱ পৰিলক্ষিত হয় ?                                                                                                                           1+3= 4

উত্তৰ: গংগা-উপত্যকাত থকা বন্দৰটোৰ নাম হৈছে- তাম্ৰলিপ্তি। তেজপুৰৰ দপৰ্বতীয়া, নগাঁওৰ মিকিৰ আতী আৰু বৰগংগা,  গুৱাহীটীৰ কামাখ্যা, দুধনৈৰ বৰনদী পাৰা আদিত গুপ্ত স্থাপত্য-ভাস্কৰ্যৰ প্ৰভাৱ পৰিলক্ষিত হয় ।

০। বিন্ধ্য পর্বতে ভাৰতবৰ্ষক কি কি ভাগত ভাগ কৰিছে ? ৰাষ্ট্ৰকুটসকলৰ শাসন কালত কি কি ভাষাৰ বিকাশ হৈছিল ?                                                                                                             2+2=4

উত্তৰ: দুটা ভাগত ভাগ কৰিছে। (১) উত্তৰ ভাৰত।  (২) দক্ষিণ ভাৰত ।

ৰাষ্ট্ৰকুটসকলৰ শাসন কালত  সংস্কৃত আৰু প্ৰাকৃত ভাষাৰ বিকাশ হৈছিল

১১। সাপ্তাহিক বজাৰ কাক বোলে ? এই বজাৰৰ প্ৰধান সুবিধা সমূহ কি কি ?                                1+3= 4

উত্তৰ: সপ্তাহৰ এটা বা দুটা নিৰ্দিষ্ট বাৰত কোনো নিৰ্দিষ্ট ঠাইত অস্থায়ীভাৱে বহা বজাৰবোৰক  সাপ্তাহিক বজাৰ বা অর্ধ-সাপ্তাহিক বজাৰ বোলা হয়।

এই বজাৰৰ প্ৰধান সুবিধা সমূহ হল  সাপ্তাহিক বজাৰত একেজাতীয় সামগ্ৰীৰ কেইবাখনো দোকান থাকে বাবে তুলনামূলকভাৱে বস্তুৰ দাম কিছু সস্তা হয় গ্রাহকে বিভিন্ন দোকান চাই-চিতি বস্তুৰ মান অনুযায়ী দৰ-দাম কৰি কিনিব পাৰে। য'ত দাম কম হয় তাৰপৰাই গ্ৰাহকে বস্তু কিনিব খোজে। কোনো বিক্রেতাই বস্তুৰ দাম বেছিকৈ নিৰ্ধাৰণ কৰিলে ক্রেতাই সেই একে বস্তু কম দামত বিক্ৰী কৰা দোকানৰ পৰা ক্ৰয় কৰিব পাৰে।

১২| দৈনিক বজাৰ আৰু সাপ্তাহিক বজাৰৰ মাজত থকা পাৰ্থক্য সমূহ কি কি লিখা ।                                 4

উত্তৰ: দৈনিক বজাৰ নিতৌ খোলা থাকে বাবে আমি কোনো বস্তু প্ৰয়োজন হলে এই বজাৰবোৰ পৰা সংগ্ৰহ কৰিব পাৰো ।

আনহাতে সাপ্তাহিক বজাৰ হল  সপ্তাহৰ এটা বা দুটা নিদিষ্ট বাৰত কোনো নিদিষ্ট ঠাইত অস্থায়ীভাৱে বহা কাৰণে কোনো প্ৰয়োজনীয় সামগ্ৰী তক্ষাণীক কিনিব নোৱাৰো।

১৩। প্রাকৃতিক পৰিবেশৰ উপাংশ দুটা কি কি ?  জৈৱিক উপাংশৰ ভিতৰত কি কি পৰে লিখা         2+2=4

উত্তৰ: প্রাকৃতিক পৰিবেশৰ উপাংশ দুটা হল জৈৱিক উপাংশ আৰু অজৈৱিক উপাংশ

জৈৱিক উপাংশৰ ভিতৰত ৰিৱেশত থকা আটাইবোৰ প্ৰাণী, উদ্ভিদ, ভেঁকুৰ, বেক্টেৰিয়া আদি পৰে

১৪ কি কি কাৰণত অসমত বানপানী হয় বহলাই লিখা ।                                                                   4

উত্তৰ: অসমত বানপানী হোৱাৰ কাৰণ হ

ক) অসমৰ নদীসমূহে পাহাৰীয়া উপতি অশ্চলত হোৱা ভূমি ক্ষয়ৰ মাটি, শিল বালিবোৰ বোৱাই আনি সমভূমি অংশৰ তলি ভাগত জমা কৰে। এই ধৰণে নদীসমূহ বাম হৈ পৰিছে আৰু পানী বহন ক্ষমতা হ্ৰাস পাইছে। ইয়াৰ বাবে সঘনাই বানপানীৰ সৃষ্টি হয়।

