নোকোৱাৰ পৰিণাম class 7 assamese lesson 6 question answer

Lokesh Chandra Das

Heading with Bright Purple Background
নোকোৱাৰ পৰিণাম Class 7 Assamese lesson 6 question answer

SEBA Class 7 Assamese (MIL) Chapter 6: নোকোৱাৰ পৰিণাম – Questions and Answers by Digital Pipal Academy

Digital Pipal Academy offers accurate and easy-to-understand solutions for SEBA Class 7 Assamese (MIL) Chapter 6: নোকোৱাৰ পৰিণাম. Our expert faculty has designed these solutions to help students understand the moral and message of the story, emphasizing the importance of making the right decisions and standing firm on one’s principles.

 

Get Free NCERT PDFs

If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group.

(যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা)

Join Our WhatsApp Group
 


Prepared according to the Assam State Board syllabus for 2025-2026, these answers cover all important questions to ensure comprehensive exam preparation. With these solutions, students can gain deeper insights into the chapter, write precise answers, and excel in their studies. Trust Digital Pipal Academy for reliable educational support!

 

Class 7 Assamese Question Answer – All Chapters

Below are the chapters of Class 7 Assamese. Click on the chapter name to access the respective question-and-answer content:

  1. তেজৰে কমলাপতি
  2. কালিকা লগা পাট – কাপোৰ
  3. পণ্ডিত আনন্দৰাম বৰুৱা
  4. জনমভূমি
  5. বিজ্ঞান আৰু আমাৰ মানসিকতা
  6. নোকোৱাৰ পৰিণাম
  7. জতুৱাৰ জঁট
  8. মিছাইল মানৱ
  9. অসম
  10. প্ৰত্যাহ্বান
  11. গছ ভালপোৱা ককাৰ খং
  12. নামৰ বেবেৰিবাং
  13. প্ৰাকৃতিক দূৰ্যোগ
  14. বিদ্যা
  15. গড় গাঁও

 

নোকোৱাৰ পৰিণাম



৩। উত্তৰ দিয়া:

(ক) হুনমিলি, শৈলহঁতে কিয় বকুল ফুল বুটলিছিল ?

উত্তৰ:- বিদ্যালয়ৰ শিক্ষক, শিক্ষয়িত্ৰীসকলক গৰম বন্ধ উপলক্ষে অনুষ্ঠিত হোৱা সভাত শ্রদ্ধা আৰু সম্ভাষণ জনাবলৈ হুনমিলি, শৈলহঁতে বকুলফুল বুটলিছিল।

 

(খ) “চোৱাচোন! ফুলবোৰ কিমান সতেজ আৰু জীপাল!" কথাষাৰি কোনে কাক কৈছিল?

উত্তৰ:- "চোৱাচোন! ফুলবোৰ কিমান সতেজ আৰু জীপাল!” এই কথাষাৰি মালতীয়ে শৈলবালা আৰু হুনমিলিক উদ্দেশ্যি কৈছিল।

 

(গ) সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিত কোনটো গীত গাইছিল?

উত্তৰ:- সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিত শ্ৰীশ্ৰীমাধৱদেৱ বিৰচিত "তেজৰে কমলাপতি” নামৰ বৰগীতটো গাইছিল।

 

(ঘ) নাচি থাকোঁতে কোন মূর্ছা গৈছিল?

উত্তৰ:- নাচি থাকোঁতে শৈলবালা মূর্ছা গৈছিল।

 

(ঙ) শৈলবালাই ভুগি থকা বেমাৰটোৰ নাম কি?

উত্তৰ: শৈলবালাই ভুগি থকা বেমাৰটোৰ নাম হৈছে মৃগী।

 

(চ) “সময়ৰ টিকনিডাল হেনো আগফালে উৰে" কোনে, কি প্রসংগত এই বাক্যশাৰী কৈছিল ?

