Class 7 Assamese Chapter 3 Question Answer. পণ্ডিত আনন্দৰাম বৰুৱা পাঠৰ প্ৰশ্ন উত্তৰ

Class 7 Assamese Chapter 3 Question Answer. পণ্ডিত আনন্দৰাম বৰুৱা পাঠৰ প্ৰশ্ন উত্তৰ


 

 

 

 



পণ্ডিত আনন্দৰাম বৰুৱা

 

 

follow us on

Instagram
Facebook
Subscribe Our YouTube Channel

 

 

 


 

 


 

পণ্ডিত আনন্দৰাম বৰুৱা

ক- পাঠভিত্তিক ক্ৰিয়া

ক্ৰিয়া-কলাপ

 

১। পাঠটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়া

উত্তৰ: তোমালোকে নিজে শুদ্ধ আৰু স্পষ্টকৈ পঢ়িলৈ চেষ্টা কৰিবা।

২। উত্তৰ দিয়া।

(ক) আনন্দৰাম বৰুৱাৰ জন্ম ক'ত হৈছিল?

উত্তৰ:  আনন্দৰাম বৰুৱাৰ জন্ম ইংৰাজী ১৮৫০ চনৰ মে' মাহৰ ২১ তাৰিখে উত্তৰ গুৱাহাটীৰ ৰজা দুৱাৰত হৈছিল ।

(খ) তেওঁৰ পিতৃ-মাতৃৰ নাম কি?

উত্তৰ:  তেওঁৰ  পিতৃ গৰ্গৰাম বৰুৱা আৰু মাতৃ দুৰ্লভেশ্বৰী বৰুৱা 

গ)আনন্দৰাম বৰুৱাই কলকাতাৰ কোন কলেজত নামভৰ্তি কৰিছিল?

উত্তৰ:  আনন্দৰাম বৰুৱাই কলকাতাৰ প্ৰেছিডেন্সি কলেজত নাম ভৰ্তি কৰিছিল ।

ঘ) 'আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি-সংস্থা' কিয় প্ৰতিষ্ঠা কৰিছিল?

উত্তৰ:  ভাৰতৰ ব্ৰিটিছ আমোলত প্ৰথমজন অসমীয়া বেৰিষ্টাৰ আৰু অসমীয়া তথা ভাৰতীয় চিভিলিয়ান হোৱাৰ উপৰি আনন্দৰাম বৰুৱা আছিল এজন প্ৰখ্যাত সংস্কৃত পণ্ডিত তেওঁৰ স্মৃতি ৰক্ষাৰ উদ্দেশ্যে প্ৰতিষ্ঠা কৰা হৈছিল আনন্দৰাম বৰুৱা ভাষা-কলা সংস্কৃতি সংস্থা ।

৩। ABILAC ৰ সম্পূণ নামটো ইংৰাজী আৰু অসমীয়াত লিখা।

উত্তৰ:  ABILAC ৰ সম্পূণ নামটো ইংৰাজীত হ'Anundoram Borooah  Institute  of  Language,  Art And Culture, Assam আৰু অসমীয়াত হ'ল আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি-সংস্থা, অসম

 

৪। তলত দিয়া পুথিসমূহৰ পৰা আনন্দৰাম বৰুৱাই ৰচনা কৰা পুথিসমূহ বাছি উলিয়াই লিখা।

·       কৌটিল্যৰ অৰ্থশাস্ত্ৰ

·       উচ্চ সংস্কৃত ব্যাকৰণ

·       প্ৰাচীন ভাৰতৰ ভূগোল

·       ভৱভূতিৰ মহাবীৰ চৰিত

·       সৰস্বতী কন্ঠাভৰণ

·       ভাগৱতৰ দশম স্কন্ধ

·       ইংৰাজী-সংস্কৃত অভিধান

·       সংস্কৃত ভাষাৰ বৃহৎ ব্যাকৰণ

·       মহাভাৰত

·       সংস্কৃত শিক্ষাৰ্থী সহচৰ

 


