দিল্লীৰ চুলতানীযুগ Class 7 Social Science Chapter 15 Solution in Assamese Medium.

Lokesh Chandra Das

 

দিল্লীৰ চুলতানীযুগ

১) উত্তৰ দিয়াঃ

(ক) চুলতান মামুদে কেতিয়া আৰু কেইবাৰ ভাৰত আক্ৰমণ কৰিছিল ? 

উত্তৰঃ চুলতান মামুদে ১০০০ খ্ৰীঃ আৰু ১৭ বাৰ ভাৰত আক্ৰমণ কৰিছিল

(খ) চাহবুদ্দিন মহম্মদ নামৰ লোকজন ইতিহাসৰ পাতত কি নামেৰে বিখ্যাত?

উত্তৰঃ চাহাবুদ্দিন মহম্মদ নামৰ লোকজন ইতিহাসৰ পাতত ঘোৰি নামেৰে বিখ্যাত ।

(গ) তৰাইনৰ প্ৰথম আৰু দ্বিতীয় যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল?

উত্তৰঃ ১১৯১ খ্ৰীঃ ত তৰাইনৰ প্ৰথম যুদ্ধত ৰাজপুত ৰজা পৃথ্বীৰাজ চৌহানৰ হাতত পৰাস্ত হ'ব লগীয়া হৈছে আৰু পাছৰ বছৰত তৰাইনৰ দ্বিতীয় যুদ্ধত ১১৯২ তেওঁ পৃথ্বীৰাজক হৰুৱাই উত্তৰ-পশ্চিম ভাৰতত নিজৰ স্থিতি সৱল কৰি তোলে

(ঘ) কুটুবমিনাৰৰ নিৰ্মাণ কোনে আৰম্ভ কৰিছিল আৰু কোনে শেষ কৰিছিল ?

উত্তৰঃ কুটুবমিনাৰৰ নিৰ্মাণ ইলটুতমিছৰ জীয়ৰীয়ে আৰম্ভ কৰিছিল আৰু ৰেজীয়া চুলতানাই শেষ কৰিছিল

(ঙ) চুলতানী যুগৰ প্ৰধান মন্ত্ৰী আৰু তেওঁৰ দপ্তৰক কি বোলা হৈছিল?

উত্তৰঃ চুলতানী যুগত প্ৰধান মন্ত্ৰীক উজীৰ বুলি কোৱা হয় ।

(চ) আল্লাউদ্দিন খিল্জিয়ে বজাৰ নিয়ন্ত্ৰণৰ দায়িত্ব কাৰ ওপৰত ন্যস্ত কৰিছিল ?

উত্তৰঃ আল্লাউদ্দিন খিল্জিয়ে বজাৰ নিয়ন্ত্ৰণৰ বাবে দিৱান-ই-ৰিয়াচত আৰু চাহান-ই-মন্দী নামৰ দুখন বিষয়া নিয়োগ কৰিছিল

(ছ) ইক্‌টা কি?

উত্তৰঃ দাস, খিল্জি আৰু টোগলক বংশৰ চুলতান সকলে শাসনৰ সুবিধাৰ বাবে সাম্ৰাজ্য়ৰ বিভিন্ন অঞ্চল কিছুমান ভাগত ভাগ কৰিছিল। এই অঞ্চলবোৰক ইক্‌টা বোলা হয়

 

২) খালী ঠাই পূৰণ কৰা-

(ক) ৰেজিয়া চুলতানা আছিল চুলতানী যুগৰ প্ৰথম আৰু একমাত্র মহিলা চুলতান

(খ) গুজৰাট, মালয়, ৰাজস্থান আৰু দক্ষিণ ভাৰত জয় কৰা আল্লাউদ্দিন খিল্জিয়েই একমাত্ৰ চুলতান

(গ) ইবন বটুটা মহম্মদ বিন টোগলকৰ দিনত ভাৰতলৈ আহিছিল

(ঘ) অৰিজ-ই-মাবালিক আছিল সামৰিক বিভাগৰ মুৰব্বী বিষয়া

(ঙ) পাণিপত্ৰ প্ৰথম যুদ্ধ ১৫২৬ খ্ৰীঃত হৈছিল

 

৩) শুদ্ধ উত্তৰ বাছি উলিওৱা

(ক) কুটুবুদ্দিন/ইলটুতমিছে দাস বংশৰ প্ৰতিষ্ঠা কৰিছিল

উত্তৰঃ কুটুবুদ্দিনে

(খ) আলপ্তাগীন/মহম্মদ ঘোৰী গজনী ৰাজ্যৰ প্ৰতিষ্ঠাপক

উত্তৰঃ মহম্মদ ঘোৰী

(গ) কামাখ্যা/সোমনাথ মন্দিৰ চুলতান মামুদে লুট-পাত কৰিছিল

উত্তৰঃ সোমনাথ মন্দিৰ

(ঘ) বাহলুল লোডী/ইব্রাহিম লোডী চুলতানী যুগৰ শেষ চুলতান

উত্তৰঃ ইব্ৰাহিম লোডী

(ঙ) তুর্কী-আফগানসকলে ভাৰতত দুশবছৰ/ তিনিশ বিশ বছৰ ৰাজত্ব কৰিছিল

উত্তৰঃ তিনিশ বিশ বছৰ

 