উত্তৰ:- এই বাক্যশাৰী হুনমিলিয়ে কৈছিল।

হুনমিলি, মালতী আৰু শৈলবালাই বিদ্যালয়ত গৰমৰ বন্ধ উপলক্ষ্যে অনুষ্ঠিত হ'বলগীয়া প্রীতিমেলত শিক্ষক-শিক্ষয়িত্রীসকলক শ্রদ্ধা আৰু সম্ভাষণ জনাবলৈ বৰপুখুৰীৰ পাৰত থকা বকুলজোপালৈ ফুল বুটলিবলৈ গৈছিল। তিনিও বান্ধৱীয়ে কথা পাতি পাতি ফুল বুটলি থাকোঁতে সময় কেনেকৈ পাৰ হৈছে গমেই পোৱা নাছিল। সিহঁতে কথাৰ মহলা মাৰি থাকোঁতেই ন' বাজিবৰ হৈছিল। তেনে প্রসংগত হুনমিলিয়ে উক্ত কথাষাৰ কৈছিল।

 

৪। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা।

'কু-সংস্কাৰ আৰু লোক নিন্দাৰ ভয়ত অনেক লোকে সন্তানৰ বেমাৰ লুকুৱাই ৰাখে। সময়ত ই হয়গৈ সর্বনাশৰ মূল।'

উত্তৰ:- উক্ত কথাফাকি আমাৰ পাঠত থকা "নোকোৱাৰ পৰিণাম” নাটিকখনৰ পৰা উদ্ধৃত কৰা হৈছে। ইয়াৰদ্বাৰা ইয়াকেই বুজাবলৈ খোজা হৈছে যে অন্ধ বিশ্বাসৰ ফলত বহুতো লোকে বেমাৰ-আজাৰ লুকুৱাই ৰাখে। পাছলৈ এই ৰোগ গোঁজেই গঁজালিৰ দৰে দুৰাৰোগ্য ৰোগত পৰিণত হয় আৰু ইয়াৰ ফল সদায় বিষময় হয়। অর্থাৎ বহুতো লোকে কু-সংস্কাৰ আৰু লোকনিন্দাৰ ভয়ত নিজৰ সন্তানৰ বেমাৰ লুকুৱাই ৰাখে। বেমাৰ লুকুৱাই ৰখাৰ ফলত ৰোগৰ পৰিসৰ বৃদ্ধি পায় আৰু পাছলৈ চিকিৎসাৰ সময় পাৰ হৈ যায়। অন্ধবিশ্বাসৰ বাবে এতিয়াও বহুতো লোকে আধুনিক চিকিৎসা ব্যৱস্থাৰ কাষ নাচাপে আৰু ইয়াৰ বাবে বহু লোক মৃত্যুমুখত পৰে। সেয়েহে যিকোনো ৰোগ হ'লে লুকঢাক নকৰাকৈ চিকিৎসকৰ পৰামৰ্শ লব লাগে। অন্ধবিশ্বাস, কুসংস্কাৰ আৰু লোকনিন্দাৰ ভয়ত মানুহে বেমাৰ লুকুৱাই থোৱাৰ ফলত মৃত্যুমুখত পৰে আৰু অমূল্য জীৱন হেৰুৱাবলগীয়া হয়।

 

৫। মালতীয়ে শৈলবালাক চেণ্ডেল শুঙাবলৈ উদ্যত হঁওতে প্রধান শিক্ষয়িত্রীয়ে কি বুলি বাধা দিছিল?

উত্তৰ:- মালতীয়ে শৈলবালাক চেণ্ডেল শুঙাবলৈ উদ্যত হওঁতে প্রধান শিক্ষয়িত্রী ফুলমতী কুৰ্মীয়ে বাধা দিছিল। কাৰণ চেণ্ডেল শুঙাই বেমাৰ ভাল কৰাটো এক কুসংস্কাৰ আৰু অন্ধবিশ্বাস বুলি তেখেতে জানিছিল। তদুপৰি চেণ্ডেল এপাতত বহুতো বীজাণু লাগি থাকে, যি শৰীৰৰ বাবে অত্যন্ত ক্ষতিকাৰক। সেয়ে প্রধান শিক্ষয়িত্রীয়ে মালতীক চেণ্ডেল মুখত শুঙাবলৈ বাধা দিছিল।

 

 

৬। দলত আলোচনা কৰি লিখা।

উপযুক্ত সময়ত বেমাৰৰ চিকিৎসা নকৰিলে পৰিণাম কি হ'ব পাৰে?

