প্ৰাক্ ঐতিহাসিক অসম Class 7 Social Science Chapter 13 Solution in Assamese Medium.

Lokesh Chandra Das

 

প্ৰাক্ ঐতিহাসিক অসম

 

 

১। উত্তৰ লিখাঃ-

ক) নৱগ্ৰহ মন্দিৰ ক'ত অৱস্থিত?

উত্তৰঃ গুৱাহাটীৰ চিত্ৰাচল পাহাৰত নৱগ্ৰহ মন্দিৰ অৱস্থিত

 

খ) বৰ্মণ বংশৰ প্ৰতিষ্ঠাতা কোন আছিল ?

উত্তৰঃ পুষ্যবৰ্মণে বৰ্মণ বংশৰ প্ৰতিষ্ঠা কৰিছিল

 

গ) হিউচেন চাঙে কোন বিশ্ৱবিদ্য়ালয়ত বৌদ্ধ ধৰ্ম সম্পৰ্কে চৰ্চা কৰিছিল ?

উত্তৰঃ হিউচেন চাঙে নালন্দা বিশ্ববিদ্য়ালয়ত বৌদ্ধ ধৰ্ম সম্পৰ্কে চৰ্চা কৰিছিল

 

ঘ) বৰ্তমান কামৰূপ জিলাক কি কি ভাগত ভাগ কৰা হৈছিল ?

উত্তৰঃ বৰ্তমান কামৰূপক চাৰিতা ভাগত ভাগ কৰা হৈছে- ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ, আৰু সৌমাৰপীঠ

 

ঙ) দানৱ বংশৰ কোনে প্ৰতিষ্ঠা কৰিছিল ?

উত্তৰঃ মহাৰঙ্গী দানৱে দানৱ বংশৰ প্ৰতিষ্ঠা কৰিছিল

 

চ) ডুবি আৰু নিধানপুৰ তাম্ৰলিপি কাৰ ৰাজত্ৱ কালত খোদিত কৰা হৈছিল ?

উত্তৰঃ ডুবি আৰু নিধানপুৰ তাম্ৰলিপি ভাস্কৰ বৰ্মণৰ ৰাজত্ব কালত খোদিত কৰা হৈছিল



২) শুদ্ধ / অশুদ্ধ বিচাৰ কৰা

(ক) ৰামায়ণ, মহাভাৰত হ'ল হিন্দু ধৰ্মৰ মহাকাব্য

উত্তৰঃ শুদ্ধ

(খ) নৰকাসুৰৰ বংশটোৰ নাম দানৱ বা অসুৰ বংশ

উত্তৰঃ অশুদ্ধ

(গ) বৰ্মণ বংশৰ আদি ৰজা হ'ল পুষ্য বৰ্মণ

উত্তৰঃ শুদ্ধ

(ঘ) বাণ ৰজাৰ জীয়ৰীৰ নাম আছিল ঊষা

উত্তৰঃ শুদ্ধ

(ঙ) ইৎচিঙে চি-উ-কি পুথিখন ৰচনা কৰিছিল

উত্তৰঃ অশুদ্ধ



৩) ক্ৰমানুসাৰে সজোৱা-

বৰ্মণবংশ, দানৱ বংশ,  পাল বংশ,  শালস্তম্ভ বংশ,  ভৌম বংশ

উত্তৰঃ দানৱ বংশ, ভৌম বংশ, বৰ্মণ বংশ, শালস্তম্ভ বংশ, পাল বংশ

৪) খালী ঠাই পূৰ কৰা-

ক) দানৱ ৰাজ্যৰ ৰাজধানী আছিল মইৰাংশ

খ) সমুদ্ৰগুপ্তৰ এলাহাবাদ প্ৰশস্তি ত কামৰূপৰ উল্লেখ পোৱা যায়

গ) কামৰূপৰ কুমাৰ ভাস্কৰ বৰ্মণৰ সমসাময়িক ৰজা আছিল

ঘ) মদন কামদেব মন্দিৰ ভগ্নাৱশেষ পালবংশী ৰজাসকলৰ স্থাপত্য কীৰ্তি

ঙ) শালস্তম্ভই'ল শালস্তম্ভ বংশৰ প্ৰতিস্থাপক

 

 