উত্তৰ:

·       ইংৰাজী-সংস্কৃত অভিধান

·       উচ্চ সংস্কৃত ব্যাকৰণ

·       প্ৰাচীন ভাৰতৰ ভূগোল

·       সৰস্বতী কন্ঠাভৰণ

·       ভৱভূতিৰ মহাবীৰ চৰিত

·       সংস্কৃত ভাষাৰ বৃহৎ ব্যাকৰণ

 

 

৫। আনন্দৰাম বৰুৱাই আই.চি. এছ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত বিলাতত হোৱা বয়সৰ বিতৰ্কত মি. গ্ৰেণ্ট ডাফে দিয়া মন্তব্যটো নিজৰ ভাষাত লিখা।

উত্তৰ:  আনন্দৰাম বৰুৱাই আই. চি. এছ. পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত বিলাতত হোৱা বয়সৰ বিতৰ্কত মি. গ্রেন্ট ডাফে এই বুলি মন্তব্য আগবঢ়াইছিল যে তেওঁলোকে আই. চি. এচ পৰীক্ষাৰ নিয়মাৱলী নিৰ্ধাৰণ কৰোঁতে এই পৰীক্ষাৰ নিয়মাৱলীৰ ভিতৰুৱা উদ্দেশ্যলৈহে মন দিছে। কিন্তু যিগৰাকী ছাত্ৰই সুদূৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা আহি ইমানবোৰ প্ৰতিযোগীৰ মাজতো সুখ্যাতিৰে সেই পৰীক্ষাত উত্তীৰ্ণ হব পাৰিছেসেই ছাত্ৰগৰাকীৰ ইচ্ছা বা আকাংক্ষাৰ বাটত তেওঁলোকে একো বাধাৰ সৃষ্টি কৰিব নিবিচাৰে।

 

৬। আনন্দৰাম বৰুৱাৰ কৰ্ম জীৱনৰ বিষয়ে কেইশাৰীমান বাক্য লিখা।

উত্তৰ: স্বদেশলৈ উভতি আহি তেখেতে পোন প্ৰথমে শিৱসাগৰ জিলাত  সহকাৰী মেজিষ্ট্ৰেট হিচাপে যোগদান কৰে। তাৰ পাছত তেখেতে মৈমনসিংহ জিলাৰ সহকাৰী মেজিষ্ট্ৰেট আৰু কালেক্টৰ হিচাপে যোগদান কৰে। এনেদৰে বিভিন্ন জিলাত উচ্চ পদস্থ বিষয়া হিচাপে কাৰ্য নিৰ্বাহ কৰি ১৮৮৪ চনত নোৱাখালি জিলাৰ  মেজিষ্ট্ৰেট হিচাপে নিযুক্ত হয়। নোৱাখালি জিলাত থাকোঁতে তেখেতে বংগদেশৰ উন্নয়ন মূলক কাম কৰাৰ উপৰি তাত এটি গুৰুত্বপূৰ্ণ কাম আৰম্ভ  কৰে। অসমৰ দৰে বংগদেশতো ভাষাৰ ভিন্নতা আছিল। এই ভিন্নতা দূৰ কৰাৰ কাৰণে বংগদেশৰ ভাষাবিদসকলে মান্যভাষাত এখন অভিধানৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল। তেখেতে এই গুৰুত্ৱপূৰ্ণ কামতো হাতত লৈছিল যদিও সম্পূৰ্ণ কৰিব নোৱাৰিলে। ১৮৮৯ চনত তেখেতে বংগদেশত আকস্মিক ভাৱে মৃত্যু বৰণ কৰে।

 

