বিজ্ঞান আৰু আমাৰ মানসিকতা Class 7 assamese lesson 5 question answer

Lokesh Chandra Das

Heading with Bright Purple Background
বিজ্ঞান আৰু আমাৰ মানসিকতা Class 7 assamese lesson 5 question answer

SEBA Class 7 Assamese (MIL) Chapter 5: বিজ্ঞান আৰু আমাৰ মানসিকতা – Questions and Answers by Digital Pipal Academy

Digital Pipal Academy presents well-structured and easy-to-understand solutions for SEBA Class 7 Assamese (MIL) Chapter 5: বিজ্ঞান আৰু আমাৰ মানসিকতা. These solutions are carefully prepared by our expert faculty to help students explore the chapter’s key ideas about the influence of science on human thinking and behavior.

Get Free NCERT PDFs

If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group.

(যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা)

Join Our WhatsApp Group

Aligned with the Assam State Board syllabus for 2025-2026, our answers cover all significant questions to ensure thorough exam preparation. By using these solutions, students can build a strong understanding of the chapter, write precise answers, and score higher marks. Count on Digital Pipal Academy for top-notch educational support!

Class 7 Assamese Question Answer – All Chapters

Below are the chapters of Class 7 Assamese. Click on the chapter name to access the respective question-and-answer content:

  1. তেজৰে কমলাপতি
  2. কালিকা লগা পাট – কাপোৰ
  3. পণ্ডিত আনন্দৰাম বৰুৱা
  4. জনমভূমি
  5. বিজ্ঞান আৰু আমাৰ মানসিকতা
  6. নোকোৱাৰ পৰিণাম
  7. জতুৱাৰ জঁট
  8. মিছাইল মানৱ
  9. অসম
  10. প্ৰত্যাহ্বান
  11. গছ ভালপোৱা ককাৰ খং
  12. নামৰ বেবেৰিবাং
  13. প্ৰাকৃতিক দূৰ্যোগ
  14. বিদ্যা
  15. গড় গাঁও

 

বিজ্ঞান আৰু আমাৰ মানসিকতা

 

১। পাঠটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়া।

উত্তৰ:- (তোমালোকে পাঠটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়িবলৈ যত্ন কৰিবা।)

 

২। উত্তৰ দিয়া:-

(ক) ছিটা সম্পৰ্কে প্ৰচাৰ হোৱা উৰাবাতৰিটো কি মাধ্যমৰ যোগেদি প্ৰচাৰ হৈছিল ?

উত্তৰ:- ছিটা সম্পৰ্কে প্ৰচাৰ হোৱা উৰাবাতৰিটো ভ্ৰাম্যভাষৰ যোগেদি প্ৰচাৰ হৈছিল।

 

(খ) বুধবাৰে ছাত্র-ছাত্রীসকলে কিয় বিদ্যালয়লৈ অহা নাছিল ?

উত্তৰ:- ৰতনপুৰ গাঁৱৰ নতুন আদর্শ মাধ্যমিক বিদ্যালয়ত বুধবাৰে ছিটা দিবলৈ অহাৰ কথা আছিল। ভ্ৰাম্যভাষৰ যোগেদি অহা উৰাবাতৰি অনুসৰি ছিটা প্রয়োগৰ ফলত শিশুসকলৰ ভীষণ অপকাৰ হোৱাৰ কথাহে উল্লেখ থকাত সেই দিনা ছাত্র-ছাত্রীসকল বিদ্যালয়লৈ অহা নাছিল।

 

(গ) বিদ্যালয়লৈ ছিটা সম্পর্কে সবিশেষ জনাবলৈ কোন আহিছিল?

উত্তৰ:- বিদ্যালয়লৈ ছিটা সম্পর্কে সবিশেষ জনাবলৈ সেই অঞ্চলৰ প্রাথমিক চিকিৎসালয়ৰ চিকিৎসক ৰতন পায়েং মহোদয় আহিছিল।

 

৩। চমু উত্তৰ লিখা।

(ক) 'ভ্ৰাম্যভাষত' অহা উৰাবাতৰিটোত ছিটা ল'লে কি হ'ব বুলি কৈছিল ?

