Class 7 Assamese Chapter 2 questions Answers কালিকা লগা পাট-কাপাৰ
কালিকা লগা পাট-কাপোৰ
ক- পাঠভিত্তিক ক্ৰিয়া
ক্ৰিয়া-কলাপ
১। পাঠটো শুদ্ধ উচ্চাৰণ আৰু যতি, বিৰাম চিহ্নসমূহৰ প্ৰতি লক্ষ্য ৰাখি কেইবাবাৰো পঢ়া আৰু সাধুটো নিজৰ কথাৰে কোৱা।
উত্তৰ: তোমালোকে নিজে শুদ্ধ উচ্চাৰণ আৰু যতি, বিৰাম চিহ্নসমূহৰ প্ৰতি লক্ষ্য ৰাখি কেইবাবাৰো পঢ়া আৰু সাধুটো নিজৰ কথাৰে কোৱলৈ চেষ্টা কৰিবা।
২। উত্তৰ দিয়া।
(ক) চহকী মানুহজন কোন দেশৰ আছিল?
উত্তৰ: চহকী মানুহজন আচিক দেশৰ আছিল।
(খ) চহকী মানুহজনৰ ছোৱালীজনীৰ কাৰ লগত বিয়া হৈছিল?
উত্তৰ: চহকী মানুহজনৰ ছোৱালীজনীৰ এজন দেখনিয়া ডেকাৰ লগত বিয়া হৈছিল।
(গ) ছোৱালীজনীক আন আন সম্পত্তিৰ লগতে আৰু কি দিয়া হৈছিল?
উত্তৰ: ছোৱালীজনীক আন আন সম্পত্তিৰ লগতে এখন কালিকা লগা বনকৰা পাট-কাপোৰ দিয়া হৈছিল।
(ঘ) কালিকালগা কাপোৰখন দিওঁতে দেউতাকে কি কৈছিল?
উত্তৰ: কালিকালগা কাপোৰখন দিওঁতে দেউতাকে তাইক কৈছিল, “এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ'ব আৰু কাপোৰখন চৰাইৰ পাখি আৰু নেজ হৈ পৰিব”।
(ঙ) আচিক সম্প্ৰদায়ত সম্পত্তিৰ উত্তৰাধিকাৰী কোন?
উত্তৰ: আচিক সম্প্ৰদায়ত ছোৱালীবোৰ সম্পত্তিৰ উত্তৰাধিকাৰী হয়।
(চ) ছোৱালীজনীয়ে কাপোৰখন ৰ'দত মেলি দি ক’লৈ গৈছিল?
উত্তৰ: ছোৱালীজনীয়ে কাপোৰখন ৰ'দত মেলি দি মাছ মাৰিবলৈ গৈছিল।
(ছ) কাপোৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন কিহলৈ ৰূপান্তৰিত হ'ল?
উত্তৰ: কাপোৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন এটা ডাঙৰ আৰু নানা বৰণীয়া জকমকীয়া পাখিৰে সুশোভিত ময়ুৰ চৰাই (চিতৰী) হৈ পৰিল।
৩। চমু উত্তৰ লিখা।
(ক) বাপেকে ছোৱালীজনীক দিয়া বনকৰা পাট-কাপোৰখনৰ বিশেষত্ব কি আছিল?
উত্তৰ: বাপেকে ছোৱালীজনীক দিয়া বনকৰা কপোৰখনৰ বিশেষত্ব হ'ল - এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ'ব আৰু কাপোৰখন চৰাইৰ পাখি আৰু নেজ হৈ পৰিব।
(খ) গিৰিয়েকজন কিদৰে সুশোভিত চিতৰী চৰাই লৈ ৰূপান্তৰিত হৈছিল?
উত্তৰ: গিৰিয়েকজনে ঘৈণীয়েকৰ কথা পাহৰি কাপোৰখনত হাত দিলে হাত দিয়াৰ লগে লগে তেওঁ এটা ডাঙৰ আৰু নানা বৰণীয়া পাখিৰে সুশোভিত চিতৰী চৰাইলৈ ৰূপান্তৰিত হৈছিল।
(গ) গিৰিয়েকজনে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকে কি কৰিলে আৰু শেষত তাইৰ কি হ'ল?
