মানৱসৃষ্ট পৰিৱেশ আৰু মানৱ সম্পদ Class 7 Social Science Chapter 6 Solution in Assamese Medium.

Lokesh Chandra Das

 

 

মানৱসৃষ্ট পৰিৱেশ আৰু মানৱ সম্পদ

 

 

১। কেৱল উওৰ লিখা-

(ক) পৰিৱেশক ঘাইকৈ কেইটা ভাগত ভগাব পাৰি ?

উত্তৰঃ দুটা ভাগত ।


(খ) মানুহৰ উপকাৰত অহা আৰু আৰ্থিক মূল্য থকা বস্তুবোৰক কি বোলে ?

উত্তৰঃ মানুহৰ উপকাৰত অহা আৰু আৰ্থিক মূল্য থকা বস্তুবোৰক সম্পদ বোলে ।


(গ) ভাৰত চৰকাৰৰ কোনটো মন্ত্ৰণালয়ে দেশৰ মানৱ সম্পদ উন্নয়নৰ দিশটো চোৱা-চিতা কৰে ।

উত্তৰঃ দেশৰ কেন্দ্ৰীয় চৰকাৰে গঠন কৰা মন্ত্ৰাণালয়'য়ে চোৱা-চিতা কৰে ।


(ঘ) ভুপ্ৰকৃতিৰ ভিত্তিত অসমক কেইটা ভাগত ভগোৱা হৈছে ?

উত্তৰঃ দুটা ভাগত ।

(ঙ) উওৰ কাছাৰ পাৰ্বত্য জিলাখনক বৰ্তমান কি নামেৰে জনা যায় ?

উত্তৰঃ ডিমা হাছাও ।

 

 

 

২। খালী ঠাই পূৰ কৰা-

(ক) শাৰীৰিক আৰু মানসিকভাৱে কাম কৰিবলৈ সক্ষম ব্যক্তিক মানৱ সম্পদ  সম্পদ বোলে ।

(খ) আন সকলো সম্পদৰ তুলনাত মানৱ সম্পদ শ্ৰেষ্ঠ সম্পদ  

(গ) অসম দক্ষিণ  পশ্চিম  মৌচুমী জলবায়ুৰ গতি পথত অৱস্থিত ।

(ঘ) অসম কৃষি উৎপাদিত শস্যক  তিনিটা প্ৰধান ভাগত ভাগ কৰিব পাৰি ।

 

 

 

৩। শুদ্ধ উওৰটো বাছি লিখা--

(ক) মানৱসৃষ্ট পৰিৱেশৰ উপাদান এটা হ'ল গছ-গছনি \ বাসগৃহ।

উত্তৰঃ বাসগৃহ ।

 

(খ) জাপান পৃথিৱীৰ ভিতৰতে এখন উল্লেখযোগ্য উদ্যোগ প্ৰধান \ কৃষি প্ৰধান দেশ।\

উত্তৰঃ উদ্যোগ প্ৰধান দেশ ।

 

(গ) অসমৰ নদী উপত্যকা অঞ্চলৰ বাসিন্দাসকলৰ মুখ্য জীৱিকা চাকৰি \ কৃষি ।

উত্তৰঃ কৃষি ।

 

(ঘ) পাহাৰীয়া অঞ্চলত জনবসতি ঘন \ সেৰেঙা ।

উত্তৰঃ সেৰেঙা ।

 

(ঙ) কাৰ্বি আংলং \ উওৰ কাছাৰ পাৰ্বত্য জিলাৰ বৰ্তমান নাম ডিমা-হাছাও ।

উত্তৰঃ উত্তৰ কাছাৰ পাৰ্বত্য জিলা ।

 

 

 

৪। শুদ্ধ - অশুদ্ধ লিখা-

(ক) মানৱসৃষ্ট পৰিৱেশক কৃত্ৰিম পৰিৱেশ হিচাপেও জনা যায় ।

উত্তৰঃ শুদ্ধ ।

(খ) প্ৰাকৃতিক পৰিৱেশৰ উপাদানসমূহ ব্যৱহাৰ কৰি মানৱ সৃষ্ট পৰিৱেশৰ উপাদানসমূহ সৃষ্টি কৰা হয় ।

