মহাপুৰুষ শ্রীমন্ত শঙ্কৰ দেৱৰ জীৱনী আৰু আধ্যাত্মিক কর্ম-ৰাজিৰ বিষয়ে দুৱাশাৰ।
জয় গুৰু শংকৰ সৰ্ব গুনাকৰ
যাকেৰি নাহিকে উপাম
তোহাৰি চৰণত, ৰেণু শতকোটি
বাৰেক কৰোহো প্রনাম ।।
বাৰেক কৰোহো প্রণাম ।।
১৩৭১ শকৰ আহিন-কাতি মাহৰ সংক্ৰান্তিৰ শুক্লা দশমী বৃহস্পতিবাৰৰ দিনা অথাৎ ১৪৪৯ খ্রীষ্টাব্দৰ অক্টোবৰ মাহৰ ১৭ তাৰিখে বৰদোৱাত ভুঞা বংশত আমাত্র পবিত্র জগত গুৰুজনাই জন্ম-গ্রহণ কৰিছিল। পিতৃৰ নাম কুসুম্বৰ ভুঞা আৰু মাতৃৰ নাম সত্যসন্ধ্যা আছিল। কিন্তু দুখৰ বিষয় তেখেতে নিজৰ পিতৃ-মাতৃক জন্মৰ প্রায় এবছৰ মানতে দুয়োকে হেৰুৱাই। পিতৃ-মাতৃহীনা হোৱাৰ পাছত পিতামহ্ সূর্য-বৰৰ পত্নী খেৰ সুতীৰ যত্নত ডাঙৰ-দীঘল হৈছিল। তেখেতে লৰালী কালটো ধিতিঙালী কৰি কটাই ছিল। উদাহৰণ স্বৰূপে প্রকাণ্ড ষাড়গৰু এটাক শিঙত ধৰি বগৰাই পেলাইছিল আৰু ভৰ-বাৰিষা ফেনে-ফুটুকাৰে ভৰা বৈ থকা বিশাল ব্রহ্মপুত্র নদী সাতুৰি ইপাৰ-সিপাৰ হৈছিল। বুঢ়ীমাক খেৰে সুতীৰ যত্নত বাৰ বছৰ বয়সত মহেন্দ্র কন্দলীৰ পঢ়াশালিত পঢ়িবলৈ লয় আৰু হিন্দু ধর্মৰ (সনাতন ধর্মৰ) সকলোবোৰ শাস্ত্র গভীৰ ভাৱে অধ্যয়ন কৰে আৰু ক,খ পঢ়ি থাকোতেই অতি বিতোপন কবিতা (কৰতল কমল) লিখি মেধাৰ পৰিচয় দি গুৰুৰ প্রিয়পাত্র হৈছিল গুৰুজনাই শিক্ষা সাং কৰি পিতৃৰ বিষয়বাব শিৰুমনি ভূঞাৰ শাসনভাৰ গ্রহণ কৰিছিল। খ্রীঃ ১৪৭০ চনত ২১বছৰ বয়সত গুৰুজনাই হৰিবৰ গিৰিৰ কন্যা সূর্যৱতীক বিয়া কৰাইছিল। খ্রীঃ ১৪৭৪ চনত মনু নামেৰে এজনী কন্যা জন্ম হৈছিল । কন্যা মনুৰ ন মাহ বয়সত গুৰুজনাৰ পত্নী ১৪৭৫ চনত ঢুকায়। খ্রীঃ ১৪৮১ চনত সাতবছৰীয়া কন্যা মনুক হৰি ভূঞালৈ বিয়া দিয়ে। খ্রীঃ ১৪৮১ চনত ৩২ বছৰ বয়সত প্রথমে ১৭জন শিষ্যক লগত লৈ ১২ বছৰীয়া ভ্রমনলৈ যায় আৰু শ্রী ক্ষেত্ৰৰ পৰা পাঁচজন শিষ্য সংগী উভতি আহে। তেখেতৰ লগত যোৱা বাৰজন সংগী