খ)ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উত্তৰ পাৰে থকা উপনৈসমূহে বাৰিষা বৰষুণৰ পানীৰ উপৰিও হিমালয়ৰ বৰফগলা অতিৰিক্ত পানী বহন কৰে, যাৰ বাবে দুয়োপাৰ উপচিপৰি বানপানীৰ সৃষ্টি হয়।

১৫। ভাৰতত পঞ্চবার্ষিক পৰিকল্পনা কাৰ্যসূচীৰ জৰিয়তে কি কি লক্ষ্যত উপনীত হব বিচৰা হৈছে ?            6

উত্তৰ: ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনা কাৰ্যসূচীৰ জৰিয়তে পাঁচটা লক্ষত উপনীত হব বিচৰা হৈছিল। এইবোৰ হ'ল-

() উচ্চ হাৰৰ অৰ্থনৈতিক বৃদ্ধি আহৰণ কৰা।

() অৰ্থনীতিৰ বিভিন্ন খণ্ডত অধুনিকীকৰণ সুনিশ্চিত কৰা।

() সামাজিক ন্যায় স্থাপন আৰু অৰ্থনৈতিক অসমতা দূৰিকৰণৰ লক্ষত উপনীত হোৱা।

() আত্মনিৰ্ভৰশীলতা অৰ্জন।

() অৰ্থনীতিত অব্য়ৱহৃত বা অৰ্থ ব্যৱহূত হৈ থকা সম্পদৰাজিৰ পূৰ্ণ নিয়োগ নিশ্চিত কৰা।

 

১৬। যাতায়ত আৰু যোগাযোগ ব্যৱস্থাই দেশৰ উন্নয়নত কেনে দৰে অৰিহণা যোগায় ?                           6

উত্তৰ: যাতায়াত ব্য়ৱস্থা সমাজ এখনৰ প্ৰথম খলপ। কৃষি, উদ্য়োগ, সেৱা সকলো খণ্ডৰ উৎপাদনশীল কাম-কাজসমূহ মূলতঃ নিৰ্ভৰ কৰে উন্নত যাতায়াত ব্যৱস্থাৰ ওপৰত। সেয়েহে উন্নয়নমূলক কামৰ তালিকাত যাতায়াত ব্যৱস্থাক চৰকাৰে আগস্থান দিয়ে। বৰ্তমান যোগাযোগৰ ক্ষেত্ৰখনত সমগ্ৰ বিশ্বৰ লগতে আমাৰ দেশতো প্ৰযোক্তিবিদ্যাই বিস্তৰ প্ৰভাৱ পেলাইছে। বেপাৰ-বানিজ্য, শিক্ষা স্বাস্থ্যখণ্ড, আইন শৃংখলা ৰক্ষা, দেশৰ প্ৰতিৰক্ষাকে ধৰি দেশৰ প্ৰায়বিলাক খণ্ডত যোগাযোগ ব্য়ৱস্থাৰ উন্নত সাধনসমূহৰ প্ৰয়োগ কৰা হয়। এনেদৰে যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰই দেশৰ উন্নয়নত অৰিহণা যোগায়।

১৮ অংশৰ লগত খ অংশ মিলোৱা -                                                                                       6

অংশ

খ অংশ

ক) আমাৰ চৌপাশ

ক) মাটি

খ) জলমণ্ডল

খ)বায়ু

গ) স্থলমণ্ডল

গ) পৰিবেশ

ঘ) জীৱ মণ্ডল

ঘ) পানী

(ঙ) বায়ুমণ্ডল

(ঙ) বেক্টেৰিয়া

চ) জৈৱিক উপাংশ

চ) জীৱ-জগত



উত্তৰ:

অংশ

খ অংশ

ক) আমাৰ চৌপাশ

গ) পৰিবেশ

খ) জলমণ্ডল

ঘ) পানী

গ) স্থলমণ্ডল

ক) মাটি

ঘ) জীৱ মণ্ডল

চ) জীৱ-জগত

(ঙ) বায়ুমণ্ডল

খ)বায়ু

চ) জৈৱিক উপাংশ

(ঙ) বেক্টেৰিয়া

 

 

 

 

Follow us on

 


YouTube : @DigitalPipalAcademy

E MAIL : info@pipalacademy.com

Instagram: pipal_academy

Facebook : digitalpipalacademy


 

If you're fascinated by our writing style, dive deeper into our world on our website.

 

Class 7 Half Yearly Model Question Paper 2023 in Assamese Medium

 

Subjects (বিষয়)
Solutions Links
General Mathematics (সাধাৰণ গণিত)
Click here
General Science (সাধাৰণ বিজ্ঞান)
Click here
Social Science (সমাজ বিজ্ঞান)
Click here
English (ইংৰাজী)
Click here
Assamese MIL (অসমীয়া)
Click here
Hindi (হিন্দী)
Click here
Follow us on Instagram
Click here

 

 

 

 

Previous Post Next Post