SEBA Class 7 Assamese (MIL) Chapter: তেজৰে কমলাপতি – Questions and Answers by Digital Pipal Academy
Digital Pipal Academy brings you well-structured and easy-to-understand solutions for SEBA Class 7 Assamese (MIL) Chapter তেজৰে কমলাপতি. Our expert faculty has crafted these answers to help students clearly understand the chapter's themes, characters, and moral lessons.
Get Free NCERT PDFs
If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group.
(যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা)
Join Our WhatsApp GroupThe solutions are prepared following the Assam State Board syllabus guidelines for 2025-2026, ensuring complete coverage of important questions. These answers will assist students in writing precise responses and performing well in their examinations. Let Digital Pipal Academy support your learning journey with effective and reliable resources.
তেজৰে কমলাপতি
(পুৱা গোৱা বৰগীত)
ৰাগ – শ্যাম
১। বৰগীতটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে গাওঁ আহা।
উত্তৰঃ- তোমালোকে নিজে শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে গাবলৈ চেষ্টা কৰিবা।
২। বৰগীতটো শুদ্ধ আৰু স্পষ্টভাৱে পঢ়া।
উত্তৰঃ- তোমালোকে নিজে শুদ্ধ আৰু আৰু স্পষ্টভাৱে পঢ়লৈ চেষ্টা কৰিবা।
৩) তলৰ প্ৰশ্নসমূহৰ উত্তৰ কোৱা আৰু লিখা।
(ক) বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনাৰ নাম কি?
উত্তৰঃ- বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনাৰ নাম হ'ল - শ্ৰী মন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ।
(খ) ‘তেজৰে কমালাপতি’ নামৰ বৰগীতটোৰ ৰচক কোন?
উত্তৰঃ- ‘তেজৰে কমলাপতি’ নামৰ বৰগীতটোৰ ৰচক হ'ল মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ ।
(গ) ‘তিমিৰ ফেৰিয়া’ কি বাজ হয়?
উত্তৰঃ- ‘তিমিৰ ফেৰিয়া’ বাজ ৰবিৰ কিৰণ হয় ।
(ঘ) যশোদাই কৃষ্ণক পুৱা কিয় জগাইছিল।
উত্তৰঃ- যশোদাই কৃষ্ণক পুৱা গৰু চৰাবলৈ জগাইছিল ।
৪) তলত দিয়া পদ দুশাৰীত কোনে ,কাক , কি কৈছে- নিজৰ কথাৰে লিখা।
‘নন্দগেল বাথানে গোৱাল গেল পাল ।
সুৰভী চাৰিতে লাগে উঠৰে গোপাল ।। ,
উত্তৰঃ- উক্ত পদ দুশাৰীত যশোদাই পুৱা কৃষ্ণক কৈছিল। যে কৃষ্ণ উঠা তোমাৰ পিতৃ গৰু খুটিঁ লৈ গৈছে আৰু গৰখীয়াবোৰে গৰু লৈ চৰাবলৈ গৈছে । তোমাৰ সুৰভী গাইক চৰাবলৈ যোৱা , উঠা কৃষ্ণ ।
