পৰিকল্পনা, বাজেট আৰু উন্নয়ন
১। চমু উত্তৰ লিখা -
(ক) সঞ্চয়ৰ অৰ্থ কি ?
উত্তৰঃ সঞ্চয় মানে হ'ল ধন, টকা-পইচা খাচি থোৱা ।
(খ) পৰিকল্পনা কাক বোলে ?
উত্তৰঃ কোনো এটা কাম কৰিবলৈ যিখিনি কামৰ চিন্তা আগতিয়াকৈ কৰা হয় সেইবোৰকে পৰিকল্পনা বোলে ।
(গ) বাজেট মানে কি ?
উত্তৰঃ পৰিকল্পনাৰ মতে কাম কৰিবলৈ পৰিয়ালে এক নিজস্ব টকা, পইচাৰ খৰচৰ এক তালিকা প্ৰস্তুত কৰে তাকে বাজেট বোলে ।
(ঘ) কল্যাণমূলক কাম কাক বোলে ?
উত্তৰঃ যিবোৰ কাম কৰিবলে কদেশৰ জনসাধাৰণৰ সুবিধা হয় আৰু ৰাইজৰ মংল হয়। সেইবোৰ কামক কল্য়ানমূলক কাম বোলে ।
(ঙ) নিতি আয়োগ কোন চনত গঠন কৰা হয় ?
উত্তৰঃ ২০১৫ চনত নিতি আয়োগ গঠন কৰা হয় ।
২। উত্তৰ লিখা -
(ক) কোনো এখন দেশৰ পৰিকল্পনাত কোনবোৰ কামত গুৰুত্ব দিয়া হয় ? কামবোৰ কৰিবলৈ চৰকাৰে কেনেদৰে অৰ্থ আহৰণ কৰে ?
উত্তৰঃ চৰকাৰী পৰিকল্পনাত দেশৰ উন্নয়নমূলক কাম-কাজসমূহক বিশেষ গুৰুত্ব দিয়া হয় ।
চৰকাৰে কৃষি, উদ্যোগ আৰু সেৱা খণ্ডৰ পৰা বুজন পৰিমাণৰ আয় কৰে। কৰ কাটলৰ যোগেদিও চৰকাৰে ৰাজহ সংগ্রহ কৰে। তদুপৰি চৰকাৰে ৰাহি ধনৰ সুদৰ পৰাও অর্থ সংগ্রহ কৰে ।
(খ) ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনা কাৰ্যসূচীৰ জৰিয়তে কি কি লক্ষত উপনীত হব বিচৰা হৈছিল ?
উত্তৰঃ ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনা কাৰ্যসূচীৰ জৰিয়তে পাঁচটা লক্ষত উপনীত হব বিচৰা হৈছিল । এইবোৰ হ'ল-
(i) উচ্চ হাৰৰ অৰ্থনৈতিক বৃদ্ধি আহৰণ কৰা ।
(ii) অৰ্থনীতিৰ বিভিন্ন খণ্ডত অধুনিকীকৰণ সুনিশ্চিত কৰা ।
(iii) সামাজিক ন্যায় স্থাপন আৰু অৰ্থনৈতিক অসমতা দূৰিকৰণৰ লক্ষ্যত উপনীত হোৱা ।
(iv) আত্মনিৰ্ভৰশীলতা অৰ্জন ।
(v) অৰ্থনীতিত অব্যৱহৃত বা অৰ্থ ব্যৱহৃত হৈ থকা সম্পদৰাজিৰ পূৰ্ণ নিয়োগ নিশ্চিত কৰা ।
৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা -
(ক) নিতি আয়োগৰ অধ্য়ক্ষ -
(i) ৰাষ্ট্ৰপতি (ii) বিত্তমন্ত্ৰী
(iii) প্ৰধানমন্ত্ৰী (iv) গৃহমন্ত্ৰী
উত্তৰঃ (iii) প্ৰধানমন্ত্ৰী
(খ) পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কাৰ্যকাল -
(i) ৪ বছৰ (ii) ৬ বছৰ
(iii) ৮ বছৰ (iv) ৫ বছৰ
উত্তৰঃ (iv) ৫ বছৰ
(গ) পৰিকল্পনাৰ কাম-কাজ ৰূপায়নৰ বাবে চৰকাৰক প্ৰয়োজন হয় -
(i) কৃষি (ii) উদ্যোগ
(iii) অৰ্থ (iv) বাণিজ্য
উত্তৰঃ (iii) অৰ্থ
(ঘ) তলৰ কোনটো অনাকৰ ৰাজহৰ উদাহৰণ –
(i) আয়কৰ (ii) নিগম কৰ
(iii) দ্ৰব্য আৰু সেৱা কৰ (iv) জৰিমনা
উত্তৰঃ (iv) জৰিমনা
(ঙ) দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা সৰ্বাধিক গুৰুত্ব তলৰ কোনটো খণ্ডৰ ওপৰত আৰোপ কৰা হৈছিল -
(i) সমূহীয়া অন্তৰ্ভুক্তিকৃত বৃদ্ধি (ii) কৃষি
(iii) উদ্যোগিকৰণ (iv) পথ পৰিবহন
উত্তৰঃ (i) সমূহীয়া অন্তৰ্ভুক্তিকৃত বৃদ্ধি
৪। খালী ঠাই পূৰ কৰা -
(ক) পৰিয়ালটো সুখে-সন্তোসে থাকিব হ'লে পৰিয়ালৰ আটাইৰে সদিচ্ছবোৰক গুৰুত্ব দিব লাগে ।
(খ) অৰুণিমা এগৰাকী মিতব্যয়ী মহিলা ।
(গ) প্ৰতিটো পৰিয়ালৰে মাহিলী কৰিবলগীয়া কামৰ এক নিৰ্দিষ্ট পৰিকল্পনা থাকে ।
(ঘ) চৰকাৰী পৰিকল্পনামতে কাম কৰিবলৈ বাজেট প্ৰস্তুত কৰি লোৱা হয় ।
(ঙ) কোনো প্ৰত্যক্ষ প্ৰতিদান আশা নকৰাকৈ চৰকাৰক বাধ্য়তামূলকভাৱে দিবলগীয়া ধনেই হৈছে কৰ ।