৪। চুলতানী শাসনকালৰ ৰাজবংশ কেইটাৰ নাম ক্ৰমনুসাৰে লিখা

উত্তৰঃ দাস বংশ, খিলিজি বংশ, টোগলক বংশ, চৈয়দ বংশ আৰু লোডী বংশ

৫। কামৰূপৰ ৰজা পৃথু আৰু কুটুবুদ্দিনৰ সেনাপতি বখটিয়াৰ খিলিজিৰ সংঘৰ্ষৰ কাৰণ কি আছিল? এই সংঘৰ্ষৰ উল্লেখ ক’ত পোৱা যায় ?

উত্তৰঃ চুলতান কুতুবুদ্দিনৰ সেনাপতি মহম্মদ বখতিয়াৰ খিলিজিয়ে চীন দেশ জয়ৰ পৰিকল্পনা কৰিছিল । কিন্তু কামৰূপৰ মাজেৰে যাব লগা হোৱাত সেইসময়ৰ কামৰূপৰ ৰজা পৃথুৰ লগত যুদ্ধত লিপ্ত হৈ বংগদেশলৈ উভতি যাবলৈ বাধ্য হয় । উক্ত ঘটনাকে অসমৰ ইতিহাসত প্ৰথম তুৰ্কী অভিযান হিচাপে জনা যায় ।

 

৬। চুলতানী আমোলত প্রচলিত তিনিটা কৰৰ নাম লিখা

উত্তৰঃ চুলতানী আমোলত প্ৰচলিত তিনিটা কৰৰ নাম হ'ল- 

(১) উৎপন্ন শষ্যৰ ওপৰত দিব লগা কৰ

(২) গৰু ম'হৰ ওপৰত দিবলগীয়া কৰ

(৩) ঘৰ-বাৰীৰ ওপৰত দিবলগীয়া কৰ

 

৭। আল্লাউদ্দিন খিল্জিয়ে বজাৰ নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰা তিনিটা পদক্ষেপ উল্লেখ কৰা

উত্তৰঃ আল্লাউদ্দিন খিল্জিয়ে দিবান-ই-ৰিয়াচত আৰু চাহান-ই-মন্দী নামৰ দুজন বিষয়াৰ ওপৰত বজাৰ নিয়ন্ত্ৰণৰ দায়িত্ব অৰ্পণ কৰিছিল

 

৮। চুলতানী যুগৰ তিনিটা স্মৃতিচিহ্নৰ নাম উল্লেখ কৰা । 

উত্তৰঃ অৰিয়াঅৰি, কুটুব মিনাৰ, আলাই দৰৱাজা

 

৯। দিল্লীৰ চুলতানসকলৰ পতনৰ চাৰিটা কাৰণ লিখা

উত্তৰঃ (১) ধৰ্মীয় নেতা আৰু আমিৰ-ওমৰাহসকলৰ অবাধ ক্ষমতাই ৰাজনৈতিক বিশৃংসলতাৰ সৃষ্টি কৰিছিল

(২) এই সময়চোৱাত ৰাজ্য় বিস্তাৰৰ নামত যুদ্ধ-বিগ্ৰহৰ সংখ্যা বাহিছিল যদিও সেনাবাহিনীৰ উন্নয়নৰ ক্ষেত্ৰত চুলতানসকলে মনোযোগ দিয়া নাছিল

(৩) ক্ষমতাকেন্দ্ৰিক অৰিয়াঅৰিৰ ফলত সাম্ৰাজ্যৰ ভিতৰচোৱাত প্ৰায়ে অৰাজকতা বিৰাজ কৰিছিল

(৪) টাইমূৰৰ আক্ৰমণে দূৰ্বল কৰি থোৱা সাম্ৰাজ্যক বাবৰৰ আক্ৰমণে সহজেই পতনৰ দিশলৈ লৈ যোৱাত সফল হৈছিল

 

১০।  চুলতান ফিৰোজছাহ টোগলকে স্থাপন কৰা চহৰ কেইখনৰ নাম লিখা

উত্তৰঃ চুলতান ফিৰোজছাহ টোগলকে স্থাপন কৰা চহৰ ৫ খন হ'ল- জৌনপুৰ, ফিৰোজাবাদ, ফাতোহাবাদ, ফিৰোজপুৰ আৰু হিচাৰফিৰোজা

 

 

Our website uses cookies to enhance your experience. Learn More
Accept !