গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ Class 7 Social Science Chapter 12 Solution in Assamese Medium.

Lokesh Chandra Das

 

 

গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ


১। উত্তৰ দিয়া-

(ক) থানেশ্বৰ ৰাজ্যখন বৰ্তমান কোন প্ৰদেশৰ অন্তৰ্গত ?

উত্তৰঃ থানেশ্বৰ ৰাজ্যখন বৰ্তমান হাৰিয়ানা প্ৰদেশৰ অন্তৰ্গত ।

(খ) হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবিগৰাকীৰ নাম কি ?

উত্তৰঃ হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবিগৰাকীৰ নাম আছিল বাণভট্ট ।

(গ) ইলোৰাৰ কৈলাশনাথ মন্দিৰ কোনে সজাইছিল ?

উত্তৰঃ ইলোৰাৰ কৈলাশনাথ মন্দিৰ ৰাষ্ট্ৰকূট ৰজাৰ প্ৰথম কৃষ্ণই নিৰ্মাণ কৰিছিল ।

(ঘ) চোল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি ?

উত্তৰঃ চোল বংশৰ শ্ৰেষ্ট ৰজাজনৰ নাম আছিল ৰাজাৰাজ ।

(ঙ) গংগাইকুণ্ডচোলপুৰম নগৰ কোনজন চোল ৰজাই নিৰ্মাণ কৰাইছিল ?

উত্তৰঃ ৰাজাৰাজৰ পুত্ৰ ৰাজেন্দই নিৰ্মাণ কৰাইছিল ।


২। খালী ঠাই পূৰোৱা--

(ক) বৰ্মণ বংশৰ শ্ৰেষ্ঠ ৰজা আছিল পুষ্য বৰ্মণ

(খ)   হৰ্ষবৰ্ধন  ৰ আন এটি নাম আছিল শিলাদিত্য ।

(গ) পল্লৱসকলে দ্ৰাবিড় শিল্প নামৰ এটি নতুন শিল্পকলাৰ সৃষ্টি কৰে ।

(ঘ) এলিফেণ্টা আৰু  মালখেদৰ মন্দিৰসমূহত ৰাষ্ট্ৰকূট শিল্পৰ নিদৰ্শন পোৱা যায় ।

(ঙ) চোল ৰজাসকলে ব্ৰাহ্মণসকলক দান দিয়া মাটিক  ব্ৰাহ্মদেয়  বোলা হৈছিল ।

 

৩। শুদ্ধ উত্তৰ বাচি উলিওৱা-----

(ক) গুপ্তসকলে ভাৰতত দুশ/ তিনিশ/ চাৰিশ বছৰ ৰাজত্ব কৰিছিল ।

উত্তৰঃ দুশ বছৰ ৰাজত্ব কৰিছিল ।

(খ) হৰ্ষবৰ্ধনৰ ৰাজ্য়ৰ ৰাজধানী আছিল তাঞ্জোৰ/ তক্ষশীলা/ কনৌজ ।

উত্তৰঃ তাঞ্জোৰ ।

(গ) বৰ্ষবৰ্ধনে খেতিৰপৰা উৎপাদিত শস্যৰ ১/৬/ ১/৫/ ১//৪ অংশ কৰ হিচাপে আদায় কৰিছিল ।

উত্তৰঃ ১/৬ অংশ কৰ হিচাপে আদায় কৰিছিল ।

(ঘ) কাঞ্চী/ কাঞ্চীপুৰম/ মহাৱলীপূৰম পল্লৱ ৰাজ্য়ৰ ৰাজধানী আছিল ।

উত্তৰঃ কাঞ্চীপুৰম পল্লৱ ৰাজ্য়ৰ ৰাজধানী আছিল ।

(ঙ) ৰাজাৰাজ/ প্ৰথম কৃষ্ণ/ দান্তিদূৰ্গ/ ৰাষ্ট্ৰকূট ৰাজ্য়ৰ প্ৰতিষ্ঠাপক ।

উত্তৰঃ দান্তিদূৰ্গ ৰাষ্ট্ৰকূট ৰাজ্য়ৰ প্ৰতিষ্ঠাপক ।

 

৪। তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া---

(ক) বিন্ধ্য পৰ্বতে ভাৰতবৰ্ষৰ কি কি ভাগত ভাগ কৰিছে ?