আছিল ৰামৰাম, সর্বজয়, পৰমানন্দ, বলোৰাম, বলভদ্র, গোবিন্দ, নাৰায়ণ, বৰশ্রীৰাম, গোপাল, ছোট বলৰাম, মুকুন্দ আৰু মুৰাৰী । সেই সময় চোৱাত তেখেতে বৰাহ-ক্ষেত্র, গয়া, সীতাকুণ্ড, শ্রীক্ষেত্র, মথুৰা, বৃন্দাবন, পুস্কৰ গোকুল, প্রয়াগ, কাশী, বদৰি কাশ্রম, দ্বাৰকা, গোদাবৰী, নৰ্মদা, চিত্রকুট, পঞ্চৱতী, ৰামেশ্বৰম, পুৰী আদি তীর্থ ভ্রমণ কৰি ১৪৯৩ চনত উভতি আহে। গুৰু জনাই উভতি আহি শিৰুমনি ভূঞাৰ বাব গ্রহণ কৰিবলৈ অস্বীকাৰ কৰি ধর্মলোচনাত প্রবৃত হৈছিল। উত্তৰ ভাৰতৰ নব বৈষ্ণব তথা ভক্তিবাদৰ আন্দোলন প্লাবনৰ ঢৌৱে গুৰুজনাৰ আধ্যাত্মিক জীৱনৰ গতি সলনি কৰি দিছিল।
ত্ৰিহুতৰ (উত্তৰ বিহাৰ বা মিথিলা অঞ্চলৰ) স্বপ্ন নিদিষ্ট হৈ জগদীশ মিশ্রই জগন্নাথ ক্ষেত্ৰৰ পৰা অনা শ্ৰীধৰ স্বামীৰ টীকা সম্বলিত শ্রীমদ্ভাগৱত পাঠ কৰি শুনাইছিল। এই শ্রীমদ্ভাগৱত পুৰাণৰ সম্পূর্ণ পাঠ আৰু আলোচনাই গুৰুজনাই ভক্তি ধর্মৰ আধাৰ স্থাপন কৰিবলৈ সমল যোগাই ছিল। গুৰুজনাই বৰদোৱাত কীর্তন ঘৰ আজি ভক্তিৰ প্রথম খুটিটে মাৰে। তাৰোপৰি থান তথা সত্র আৰু নামঘৰৰ বীজ ৰোপন কৰে । নামঘৰ বা কীর্তন ঘৰত তিনিটা ভাগ দেখা যায়। প্রথমতে বাটচৰা, দ্বিতীয়তে কীর্তন ঘৰ আৰু তৃতীয়তে মনিকুট। মনিকুটত বিগ্রহাদি অর্থাৎ আৰাধ্য দেৱতা আজিকালি ধৰ্মীয় পুথি সিংহাসণত ৰখা হয়; কীর্তন ঘৰত নাম সংকীর্তন কৰা হয়। বাটচ’ৰাত পথমতে প্ৰবেশ কৰা আগতেই ভকত সকলে তেখেত সকলৰ পাদুকা, খৰম, ছেণ্ডেল আদি বাটচ’ৰাৰ বাহিৰত ৰাখি বাটচ’ৰাত সেৱা কৰিহে কীৰ্তন ঘৰত প্রবেশ কৰে। সেইবাবে অসমৰ ই মুৰৰ পৰা সিমুৰলৈ প্ৰতিখন গাৱৰ খেলে -খেলে একোটাকৈ নামঘৰ সজোৱা দেখা যায় । এই সকলোবোৰ নীতি-নিয়ম আমাৰ গুৰুজনাৰ আদর্শ আৰু প্রতি খন গাৱৰ ৰাইজে নামঘৰত বহি সদায় নাম-প্রসংগ কৰা দেখা যায়। নামঘৰত ব্যৱহাৰ কৰা ডবা, তাল, খোল, নেগেনা, কাঁহ, শঙ্খ আদি সকলোবোৰ বাদ্য গুৰুজনাৰ অৱদান। "চিহ্নযাত্রা ভাওঁনা” অভিণয়ৰ দ্বাৰা তেখেতে বৰদোৱাত পোনপ্রথমে ভাওঁনা প্রবর্তন কৰিছিল।