উত্তৰ:- উপযুক্ত সময়ত চিকিৎসা নকৰিলে তাৰ পৰিণাম ভয়াবহ হ'ব পাৰে। সাধাৰণত যিকোনো ৰোগৰ উপসৰ্গ দেহত দেখা দিলে ততালিকে চিকিৎসকৰ ওচৰলৈ যাব লাগে। সময়ৰ কাম সময়ত নকৰিলে তাৰ ফল সদায় বিষময় হয়। উপযুক্ত সময়ত চিকিৎসা নকৰিলে পাছলৈ সেই ৰোগ দুৰাৰোগ্য হৈ পৰে আৰু তেতিয়া চিকিৎসা কৰাৰ সময় নাথাকে। ফলত সেই ৰোগ সর্বনাশৰ মূল হয়। কিছুমান লোকে অজ্ঞতা, অন্ধবিশ্বাস, কুসংস্কাৰ আৰু লোকনিন্দাৰ কাৰণে সময়মতে ৰোগৰ চিকিৎসা নকৰে, ফলত তাৰ ভয়াবহ পৰিণাম ভোগ কৰে। সেয়েহে বেমাৰ হ'লে সময়মতে চিকিৎসা কৰাব লাগে।

 

 

 

৭। তলৰ সম্বন্ধবাচক শব্দকেইটা ভাঙি দেখুওৱা।

মাৰা, ভায়েৰ, ভনীয়েৰা, খুড়ীয়েকক

উত্তৰ:- তলত সম্বন্ধবাচক শব্দকেইটা ভাঙি দেখুওৱা হ'ল-

মাৰা মা - ৰা

ভায়েৰ ভাই- এৰ

ভনীয়েৰা ভনী এৰা

খুড়ীয়েকক → খুড়ী এক - ক

 

৮। বাওঁফালে দিয়া শব্দবোৰৰ লগত সোঁফালে থকা নির্দিষ্টতাবাচক প্রত্যয়বোৰ মিলোৱা।

 
 

৯। 'চোৱাচোন! ফুলবোৰ কিমান সতেজ আৰু জীপাল!' এই বাক্যটিত থকা "জীপাল” শব্দটো জীপ শব্দৰ লগত "আল” প্রত্যয় যোগ হৈ "জীপাল” শব্দ গঠিত হৈছে। তেনেদৰে তলৰ শব্দকেইটা গঠন কৰা ।

 
 

পাঠভিত্তিক অতিৰিক্ত প্রশ্নোত্তৰ

 

১। মালতী, শৈলবালা আৰু হুনমিলি কোন শ্ৰেণীৰ ছাত্ৰী ?

উত্তৰ:- মালতী, শৈলবালা আৰু হুনমিলি সপ্তম শ্ৰেণীৰ ছাত্ৰী।

 

২। মালতীহতঁৰ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ নাম কি ?

উত্তৰ:- মালতীহতঁৰ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ নাম ফুলমতী কুর্মী।

 

৩। হুনমিলিহঁতে বকুল ফুলবোৰ বুটলি কি কৰিছিল ?

উত্তৰ:- হুনমিলিহঁতে বকুলফুলবোৰ বুটলি সেই ফুলৰ মালা গাঁঠি গ্রীষ্মবন্ধৰ বাবে অনুষ্ঠিত হোৱা সভাত শিক্ষক আৰু শিক্ষয়িত্ৰীসকলক শ্রদ্ধা আৰু সম্ভাষণ জনাইছিল।

৪। প্রধান শিক্ষয়িত্রীয়ে ছাত্র-ছাত্ৰীসকলক গৰমৰ বন্ধৰ কালছোৱাৰ কিদৰে সদব্যৱহাৰ কৰিবলৈ উপদেশ দিছিল?

উত্তৰ:- প্রধান শিক্ষয়িত্রীয়ে ছাত্র-ছাত্রীসকলক গৰম বন্ধৰ কালছোৱাত ঘৰুৱা কাম-বনত মাক-দেউতাকক সহায় কৰিবলৈ কৈছিল, স্থানীয় পুথিভঁৰাললৈ আগে দুই-এখন বাহিৰা কিতাপ পঢ়ি মনৰ দুৱাৰ অধিক মুকলি কৰিবলৈ উপদেশ দিছিল।

 

৫। "মনৰ দুৱাৰ মুকলি” কথাষাৰে কি বুজাইছে ?