৫) শব্দ সম্ভাৰ আৰু অভিধান চাই অৰ্থ লিখা।
উত্তৰঃ
শব্দার্থ :
কমলাপতি- লক্ষ্মীপতি, বিষ্ণু, ভগৱান।
তিমিৰ-আন্ধাৰ, তমসা।
ডাকে-মাতে।
ব্ৰজবধূ- ব্ৰজধামৰ বোৱাৰী।
শতপত্র-পদুম।
ভ্ৰমৰ-ভোমোৰা।
ত্ৰিজগত-স্বর্গ, মর্ত্য আৰু পাতাল।
ৰয়নী-ৰজনী, ৰাতি।
৬ । বৰগীতটোত প্ৰকাশ পুৱাৰ প্ৰাকৃতিক দৃশ্যৰ এটি বৰ্ণনা দিয়া।
উত্তৰঃ বৰগীতটোত প্ৰকাশ পোৱা ৰাতিপুৱাৰ এটি দৃশ্যৰ বৰ্ণনা কৰিছে যত মাক যশোদাই কৃষ্ণক জগাবলৈ আহিছিল।
৭। তলৰ ছবিখন চোৱা আৰু তাত প্ৰকাশ পোৱা কথাখিনি কোৱা।
উত্তৰঃ- উক্ত ছবিখনত প্ৰকাশ পোৱা কথাখিনি হ'ল তাত ৰাতিপুৱাৰ এটি দৃশ্য দাঙি ধৰিছে। পুৱাৰ সূৰ্যৰ ওলাইছে, আৰু নদীৰ বুকুত ধুনিয়াকৈ পদুম ফুল ফুলি আছে আৰু চৰাই জাকে জাকে উৰিছে।
৮) (ক)শব্দৰ আগত 'ত্ৰি' শব্দ লগাই নতুন শব্দ গঠন কৰা আৰু অৰ্থ জানি লোৱা ।
উত্তৰঃ-
জগত - ত্রিজগত
ভুজ - ত্রিভুজ
কাল - ত্রিকাল
শূল - ত্রিশূল
কোণ - ত্রিকোণ
নয়ন - ত্রিনয়ন
(খ) তলত দিয়া শব্দবোৰৰ আগত বি পূৰ্বসৰ্গ লগ লগাই সেইবোৰেৰে অৰ্থ প্ৰকাশক একোটা বাক্য ৰচনা কৰা।
মুখ, দূৰ, কিৰণ, নন্দ
উত্তৰঃ-
মুখ ---- বিমুখ
দূৰ ---- বিদূৰ
কিৰণ ---- বিকিৰণ
নন্দ ---- বিনন্দ
উত্তৰঃ-
বিমুখ :- তেওঁ বিমুখ কৰি ঘুৰি আহিল।
বিদূৰ :- ভাৰতৰ পৰা আমেৰিকালে বহুত বিদূৰ ।
বিকিৰণ :- ৰাতিপুৱা সূৰ্যৰ পোহৰ বিকিৰণ হৈছে ।
বিনন্দ :- সিহঁতে খেলপথাৰত আনন্দ- বিনন্দৰে খেলি আছে ।
৯) তলৰ ব্ৰজাৱলী ভাষাত লিখা বাক্য চাৰিশাৰী আধুনিক অসমীয়ালৈ ৰূপান্তৰ কৰা।
ক) ৰয়নী বিদূৰ দিশ ধৱলী বৰণ।
উত্তৰঃ- ৰাতি গৈ ৰাতিপুৱা হৈছে ।
খ) শতপত্ৰ বিকশিত ভ্ৰমৰ উৰায় ।
উত্তৰঃ- পদুম ফুলি তাত ভোমোৰা উৰিছে ।
গ) দাম- সুদাম ডাকে তেৰি লৈয়া নাম ।
উত্তৰঃ- দাম আৰু সুদামে তোমাৰ নাম লৈছে ।
ঘ) ক্ষীৰ লৱনু লৈয়া শিঙা বেত বেণু ।
উত্তৰঃ- ক্ষীৰ লৱনু লোৱা আৰু গৰু চৰাবলৈ যোৱা ।
১০) এটা শব্দত প্ৰকাশ কৰা।
উত্তৰঃ-
১১। বৰগীতটোত চাৰিটা আখৰেৰে গঠিত এটা শব্দ আছে। সেই শব্দটোৰ প্ৰথম আখৰ দুটা মিলি 'বল' বুজাই আৰু শেষৰ আখৰ দুটা মিলি 'মানুহৰ নাম' বুজায়। শব্দটো বিচাৰি উলিয়াই লিখা। প্ৰথম দুটা মিলি ব ল হয়।
সেই শব্দটোৰ-
প্ৰথম আৰু তৃতীয় মিলি কি বুজাই?
দ্বিতীয় আৰু তৃতীয়ই মিলি কি বুজাই?
আৰু চতুৰ্থ আৰু দ্বিতীয়ই মিলি কি বুজাই?
উত্তৰঃ-
সেই শব্দটো- ব ল ৰা ম
প্ৰথম আৰু তৃতীয় মিলি কি বুজাই?
