Class 7 Assamese Chapter 4 Question Answer.

Class 7 Assamese Chapter 4 Question Answer. জনমভূমি প্ৰশ্ন উত্তৰ


 

 

Follow us on



follow us on

Instagram
Facebook
Subscribe Our YouTube Channel

 

জনমভূমি

ক-পাঠভিত্তিক ক্ৰিয়া

ক্ৰিয়া-কলাপ

১। শুদ্ধ উচ্চাৰণেৰে জনমভুমি কবিতাংশ আবৃত্তি কৰা ।

উত্তৰ: তোমালোকে নিজে শুদ্ধ আৰু স্পষ্টকৈ আবৃত্তি কৰিবলৈ চেষ্টা কৰিবা।

২। কবিতাংশ শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়া ।

উত্তৰ: তোমালোকে নিজে শুদ্ধ আৰু স্পষ্টকৈ উচ্চাৰণেৰে পঢ়িবলৈ চেষ্টা কৰিবা।

 

৩। উত্তৰ দিয়া।

ক) কবিয়ে কাৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে?

উত্তৰ:  কবিয়ে আইৰ কোলাত প্ৰথমে চকু মেলাৰ কথা  কৈছে।

খ) কবিৰ ভাগৰুৱা আত্মাই কোন ঠাইত শেষ জিৰণি ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছে?

উত্তৰ:  কবিৰ ভাগৰুৱা আত্মাই আইৰ কোলাত শেষ জিৰণি ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছে ।

গ)কবিয়ে পখী হৈ ক'ত বাহ ল'ম বুলি কৈছে?

উত্তৰ: কবিয়ে পখী হৈ উখ বিৰিখত বাহ ল'ম বুলি কৈছে 

ঘ) কবিয়ে হিমালয় পৰ্বতৰ ক'ত আৰু কি হৈ ৰ'ব বুলি কৈছে?

উত্তৰ: কবিয়ে হিমালয় পৰ্বতৰ শুকুলা টিঙত  গৈ মানসি বিলত ফুলি ৰ'ব বুলি কৈছে।

 

 

৪। উদাহৰণত দিয়াৰ দৰে কবিতাটোৰ পৰা অন্ত্যমিল থকা শব্দবোৰ বাছি লিখা।

উদাহৰণঃ

পিৱাত                                            সন্ধিয়াত

 

উত্তৰ:

কোলাত

ছায়াত

বিৰিখত

গীতত

জেউতি

আৰতি

বিলত

চৰণত

হৈ

ৰৈ

ৰাতি

মাটি

   

 

৫। তলৰ শব্দবোৰৰ অৰ্থ মিলাই লিখা।

শব্দ      

অৰ্থ

পখী           

আদি

শীতলী       

চেনেহ

সোণোৱালী 

চৰাই

মৰম           

পৰ্বতৰ আগ বা ওখ ঠাই

প্ৰথম         

চেচাঁ, শীতল

টিং           

সোণ-বৰণীয়া

 

উত্তৰ:

 

শব্দ      

অৰ্থ

পখী           

চৰাই

শীতলী       

চেচাঁ, শীতল

সোণোৱালী 

সোণ-বৰণীয়া

মৰম           

চেনেহ

প্ৰথম         

আদি

টিং           

পৰ্বতৰ আগ বা ওখ ঠাই

 

৬। 'মুদিম আকৌ চকু

    তোমাৰ কোলাতে শুই

    জীৱনৰ শেষ সন্ধিয়াত'

ওপৰৰ কবিতাফাকি গদ্যৰূপ হ'ল- জীৱনৰ শেষ সন্ধিয়াত তোমাৰ কোলাত শুই আকৌ চকু মুদিম। এই উদাহৰণটো চাই তলৰ কবিতা কেইফাকি গদ্য ৰূপত লিখা।

(ক) সোণোৱালী মেঘ হৈ

               ৰঙা হাঁহি বিৰিঙাম

                           শেঁতা পৰা দুখনি ওঁঠত।

উত্তৰ: শেঁতা পৰা দুখনি ওঁঠত সোণোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম।

 

 