উত্তৰঃ দুটা ভাগত ভাগ কৰিছে   (১) উত্তৰ ভাৰত

                                            (২) দক্ষিণ ভাৰত বা দাক্ষিণাত্য

(খ) থানেশ্বৰ ৰাজ্য়ৰ লগত একত্ৰিত হোৱা ৰাজ্য়খনৰ নাম কি ?

উত্তৰঃ কনৌজৰ লগত একত্ৰিত হৈছিল ।

(গ) পল্লৱ শাসকসকলৰ প্ৰধান অৱদান দুটা কি কি ?

উত্তৰঃ শিল্পকলা আৰু সাহিত্য -সংস্কৃতি ।

(ঘ) ৰাষ্ট্ৰকূটসকলৰ শালন কালত কি কি ভাষাৰ বিকাশ হৈছিল ?

উত্তৰঃ সংস্কৃত আৰু প্ৰাকৃত ভাষা ।

(ঙ) কোন ৰজাৰ শাসন কালত পঞ্চায়তীৰাজ ব্য়ৱস্থাৰ প্ৰতিষ্ঠাৰ পথ মুকলি হৈছিল ?

উত্তৰঃ প্ৰথম পৰান্তকই  প্ৰতিষ্ঠাৰ পথ মুকলি হৈছিল ।

 

৫। ৫০ টা মান শব্দৰ ভিতৰৰ লিখা---

(ক) হৰ্ষবৰ্ধনৰ শাসন পদ্ধতি 

উত্তৰঃ সম্ৰাট হৰ্ষবৰ্ধন এজন ধৰ্ম নিপেক্ষ ৰজা আছিল । তেওঁ আছিল শৈৱপন্থী । কিন্তু তেওঁ বৌদ্ধ ধৰ্মৰ পৃষ্ঠপোশকো আছিল । বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ বাবে তেওঁ বৌদ্ধ মহামেল পাতিছিল । হিন্দু ধৰ্মৰ বাবে মঠ-মন্দিৰো নিৰ্মাণ কৰিছিল । হৰ্ষবৰ্ধন আছিল একেধাৰে সাহিত্যনুগাৰী আৰু শিক্ষানুগাৰী সম্ৰাট। নালন্দা বিশ্ববিদ্যালয়লৈ তেওঁ ৰাজপৃষ্ঠপোষকতা আগবঢ়াইছিল । বাণভট্ট আছিল হৰ্ষবৰ্ধনৰ ৰাজকবি । বাণভট্টই কৰ্ষচৰিত আৰু কাদম্বৰী নামৰ দুখন পুথি ৰচনা কৰিছিল । হৰ্ষবৰ্ধনৰ পৃষ্ঠপোষকতাত জাতকমালা ৰচিত হৈছিল । নাগানন্ত, ৰন্তাৱলি আৰু প্ৰিয়দৰ্শিকা নামৰ তিনিখন পুথি তেওঁ ৰচনা কৰিছিল ।

(খ) হৰ্ষবৰ্ধনৰ ৰাজহ ব্যৱস্থা

উত্তৰঃ সম্ৰাট হৰ্ষবৰ্ধনে তেওঁৰ বিশাল ৰাজ্যখন সুশৃংখলভাৱে শাসন কৰিবৰ বাবে কেইোবাটাও ভাগত ভাগ কৰিছিল । ৰাজ্যখনক প্ৰদেশ, ভুক্তি, বিষয়, গাঁও আদি ভাগত ভাগ কৰিছিল । আজিকালিৰ নিচিনা এই বিভাগবোৰৰ শাসন চলোৱাৰ বাবে মন্ত্ৰী, বিষয়া আদি নিয়োগ কৰিছিল ।

       হৰ্ষবৰ্ধনে কৃষক আৰু ব্যৱসায়ী শ্ৰেণীটোৰ পৰা কৰ-কাটল সংগ্ৰহ কৰিছিল । কৃষকসকলে উৎপাদিত শস্যৰ ১/৬ অংশ কৰ হিচাপে শোধাব লাগিছিল । কেতিয়াবা নগত ধনেৰেও এনে কৰ শোধাইছিল ।