গুৰুজনাই আত্মীয়-স্বজনৰ হেঁচাত পৰি খ্রীঃ ১৪৯৭ চনত চিদানন্দ ভূঞাৰ কন্যা কালিন্দীক বিয়া কৰায়। তেতিয়া গুৰুজনাৰ বয়স আছিল চৌৱন্ন বছৰ। তেওঁৰ ঔৰসত আৰু কালিন্দীৰ গর্ভত তিনিটা পুত্র ৰামানন্দ, কমললোচন আৰু হৰিচৰণৰ জন্ম হৈছিল। সেই সময়ত কছাৰী সকলৰ উপদ্রবত গুৰুজনাই বৰদোৱা এৰিবলগা হৈছিল আৰু খ্রীঃ ১৫২০-২১ চন মানত উত্তৰ পাৰৰ বিভিন্ন ঠাইত থকাৰ পাছত বেলগুৰি ধুৱাহাটাত থাকিছিল। খ্রীঃ ১৫২২ চনত মাধৱদেৱৰ লগত মিলন ঘটে আৰু তেওঁ গুৰুজনাৰ শিষ্যত্ব গ্রহণ কৰিছিল আৰু তেতিয়া মনি-কাঞ্চনৰ-সংযোগ ঘটাত ভক্তিবাদৰ সোঁত প্রবলভাৱে প্রবাহিত হবলৈ ধৰিলে। গুৰুজনাই অসমত এক শৰণ ভাগৱতী বৈষ্ণব ধর্ম প্রচাৰ কৰিছিল। এই ধর্মৰ সাৰ আছিল “একদেৱ একসেৱ একত বিনে পাই কেৱ”। অথাৎ এই বিশ্ব-ব্রক্ষ্মাণ্ডৰ এক মাত্র ভজনীয় দেৱ দৈৱকীনন্দন ঈশ্বৰ কৃষ্ণ। তেওঁক একান্ত ভক্তিভাৱে ভজিলে বা সেৱা কৰিলে মানুহৰ ত্রিতাপ লয় পাই আৰু দুখ মোচন হয়। সমষ্ট ব্রহ্মাণ্ডৰ সৃষ্টি, স্থিতি, আৰু প্ৰলয়ৰ গৰাকী দৈৱকী নন্দন কৃষ্ণা । তেওঁৰ কৃপাতে চাৰিমুঠি জীৱৰ সৃষ্টি হৈ এই সংসাৰলৈ আহি প্রত্যেকে নিজৰ নিজৰ কর্ম কৰি ইহলোকৰ পৰা পৰলোকলৈ বিদায় লয়। সেই চাৰিমুঠি জীৱ হ’ল উৰণ, বুৰণ, গজন, ভ্রমন। গুৰু জনাই আমাক যুগ ধর্মৰ দোহাই দি কলি যুগত ৰাম নাম, হৰি নামেই সাৰ । কলি যুগত ভগৱন্তৰ গুণ নাম একান্ত ভাৱে শ্ৰৱণ আৰু কীর্তন কৰি ভগৱন্ত কৃষ্ণক সন্তোষ কৰিব পাৰিলেহে মানুহ বৈকুন্ঠগামী পাৰে আৰু তেতিয়া মানুহে পৰম গতি লাভ কৰিব পাৰে। এই সমন্ধে মাধৱ গুৰু জনাই ঘোষাত লিখিছে ।
শাস্ত্রৰ উত্তম গীতা, ভাগৱত ধর্মৰ উত্তম নাম,
দেৱৰ উত্তম দৈৱকী নন্দন, চৰণে কৰো প্রণাম।।