উত্তৰ:- 'ভ্ৰাম্যভাষ'ত অহা উৰাবাতৰিটোত ছিটা প্ৰয়োগৰ ফলত শিশুসকলৰ ভীষণ অপকাৰ হ'ব বুলি কৈছিল।

 

(খ) জংকীয়ে বুধবাৰৰ দিনা বিদ্যালয়ৰ পৰিবেশ আন দিনাতকৈ কি বেলেগ দেখিছিল ?

 

উত্তৰ:- জংকী ৰতনপুৰ গাৱৰ নতুন আদর্শ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী আছিল। তাই বুধবাৰৰ দিনা বিদ্যালয়ৰ পৰিৱেশ 'আন দিনাতকৈ বেলেগ দেখিছিল। সেইদিনা তাই বিদ্যালয়লৈ যোৱাৰ বাটত কমল আৰু জেনিথক লগ পেদ নাছিল। বিদ্যালয়ৰ খেলপথাৰ, শ্ৰেণীকোঠা আদি ক'তো নিজৰ লগৰীয়াবোৰক দেখা নাছিল।

 

(গ) সংক্ৰামক ৰোগ আৰু প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে চিকিৎসকগৰাকীয়ে কি কি কৈছিল ?

 

উত্তৰ:- সেই অঞ্চলৰ প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসক গৰাকীয়ে বিদ্যালয়ৰ চৌহদত অনুষ্ঠিত হোৱা এখন জৰুৰী সভাত অভিভাবক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ আগত সংক্ৰামক ৰোগ আৰু প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে কিছু কথা জানিবলৈ দিছিল। তেখেতে কৈছিল যে অন্য অণুজীৱই আমার দেহত প্ৰৱেশ কৰাৰ দৰে বেমাৰৰ বীজাণু আমাৰ দেহত প্ৰৱেশ কৰে। কিছুমান শক্তিশালী বীজাণুয়ে পলিঅ', জলাতংক, ইনফ্লুয়েঞ্জা, হেপাটাইটিছ আদি ৰোগৰ সৃষ্টি কৰে। এইবোৰ বীজাণুৱে মানুহৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সহজে হ্রাস কৰে। ছিটা প্রয়োগ কৰি এই ভয়ানক বীজাণুবোৰৰ সংক্রমণ ৰোধ কৰিব পাৰি। উপযুক্ত সময়ত শৰীৰত ছিটা প্রয়োগ কৰি আমাৰ শিশুসকলৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা, সৃষ্টি কৰাটো অতি প্রয়োজন।

 

(ঘ) উৰাবাতৰিয়ে কিদৰে ৰতনপুৰ গাঁৱৰ পৰিবেশ সলনি কৰিছিল?

 

উত্তৰ:- ৰতনপুৰ গাঁৱৰ নতুন আদর্শ মাধ্যমিক বিদ্যালয়ত বুধবাৰে ছিটা দিবলৈ অহাৰ কথা আছিল। এই ছিটাৰ বিপক্ষে ভ্রাম্যভাষত অহা এটা উৱাবাতৰিয়ে ছিটা প্রয়োগৰ ফলত শিশুসকলৰ ভীষণ অপকাৰ হোৱাৰ কথাহে উল্লেখ কৰিছিল। ফলত এই বাতৰিটোৱে গাঁৱৰ বহু অভিভাৱকক বিমোৰত পেলাইছিল। সেয়েহে সেইদিনা তেওঁলোকে ল'ৰা-ছোৱালীবোৰক বিদ্যালয়লৈ পঠোৱা নাছিল। কেৱল জংকী নামৰ ছাত্ৰী গৰাকীহে বিদ্যালয়লৈ গৈছিল।

 

(ঙ) প্রধান শিক্ষক মহোদয়ে ছিটাৰ বিষয়ে জনাবলৈ কি ব্যবস্থা গ্রহণ কৰিছিল ?