উত্তৰ:- "মনৰ দুৱাৰ মুকলি” কথাষাৰে জ্ঞানৰ পৰিধি বৃদ্ধিৰ কথা বুজাইছে। ২১ বিদ্যালয়ৰ প্রধান শিক্ষয়িত্রী ফুলমতী কুৰ্মীয়ে ছাত্র-ছাত্রীসকলক গৰমৰ বন্ধত যা পুথিভঁৰাললৈ গৈ কিতাপ পঢ়াৰ উপদেশ দিছিল। বাহিৰা কিতাপ পঢ়িলে আর জ্ঞান বৃদ্ধি পায় আৰু মন সতেজ হয়।

 

৬। "দোকমোকালি” শব্দটোৱে কোনখিনি সময়ক বুজাইছে?

উত্তৰ:- দোকমোকালি" শব্দটোৱে ৰাতিপুৱাৰ সূর্যোদয়ৰ সময়খিনিৰ কথা বুজাইছে।

 

৭। গ্রীষ্মবন্ধ উপলক্ষে বিদ্যালয়ৰ ক'ত প্রীতিমেলৰ আয়োজন কৰা

হৈছিল ?

উত্তৰ:- গ্রীষ্মবন্ধ উপলক্ষে বিদ্যালয়ৰ প্ৰেক্ষাগৃহত প্রীতিমেলৰ আয়োজন কৰা হৈছিল।

 

৮। প্রীতিমেলত নৃত্য আলেখ্যখনি কোনে পৰিবেশন কৰিছিল ?

উত্তৰ:- প্রীতিমেলত নৃত্য আলেখ্যখনি শ্রীমতী হুনমিলি আৰু তেওঁৰ সতীর্থসকলে পৰিবেশন কৰিছিল।

 

৯। ড. পেণ্ডরে শৈলবালাই কি ৰোগত ভুগি থকা বুলি কৈছিল ?

উত্তৰ:- ড. পেণ্ডৱে শৈলবালাই মৃগীৰোগত ভুগি থকা বুলি গৈছিল।

 

১০। মাক-দেউতাকে শৈলবালাৰ বেমাৰৰ চিকিৎসা কিয় কৰোৱা নাছিল ?

উত্তৰ:- ছোৱালীজনীক আনে বেমাৰী বুলি হাঁহিব পাৰে বুলি সংকোচ কৰি মাক-দেউতাকে তাইৰ চিকিৎসা কৰোৱা নাছিল ।

 

Lokesh Chandra Das Profile Image

About the Author

Lokesh Chandra Das is a passionate Teacher at Digital Pipal Academy. An expert in Chemistry, he creates engaging video lectures and offers insightful content to help students excel in their studies. Lokesh also specializes in typing and preparing educational material for the academy.

Note for Users

If you find any incorrect answers, please notify us via Instagram at @pipalacademy or email us at info@pipalacademy.com. For content that may infringe copyright, kindly refrain from copying our content. Thank you for supporting Digital Pipal Academy!

যদি আপুনি কোনো ভুল উত্তৰ পায়, অনুগ্ৰহ কৰি আমাক @pipalacademy ইনষ্টাগ্ৰামৰ জৰিয়তে অৱগত কৰক অথবা info@pipalacademy.com ইমেইলৰ মাধ্যমে আমাক যোগাযোগ কৰক। কপিৰাইট উলংঘা কৰিব পৰা বিষয়বস্তুৰ বাবে, আমাৰ বিষয়বস্তু কপি কৰাৰ পৰা বিৰত থাকক। ডিজিটেল পিপাল একাডেমীক সহায় কৰাৰ বাবে ধন্যবাদ!

Join Our WhatsApp Group

Author Picture

Sudev Chandra Das (B.Sc. Mathematics)

Hi! I'm Sudev Chandra Das, Founder of Digital Pipal Academy. I've dedicated myself to guiding students toward better education. I believe, 'Success comes from preparation, hard work, and learning from failure.' Let’s embark on a journey of growth and digital excellence together!.

 


For any queries, feel free to reach us at info@pipalacademy.com.

 

Our website uses cookies to enhance your experience. Learn More
Accept !