৭। '' অংশত থকা শব্দৰ লগত '' অংশত থকা অৰ্থবোৰ আঁচ টানি মিলোৱা

' অংশ

'' অংশ

অধ্যৱসায়

অতি শুৱনি, বহুতৰ মাজত চকুত পৰা।      

মন্থন

সুনাম, যশস্যা।

সুখ্যাতি

মথা বা ঘোঁটা কাৰ্য।

জাতকজিলিকা

প্ৰতিদ্বন্দ্বী।

অৱদান

আশা নকৰা।

সংকল্প

কামত লগোৱা, কামত নিয়োগ কৰা।

অপ্ৰত্যাশিত

নেৰা নেপেৰাকৈ লাগি থকা কাৰ্য।

প্ৰতিযোগী

জ্ঞানী।

নিযুক্ত

কোনো কাম কৰিবলৈ দৃঢ় ইচ্ছামনীষী । 

মনীষী

বৰঙণি বা অৰিহণা

 

উত্তৰ: অংশত থকা শব্দৰ লগত অংশত থকা শব্দবোৰ আঁচ টানি মিলোৱা হ

অংশ

অংশ

অধ্যৱসায়

নেৰা নেপেৰাকৈ লাগি থকা কার্য

মন্থন

মথা বা ঘোঁটা কার্য

সুখ্যাতি

সুনাম, যশস্যা

জাকতজিলিকা

অতি শুৱনি,বহুতৰ মাজত চকুত পৰা

অৱদান

বৰঙণি বা অৰিহণা।

সংকল্প

কোনো কাম কৰিবলৈ দৃঢ় ইচ্ছা

অপ্রত্যাশিত

আশা নকৰা

প্রতিযোগী

প্রতিদ্বন্দ্বী

নিযুক্ত

কামত লগোৱা, কামত বিয়োগ কৰা

মনীষী

জ্ঞানী

 

 

খ- ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)

 

৮। দলত ভাগ হৈ পাঠটো পঢ়া। পাঠৰ পৰা অতীত কালৰ ক্ৰিয়াপদকেইটা বাছি উলিয়াই লিখা।

উত্তৰ: আমি পাঠটো পঢ়িলোতোমালোকে পাঠটো নিজেও পঢ়িবা।

তলত পাঠটোৰপৰা অতীত কালৰ ক্রিয়াপদকেইটা বাছি উলিয়াই লিখা হল-

হৈছিল, লৈছিল, নাছিল, নোৱাৰিলে, দৰ্শাইছিল, পঠিয়াইছিল, লিখিছিল, গল, ফলিয়াইছিল, আছিল, পাৰিছিল, কৰিছিল

 

 ৯। খালী ঠাই পূৰ কৰা।

     (ক) কালি মই গুৱাহাটীলৈ             

উত্তৰ: যাম

     (খ) কাইলৈ আমাৰ ঘৰলৈ ৰমেন           

উত্তৰ: আহিব

     (গ) ল'ৰা বিলাকে খেল পথাৰত বল          

উত্তৰ: খেলিছে

 

১০। পাঠৰ পৰা বিশেষ্য, বিশেষণ, সৰ্বনাম আৰু ক্ৰিয়াপদ বিচাৰি উলিয়াই বহীত লিখা।

উত্তৰ: পাঠটোৰ পৰা বিশেষ্য, বিশেষণ, সর্বনাম আৰু ক্ৰিয়াপদ বিচাৰি উলিয়াই বহীত লিখা হল-

বিশেষ্য

বিশেষণ

সর্বনাম

ক্রিয়াপদ

অসম, যুৱক ভাৰতীয় প্রশাসনিক সেৱা পৰীক্ষা, বয়স, বিলাত পার্লামেন্ট, ব্রিটিছ, সদস্য মি. গ্রেন্ট ডাফ, আই.চি.