 

উত্তৰ:- ছিটা দিয়াৰ বিপক্ষে প্ৰচাৰিত হোৱা উৰা বাতৰিটোৰ বিষয়ে ৰতনপুৰ গাঁৱৰ নতুন আদর্শ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিনোদ ওৰাং মহাশয়ে নীলিমা খাটুন বাইদেউৰ পৰা জানিব পাৰে। তেখেতে ভ্ৰাম্যভাষৰ যোগেদি সেই অঞ্চলৰ প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসক ৰতন পায়েং মহোদয়ক ছাত্র-ছাত্রীসকলে ছিটা লোৱাৰ ভয়ত বিদ্যালয়লৈ নহাৰ কথা জনায়। দুয়োজনে এই বিষয়ে আলোচনা কৰি সেইদিনাখনেই আবেলি পৰত বিদ্যালয় চৌহদত এখন জৰুৰী সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়। প্রধান শিক্ষকে সহযোগী কর্মী হৰিধনৰদ্বাৰা গাঁওবুঢ়া, অভিভাৱক আৰু ছাত্র-ছাত্রী সকলক এই বিষয়ে অৱগত কৰায়। চিকিৎসক ৰতন পায়েং মহোদয়ে আবেলি সভাত ছিটাৰ বিষয়ে সকলোকে জানিবলৈ দিয়ে।

 

৪। উদাহৰণত দেখুওৱাৰ দৰে শব্দৰ লগত অর্থ মিলোৱা ?

উত্তৰঃ-

 

৫। "শংকৰ, তুমি এতিয়াও বিদ্যালয়লৈ যাবলৈ সাজু হোৱা নাই কিয়?" - কথাষাৰ কোনে, কাক আৰু কিয় কৈছিল ?

 

উত্তৰ:- উক্ত কথাষাৰ জংকীয়ে কৈছিল।

             জংকীয়ে উক্ত কথাষাৰ শংকৰক কৈছিল।

জংকী ৰতনপুৰ গাঁৱৰ আদর্শ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী আছিল। আনদিনাৰ দৰে বুধবাৰৰ দিনাও তাই বিদ্যালয়লৈ আহিছিল। সিদিনা আনদিনাৰ দৰে কমল আৰু জেনিথক বাটত লগ পোৱা নাছিল। বিদ্যালয়লৈ গৈ খেলপথাৰ, শ্ৰেণীকোঠা আদি ক'তো নিজৰ লগৰীয়াবোৰক নেদেখি বিদ্যালয়ৰ ওচৰতে থকা সহপাঠী শংকৰৰ ঘৰলৈ যায়। শংকৰক ঘৰৰ চোতালত খেলি থকা দেখা পাই জংকী আচৰিত হয় আৰু উক্ত কথাষাৰ হৈছিল।

 

৬। উৰাবাতৰিসমূহ সমাজৰ বাবে একপ্ৰকাৰ সোঁচৰা ৰোগ'। কথাষাৰৰ বিষয়ে দলত আলোচনা কৰি নিজৰ নিজৰ মতামত প্ৰকাশ কৰা।

 

উত্তৰ:- এজনৰ গাৰপৰা আন এজনৰ গালৈ সংক্রমিত হোৱা ৰোগক সোঁচৰা ৰোগ বোলে। এইদৰে উৰাবাতৰিকো সোঁচৰা ৰোগৰ লগত তুলনা কৰিব পাৰি। কোনো এটা বাতৰিৰ সত্যাসত্য বিচাৰ নকৰাকৈ, যুক্তি সহকাৰে চালি-জাৰি নোচোৱাকৈ কেৱল শুনাৰ লগে লগেই তাক বিশ্বাস কৰি লোৱা আৰু আনৰ আগত প্ৰকাশ কৰি তাক বিয়পাই দিয়াই হৈছে উৰাবাতৰি। এনেধৰণৰ বাতৰিয়ে বহু ক্ষেত্ৰত সমাজৰ অনিষ্ট কৰে। যুক্তিসংগতভাবে বিচাৰ নকৰি কেৱল শুনাৰ লগে লগেই ইয়াক কেতিয়াও বিশ্বাস কৰিব নালাগে।

 