আকৌ তেওঁ শাদ্ভূত লিখিছে-
বৈকুন্ঠৰ কল্প তৰু
ভাগৱত শাস্ত্র,
ইহাৰ উত্তম ফ’ল
হবিণাম মাত্র।।
হৰি নাম হৰিনাম, হৰিনামসাৰ,
হৰি নামে কৰি আছে জগত উদ্ধা।।
গুৰুজনাৰ নাম ধর্ম অর্থাৎ হৰি নাম ধর্ম মাধৱ দেৱৰ লগত মিলন হোৱাৰ পাছত গুৰু জনাই পচাৰ কৰা এক শৰণ ভাগৱতী বৈষ্ণব ধর্মই এটি অদ্ভুত গতি-লাভ কৰিছিল। সমগ্র অসমতে বিভিন্ন জাতি-জনজাতিয় লোকে তেওঁৰ ধর্মটো সকলোৱে আকোৱালী লৈছিল। মাধৱ গুৰুজনাইয়ো আমাৰ পবিত্র শংকৰ গুৰুজনাই প্রচাৰ কৰা একশৰণ হৰি নাম ধর্মভাগ প্রচাৰ ও প্রসাৰত একান্ত আন্তৰিকতাৰে দেহ, মন, প্রাণ ঢালি দিছিল। আনকি তেওঁ বিয়া পাতিবৰ বাবে জোৰণ পিন্ধাই থোৱা কন্যাকো বিয়া নাপাতি অত্যন্ত আন্তৰিকতাৰে গুৰুজনাৰ এই পবিত্র ধর্মভাগ প্রচাৰ ও প্রসাৰতে ব্যস্ত হৈ পৰিছিল। গুৰুজনাই শান্তিৰ বানী প্রচাৰ কৰি কৈছিল। কুকুৰ শৃগাল গদৰ্ভৰো, আত্মাৰমে জানিয়া সবাকো পৰি কৰিবা প্ৰণাম।। গুৰুজনাৰ প্ৰচাৰিত হৰিনাম ধর্ম সমগ্র অসমতে ব্যাপক ভাৱে প্রচাৰিত ও প্রসাৰিত হোৱাত তেতিয়া এচাম লোক তেওঁলোকৰ বিদ্রোহী হৈ উঠে আৰু লগত শাক্ত, শৈৱ আৰু শেষত কর্মকাণ্ডী ব্রাহ্মণ সকলে যোগ দিছিল। আনহাতে আহোম স্বৰ্গদেউ চুহুংমুঙক সেই বিদ্রোহীসকলে তেওঁৰ বিৰুদ্ধে লগাইছিল। সেই সময়ত আহোম ৰজাই বনৰীয়া হাতী ধৰিব নোৱাৰা অপৰাধত মাধবদেৱ আৰু শংকৰদেৱৰ জোঁৱায়েক হৰিক দোষী সাব্যস্ত কৰি হৰিৰ শিৰশ্ছেদ কৰাছিল আৰু মাধব দেৱক এৰি দিয়ে । তেতিয়া গুৰু জনাই মাধৱদেৱৰ সৈতে আহোম ৰাজ্য ত্যাগ কৰি নৰনাৰায়ণ ৰজাৰ ৰাজ্য কামৰূপৰ কপলাবৰি, চুণপৰা, গণককুছি ,কমাৰ কুছি আদি ঠাইত বছৰ-ছয়মাহ থাকি পাট বাউসীত থিতাপি লেছিল। গুৰুজনা বৰপেটাত থাকোতে নাৰায়ন দাস ঠাকুৰ, দামোদৰদেৱ, হৰিদেৱক লগ পাইছিল। সেই সময়ত পাটবাউসীতো এচাম লোক বিদ্রোহী হৈ উঠে। শংকৰদেৱৰ ভায়েক ৰামৰায়ৰ কন্যা ভূৱনেশ্বৰীক নৰনাৰায়ণ ৰজাৰ ভায়েক চিলাৰায়ে বিয়া কৰাইছিল। খ্রীঃ ১৫৫০ চনত পাট বাউসীৰ পৰা শংকৰদেৱ গুৰুজনাই লগত ছয়কুৰি ভকত লৈ দ্বিতীয়বাৰৰ বাবে তীর্থ ভ্রমণ কৰিবলৈ গৈছিল। সেইবাৰ তেওঁ পুৰী, জগন্নাথ আৰু গয়ালৈ গৈছিল। ছয় মাহৰ অন্তত পুনৰ উভতি আহি তেওঁ পাটবাউসীত থিতাপি লয় আৰু তাতেই তেওঁ জীৱনৰ প্রধান কর্মখিনি সমাপন কৰিছিল। খ্রী: ১৫৫৮ চনত কোচ ৰজা নৰনাৰায়ণ ৰজাৰ ৰাজসভাত উপস্থিত হৈ নিজৰ ধর্মমতৰ বিষয়ে ৰজাক কবলগা হৈছিল। তেতিয়া ৰজাই তেখেতক যথোচিত সম্মান প্রদর্শন-কৰিছিল। পাটবাউসীত থাকোঁতে তেওঁ কোচবিহাৰলৈ ঘনাই অহা-যোৱা কৰিব লগা হৈছিল। তেতিয়া চিলাৰায়ে ৰাজধানীৰ ওচৰতে ভেলাডোবা নামৰ ঠাইত গুৰুৰ কাৰণে এখন সত্র পাতি দিছিল। শেষ সময়ত তেওঁ তাত কিছুদিন আছিল, কিন্তু পৰিয়াল পাটবাউসীত আছিল। খ্রীঃ ১৫৬৮ চনত ভাদ মাহৰ শুক্লা দ্বিতীয়া তিথি বৃহস্পতি বাৰে ছকুৰি বছৰ বয়সত ভেলা-কাকত কুটা নামৰ ঠাইত তেওঁ জীৱন নাটৰ সামৰণি মাৰিছিল। গুৰুজনাৰ দহটা নাম আছিল- গদাধৰ, মহাপুৰুষ, ডেকাগিৰী, অধিকাৰী, সন্ত, মহন্ত, আতা, গোমস্থা, শংকৰ আৰু জগন্নাথ।
শালদেৱ গুৰুজনাই কোনো এঠাইত নিগাজিকৈ থাকি একানপতীয়াকৈ আধ্যাত্মিক চিন্তা-চর্চা কৰিব পৰা নাছিল। এবছৰতকৈ বেছি দিন থকা ঠাইসমূহ হল আলিপুখুৰীত ৪৮ বছৰ, পশ্চিমক্ষেত্রত ১২ বছৰ, বৰদোৱাত ৭ বছৰ ৬ মাহ, গাংমৌত ৪ বছৰ ৬ মাহ, বেলগুৰি ধেৱাহাটত ১৪ বছৰ ৬ মাহ, কমৰকুছিত ১ বছৰ, পাচবাউসীত ১৪ বছৰ আৰু কাকত কুটাত ২ বছৰ ৬ মাহ। গুৰুজনাৰ এবছৰতকৈ কম থকা ঠাই সমূহ হ’ল বটা, কোমোৰাকটা, গজলা-সুঁতি, কাপাল, চুণপোৰা, গংগা, জগন্নাথ আৰু চিলাৰায়ৰ গৃহ।
অসমত তেৱেই একমাত্র “জগত গুৰু” আখ্যাৰে বিভূষিত হৈছিল। তেওঁ অসমত “ব্যাস” নামে জনাজাত আছিল। অতি কম বয়স আৰু অতি কম শিক্ষাৰ লগে লগে তেওঁ বহুতো কৃতিত্বৰ অধিকাৰী আছিল। সেই বোৰ পাইছিল পূর্ব জন্মৰ সংস্কাৰৰ জৰিয়তে আৰু তাক তেওঁ এই জীৱণত প্রকাশিত কৰিব পাৰিছিল। সেয়েহে তেখেতে ক্ষণজন্মা পুৰুষ নাম মহাপুৰুষ উপাধিৰে শিৰোভূষিত হৈছিল।