(খ) আকাশৰ তৰা হৈ

                ৰ লাগি চাই ৰ

                         সেউজীয়া শুৱনি জেউতি।

উত্তৰ: সেউজীয়া শুৱনি জেউতি আকাশৰ তৰা হৈ ৰ লাগি চাই ৰম।

 

 

৭। পাঠত থকা 'জনমভূমি' কবিতাংশৰ মূলভাব লিখা।

উত্তৰ: নিজৰ জন্মভূমিখন সকলো মানুহৰে অতি মৰমৰ। কবি নলিনীবালা দেৱীয়ে তেওঁৰ ওপজা ঠাইখনৰ প্ৰতি থকা ভালপোৱা এই কবিতাটোৰ দ্বাৰা সুন্দৰকৈ প্ৰকাশ কৰিছে। এই জন্মভূমি খনৰ লগত প্ৰত্যেকজন ব্যক্তিৰ বহু স্মৃতি জড়িত হৈ থাকে। এদিন এইখন জন্মভূমিতে মৃত্যু হ'ব লাগিব। কবিয়ে কবিতাটোত প্ৰকাশ কৰিছে মৃত্যুৰ পিছত মানুহৰ আত্মাই জিৰণি ল'বৰ কাৰণে এই জনমভূমিতেই আহে। মৃত্যুৰ পিছত চৰাই ৰূপত এই জনভূমিৰ ওখ বৃক্ষত বাঁহ লম বুলি কবিয়ে কবিতাটোত প্ৰকাশ কৰিছে। মৰাৰ পিছত আকাশত তৰা হৈ তিৰবিৰোৱাৰ কথা কবিয়ে উল্লেখ কৰিছে। মৃত্যুৰ পিছত হিমালয় পৰ্বতমালাত ফুলি ৰম বুলি কবিয়ে কবিতাটোত কৈছে। নদীৰ ৰূপত দুখনি ভৰিক ধোৱাম আৰু মাটি হৈ প্ৰকৃতিৰ বুকুত মিলি থাকিম বুলি  বুলি কবিয়ে কৈছে। অৱশেষত কবিয়ে কৈছে যে সোণালী ডাৱৰ হৈ শেঁতা পৰা ওঁঠ দুখনিত হাঁহি বিৰিঙাম বুলি কৈছে। এইদৰে কবিয়ে তেওঁৰ ওপজা ঠাইখনক জীৱনে মৰণে ভালপোৱাৰ কথা কবিতাটোৰ মাজেৰে প্ৰকাশ কৰিছে।

 

 

খ- ভাষা অধ্যয়ন ( ব্যাৱহাৰিক ব্যাকৰণ )

 

 

৮। উপযুক্ত স্থানত যতি চিহ্ন প্ৰয়োগ কৰি তলৰ পদ্য কেইফাকি পুনৰাই লিখা।

পুঁৱতিৰ লগে লগে      জগাম তোমাক নিতে

          বনৰীয়া সুৱদি গীতত

আকাশৰ তৰা হৈ        ৰ লাগি চাই ৰ'

        সেউজীয়া শুৱনি জেউতি

জোনাকত মিল          বিমান পথত ৰৈ

          ওৰে ৰাতি কৰিম আৰতি

 

উত্তৰ:  উপযুক্ত স্থানত যতি চিহ্ন প্রয়োগ কৰি ওপৰৰ পদ্য কেইফাঁকি পুনৰাই লিখা হ

পুঁৱতিৰ লগে লগে

জগাম তোমাক নিতে

         বনৰীয়া সুৱদি গীতত।

আকাশৰ তৰা হৈ

ৰ লাগি চাই ৰ

         সেউজীৱা শুৱনি জেউতি,

জোনাকত মিল হৈ

বিমান পথত ৰৈ

          ওৰে ৰাতি কৰিম আৰতি।

 

 

৯। তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা।

জনম          শেষ             ছাঁ      .

ওখ            ৰাতি            দুখীয়া        .