উত্তৰঃ- প্ৰথম আৰু তৃতীয় মিলি বৰা বুজাই।
দ্বিতীয় আৰু তৃতীয়ই মিলি কি বুজাই?
উত্তৰঃ- দ্বিতীয় আৰু তৃতীয় মিলি ল'ৰা বুজাই।
চতুৰ্থ আৰু দ্বিতীয়ই মিলি কি বুজাই?
উত্তৰঃ- চতুৰ্থ আৰু দ্বিতীয়ই মিলি মল বুজাই।
১২। ব্ৰজাৱলী ভাষাত লিখা কথাখিনি পঢ়ি অভিনয় কৰা।
কথাঃ
গোপী বোলঃ আহে কানাই ! তোহাক হামু উত্তৰে নাহি পাৰলো। আজু তোহাৰি মাৱক আগু সৱ কথা কহিয়ে হামো তোহাক যে জানো তা কৰব।
সূত্ৰঃ
ওহি বুলি গোপী পাৰাক গোপীসৱক ডাকিয়ে এক থানে হোৱে সৱহি গিয়া যশোদাক আগু কহল, তা দেখহ।
কথাঃ
গোপী বোলঃ হে মাই যশোদে ! তোহাৰি বালক কানাই হামাক যে অপকাৰ কৰত তা শুনহ। হামাৰ গৃহে দধি দুগ্ধ লৱনু ৰহয়ে নাহি। শ্ৰীকৃষ্ণ বানৰ সৱ সহিতে সৱ নাশ কয়ল।
কথাঃ
অপৰ গোপী বোলঃ হে মাই! হামু ওহি কৃষ্ণক কথা কত কহব। হামাৰ সঞ্চিত লৱনু চুৰি কৰি খাই জোখাক ভাণ্ড ভাঙ্গি পেলাৱল।
(ওপৰৰ কথাখিনি শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত 'পিম্পৰা গুচোৱা' নাটৰ পৰা তুলি দিয়া হৈছে। )
উত্তৰঃ- তোমালোকে নিজে নিজে অভিনয় কৰিবলৈ চেষ্টা কৰিবা।
১৩। দুটা বৰগীত সংগ্ৰহ কৰি ৰচকৰ নাম আৰু পৰিচয় লিখি শ্ৰেণী কোঠাত পঢ়ি শুনোৱা।
উত্তৰঃ তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা।
১৪। বৰগীত ব্যৱহাৰ কৰা বাদ্য যন্ত্ৰ ছবি সংগ্ৰহ কৰি তালিকা প্ৰস্তুত
কৰা।
উত্তৰঃ তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা।
অতিৰিক্ত প্ৰশ্ন উত্তৰ-
১) ব্ৰজাৱলী ভাষা কোন দুটা ভাষাৰ সংমিশ্ৰিত ৰূপ ?
উত্তৰঃ ব্ৰজাৱলী ভাষা অসমীয়া আৰু মৈথিলী ভাষা সংমিশ্ৰিত ৰূপ।
২) শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম ক'ত হৈছিল ?
উত্তৰঃ শ্ৰী শ্ৰী মাধৱদেৱে জন্ম হৈছিল- উত্তৰ লখিমপুৰ ( পুৰণি লক্ষীমপুৰ ) জিলাৰ নাৰায়ণ পুৰৰ ওচৰৰ লেটেকুপুখুৰী নামৰ ঠাইত মহাপুৰুষ মাধৱদেৱৰ জন্ম হৈছিল।
৩) শ্ৰী শ্ৰী মাধৱদেৱৰ পিতৃ-মাতৃ নাম কি আছিল ?
উত্তৰঃ শ্ৰী শ্ৰী মাধৱদেৱৰ পিতৃৰ নাম আছিল গোৱিন্দগিৰী আৰু মাতৃৰ নাম - মনোৰমা।
৪) মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য কোন আছিল ?
উত্তৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য আছিল- শ্ৰী শ্ৰী মাধৱদেৱ।
৫) শ্ৰী শ্ৰী মাধৱদেৱে স্থাপন কৰা সত্ৰকেইখনৰ নাম কি ?
