পৃথিৱীৰ অভ্যন্তৰ ভাগ
১। শুদ্ধ উত্তৰটি বাছি উলিওৱা一
(ক) পৃথিৱীৰ পৃষ্ঠৰ পৰা কেন্দ্ৰলৈ ৪/৩/২ টা স্তৰেৰে গঠিত ।
উত্তৰঃ- পৃথিৱীৰ পৃষ্ঠৰ পৰা কেন্দ্ৰলৈ ৩ টা স্তৰেৰে গঠিত ।
(খ) ভূত্বক গড়ে প্রায় ২০/৩০/২৫ কিল'মিটাৰ ডাঠ ।
উত্তৰঃ ভৃত্বক গড়ে প্ৰায় ২০ কিল'মিটাৰ ডাঠ ।
(গ) পৃথিৱীৰ গৰ্ভ মানে হ’ল— ভূত্বক/ গুৰুমণ্ডল/কেন্দ্ৰমণ্ডল ।
উত্তৰঃ -পৃথিৱীৰ গৰ্ভ মানে হ'ল- কেন্দ্ৰমণ্ডল ।
(ঘ) জীৱাষ্ম সাধাৰণতে গেদীয় শিল/আগ্নেয়শিল/ৰূপান্তৰিত শিলত পোৱা যায় ।
উত্তৰঃ - জীৱাষ্ম সাধাৰণতে গেদীয় শিলত পোৱা যায়।
(ঙ) আটাইতকৈ টান মণিক বিধ হ’ল সোণ/হীৰা/দস্তা ।
উত্তৰঃ -আটাইতকৈ টান মণিক বিধ হ'ল হীৰা।
২। খালী ঠাই পূৰ কৰা ।
(ক) ভূ-পৃষ্ঠৰ পৰা অভ্যন্তৰ ভাগলৈ ক্রমান্বয়ে __ বাঢ়ি গৈ থাকে ।
(খ) ভূত্বক স্তৰক ____ বুলিও জনা যায় ।
(গ) মাটি ___ আৰু ___ পদার্থৰে গঠিত ।
(ঘ) মেগমাৰ পৰা উৎপত্তি হোৱা শিলক ____ শিল বোলে ।
(ঙ) মণিকবোৰ সাধাৰণতে ____পদার্থ ।
উত্তৰঃ –
(ক) ভূ-পৃষ্ঠৰ পৰা অভ্যন্তৰ ভাগলৈ ক্রমান্বয়ে উত্তাপ বাঢ়ি গৈ থাকে ।
(খ) ভূত্বক স্তৰক ছিয়াল বুলিও জনা যায় ।
(গ) মাটি জৈৱিক আৰু অজৈৱিক পদার্থৰে গঠিত ।
(ঘ) মেগমাৰ পৰা উৎপত্তি হোৱা শিলক আগ্নেয় শিল বোলে ।
(ঙ) মণিকবোৰ সাধাৰণতে কঠিন পদার্থ ।
৩। চমু উত্তৰ লিখা। (৩০টা মান শব্দৰ ভিতৰত)
(ক) ভূত্বক মানে কি বুজা ?
উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণটোক ভূত্বক বোলে ।
পাহাৰ, পৰ্বত, সমভূমি, মালভূমি, সাগৰ, মহাসাগৰ আদিবোৰ ভূত্বকতেই অৱস্থিত। ই গড়ে ২০ কি. মি. ডাঠ । আদিতে তৰল আৰু গেছীয় পদাৰ্থবোৰ চেঁচা হৈ সংকুচিত হোৱাৰ ফলত ভূ-ত্বক ওখোৰা মোখোৰা আৰু অসমান হোৱা বুলি ধাৰণা কৰা হয় ।
(খ) আগ্নেয় শিল কাক বোলে ?
উত্তৰঃ প্ৰাকৃতিক কাৰণত পৃথিৱীৰ খোলাটোত ফাঁট মেলিলে সেই ফালেদি মেগমা বাহিৰলৈ ওলাই আহি লাভা হিচাপে ভূপৃষ্ঠত জমা হয় । এইবোৰ বায়ুৰ সংস্পৰ্শলৈ অহাৰ ফলত তাপ বিকিৰণ কৰি গোট মাৰি টান হৈ যি শিলৰ সৃষ্টি কৰে, তাকে আগ্নেয় শিল বোলে । কেতিয়াবা মেগমা বাহিৰলৈ ওলাই আহিব নোৱাৰি শীতল হৈ ভূ-পৃষ্ঠৰ ভিতৰতো এই শিলৰ সৃষ্টি কৰে ।
(গ) মাটি বুলিলে কি বুজা ?