৭। তলৰ বাকচত দিয়া শব্দকেইটাৰে বাক্য ৰচনা কৰা।

দলং            ৰং            কলং         শিং

উত্তৰ:- দলং সেই পুৰণি দলংখনে দুখন গাঁৱক জোৰা লগায়।

ৰং- পুতলা নাচ দেখি শিশুটোৱে মনত বৰ ৰং পালে।

কলং- একা-বেঁকাকৈ বৈ যোৱা কলং নদীখন দেখিবলৈ বৰ ধুনীয়া।

শিং- ম'হৰ শিঙৰ পৰা পেঁপা বনোৱা হয়।

 

৮। এটা শব্দত প্রকাশ কৰা।

(ক) যি একেলগে পড়ে-

(খ) যি জানিবলৈ ইচ্ছা কৰে-

(গ) গাঁৱৰ মুখিয়াল-

(ঘ) কাৰো পক্ষ নোলোৱা-

(ঙ) এজনৰ দেহৰ পৰা আন এজনৰ দেহলৈ যোৱা বেমাৰ-

 উত্তৰ:-

(ক) সহপাঠী

(খ) অনুসন্ধিৎসু

(গ) গাঁওবুঢ়া

(ঘ) নিৰপেক্ষ

(ঙ) সোঁচৰা

 

৯। বিপৰীতার্থক শব্দ লিখা।  


১০। পঢ়া আৰু দফাটোত থকা 'ং' আৰু "ঙ”ৰ ব্যৱহাৰ শিকা-


 
 

উত্তৰ:- (তোমালোকে শিকিবলৈ যত্ন কৰিবা।)

১২। চিকিৎসক পায়েঙে ছিটা প্ৰয়োগ কৰাৰ উপকাৰিতাৰ বিষয়ে কোৱা কথাখিনি তুমি তোমাৰ অভিভাৱকৰ আগত কিদৰে প্ৰকাশ কৰিবা, দলত আলোচনা কৰি লিখা।

 

উত্তৰ:- ৰতনপুৰ অঞ্চলৰ প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসক ৰতন পায়েঙে ৰতনপুৰৰ নতুন আদর্শ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা জৰুৰী সভাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক ছিটা সম্পর্কে বুজাবলৈ চেষ্টা কৰিছিল। তেওঁ ছিটা সম্পৰ্কীয় কেতবোৰ সচিত্ৰ প্ৰচাৰ পুস্তিকা উলিয়াইছিল আৰু তেওঁলোকক দেখুৱাইছিল। এই পুস্তিকাসমূহ দেখি অভিভাৱকসকল উৎসাহিত হৈছিল। তেওঁ পুস্তিকাসমূহৰ কথাখিনি আলোচনা কৰাৰ লগতে বীজাণুৰ সংক্ৰমণ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বিষয়েও তেওঁলোকক জানিবলৈ দিছিল। তেওঁ কৈছিল যে আন অণুজীৱৰ দৰে বীজাণু আমাৰ দেহত প্ৰৱেশ কৰে। কিছুমান শক্তিশালী বীজাণুয়ে পলিঅ', জলাতংক, ইনফ্লুয়েঞ্জা, হেপাটাইটিছ আদি ৰোগৰ সৃষ্টি কৰে। ইয়াৰ ফলত আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সহজে হ্রাস পায়। ছিটা প্ৰয়োগৰদ্বাৰা এই ভয়ানক বীজাণুব সংক্রমণ বোধ কৰিব পাৰি। উপযুক্ত সময়ত শিশুসকলৰ শৰীৰত ছিটা প্রয়োগ কৰি শিশুসকলৰ ৰোগ প্ৰতিৰোধ কৰাটো অতি প্রয়োজনীয় কথা।

 

১৩। তোমাৰ অঞ্চলৰ যিকোনো এটা সমস্যাৰ বিষয়ে বর্ণনা কৰি বাতৰি কাকতত প্রকাশৰ বাবে সম্পাদকলৈ এখন চিঠি লিখা।