উত্তৰঃ শ্ৰী শ্ৰী মাধৱদেৱে স্থাপন কৰা সত্ৰকেইখনৰ নাম হৈছে- বৰপেটা সত্ৰ, সুন্দৰী দিয়া সত্ৰ আদি।
৬) মাধৱদেৱৰ দ্বাৰা ৰচিত পুথিকেইখনৰ নাম লিখা।
উত্তৰঃ মাধৱদেৱৰ দ্বাৰা ৰচিত পুথিকেইখনৰ নাম হৈছে- বৰগীত, ভটিমা, ভক্তি-ৰত্নাৱলী, জন্ম ৰহস্য, দধিমথন, ভোজন ব্যৱহাৰ বা ভোজন বিহাৰ, ভুমি লেটোৱা, চোৰ ধৰা পিম্পৰা আদি।
৭) বৰগীত কি ?
উত্তৰঃ বৰগীত হ'ল শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা 'ৰাম-কৃষ্ণ'ৰ লীলা বিষয়ক আধ্যাত্মিক গীত।
৮) ব্ৰজাৱলী ভাষাৰ আন এটা নাম লিখা।
উত্তৰঃ ব্ৰজাৱলী ভাষাৰ আন এটা নাম হৈছে- 'ব্ৰজবুলি'।
৯) তেখেতৰ শ্ৰেষ্ঠ কৃতি কি ?
উত্তৰঃ তেখেতৰ শ্ৰেষ্ঠ কৃতি হ'ল 'নাম-ঘোষা'।
১০) বৰগীতসমূহ কি ভাষাত ৰচিত ?
উত্তৰঃ- বৰগীতসমূহ ব্ৰজাৱলী ভাষাত ৰচিত।
১১) ব্ৰজাৱলী ভাষা কাক বোলে ?
উত্তৰঃ ব্ৰজাৱলী ভাষা হ'ল- শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ প্ৰমুখ্যে বৈষ্ণৱ কবিসকলে ব্যৱহাৰ কৰা এটা ধৰ্মীয় ভাষা।
১২) শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ নাট আৰু বৰগীতসমূহ কি ভাষাত ৰচিত ?
উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ নাট আৰু বৰগীতসমূহ 'ব্ৰজাৱলী' ভাষাত ৰচিত।
Class 7 Assamese Question Answer – All Chapters
Below are the chapters of Class 7 Assamese. Click on the chapter name to access the respective question-and-answer content:
Note for Users
If you find any incorrect answers, please notify us via Instagram at @pipalacademy or email us at info@pipalacademy.com. For content that may infringe copyright, kindly refrain from copying our content. Thank you for supporting Digital Pipal Academy!
যদি আপুনি কোনো ভুল উত্তৰ পায়, অনুগ্ৰহ কৰি আমাক @pipalacademy ইনষ্টাগ্ৰামৰ জৰিয়তে অৱগত কৰক অথবা info@pipalacademy.com ইমেইলৰ মাধ্যমে আমাক যোগাযোগ কৰক। কপিৰাইট উলংঘা কৰিব পৰা বিষয়বস্তুৰ বাবে, আমাৰ বিষয়বস্তু কপি কৰাৰ পৰা বিৰত থাকক। ডিজিটেল পিপাল একাডেমীক সহায় কৰাৰ বাবে ধন্যবাদ!
Join Our WhatsApp GroupSudev Chandra Das (B.Sc. Mathematics)
Hi! I'm Sudev Chandra Das, Founder of Digital Pipal Academy. I've dedicated myself to guiding students toward better education. I believe, 'Success comes from preparation, hard work, and learning from failure.' Let’s embark on a journey of growth and digital excellence together!.
More Resources For Class 10 Solutions in Assamese Medium
- Class 10 Maths Solutions
- Class 10 Science Solutions
- Class 10 Social Science Solutions
- Class 10 Assamese Solutions
- Class 10 English Solutions
- Class 10 Hindi Solutions
- Class 10 Advanced Geography Solutions
More Resources For Class 9 Solutions in Assamese Medium
- Class 9 Maths Solutions
- Class 9 Science Solutions
- Class 9 Social Science Solutions
- Class9 Assamese Solutions
- Class9 English Solutions
- Class 9 Hindi Solutions
- Class 9 Advanced Geography Solutions