উত্তৰঃ পৃথিৱীৰ উপৰিভাগ অংশক মাটি বা ভূ-পৃষ্ঠ বোলে। শীত, তাপ, বতাহ, বৰষুণ আদি প্ৰাকৃতিক কাৰকৰ প্ৰভাৱৰ ফলত শিলৰ চূৰ্ণ-বিচূৰ্ণ অংশসমূহ বিভিন্ন ঠাইত জমা হৈ যি কোমল অংশৰ সৃষ্টি কৰে তাক মাটি বোলে ।
(ঘ) মণিক কি ?
উত্তৰঃ পৃথিৱীত প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা অজৈৱিক গোটা পদাৰ্থসমূহেই হ’ল মণিক। মণিকবোৰ সাধাৰণতে কঠিন পদাৰ্থ। সকলো মণিকৰে কিছুমান নিৰ্দিষ্ট ধৰ্ম থাকে –বৰণ, বৰ্ণৰেখা, ৰূপ, স্বচ্ছতা আদিবোৰ মণিকৰ মূল ধৰ্ম। মণিকসমূহক দুটা শ্ৰেণীত ভগাব পাৰি– শিল গঠনকাৰী মণিক আৰু আকৰ গঠনকাৰী মণিক। শিল গঠনকাৰী মণিকসমূহ হৈছে-কোৱাৰ্টজ, ছিলিকেট, কাৰ্বনেট, অক্সাইড ফেল্ডস্পাৰ আনহাতে আকৰ গঠনকাৰী মণিক হৈছে一 অৰ্পিমেন্ট, মেলাকাইট, গেলেনা ইত্যাদি।
(ঙ) ''হিউমাছ'' কাক বোলে ?
উত্তৰঃ মাটিত মিহলি হৈ থকা গছ-গছনিৰ, ডাল-পাতৰ অংশ, বিভিন্ন সৰু বৰ জীৱ-জন্তু, পোক-পৰুৱাৰ মৃতদেহ, বিষ্ঠা আদি ৰ’দত শুকাই, পানীত পচি আৰু অণুজীৱৰ প্ৰভাৱত ''হিউমাছ'' ৰ সৃষ্টি হয়।
৪। উত্তৰ লিখা- (১০০ টা মান শব্দৰ ভিতৰত)
(ক) পৃথিৱীৰ পৃষ্ঠৰ পৰা অভ্যন্তৰ ভাগলৈ প্ৰধান স্তৰ কেইটা আৰু কি কি ? চিত্ৰ আঁকি বুজাই লিখা ।
উত্তৰঃ-

পৃথিৱীৰ পৃষ্ঠৰ পৰা অভ্যন্তৰীণ ভাগলৈ মূলতঃ তিনিটা ভাগত ভাগ কৰা হৈছে।
সেই কেইটা হৈছে- ক) ভূত্বক, খ) গুৰুমণ্ডল আৰু গ) কেন্দ্ৰমণ্ডল
(ক) ভূত্বক- পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণটোক
ভূত্বক বোলে। পাহাৰ,
পৰ্বত, সমভূমি, মালভূমি, সাগৰ, মহাসাগৰ আদিবোৰ
ভূত্বকতেই অৱস্থিত। ই গড়ে ২০ কি. মি. ডাঠ। আদিতে তৰল আৰু
গেছীয় পদাৰ্থবোৰ চেঁচা হৈ সংকুচিত হোৱাৰ ফলত ভূ-ত্বক ওখোৰা- মোখোৰা আৰু অসমান হোৱা
বুলি ধাৰণা কৰা হয়। ভূত্বকৰ স্তৰটো গ্ৰেনাইট জাতীয় শিলেৰে গঠিত। ভূত্বকৰ শিলবোৰত
সাধাৰণতে ছিলিকন আৰু এলুমিনিয়ামৰ পদাৰ্থ অধিক থকাৰ বাবে এই স্তৰটোক ছিয়াল স্তৰ
বোলা হয় ।
(খ) গুৰুমণ্ডল- ভূত্বকতকৈ এই স্তৰৰ পদাৰ্থবোৰৰ ঘনত্ব বেছি। গোটেই গুৰুমণ্ডলক আকৌ উর্ধ্ব গুৰুমণ্ডল আৰু নিম্ন গুৰুমণ্ডল হিচাপে দুটা গভীৰতা (কিলমিটাৰত) স্তৰত ভাগ কৰা হৈছে। এই স্তৰত সাধাৰণতে ছিলিকন আৰু মেগনেছিয়ামৰ পৰিমাণ অধিক বাবে এই স্তৰক ‘ছিমা’ (Sima) স্তৰ বুলিও জনা যায়। “Sima” শব্দৰ ‘Si’য়ে ছিলিকন আৰু ‘Ma’ য়ে মেগনেছিয়াম বুজাইছে ।
(গ) কেন্দ্ৰমণ্ডল- গুৰুমণ্ডলৰ ঠিক তলতে কেন্দ্ৰক
আৱৰি থকা স্তৰটোৱেই হ’ল কেন্দ্রমণ্ডল। এক কথাত ইয়েই পৃথিৱীৰ গৰ্ভ। এই স্তৰটো
প্রায় ৩,৪৮৬ কিলমিটাৰ ডাঠ। ইয়াৰ পদার্থবিলাক অতি উত্তপ্ত অৱস্থাত
আছে। এই স্তৰটো মূলত লো,
নিকেল আৰু কোবাল্টৰে গঠিত। লো আৰু নিকেলৰ পৰিমাণ বেছি থকা
বাবে এই স্তৰটোক নিফ (Nife)
স্তৰ বুলিও জনা যায়। ইংৰাজী Nickel' (নিকেল) শব্দৰ পৰা ‘Ni আৰু Ferrium
(লো) শব্দৰ পৰা ‘Fe’ লগ কৰি এই স্তৰক Nife
(নিফ) বুলি কোৱা হয়। কেন্দ্রমণ্ডলৰ বহিঃভাগ এটা তৰল আৱৰণৰ
দ্বাৰা গঠিত। ইয়াক বহিঃ কেন্দ্রমণ্ডল বােলা হয়। এই ভৰটো প্রায় ২,২৫০ কিল'মিটাৰ ডাঠ। এই বহিঃ
কেন্দ্রমণ্ডলৰ তলত পৃথিৱীৰ কেন্দ্ৰক আগুৰি থকা স্তৰটো আন্তঃকেন্দ্রমণ্ডল। এই
স্তৰটো প্রায় ১,২২৮ কিলমিটাৰ ডাঠ ।
(খ) শিল কেইপ্ৰকাৰৰ আৰু কি কি বুজাই লিখা ।
উত্তৰঃ উৎপত্তি অনুযায়ী শিল তিনি প্ৰকাৰৰ-
১) আগ্নেয় শিল ২) গেদীয় শিল ৩) ৰূপান্তৰিত শিল
শিলৰ এই শ্ৰেণীবিভাজন তালিকাৰ মাধ্যমেৰে তলত দেখুওৱা হৈছে-

১) আগ্নেয় শিল- আগ্নেয়গিৰী উদগীৰণৰ ফলত সৃষ্টি হোৱা শিলক আগ্নেয় শিল বোলে । পৃথিৱীৰ অন্তভাগত থকা গলিত, উত্তপ্ত পদার্থসমূহক মেগমা বোলা হয়। এনে মেগমা ভূ-পৃষ্ঠলৈ ওলাই আহিব নোৱাৰি কালক্ৰমত তাপ বিকিৰণ কৰি শীতল হৈ শিলত পৰিণত হয়। এনে ধৰণে গঠন হোৱা শিলক অন্তর্ভেদী আগ্নেয়শিল বোলা হয় । আনহাতে কেতিয়াবা কিছুমান প্রাকৃতিক কাৰণত পৃথিৱীৰ খোলাটোত ফাঁট মেলিলে সেইফালেদি মেগমা বাহিৰলৈ ওলাই আহি লাভা হিচাপে ভূ-পৃষ্ঠত জমা হয়। এইবোৰ বায়ুৰ সংস্পৰ্শলৈ অহাৰ ফলত তাপ বিকিৰণ কৰি গোট মাৰি টান হৈ যি শিলৰ সৃষ্টি হয় তাক বহির্ভেদী আগ্নেয়শিল বোলা হয় । বেছল্ট, গ্রেণাইট, গেব্র’, বেথলিথ আদি আগ্নেয় শিলৰ উদাহৰণ ।
২) গেদীয় শিল- পৃথিৱীৰ উপৰিভাগত থকা
আগ্নেয়শিল কালক্ৰমত শীত,
তাপ,
বতাহ, বৰষুণ আদিৰ ভৌতিক, ৰাসায়নিক ক্রিয়া আৰু উদ্ভিদৰ জৈৱিক ক্ৰিয়াৰ ফলত দুৰ্বল হৈ