উত্তৰ:-

 প্রতি

মাননীয় সম্পাদক মহোদয়,

আমি বাস কৰা বৃহত্তৰ এই অঞ্চলটিৰ খোৱা পানীৰ সমস্যা সম্পর্কে চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ কাৰণে আপোনাৰ কাকতৰ জৰিয়তে প্রকাশ কৰিব বিচাৰিছোঁ। পানী হৈছে মানুহৰ প্ৰাণ। ইয়াৰ অবিহনে জীৱকূলৰ জীৱন ধাৰণ সম্ভৱপৰ নহয়। বর্তমান এই অঞ্চলৰ ৰাইজে যেন খোৱাপানীৰ নামত বৰবিহহে সেৱন কৰি আছে। শেহতীয়াভারে চলোৱা এক সমীক্ষা অনুসৰি অঞ্চলটোৰ পানীত প্ৰচুৰ পৰিমাণে ফুৰাইড, আৰ্চেনিক আদি থকা বুলি প্রমাণিত হৈছে। সেইবাবে অঞ্চলটোৰ ৰাইজে চৰকাৰী খোৱাপানী - যোগান আঁচনিখন ইয়াত ৰূপায়ন কৰিবলৈ তীব্রভাবে দাবী তুলি আহিছে। কিন্তু আজিলৈকে বিভাগীয় কর্তৃপক্ষই বিষয়টোত কোনো হস্তক্ষেপ কৰা নাই। সেইবাবে এই অঞ্চলটোৰ ৰাইজে বৰ্তমান তীব্ৰ সমস্যাৰ সন্মুখীন হৈছে। ফুবাইড, আৰ্চেনিক আদি সেৱনৰ ফলত মানুহৰ দেহত যি ক্ষতি হয় সেয়া সকলোৰে জ্ঞাত, গতিকে চৰকাৰে বিষয়টোৰ ওপৰত অতি সোনকালে হস্তক্ষেপ কৰি বিপদগ্রস্ত ৰাইজক উদ্ধাৰ কৰিবলৈ আপোনাৰ কাকতৰ যোগেদি অনুৰোধ জনালোঁ।

 

                                                   ইতি

                                           দিবাকৰ ছেত্ৰী

 

১৪। তুমি যদি কেতিয়াবা উৰাবাতৰিৰে প্ৰৰোচিত হোৱা, তেনেহলে তাৰ পৰা পৰিত্ৰাণ পাবলৈ কি উপায় ল'বা কোৱা।

উত্তৰ:- উৰাবাতৰিৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আমি বাতৰিটো শুনি সেই বিষয়ে প্রৰোচিত হ'লে নহ'ব, আমি বাতৰিটোৰ সত্যাসত্য নিৰূপণ কৰিব পাৰিব লাগিব। যিকোনো বাতৰি শুনাৰ লগে লগে ইয়াক যুক্তি সহকাৰে বিচাৰ কৰি জানি লৈহে আনৰ আগত ইয়াক ক'ব লাগে। আমি কেতিয়াও উৰাবাতৰিৰদ্বাৰা প্ৰৰোচিত হ'ব নালাগে। আমি সেই বাতৰিটোৰ সত্যতা নিৰূপণ কৰিহে ইয়াক বিশ্বাস কৰিব লাগে।

 

১৫। ছবিখন চাই এটা কাহিনী লিখা।




 

উত্তৰ:- এদিনাখন দেওবাৰে ৰিয়া আৰু ৰাজুৱে আলিবাটৰ কাষৰ পদপথেৰে ওচৰৰ দোকান এখনলৈ গৈ আছিল। সিহঁতৰ ঘৰত আলহী আহিবৰ কথা আছিল কাৰণে মাকে মনোহৰ খুড়াকৰ দোকানৰ পৰা সিহঁতক কিবা অলপ ঘৰুৱা বয়-বস্তু আনিবলৈ পঠিয়াইছিল। দোকানলৈ যোৱাৰ বাটত এটা উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰৰ খুঁটা পোৱা যায়। সিহঁতে গৈ থাকোঁতে সেই খুঁটাত থকা তাঁৰৰ পৰা কেতবোৰ জুইৰ স্ফুলিংগ তলত পৰি থকা দেখিবলৈ পায়। বিয়াই এই বিষয়ে সজাগ হৈ পৰে। তাই এই ঘটনাৰপৰা হ'ব পৰা সাম্ভাব্য বিপদৰ কথা বাজুৰ আগত ব্যক্ত কৰে। এনে ধৰণৰ মুক্ত হৈ থকা তাঁৰেৰে বিদ্যুৎ প্রবাহিত হৈ থাকিলে যিকোনো সময়তে যিকোনো ধৰণৰ বিপদে গোটেই অঞ্চলটো আৱৰি ধৰি পাৰে। গতিকে দুয়ো এনেধৰণৰ সাম্ভাব্য বিপদৰ পৰা পৰিত্ৰাণ পোৱাৰ পায় চিন্তা কবে। তেতিয়া ৰাজুৱে বিদ্যুৎ বিভাগত চাকৰি কৰা চৌধুৰী খুড়াকক এই বিষয়ে অৱগত কৰোৱাটো উচিত হ'ব বুলি বিবেচনা কৰে। দুয়ো চৌধুৰী খুড়াকৰ তালৈ যায় আৰু উন্মুক্ত হৈ থকা বৈদ্যুতিক তাঁৰেদি বিদ্যুৎ প্রবাহিত হৈ সংঘটিত হ'ব পৰা সাম্ভাব্য বিপদৰপৰা গোটেই অঞ্চলটোক ৰক্ষা কৰে। অঞ্চলবাসীয়ে দুয়োৰে শলাগ লয়।