এছ পৰীক্ষা, কাণ, ছাত্র, ব্ৰহ্মপুত্ৰ উপত্যকা,

প্রতিযোগী, বাট, মেধাৱী, আনন্দৰাম বৰুৱা দুৰ্লভেশ্বৰী বৰুৱা, সন্তান,

ইংৰাজী, মে মাহ,

উত্তৰ, গুৱাহাটী, ৰজাদুৱাৰ

খাট, কামৰূপ, মজিন্দাৰ

বৰুৱা বংশ, অসম, কলেজ,

প্ৰৱেশিকা পৰীক্ষা, কলকাতা

প্রেছিডেন্সী কলেজ,

এফ. এ. পৰীক্ষা,

গণিত, ডাফ স্কলাৰছিপ,

ইংৰাজ চৰকাৰ, উচ্চ শিক্ষা

বিলাত, লণ্ডন, বেৰিষ্টাৰী

ইত্যাদি।

এজন, মেধাসম্পন্ন

ন্যূনতম, তুমুল, সন্মানীয়, এগৰাকী,

ভিতৰুৱা, সুদূৰ, এক,

একো, সপ্তম

কঠোৰ, দৃঢ়, কঠিন, তৃতীয়, ১৮৫০, ২৯

পণ্ডিত প্ৰৱৰ

তেখেত

 

 

এই

 

তেতিয়া

 

আমি

এইদৰে

সেই ….ইত্যাদি

হৈছিল

 

 

থমকি ৰ,  , নাছিল, দৰ্শাইছিল, হওঁতে, দিছোঁ, আহি,

পাৰিছে, নকৰোঁ, ফলিয়াইছিল, কৰে, পায়,

পঠিয়াইছিল, ইত্যাদি।

 

 

 

গ- জ্ঞান সম্প্ৰসাৰণ

১১। চেষ্টাৰ অসাধ্য একো নাই কথাষাৰ বহলাই লিখা।

উত্তৰ: চেষ্টাৰ অবিহনে কোনো কামেই সম্ভৱ নহয়। কোনো কৰ্মৰ পৰা যদি ভাল ফলাফল পাব বিচাৰে তেতিয়া হ'লে অধিক চেষ্টাৰ প্ৰয়োজন। যদি কোনো কাম কৰিব পৰা নাই তেনেহ'লে হাজাৰ চেষ্টা কৰিব লাগে। অধিক চেষ্টাৰ মূৰতহে সফল হ'ব পৰা যায়। পণ্ডিত আনন্দৰাম বৰুৱাদেৱে নিজৰ অনেক চেষ্টাৰ মূৰত আই. চি. এছ প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিল।গতিকে কোনো কাম এবাৰত সম্পন্ন নহ'লে তাক হাজাৰবাৰ চেষ্টা কৰিব লাগে।

 

 

১২। কিছুমান লোকে ভালদৰে পঢ়া শুনা কৰি, ভাল কাম কৰি নিজৰ বংশৰ লগতে দেশৰ নামো উজ্জ্বল কৰে । তুমি নিজে তেনে এজন ব্যক্তি হ'বলৈ কি কৰিবা লিখা।

উত্তৰ: মই নিজে ……… এজন ব্যক্তি হ'বলৈ হ'লে এতিয়াৰে পৰা মন দি পঢ়া শুনা কৰিম।

 

১৩। বিভিন্ন ক্ষেত্ৰত(সাহিত্য,কলা,গীত গোৱা,বাদ্য-যন্ত্ৰী, চিত্ৰ-শিল্পী, খেলুৱৈ) আদিৰ নাম সংগ্ৰহ কৰি তালিকা প্ৰস্তুত কৰা।

উত্তৰ: এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে নিজে কৰিবা

 

ঘ - প্ৰকল্প

 

১৪। প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীয়ে নিজৰ গাঁৱৰ/ঠাইৰ সকলোৱে জনা এজন ব্যক্তিৰ (লিখা-মেলা কৰা, গীত-গোৱা, সমাজৰ কাম কৰা, খেলা-ধূলা কৰা, নৃত্য কৰা, মাটিৰ মূৰ্তি সজা, কাঠৰ বস্তু তৈয়াৰ কৰা, বাঁহৰ বস্তু সজা, মৰাপাটৰ বস্তু তৈয়াৰ কৰা আদি যিকোনো এটা বিষয়ত পাৰ্গত)ৰ বিষয়ে আনক সুধি বা নিজে সেই ব্যক্তিৰ লগত দেখা কৰি তেখেতৰ বিষয়ে তথ্য সংগ্ৰহ কৰি লিখিবা।