ভাগিবলৈ ধৰে। পিছত এই ভগা অংশবিলাক বতাহ, নৈ,
হিমবাহ আদিয়ে কঢ়িয়াই নি হ্ৰদ, সাগৰ বা আন নিম্ন অংশত তৰপে তৰপে জমা কৰে। এইদৰে যেতিয়া গেদবোৰ বছৰ বছৰ ধৰি
উদ্ভিদৰ বিভিন্ন অংশ বা জমা হয়, তেতিয়া এহাতে ওপৰৰ
গেদৰ প্রচণ্ড চাপ,
তাপ আৰু পানীত মিহলি হৈ জীৱ-জন্তুৰ হাড়-মূৰ থকা লো, চূণ আদিৰ ক্ৰিয়াৰ ফলত গেদবোৰ কঠিন হ'বলৈ ধৰে। এইদৰে কঠিন হৈ খোলা আদি চেপা খাই যি শিলৰ সৃষ্টি
হয় তাক গেদীয় শিল বোলে। কয়লা, চূণশিল, কংলোমাৰেট আদি গেদীয় শিলৰ উদাহৰণ ।
৩) ৰূপান্তৰিত শিল- আগ্নেয় আৰু গেদীয় শিল যদি
বহুদিন ধৰি অধিক চাপ আৰু তাপৰ প্ৰভাৱত থাকে তেন্তে তাৰ ভৌতিক আৰু ৰাসায়নিক
পৰিবৰ্তন হৈ এক নতুন শিলৰ সৃষ্টি হয়। এনে শিলক ৰূপান্তৰিত শিল বোলে ।
(গ) শিল আৰু মাটিৰ মাজত পাৰ্থক্য বিচাৰ কৰা ।
উত্তৰঃ শিলৰ পৰা মাটিৰ সৃষ্টি হয়। শিলবিলাক সময়ৰ সোঁতত শীত, তাপ,
বতাহ, বৰষুণ আদি
প্রাকৃতিক কাৰকৰ প্ৰভাৱত জহি-খহি চূর্ণ-বিচূর্ণ হয় । এনে অংশসমূহ আকৌ বতাহ, নদী,
হিমবাহ আদিয়ে কঢ়িয়াই নি বিভিন্ন ঠাইত জমা কৰে। এইদৰে
মাটিৰ সৃষ্টি হয়। তাৰোপৰি শিল বোৰ সাধাৰণতে কঠিন আনহাতে মাটি কঠিন বা কোমল হ’ব
পাৰে ।
(ঘ) ‘‘মাটি অবিহনে গছ-গছনি, জীৱ-জন্তু জীয়াই থাকিব নোৱাৰে’’ –কথাষাৰ বুজাই লিখা ।
উত্তৰঃ মাটিৰ লগত জীৱ-জগতৰ এক ওতঃপ্রোত সম্পর্ক আছে। সকলো প্ৰকাৰৰ প্রাণী আৰু উদ্ভিদৰ আবাসস্থলী হ’ল মাটি বা ভূত্বক। আমাৰ জীৱন যাত্রা, আচাৰ-ব্যৱহাৰ, খেতি-বাতি, অনুষ্ঠান-প্রতিষ্ঠান, যাতায়াত, উদ্যোগ আদি সকলোবোৰ মাটিৰ ওপৰতে নিৰ্ভৰশীল । মাটিৰ অংশ হিচাপে পর্বত-পাহাৰ, মালভূমি-সমভূমি আদিত জীৱজগতৰ আবাসস্থলী যদিও জলমণ্ডলতো জীৱজগতৰ প্ৰসাৰতা আছে ।
(ঙ)‘‘মাটি গঠনত জলবায়ুৰ প্ৰভাৱ অপৰিহাৰ্য’’-কথাষাৰ বুজাই লিখা ।
উত্তৰঃ মাটি গঠনত জলবায়ুৰ প্ৰভাৱ অপৰিহার্য । শিলবিলাক সময়ৰ সোঁতত শীত, তাপ, বতাহ, বৰষুণ আদি প্রাকৃতিক কাৰকৰ প্ৰভাৱত জহি-খহি চূর্ণ-বিচূর্ণ হয় । এনে অংশসমূহ আকৌ বতাহ, নদী, হিমবাহ আদিয়ে কঢ়িয়াই নি বিভিন্ন ঠাইত জমা কৰে। এইদৰে মাটিৰ সৃষ্টি হয় ।
(চ) ভূত্বকত পোৱা শিল, মণিক আৰু মাটিৰ মাজত সম্পৰ্ক বিচাৰ কৰা ।