উত্তৰঃ শুদ্ধ ।

(গ) মানৱসৃষ্ট পৰিৱেশ পৰিৱৰ্তনশীল ।

উত্তৰঃ শুদ্ধ ।

(ঘ) শাৰীৰিক আৰু মানসিকভাৱে উৎপাদনমুখী কাম কৰিবলৈ সক্ষম ব্যক্তিসকল মানৱ সম্পদ ।

উত্তৰঃ শুদ্ধ ।

(ঙ) ভূপ্ৰকৃতিৰ ভিত্তিত অসমক দুটা সুকীয়া ভূখণ্ডত বিভক্ত কৰিব পাৰি ।

উত্তৰঃ শুদ্ধ ।

 

 

 

৫। চমু উওৰ লিখা___(৪০টা মান শব্দৰ ভিতৰত)

 

(ক) সমাজ উন্নয়নত মানৱ সম্পদৰ ভূমিকা ।

উত্তৰঃ মানুহৰ বিভিন্ন কাম-কাজে মানৱ সভ্যতাৰ উত্তৰণ ঘটাইছে । মানুহে উদ্ভাৱন কৰা বিভিন্ন সা-সামগ্ৰীয়ে আমাৰ জীৱন-ধাৰণৰ মান উন্নত কৰি তুলিছে । তোমালোকে নিজৰ ঘৰত ব্যৱহাৰ কৰা ৰন্ধন গেছ, বিজুলী, টিভি ম'বাইলফোন, ছপাযন্ত্ৰ, কম্পিউটাৰ, কৃত্ৰিম উপগ্ৰহ আদিৰ উদ্ভাৱনে আমাৰ সভ্যতাক দ্ৰুত গতিত আগবঢ়াই নিছে । পৰিবহণ আৰু যোগাযোগ ব্য়ৱস্থাৰ উন্নতিয়ে গোটেই পৃথিৱীখনকে আজি এখন বিশাল গোলকীয় গাঁৱলৈ পৰিৱৰ্তন কৰিছে। মানৱ সম্পদত চহকী দেশ স্বাভাৱিকতে উন্নত । উদাহৰণ হিচাপে জাপানৰ কথাকে ক'ব পাৰি। প্ৰাকৃতিক সম্পদত জাপান বেছি চহকী নহয় । কিন্তু জাপানত কাৰিকৰী দিশত পাৰ্গত আৰু উচ্চ শিক্ষিত লোকৰ অভাৱ নাই। এই লোকসকল সেই দেশৰ মানৱ সম্পদ ।

 

(খ) অসমৰ জনবসতি বিস্তাৰৰ ওপৰত নদী উপত্যকাৰ সমভূমিৰ প্ৰভাৱ ।

উত্তৰঃ ব্ৰহ্মপুত্ৰ নদী, বৰাক নদী আৰু ইয়াৰ উপনৈৰে গঠিত উপত্যকা অঞ্চলৰ ভূ-প্ৰকৃতি প্ৰায় সমান । এই দুয়োটা মুখ্য জীৱিকা কৃষি । এই অঞ্চলত পৰিবহণ ব্যৱস্থা উন্নত । ঠায়ে ঠায়ে কিছুসংখ্যক শিল্প-উদ্যোগ গঢ়ি উঠিছে । পৰিবহণৰ সুবিধাৰ কাৰণে ব্যৱসায় বাণিজ্যৰো প্ৰসাৰ ঘটিছে । এই অঞ্চলত ৰাজ্যৰ নগৰ, মহানগৰসমূহো অৱস্থিত । ইয়াত মানুহৰ জীৱন-ধাৰণাৰ প্ৰণালী সুবিধাজনক হোৱা কাৰণে জনবসতি অতি ঘন ।

 

 

৬। বহলাই লিখা-- (৮০ টা মান শব্দৰ ভিতৰত)

(ক) মানৱসৃষ্ট পৰিৱেশ কাক বোলে আৰু ইয়াৰ উপাদান সমূহ কি কি ? এই পৰিৱেশ গঢ় দিয়াত মানুহৰ ভূমিকা সম্পৰ্কে লিখা ।