 

উত্তৰ: ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেণী শিক্ষকৰ সহায় লৈ নিজে কৰিবলৈ চেষ্টা কৰা।

 

১৫। ভৱিষ্যতে কোনে কি হবলৈ বিচৰা আৰু কিয় হব বিচৰা সেই বিষয়ে লিখা।

উত্তৰ: তোমালোকে নিজে কৰা।

 

অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰ

১। নোৱাখালিত তেখেতে স্থাপন কৰা বিদ্যালয়খনৰ নাম লিখা।

উত্তৰ:  নোৱাখালিত তেখেতে স্থাপন কৰা বিদ্যালয়খনৰ নাম হৈছে- বালিকা বিদ্যালয়।

 

২। আনন্দৰাম বৰুৱাৰ জীৱনৰ একক ব্ৰত কি আছিল ?

উত্তৰ:  অমৃত মন্থনেই আছিল তেখেতৰ জীৱনৰ একক ব্ৰত।

 

৩। তেখেতৰ আশাশুধীয়া অধ্যয়নৰ ফলস্বৰূপে অমৰ ৰচনাৱলী কেইখনৰ নাম কি?

উত্তৰ: তেখেতৰ আশাশুধীয়া অধ্যয়নৰ ফলস্বৰূপে অমৰ ৰচনাৱলী কেইখনৰ নাম হৈছে- 'ব্যৱহাৰোপযোগী ইংৰাজী-সংস্কৃত অভিধান', 'উচ্চ সংস্কৃত ব্যাকৰণ', 'সংস্কৃত শিক্ষাৰ্থী সহচৰ' আৰু 'সৰস্বতী কণ্ঠাভৰণ'ৰ দৰে কালজয়ী অমৰ ৰচনাৱলী।

 

৪। অসমৰ গৌৰৱ আনন্দৰাম বৰুৱা কিমান চনত আৰু ক'ত আকস্মিকভাৱে মৃত্যবৰণ কৰিছিল ?

উত্তৰ:  অসমৰ গৌৰৱ আনন্দৰাম বৰুৱা ১৮১৯ চনৰ ১৯ জানুৱাৰীত তাৰিখে আকস্মিকভাৱে মৃত্যুবৰণ কৰিছিল।

 

 

৫। চেষ্টাৰ অসাধ্য একো নাই বুলি কথাষাৰ কাৰ লগত আখৰে আখৰে ফলিয়াইছিল?

উত্তৰ:  চেষ্টাৰ অসাধ্য একো নাই বুলি কথাষাৰ আনন্দৰাম বৰুৱাৰ লগত আখৰে আখৰে ফলিয়াইছিল।

 

৬। আনন্দৰাম বৰুৱাই প্ৰৱেশিকা পৰীক্ষা পাছ কৰি কোন কলেজত নামভৰ্তি কৰিছিল?

উত্তৰ:  আনন্দৰাম বৰুৱাই প্ৰৱেশিকা পৰীক্ষা পাছ কৰি প্ৰেছীডেন্সী কলেজত নামভৰ্তি কৰিছিল।

 

৭। আনন্দৰাম বৰুৱাৰ দৃঢ় অভিপ্ৰায় কি আছিল?

উত্তৰ:  আনন্দৰাম বৰুৱাৰ দৃঢ় অভিপ্ৰায় আছিল- বিশ্বৰ বুকুত ভাৰতীয় ভাষা শিক্ষাৰ গৌৰৱ বিলোৱা।

 

৮। প্ৰেছিডেন্সী কলেজত তেখেতে কি পৰীক্ষাত উত্তীৰ্ণ হৈছিল?