উত্তৰঃ ভূত্বকৰ মাটিৰ বিভিন্ন ধৰণৰ শিল, মণিক আৰু মাটিৰ গুণাগুণে জীৱজগতক বিশেষভাৱে প্ৰভাৱ পেলাই আহিছে । উল্লেখযোগ্য যে এই আটাইকেইবিধ উপাদানৰ মাজত ওতঃপোত সম্পৰ্ক আছে । মাটিৰ ভিতৰত পোৱা বিভিন্ন ধৰণৰ খনিজ পদার্থ যেনে ーনাইট্র'জেন, পটাছিয়াম, মেগনেছিয়াম, ছালফাৰ, ফচফৰাচ, কেলছিয়াম, লো, তাম, সীহ আদিয়ে উদ্ভিদ আৰু প্ৰাণীৰ বৃদ্ধি আৰু বিকাশত বিশেষ অৰিহণা যোগাই আহিছে । মানুহৰ জীৱন-ধাৰণৰ বাবে খাদ্য দ্রব্য, নানাধৰণৰ সামগ্রী, বাসস্থান আদি ভূত্বকৰ মাটিৰ ওপৰতে নিৰ্ভৰশীল । ভূত্বকত পোৱা শিলক আমাৰ প্ৰয়োজন মতে বিভিন্ন কামত ব্যৱহাৰ কৰি আমাৰ অভাৱ পূৰণ কৰো। শক্তিৰ উৎস কয়লা, খনিজাত তেল, প্রাকৃতিক গেছ আদি স্তৰীভূত শিলাৰ মাজৰ পৰাই আমি সংগ্রহ কৰো । সোণ, ৰূপ, তাম, দস্তা আদিবোৰ আমি আগ্নেয় আৰু ৰূপান্তৰিত শিলৰ পৰাই পাওঁ। তদুপৰি গ্ৰেণাইট, বেচল্ট, বালিশিল, শ্লেট, মাৰ্বল আদি শিলাসমূহ আমি ঘৰবাৰী, ৰাস্তা-ঘাট নির্মাণ কার্যত বহুলভাৱে ব্যৱহাৰ কৰোঁ । কৃত্রিম সাৰ, চিমেন্ট, চূণ আদি প্ৰস্তুত কৰিবলৈ চূণশিল ব্যৱহাৰ কৰা হয় ।
৫। তলৰ তালিকাত বিভিন্ন ধৰণৰ শিলৰ নাম দিয়া আছে। সেইবোৰ তলৰ তালিকাত দিয়া ধৰণে শ্রেণীভুক্ত কৰা—
মাৰ্বল, শ্লেট, বালিশিল, গ্রেণাইট, কয়লা, চূণশিল, চকমাটি, নিছ, কংলোমাৰেট, বোকাশিল, চিষ্ট, কোৱাৰ্টাযাইট, বেছল্ট, গ্রেব্র’ ।
উত্তৰ-
শ্ৰেণী | শিলৰ নাম | গুণাগুণ আৰু গঠন প্ৰক্ৰিয়া |
---|---|---|
আগ্নেয় শিল (Igneous Rock) | - বেছল্ট (Basalt) - গ্ৰেব্ৰ’ (Gabbro) - গ্ৰেণাইট (Granite) | লাভা বা মেগ্মা ঠাণ্ডা হৈ কঠিন হোৱাৰ ফলত সৃষ্টি হয়। |
গেদীয় শিল (Sedimentary Rock) | - কংলোমাৰেট (Conglomerate) - চূণশিল (Limestone) - বোকাশিল (Shale) - কয়লা (Coal) - বালিশিল (Sandstone) - চকমাটি (Claystone) | পানী, বতাহ বা হিমবাহৰ দ্বাৰা বহন হোৱা কণাৰ সঞ্চিতিকৰণৰ ফলত সৃষ্টি হয়। |
ৰূপান্তৰিত শিল (Metamorphic Rock) | - চিষ্ট (Schist) - কোৱাৰ্টাযাটছ (Quartzite) - নিছ (Gneiss) - মাৰ্বল (Marble) - শ্লেট (Slate) | তাপ, চাপ আৰু ৰাসায়নিক পৰিবৰ্তনৰ ফলত সৃষ্টি হয়। |
৬। দলত আলোচনা কৰি লিখা—