উত্তৰ: গিৰিয়েকে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকে কি কৰিলা ঔ বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে লগে লগে তাই এজনী চৰাইৰ ৰূপ পালে ।
৪। তলৰ শব্দবোৰৰ অৰ্থ বাকচৰ পৰা বাছি উলিয়াই লিখা।
সুসজ্জিত, ধনী, সুঠাম আৰু দৈখিবলৈ ধুনীয়া, বহুত, চলি থকা।
উত্তৰ:
প্ৰচলিত |
চলি থকা। |
দেখনিয়াৰ |
সুঠাম আৰু দেখিবলৈ ধুনীয়া। |
চহকী |
ধনী। |
সুশোভিত |
সুসজ্জিত। |
সৰহ |
বহুত। |
খ-ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)
৫। তলৰ দফাটো পঢ়ি উপযুক্ত স্থানত যতি, বিৰাম চিহ্ন বহুওৱা।
এই কাণ্ড দেখি ঘৈণীয়েকে মন্ত্ৰষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি কি কৰিলা ঔ বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে লগে লগে তায়ো এজনী চৰাইৰ ৰূপ পালে তেতিয়াৰে পৰা গিৰিয়েকজন হৈ পৰিল মতা ম'ৰা চৰাই আৰু ঘৈণীয়েকজনী হৈ পৰিল মাইকী ম'ৰা চৰাই মতাটোৰ পাখি বেছি জকমকীয়া কাৰণ সেই কাপোৰখনৰ সৰহভাগ তাৰ নেজ আৰু পাখিত লাগি ৰ'ল
উত্তৰ: এই কাণ্ড দেখি ঘৈণীয়েকে মন্ত্ৰষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি ‘কি কৰিলা ঔ’ বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে। লগে লগে তায়ো এজনী চৰাইৰ ৰূপ পালে। তেতিয়াৰে পৰা গিৰিয়েকজন হৈ পৰিল মতা ম'ৰা চৰাই; আৰু ঘৈণীয়েকজনী হৈ পৰিল মাইকী ম'ৰা চৰাই । মতাটোৰ পাখি বেছি জকমকীয়া। কাৰণ, সেই কাপোৰখনৰ সৰহভাগ তাৰ নেজ আৰু পাখিত লাগি ৰ'ল ।
৬। পাঠটো ভালদৰে পঢ়ি দুটাকৈ সমাপিকা আৰু অসমাপিকা ক্ৰিয়াযুক্ত বাক্য বাকচটোত ভৰোৱা।
সমাপিকা ক্ৰিয়া |
অসমাপিকা ক্ৰিয়া |
....................................... ....................................... |
........................................ ........................................ |
উত্তৰ:
সমাপিকা ক্ৰিয়া |
অসমাপিকা ক্ৰিয়া |
মই ভাত খালোঁ। জীয়েক-জোঁৱায়েকে কাপোৰখন সযত্ননে ৰাখিলে। |
তাই মোমায়েকৰ মৃত্যুৰ খবৰ শুনি বৰকৈ কান্দিলে । এটা মন্ত্ৰ নপঢ়াকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ'ব।. |
৭। তলৰ বাক্যত থকা সমাপিকা আৰু অসমাপিকা ক্ৰিয়া বাছি উলিয়াই তলৰ বাকচত লিখা।
Þ মই ঘৰলৈ যাম।
Þ ৰাতি মই অকলে বাহিৰলৈ নাযাওঁ।
Þ পুৱা শুই উঠি মই বকুল ফুল বুটলিম।
Þ মা-দেউতাই সদায় খবৰ কাগজ পঢ়ে।
Þ স্কুলৰ পৰা আহি মই কিছুপৰ টি ভি চাওঁ।
উত্তৰ:
সমাপিকা ক্ৰিয়া |
অসমাপিকা ক্ৰিয়া |
মই ঘৰলৈ যাম । ৰাতি মই অকলে বাহিৰলৈ নাযাওঁ । মা – দেউতাই সদায় খবৰ কাগজ পঢ়ে । |
পুৱা শুই উঠি মই বকুলফুল বুটলিম । স্কুলৰ পৰা আহি মই কিছুপৰ টিভি চাওঁ । |
গ – জ্ঞান সম্প্ৰসাৰণ
৮। পুৰণি কালত তোমাৰ ককা-আইতাৰাহঁতে কাপোৰ-কানি, বাচন-বৰ্তন পেৰাত ভৰাই থৈছিল। তোমালোকে কাপোৰ-কানি, বাচন-বৰ্তন ক'ত থোৱা, তাৰ এখন তালিকা প্ৰস্তুত কৰা।
উত্তৰ: তোমালোকে নিজে চেষ্টা কৰিবা।
৯। ছবিখনত দিয়া সঁজুলিকেইবিধৰ নাম লিখি সেইবোৰ আমি কি কি কামত ব্যৱহাৰ কৰোঁ লিখা।
উত্তৰ:
More Resources For Class 10 Solutions in Assamese Medium
- Class 10 Maths Solutions
- Class 10 Science Solutions
- Class 10 Social Science Solutions
- Class 10 Assamese Solutions
- Class 10 English Solutions
- Class 10 Hindi Solutions
- Class 10 Advanced Geography Solutions
More Resources For Class 9 Solutions in Assamese Medium
- Class 9 Maths Solutions
- Class 9 Science Solutions
- Class 9 Social Science Solutions
- Class9 Assamese Solutions
- Class9 English Solutions
- Class 9 Hindi Solutions
- Class 9 Advanced Geography Solutions
Publish by Subha Das
follow us on