পৰম তত্বক তথা ইশ্বৰক পাবলৈ সনাতন ধর্মৰ যিবোৰ মার্গ আছে তাৰ ভিতৰত ভক্তি মার্গ অতি সহজ পন্থা। এই মার্গ সমন্ধে বিষ্ণু পুৰাণত ভূয়সী প্রশংসা কৰা দেখা যায়। ব্যাস দেৱে কেইজনমান মুনিৰ প্রশ্নৰ উত্তৰত ভক্তিবাদ উত্তম বুলি কৈছে আৰু ভক্তি ধর্ম অতি সহজে আচৰিব পাৰি বুলিও নির্দেশ কৰিছে, আৰু সেয়ে কলি যুগ শ্রেষ্ঠ বুলি প্রশংসা কৰিছে। ইয়াক শ্রেষ্ঠ বোলাৰ কাৰণ হ'ল ভক্তিৰ জৰিয়তে মানুহে সকলো দুখ পৰিহাৰ কৰি য’ৰ পৰা চ্যুত হৈ আহিছে সিটোৰ লগত লগ হৈ হ্লাদিনী শক্তি ৰূপা হৈ আনন্দত মছগুল হৈ থাকিব পাৰে, যিহেতু সিটোৱে জীৱৰ আদি স্বৰূপ আছিল। কিন্তু অজ্ঞানতাত পৰি অথাৎ অবিদ্যাৰ বাবে মানুহে নানান দুখত জীবন নির্বাহ কৰিব লগা হয়। যুগেযুগে ধর্ম আচৰাৰ পদ্ধতি ভিন ভিন। যেনে-সত্যত তপস্যা ত্ৰেতাত যজ্ঞ দ্বাপৰত পূজা, আৰু কলিত ভক্তিভাবে ঈশ্বৰৰ গুণানু কীর্ত্তন কৰা। গতিকে নৱ-বৈষ্ণব আন্দোলন যিটো দক্ষিণাত্যত উদ্ভৱ হৈ উত্তৰ ভাৰতত বাৰ শতিকাত চানি ধৰিছিল, তাৰ ঢৌ শংকৰদেৱ গুৰু জনাই অসমত প্রচাৰ কৰিছিলে। ইয়াৰ ফল-স্বৰূপে শংকৰ দেৱে এক দেবক উদ্দেশ্য কৰি মানুহক আর্য-সংস্কৃতি গ্রহণ কৰিবলৈ বিভিন্ন ধৰনৰ পুথি ৰচনা কৰিছিল। তেওঁ অসমীয়াৰ সংস্কৃতি অর্থাৎ ভাষা-সাহিত্য, দর্শন, ধর্ম, বিজ্ঞান আৰু কলাৰ উন্নতি সাধন কৰি ধর্ম ভাৱত উদ্ধুদ্ধ হবলৈ বৰগীত, চিত্রপট, নাটক নাম-কীর্তনৰ মূলবস্তু আদিৰ লেখনিৰে সমৃদ্ধ কৰিছিল। তেখেতৰ ৰচনাৰ লক্ষ্য হ'ল কাব্য-নন্দৰ যোগেদি লোকক আধ্যাত্মিক শিক্ষা দিয়া। তত্ত্বকথা অথাৎ দর্শনৰ কথা কৈ থাকিলে সিটো হৃদয়ং গম নহয়। গতিকে কাব্য অথাৎ গল্পৰ জৰিয়তে তাক বুজাইছে। কাৰণ তত্বৰ লগত মস্তিষ্কৰ যুক্তি-তৰ্কৰ ক্ষমতা জড়িত। কিন্তু কাব্যানন্দৰ লগত হৃদয়ৰ অনুভুতি জড়িত । শঙ্ক দেৱ গুৰুজনাই বেদান্ত তত্বক ভাগৱতৰ কৃষ্ণৰ আলমত মানুহক অনুভুতিৰ জগতলৈ সোমাই দিব পৰাটো তেওঁৰ ৰচনাৰ সাৰ্থকতা। তাত নব ৰস বৈ গৈছে। ৰসময়ী ভক্তিৰ তত্ত্বৰে অসমক ভাৰতীয় আধ্যাত্ম চিন্তাৰ শীর্ষতম ফলশ্রুতি বেদান্তৰ লগত সাঙুৰি দি গল আৰু দান কৰি গ'ল জাতীয়-সংস্কৃতিক নৱজাগৰণৰ ঘ্রাই অধাৰ। শঙ্কা দেৱ গুৰুজনাৰ কীর্তন-ঘোষা মৌচাকৰ দৰে। মৌচাকৰ পৰা যেনেকৈ নতুন-নতুন মৌ পোৱা যায় ঠিক তেনেকৈ কীর্তনৰ পৰা নতুন-নতুন আস্বাদন পোৱা যায়। সেই আস্বাদনে মানুহক মুক্তিলৈ লৈ যায়। কীর্তনক মৌচাক কোৱাৰ আন এটা কাৰণ হল যে সত্য আৰু অহিংসা-যিটো সনাতন ধর্মত প্রধান বৈশিষ্ট বোৰৰ ভিতৰত শ্রেষ্ঠতম, সিটোৱে বোলাইছে প্রেমক। সোণত সুৱাগ চৰোৱাৰ দৰে গুৰুজনাৰ সৃষ্টি হৰি-চন্দ্র উপাখ্যান, ভক্তি প্রদীপ,ৰুক্মিনী হৰণ কাব্য- গুন মালা, বলি-ছলন, অমৃত মন্থন, অনাদিপাতন শ্রীমদ্ভাগবতৰ প্রথম, দ্বিতীয়, ষষ্ঠ, নবম দশম, একাদশ আৰু দ্বাদশ স্কন্ধ, নিমি নব সিদ্ধ সম্বাদ, উত্তৰা কাণ্ড ৰামায়, পত্নীপ্রসাদ, অজামিল উপা-খ্যান, কালিয়-দমন, কেলি গোপাল, ৰুক্মিনীহৰণ, পাৰিজাত হৰণ, ৰাম-বিজয় নাট আদিয়েও অসমীয়া সংস্কৃতিত সুৱাগ চৰাইছে।
গুৰুজনাৰ চতুৰংগ দান (বানী কান্ত কাকতিৰ মতে অসমীয়া আধ্যাত্মিক জীৱনৰ উৎকৰ্ষ বিষয়ত) । যেনে-বহু দেৱতাৰ মাজত প্রধান দেৱতাৰ সন্ধান দান, বহু সত্যৰ ভিতৰত সনাতন সত্যৰ উপলব্ধিৰ প্রতি আমাৰ সামাজিক চৈতন্যৰে জাগৰণ, বাহ্যিক অনু-সন্ধানৰ ঠাইত বিশুদ্ধ অন্তৰক উপলব্ধিৰ প্রদান লীলাক্ষেত্র বুলি ডাঠকৈ প্রতিপাদন কৰা আৰু কর্মৰ বিভীষিকা আৰু সামাজিক শ্রেণীভেদৰ ব্যৱধানৰ কুঁৱলী আতৰ কৰা তাৰো পৰি সর্বভৰতীয় পর্যায়লৈ উন্নত কৰি এক সংস্কৃতিত পৰিণত কৰা। ঐক্য-স্থাপন, সত্ৰ আৰ নামঘৰ আদিৰে শৃঙ্খলা স্থাপন কৰি ধর্মৰ ভেদজ্ঞান আতৰাই এক বহল মনৰ আধ্যাত্মিক সম্পন্ন অসমীয়া জাতিৰ সৃষ্টি কৰিলে। তেখেতে লিখনিৰ জৰিয়তে আৰু তাক অনুশীলন কৰি সংস্কৃতিৰ উন্নতি সাধনত ৰতহৈ অসমীয়া জাতিক এটা উন্নত আৰু সুকীয়া স্তৰত উপনিত কৰাইছিল। মাধব গুৰু জনাই শংকৰ দেৱৰ ঐশ্বৰিক মহত্বৰ বিষয়ে গম পাই তেওঁ লিখিছিল-
" জগ জীৱ তাৰণ
দেৱ নাৰায়ণ
দৈবকী নন্দন
যো হৰি মাৰল কংস
শংকৰ তাকেহি অংশ।
যুগধর্ম নিৰ্ণয়ত মাধৱদেৱ গুৰুজনাই লিখিছে
মিনতী বচন বোলো সর্বজনে
শুনিয়ো শাস্ত্ৰৰ মৰ্ম্ম;
আপুন কুশল চাবা যেৱে-তেৱে
নেৰিবাহা যুগধর্ম ।।
সত্য যুগে ধ্যান ত্রেতাযুগে যজ্ঞ,
দ্বাপর যুগত পূজা;
কলিত হৰিৰ কীর্তন বিনাই
আৱৰ নাহিকে দুজা।।
কলিত হৰিৰ কীর্তন এৰিয়া
অন্যত্র ধর্ম আচৰে;
মিছাত কেৱল শ্রম মাত্র পাৱে
একোৱে ফল নধৰে।।
কলিত হৰিৰ কীর্তন এৰিয়া
আনমতে চাহে গতি;
যেন কুলবধু নিজ স্বামী তেজি
ভজে গৈয়া উপপতি ।।
সংসাৰ তৰিতে ইচ্ছা আছে যাৰ,
কৰিয়ো হৰি কীর্তন;
পৰম নির্মল গতি পাইবা সুখে
ছিণ্ডিয়া কৰ্ম বন্ধন ।।
সকল নিগম কল্পতৰু তাৰ,
ফল মহাভাগৱত,
সেহি ফল ৰস হৰি গুণ যশ,
পিয়োক সাধু সঙ্গত।।
পৰম কূপালো শ্রীমন্ত শঙ্কৰে
লোকক কৰিয়া দায়া,
হৰিৰ নির্মল ভকতি প্রকাশে
কৰিলা শাস্ত্রক চায়।।
হে গুনী-জ্ঞানী সন্ত, মহন্ত সকল, আপোনা সবৰ শ্রী চৰণত প্রার্থনা, আমি এগৰাকী মুঢ়মতি, অধম সেৱক, গুৰুজনাৰ বিষয়ে লিখাৰ আমাৰ সাধ্য নাই মাত্র আমি অধমে আমাৰ ক্ষুদ্র জ্ঞানেৰে গুৰুজনাক ষ্মৰণ কৰিছো মাত্ৰ। ইয়াত ভুল ক্ৰটি হোৱাটো একেবাৰেই স্বাভাবিক আপুনাসৱৰ শ্রীচৰণত পুনৰ সেৱা জনাই লিখনি ভাগৰ ভূল-কুটি-মাৰ্জনা কৰিব বুলি আশা ৰাখি লিখনি ভাৰৰ পৰিসমাপ্তি ঘটালো।
ইতি,
আপোনাসবৰ নিঃকিন, মূঢ়মতি সেৱক
শ্ৰী গোৱিন্দ তামুলী ফুকন
উপাধ্যক্ষ
খেৰণি উচ্চতৰ মাধ্যমিক বিদ্যালয়
তাং ২২/০২/২০২৫