উত্তৰঃ  মানুহে জ্ঞান, বুদ্ধি, কৌশল খটুৱাই এনেদৰে প্ৰাকৃতিক উপাদানসমূহ মানুহৰ প্ৰয়োজনীয় কামত ব্যৱহাৰ কৰে । এনে কাম - কাজে কোনো এখন ঠাইত মানুহৰ অনুকুল যি এক সুকীয়া পৰিস্থিতি সৃষ্টি কৰে আৰু  সেই ঠাইখনৰ মানৱসৃষ্ট পৰিৱেশ পৰিৱেশ বোলে আৰু ইয়াৰ উপাদান যেনে - মাটি, পানী, গছ-গছনি আদিৰে কোনো এখন ঠাইত প্ৰাকৃতিক পৰিৱেশ একোটা সৃষ্টি হয় । মানৱসৃষ্ট পৰিৱেশো প্ৰাকৃতিক পৰিৱেশৰপৰা আহৰণ কৰা উপাদানসমূহ ব্য়ৱহাৰ কৰি সৃষ্টি কৰা এটা পৰিৱেশ আমাৰ চাৰিওফালৰ থকা ৰাস্তা-ঘাট, দলং, বাসগৃহ, উদ্য়োগৰ লগতে পৰিয়াল, সামাজিক ৰীতি-নীতি, কৃষ্টি-সংস্কৃতি, ধৰ্মীয় আচৰণ, শিক্ষা-ব্য়ৱস্থা, ৰাজনৈতিক কাম-কাজবোৰো মানৱসৃষ্ট পৰিৱেশ উপাদান ।

 

মানৱসৃষ্ট পৰিৱেশৰ উপাদানসমূহ সৃষ্টি কৰিবলৈ মানুহে প্ৰাকৃতিক উপাদানসমূহ সংগ্ৰহ কৰিব লগা হয়। মানুহৰ এই কাৰ্যৰ ফলত এফালে মানৱসৃষ্ট পৰিৱেশৰ উন্নয়ন হ'লেও প্ৰাকৃতিক উপাদানসমূহৰ অত্যাধিক আহৰণে প্ৰকৃতিৰ স্ৱাভাৱিক অৱস্থাৰ ক্ষতিসাধন কৰে । এনেকৈয়ে পৰিৱেশ প্ৰদূষিত হ'বলৈ ধৰে । এই প্ৰদূষণ মানৱ সমাজক ক্ষতিগ্ৰস্ত কৰে । 

 

 

(খ) কি কি কাৰণত অসমত বানপানী হয় ? বানপানীৰ সৈতে সহাৱস্থান কৰাৰ বাস্তৱসন্মত যুক্তি দি দুটা ব্যৱস্থাৰ কথা উল্লেখ কৰা ।

উত্তৰঃ  অসমত বানপানী হোৱাৰ কাৰণ হ'

১। অসমৰ নদীসমূহে পাহাৰীয়া অঞ্চলৰপৰা খনন কৰি অনা মাটি, শিল, বালিবোৰ কঢ়িয়াই আনি সমভূমি অঞ্চলত কৰে । ইয়াৰ ফলত নদীৰ বহন ক্ষমতা হ্ৰাস পায় বাবে বানপানীৰ সৃষ্টি হয় ।

 

২। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উত্তৰ পাৰে থকা উপনৈসমূহে বাৰিষা বৰষুণৰ পানীৰ উপৰি হিমালয়ৰ বৰফ গলা অতিৰিক্ত পানী বহন কৰে, যাৰ বাবে দুয়ো পাৰ উপচি পৰি বানপানীৰ সৃষ্টি হয় ।

 

বানপানীৰ সৈতে সহাৱস্থান কৰাৰ বাস্তৱসন্মত যুক্তি দুটা হ'

১। বানাক্ৰান্ত অঞ্চলত বানপানী নোহোৱা সময়ত কৰিব পৰা কৃষিৰ ওপৰত গুৰত্ব দিয়া ।

২। বানপানীৰ সময়ত ব্যৱহাৰ কৰিবৰ কাৰণে পৰিষ্কাৰ পানীৰ সু-ব্য়ৱস্থা ৰখা ।

 

 

Our website uses cookies to enhance your experience. Learn More
Accept !