 

উত্তৰ:  তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা হ

শব্দ

বিপৰীত শব্দ

জনম

মৰণ

শেষ

আৰম্ভ

ওখ

চাপৰ

ছাঁ

পোহৰ

ৰাতি

দিন

দুখীয়া

ধনী

 

 

১০। (ক) ছবিসমূহৰ তলত দিয়া শব্দবোৰৰ খালীঠাইসমূহ বিশেষণ পদেৰে পূৰ কৰা-

 

 

উত্তৰ:  ৰঙা জবা                               সেউজীয়া পাত                                  'লা ছাতি

উত্তৰ:

(খ) বন্ধনীৰ ভিতৰত থকা শব্দবোৰৰ পৰা বিশেষ্য আৰু বিশেষণ পদবোৰ বাছি ভাগে ভাগে লিখা। (ভাল, 'ৰা, 'লা, কাউৰী, নীলা, আকাশ, লেতেৰা, সৰু, মাছ, পানী, গাখীৰ, বগা ।)

        বিশেষ্য পদ

        বিশেষণ পদ

 

 

    

        

উত্তৰ:

বিশেষ্য পদ

বিশেষণ পদ

'ৰা, আকাশ, পানী, কাউৰী,গাখীৰ, মাছ

ভাল, সৰু, বগা, কলা, নীলা লেতেৰা

 

 

 

গ - জ্ঞান সম্প্ৰসাৰণ

 

১১। কবিয়ে আকাশৰ তৰা হৈ পৃথিৱীৰ সেউজীয়া বৰণ চাবলৈ বিচাৰিছে। তুমি আকাশত উৰিব পাৰিলে কি চাবলৈ বিচাৰিবা, লিখা।

উত্তৰ: তোমালোকে নিজে লিখিবলৈ চেষ্টা কৰা।

১২।  জনমভূমিৰ দৰে স্বদেশপ্ৰেমমূলক কবিতা  এটা সংগ্ৰহ কৰি আবৃত্তি কৰা।

উত্তৰ: তোমালোকে নিজে চেষ্টা কৰা।

 

১৩। তুমি তোমাৰ অঞ্চলৰ বাবে কেনেধৰণৰ ভাল কাম কৰিবলৈ বিচৰা, লিখা।

উত্তৰ: এই প্ৰশ্নটো তোমালোকে তোমোলোকৰ অঞ্চলত কি কি ভাল কাম কৰিবলৈ বিচৰা সেই বিষয়ে লিখা।

 

 

লগে-ভাগে গাঁও আহা-

           


 

 

মই অসমীয়া

 

জীৱনে-মৰণে মই চিৰদিন অসমীয়া

অসমীয়া দেহে প্ৰাণে মই,

জীয়াই থাকোঁতে মই অসমৰে অসমীয়া

মৰিলেও বৰি ল'ম অসমৰ অসমীয়া মৰণ।

অসমৰ হকে যুঁজি অসমৰ হকে মৰোঁ

ধৰ্ম মোৰ জাতি মোৰ

অসমীয়া প্ৰাণৰ আপোন

অসমীয়া ভাষা মোৰ, কথা মোৰ, গীত মোৰ

অসম প্ৰকৃতিয়ে ৰচা

চিনি পাম বুজি পাম

আমৰণ সৰগতো মোৰ এই ভাষা অসমীয়া।

 

 

চৈয়দ আব্দুল মালিক - ( ১৯১৯-২০০০) অসমীয়া সাহিত্যৰ এজন বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ আৰু কবি। তেখেতৰ জন্মস্থান আছিল গোলাঘাট জিলাৰ নাহৰণিত। তেখেত ১৯৭৭ চনত অসম সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত হৈছিল। 'অঘৰী আত্মাৰ কাহিনী' নামৰ উপন্যাসৰ বাবে তেখেত 'সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। ইয়াৰ উপৰি 'অসম উপত্যকা বঁটা', 'শংকৰদেৱ বঁটা' আৰু পদ্মশ্ৰী, পদ্মভূষণ সন্মানেৰে তেখেত সন্মানিত হৈছিল।                    

 

 

More Resources For Class 10 Solutions in Assamese Medium




    More Resources For Class 9 Solutions in Assamese Medium

 Publish by Subha Das

Verified By

 Digital Pipal Academy


follow us on

Instagram
Facebook
Subscribe Our YouTube Channel

 

 

Previous Post Next Post