৫। চমু টোকা লিখাঃ

(ক) শালস্তম্ভ বংশ     (খ) পালবংশ     (গ) কুণ্ডিল ৰাজ্য়     (ঘ) কামৰূপৰ আৰ্থ-সামাজিক অৱস্থা 

উত্তৰঃ-

(ক) শালস্তম্ভ বংশঃ বৰ্মণ বংশৰ পাছত শালস্তম্ভসকলে কামৰূপৰ সিংহাসন দখল কৰে । এই বংশৰ ২১ জন ৰজাই কামৰূপত প্ৰায় তিনিশ বছৰ কাল ৰাজত্ব কৰিছিল । এই ৰাজবংশৰ প্ৰতিষ্ঠাতা শালস্তম্ভই কামৰূপ ৰাজ্য়ৰ ৰাজধানী তেজপুৰলৈ স্থানান্তৰ কৰি ঠাইখনৰ নাম হাৰুপেশ্বৰ ৰাখিছিল । শালস্তম্ভসকলে কামৰূপত ৰাজত্ব কৰি থকা সময়ত 'ইৎচিং' নামৰ এজন চীনা পৰিব্ৰাজক ভাৰতলৈ আহিছিল ।

 

(খ) পালবংশঃ শালস্তম্ভসকলৰ পাছত পাল নামৰ ৰাজবংশই কামৰূপ ৰাজ্যৰ ৰাজপাটত উঠে । ব্ৰহ্মপাল এই ৰাজবংশৰ প্ৰতিষ্ঠাতা বুলি জনা যায় । তেওঁলোকৰ ৰাজ্যৰ ৰাজধানী দূৰ্জ্জয়নগৰ আছিল বুলি উল্লেখ পোৱা যায় । ৰজা ৰত্নপালে প্ৰাগযোতিষপুৰত ৰাজত্ব কৰাৰ সময়ত কামৰূপ ৰাজ্যৰ পশ্চিম সীমাই উত্তৰ বংগক চুইছিল বুলি বিভিন্ন সমলৰপৰা জানিবলৈ পোৱা যায়

 

(গ) কুণ্ডিল ৰাজ্যঃ আন এখন অখ্যানমতে প্ৰাক্ঐতিহাসিক যুগত কামৰূপ ৰাজ্যৰ পূব দিশত কুণ্ডিল নামেৰে এখন ৰাজ্য আছিল । বৰ্তমানৰ শদিয়া অঞ্চলক এই ৰাজ্যৰ ৰাজধানী কুণ্ডিল নগৰ হিছাপে চিনাক্ত কৰা হয় । ৰাজ্যখনত ভিষ্মক নামৰ এজন ৰজাই ৰাজত্ব কৰিছিল আৰু তেওঁৰ কন্যা ৰুক্মিণীক শ্ৰীকৃষ্ণই বিবাহ কৰিছিল । শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীৰ বিবাহৰ ঘটনাক লৈ মহাপুৰুষৰ শংকৰদেৱ পাছত ৰুক্মিণী হৰণ নাটক ৰচনা কৰিছিল

 

(ঘ) কামৰূপৰ আৰ্থ-সামাজিক অৱস্থাঃ কামৰূপৰ অৰ্থনীতি মূলতঃ কৃষিভিত্তিক আছিল । হিউৱেন চাঙৰ চি-ইউ-কি ত এই ৰাজ্যত জলসিঞ্চনৰ জৰিয়তে খেতি কৰাৰ কথাও উল্লেখ কৰিছে । ইয়াৰ উপৰি বিভিন্ন ধৰণৰ ফল-মূল, যেনে-কঠাঁল, নাৰিকল, তামুল-পাণৰ খেতি কৰাৰ কথাও উল্লেখ পোৱা যায়। আজিৰ দৰে প্ৰাচীন কামৰূপতো এৰি, পাট, মুগা ইত্যাদি কাপোৰ তৈয়াৰ হৈছিল । মহাভাৰতত ভগদও ৰজাৰ পাট কাপোৰৰ কথা পোৱা যায়। কুমাৰ ভাস্কৰ বৰ্মণেও থানেশ্বৰৰ ৰজা হৰ্ষবৰ্ধনলৈ পাটৰ কাপোৰ পঠিয়াইছিল বুলি সমলসমূহৰপৰা জানিব পাৰি। মাছ ধৰা, নৈৰ পৰা সোণ উলিওৱা, কাপোৰ বাৱা আদিবোৰ প্ৰাচীন কামৰূপৰ লোকসকলৰ কেইটামান উল্লেখযোগ্য বৃত্তি আছিল

 

৬। ৫০ টা মান শব্দৰ ভিতৰত উত্তৰ লিখা

(ক) আখ্যান, কিংবন্দিত আৰু ইতিহাসৰ মাজত পাৰ্থক্য

উত্তৰঃ  আখ্যান, কিংবদন্তি আৰু ইতিহাসৰ মাজত পাৰ্থক্যসমূহ হ’ল–আখ্যান মূলত কোনো কাহিনী বা গল্প আদি, দেৱতা, দৈত্য, মানৱ বা কোনো অন্য সুপাৰন্ন চৰিত্ৰসমূহ বিষয়বস্তু হিচাপে থাকে। কিংবদন্তি হল কিছু সুনামী কাহিনী যিখন এতিয়া সুনামী গুণমূলক আত্মাৰ বিষয়বস্তুত নিহিত হয় যেনে সত্য বা অসত্য তাৰ পৰিচয় কৰি দিয়ে। ইতিহাস হ’ল ঘটনাসমূহৰ প্ৰত্যেক বিষয়ে সত্য তথ্যৰ উপৰ নিৰ্মিত কোনো কিংবা বেছা কাহিনী। ইতিহাসৰ উদ্দেশ্য মূলত আদালতৰ দ্বাৰা বিচৰা হোৱা প্ৰমাণসমূহ সুদৃশ্যতা দিয়া ।

 

(খ) ভাস্কৰ বৰ্মণ আৰু হৰ্ষবৰ্ধনৰ সম্পৰ্ক

উত্তৰঃ থানেশ্বৰ ৰাজ্যৰ ৰজা হর্ষবর্ধনৰ লগত ভাস্কৰ বৰ্মনৰ সু-সম্পক আছিল। ভাস্কৰ বৰ্মন হর্ষবর্ধনৰ সমসাময়িক আছিল । ফলত কামৰূপৰ সৈতে কনৌজৰ সু-সম্পর্ক গঢ়ি উঠিছিল । ভাস্কৰ বর্মনে হংসবেগ নামৰ এজন কটকীৰ হাতত নান তৰহৰ উপহাৰ পঠিয়াই হর্ষবর্ধনৰ সৈতে মিত্রতা স্থাপন কৰিছিল । 



(গ) হিউৱেন চাঙৰ টোকাত বৰ্ণিত কামৰূপ ৰাজ্য

উত্তৰঃ চীনা পৰিব্রাজক হিউৱেন চাঙে নালন্দা বিশ্ববিদ্যালয়ত বৌদ্ধ ধর্ম সম্বন্ধে অধ্যয়ন কৰিছিল । সেই সময়তে ভাস্কৰ বৰ্মণে তেওঁক কামৰূপলৈ আমন্ত্রণ জনায়। ভাস্কৰ বৰ্মণৰ আমন্ত্ৰণ ৰক্ষা কৰি হিউৱেন চাং কামৰূপলৈ আহে আৰু প্রায় এমাহ কাল কামৰূপত থাকে । তেওঁৰ ভাৰত সম্বন্ধে ৰচনা কৰা ‘চি-ইউ- কি’ নামৰ গ্ৰন্থত কামৰূপ সম্বন্ধে বহুতো কথা লিখি থৈ গৈছে। এই লিখনিৰ পৰা আমি সেই সময়ৰ কামৰূপ সম্বন্ধে বহু কথা জানিব পাৰো । মধ্য ভাৰতৰ ভাষাতকৈ কামৰূপৰ ভাষা অলপ বেলেগ আছিল । ইয়াৰ জলবায়ু সেমেকা আৰু চেঁচা । এই ৰাজ্যত কোনো ডাঙৰ নগৰ নাছিল । উত্তৰ ভাৰতৰপৰা কামৰূপ হৈ চিনদেশলৈ যোৱা এক বাণিজ্যিক পথ আছিল

 

 

Our website uses cookies to enhance your experience. Learn More
Accept !