 

১৬। উৰাবাতৰি সম্পর্কে সমাজত সজাগতা সৃষ্টিৰ বাবে বাটৰ নাট এখন প্রদর্শন কৰা।

উত্তৰ:- (তোমালোকে কৰিবলৈ চেষ্টা কৰিবা।)

 

 

১৭। তলত দিয়া আহিৰ দৰে উৰাবাতৰি সম্পৰ্কে সমাজত সজাগতা সৃষ্টিৰ বাবে প্রত্যেকেই দুটামান শ্লোগান লিখা।

উত্তৰ:- উৰাবাতৰি সম্পর্কে সমাজত সজাগতা সৃষ্টিৰ বাবে দুটামান শ্লোগান লিখা হ'ল-

১। উৰাবাতৰি সমাজৰ ব্যাধি ইয়াক নির্মূল কৰাটো আমাৰ কৰ্তব্য

২। উৰাবাতৰিক সমাজৰ পৰা উভালি পেলাম সত্যাসত্য বিবেচনা কৰি আগুৱাই যাম।

৩। উৰাবাতৰিয়ে সমাজ ধ্বংস কৰে।

৪। উৰাবাতৰিক নহয়।

শিক্ষাকহে গুৰুত্ব দিব লাগে।

এনেধৰণে কেতবোৰ শ্লোগান লিখিবা।



Lokesh Chandra Das Profile Image

About the Author

Lokesh Chandra Das is a passionate Teacher at Digital Pipal Academy. An expert in Chemistry, he creates engaging video lectures and offers insightful content to help students excel in their studies. Lokesh also specializes in typing and preparing educational material for the academy.

 

Note for Users

If you find any incorrect answers, please notify us via Instagram at @pipalacademy or email us at info@pipalacademy.com. For content that may infringe copyright, kindly refrain from copying our content. Thank you for supporting Digital Pipal Academy!

যদি আপুনি কোনো ভুল উত্তৰ পায়, অনুগ্ৰহ কৰি আমাক @pipalacademy ইনষ্টাগ্ৰামৰ জৰিয়তে অৱগত কৰক অথবা info@pipalacademy.com ইমেইলৰ মাধ্যমে আমাক যোগাযোগ কৰক। কপিৰাইট উলংঘা কৰিব পৰা বিষয়বস্তুৰ বাবে, আমাৰ বিষয়বস্তু কপি কৰাৰ পৰা বিৰত থাকক। ডিজিটেল পিপাল একাডেমীক সহায় কৰাৰ বাবে ধন্যবাদ!

Join Our WhatsApp Group
Author Picture

Sudev Chandra Das (B.Sc. Mathematics)

Hi! I'm Sudev Chandra Das, Founder of Digital Pipal Academy. I've dedicated myself to guiding students toward better education. I believe, 'Success comes from preparation, hard work, and learning from failure.' Let’s embark on a journey of growth and digital excellence together!.


For Any Queries: info@pipalacademy.com
 

Our website uses cookies to enhance your experience. Learn More
Accept !