উত্তৰ:  প্ৰেছিডেন্সী কলেজত তেখেতে এফ. এ পৰীক্ষাত উত্তীৰ্ণ হৈছিল।

 

৯। নোৱাখালিত তেখেতে কৰা কাৰ্যবোৰ কি কি ?

উত্তৰ:  নোৱাখালিত তেখেতে কৰা কাৰ্যবোৰ হৈছে- তেখেতৰ নামেৰে স্কুল, বজাৰ পুখুৰী খন্দা কাৰ্য আদি।

 

১০। স্বদেশলৈ উভতি আহি তেখেতে পোন প্ৰথমে কোন জিলাত সহকাৰী মেজিষ্ট্ৰেট হিচাপে যোগদান কৰে ?

উত্তৰ:  স্বদেশলৈ উভতি আহি তেখেতে পোন প্ৰথমে শিৱসাগৰ জিলাত সহকাৰী মেজিষ্ট্ৰেট হিচাপে যোগদান কৰে।

 

 

জানো আহা

 

পদ্মনাথ গোহাঞি বৰুৱা : অসীম ত্যাগ স্বীকাৰ কৰি অসমীয়া ভাষা সাহিত্যৰ ভেটি নির্মাণ কৰি সুদৃঢ় কৰা লেখকসকলৰ ভিতৰত পদ্মনাথ গাোহাঞি বৰুৱা অন্যতম । তেখেতৰ জন্ম হৈছিল ১৮৭১ চনত উত্তৰ লখিমপুৰ (লক্ষীমপুৰ) ৰ নকাড়ী নামৰ গাঁৱত। তেখেতৰ দেউতাক আছিল ঘিণাৰাম বৰুৱা। পদ্মনাথ গাোহাঞি বৰুৱাই কলকাতাত বি.এ. পঢ়ি থাকোঁতে অসমীয়া ভাষা সাহিত্য সাধনাত ব্ৰতী হৈছিল। জোনাকী আলাোচনীত তেখেতে লেখা মেলা আৰম্ভ কৰিছিল। ১৯১৭ চনত তেখেত অসম সাহিত্য সভাৰ প্রথম অধিৱেশনৰ প্রথম সভাপতি আছিল ।

 

 

সীতানাথ ব্ৰহ্মচৌধুৰী : (১৯০৮ - ১৯৮২) সীতানাথ ব্ৰহ্মচৌধুৰীয়ে সাহিত্যৰ প্রতি আগবঢ়োৱা অৱদান অতুলনীয় । নিৰুপমা সৌন্দর্য প্রতিমাৰ অন্বেষণ কৰা কবি ব্ৰহ্মচৌধুৰীৰ প্রথম কবিতা পুথি কমল কলি ১৯২৫ চনত প্রকাশ হৈছিল । তাৰ পিছত আবেগ আৰু চকুলোনামৰ দুখন পুথি প্রকাশিত হৈছিল

 

১৯৫৬ চনত ধুবুৰীত অনুষ্ঠিত হোৱা সাহিত্য সভাৰ মুকলি সভাৰ ব্ৰহ্মচৌধুৰী ডাঙৰীয়া উদ্বোধক আছিল । ১৯৮১ আৰু ১৯৮২ চনত যথাক্রমে দুবাৰ তেখেতে অসম সাহিত্য সভাৰ সভাপতিৰ আসন শোভিত কৰে । সীতানাথ ব্ৰহ্মচৌধুৰী প্রকৃতপক্ষে জাতীয় সংস্কৃতিৰ সমন্বয়ৰ প্রতীক স্বৰূপ । তেখেত অতি স্পষ্টবাদী, সুদৃঢ়মনা ব্যাক্তি আছিল ।

 

 

More Resources For Class 10 Solutions in Assamese Medium




    More Resources For Class 9 Solutions in Assamese Medium

 Publish by Subha Das

Verified By

 Digital Pipal Academy


follow us on

Instagram
Facebook
Subscribe Our YouTube Channel

 

Previous Post Next Post