(গ) মহাৱলীপুৰম মন্দিৰৰ শিল্পৰীতি ।

উত্তৰঃ মহাৱলীপুৰমৰ মন্দিৰসমূহ দেখিবলৈ ৰথৰ দৰে বাবেএই মন্দিৰবোৰক ৰথ বোলা হয় । এখন পাহাৰ কাটি ৰথৰ দে সজা ত্ৰিৰথ বা মন্দেৰবোৰক ধৰ্মৰাজ ৰথ, ভীম ৰথ, অৰ্জুন ৰথ, দ্ৰৌপদী ৰথ বোলা হয় । মনত ৰাখিবা পল্লৱসকলে শিল্প-ভাস্কৰ্য বিকাশৰ ক্ষেত্ৰত দ্ৰাবিড় শিল্পকলা নামৰ এটি নতুন শিল্পৰীতিৰ প্ৰচলন কৰে । পল্লবসকল অতি ধাৰ্মিক আছিল । তেওঁলোকে বহুতো হিন্দুমন্দিৰ, বোদ্ধবিহাৰ নিৰ্মাণ কৰিছিল ।

(ঘ) ৰাষ্ট্ৰকূট ৰাজ্যৰ অৱস্থিতি ।

উত্তৰঃ ৰাষ্ট্ৰকূটসকলৰ শাসন কালতেই উপকূলীয় অঞ্চলবোৰত ইছলামধৰ্মী লোকসকলে বহুতো মছজিদ সজাইছিল । গুৰুত্বপূৰ্ণ কথা হ'ল যে ৰাষ্ট্ৰকূট শাসকসকলে কিন্তু এই কৰ্যত কোনো হস্তক্ষেপ কৰা নাছিল । ইয়ে তেওঁলোকৰ সহনশীলতাৰ উৎকৃষ্ট নিদৰ্শন বুলি ধাৰণা কৰিব পাৰি ৰাষ্ট্ৰকূটসকলে দাক্ষিণাত্যত প্ৰায় ১২০ বছৰ কাল শাসন কৰিছিল । ৰাষ্ট্ৰকূটসকলৰ মাজত দেখা দিয়া অৰ্ন্তকলহৰ বাবে তেওলোকৰ পতন হৈছিল ।

(ঙ) চোল ৰজাসকলে নিৰ্মাণ কৰা মন্দিৰবোৰৰ বৈশিষ্ট্য ।

উত্তৰঃ চোল ৰজাসকলে নিৰ্মাণ কৰা মন্দিৰবোৰৰ কিছুমান বৈশিষ্ট্য আছিল । ত্ৰিমন্দিৰসমূহ অকল উপাসনা স্থলীয়েই নাছিল বৰং এইবোৰ আছিল ৰাজ্যৰ অৰ্থনীতি সুদৃঢ় কৰাৰ একো একোটা কেন্দ্ৰ । মন্দিৰৰ পূজা-সেৱা, চোৱা-চিতা কৰা পৰিয়ালবোৰক মন্দিৰৰ ওচৰে-পাজৰে সংস্থাপন দিয়া হৈছিল । মন্দিৰৰ নামত দিয়া ভূমিৰ উৎপাদনৰ সহায়ত এই পৰিয়ালবোৰক ভৰণ-পোষণ দিয়া হৈছিল ।

৬। তলত উল্লেখ কৰা ৰাজ্যসমূহ উত্তৰ ভাৰতৰ নে দক্ষিণ ভাৰতৰ অন্তৰ্গত বাছি উলিয়াই তালিকা প্ৰস্তুত কৰা--

গৌড়, চোল, ৰাজপুতনা, থানেশ্বৰ, গুৰ্জৰ প্ৰতিহাৰ, পাণ্ড্য, কনৌজ, কেৰল, মালৱ, ৰাষ্ট্ৰকূট, কলিঙ্গ, চালুক্য, চাণ্ডেল্য

 

উত্তৰঃ-       দক্ষিণ ভাৰতৰ -   গৌড়, চোল, পাণ্ড্য, কেৰল, ৰাষ্ট্ৰকূট, কলিঙ্গ, চালুক্য, চাণ্ডেল্য

                  উত্তৰ ভাৰতৰ - ৰাজপুতনা, থানেশ্বৰ, গুৰ্জৰ প্ৰতিহাৰ, কনৌজ, মালৱ

 

Our website uses cookies to enhance your experience. Learn More
Accept !