নাগৰিক আৰু নাগৰিকত্ব Class 7 Social Science Chapter 22 Solution in Assamese Medium.

Lokesh Chandra Das

 

নাগৰিক আৰু নাগৰিকত্ব

 

১।    চমু উত্তৰ লিখা -

(ক) নাগৰিক শব্দৰ অৰ্থ কি ?

উত্তৰঃ যি ব্যক্তিয়ে এখন দেশত স্থায়ীভাৱে বসবাস কৰি সেই দেশৰ সকলো অধিকাৰ ভোগ লৰে তেনে ব্যক্তিক নাগৰিক বোলে ।

(খ) বিদেশী মানে কি ?

উত্তৰঃ যেতিয়া কোনো ব্যক্তিয়ে আন কোনো ৰাষ্ট্ৰত থাকি সেই ৰাষ্ট্ৰৰ পৌৰ অধিকাৰ লাভ কৰে তেনে ব্যক্তিক বিদেশী বোলে ।

(গ) নাগৰীকে দেশৰ কি কি অধিকাৰ ভোগ কৰিব পাৰি ?

উত্তৰঃ নাগৰীকে দেশৰ পৌৰ আৰু ৰাজনৈতিক অধিকাৰ ভোগ কৰিব পাৰে ।

(ঘ) কোন চনত চিকিম ভাৰতৰ লগত চামিল হয় ?

উত্তৰঃ ১৯৭৫ চনত চিকিম ভাৰতৰ লগত চামিল হয় ।

 

 

২।    উত্তৰ লিখা -

(ক) এজন বিদেশীয়ে ভাৰতৰ নাগৰিকত্ব কেনেদৰে লাভ কৰিব পাৰি ?

উত্তৰঃ এজন বিদেশীয়ে ভাৰতৰ নাগৰিকত্ব দেশীয়কৰণ পদ্ধতিৰে লাভ কৰিব পাৰি ।

(খ) পৌৰ অধিকাৰসমূহ কি কি ?

উত্তৰঃ পৌৰ অধিকাৰসমূহ হ'ল- জীৱনৰক্ষাৰ অধিকাৰ, মতামত প্ৰকাশৰ অধিকাৰ, ব্য়ক্তিগত স্বাধীনতা অধিকাৰ, শিক্ষাৰ অধিকাৰ আদি ।

(গ) এজন নাগৰিক কেনেকৈ নাগৰিকত্বৰ পৰা বঞ্চিত হ'ব পাৰে ?

উত্তৰঃ ৰাষ্ট্ৰবিৰোধ কৰিলে এজন নাগৰিক নাগৰিকত্বৰ পৰা বঞ্চিত হ'ব পাৰে ।

 

 

 

৩।    খালী ঠাই পূৰ কৰা -

(ক) বিদেশীসকলে ৰাজনৈতিক অধিকাৰ ভোগ কৰিব নোৱাৰে ।

(খ) আমাৰ দেশ ভাৰতত এজন ব্যক্তিয়ে   ১৮ বছৰ   বছৰ বয়সত ভোটাধিকাৰ লাভ কৰে ।

(গ) চিকিমৰ জনসাধাৰণে ৰাজ্যক্ষেত্ৰ চামিলকৰণ  ৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে ।

 

 

৪।    শুদ্ধ উত্তৰটো বাছি উলিওৱা -

(ক) এজন বিদেশীয়ে পৌৰ অধিকাৰ/ৰাজনৈতিক অধিকাৰ লাভ কৰে।

উত্তৰঃ পৌৰ অধিকাৰ ।

(খ) এজন নাগৰীকে দেশৰ হকে কাম কৰিলে/ৰাষ্ট্ৰ বিৰোধী কাম কৰিলে নাগৰিকত্ব বেলোপ হ'ব পাৰে ।

উত্তৰঃ ৰাষ্ট্ৰ বিৰোধী কাম কৰিলে ।

(গ) দেশৰ নাগৰিকে নিজৰ দেশৰ প্ৰতি আনুগত্য প্ৰকাশ নকৰে/আনুগত্য প্ৰকাশ কৰে।

উত্তৰঃ আনুগত্য প্ৰকাশ কৰে ।

(ঘ) কোনো এজন ব্যক্তিৰ নিজৰ দেশৰ পৰা অন্য দেশলৈ গুচি গলে তেওঁক তাত নাগৰিক/বিদেশী বোলা হয় ।

উত্তৰঃ বিদেশী বোলা হয় ।

 

Our website uses cookies to enhance your experience. Learn More
Accept !