প্ৰগতিৰ সোণালী বাট

Lokesh Chandra Das

 



প্ৰগতিৰ সোণালী বাট

 

২। উত্তৰ দিয়া

 

(ক) হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকে-লোকাৰণ্য হোৱাৰ কাৰণ কি? 

উত্তৰঃ- হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকে-লোকাৰণ্য হোৱাৰ কাৰণ হ'ল অঞ্চলটোৰ মহিলাসকলে আত্মসহায়ক গোটৰ প্ৰদৰ্শনী এখন পাতিছিল। 

(খ) প্ৰদৰ্শনীখন কোনে পাতিছিল? 

উত্তৰঃ- প্ৰদৰ্শনীখন অঞ্চলটোৰ মহিলাসকলে পাতিছিল। 

(গ) মানুহে ভিৰ কৰা বিপণিখনত কি প্ৰদৰ্শন কৰা হৈছিল? 

উত্তৰঃ- মানুহে ভিৰ কৰা বিপণিখনত এড়ী-পলু পোহাৰ পদ্ধতি প্ৰদৰ্শন কৰা হৈছিল। 

(ঘ) অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ কি উদ্যোগ গঢ়ি তুলিছে? 

উত্তৰঃ- অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্য়োগ গঢ়ি তুলিছে। 

(ঙ) স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবোৰক কি বুলি জনা যায়? 

উত্তৰঃ- স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবোৰক আত্মসহায়ক গোট বুলি জনা যায়

 

(চ) এই গোটবোৰে উৎপাদন কৰা সামগ্ৰীসমূহ কি কৰা হয়? 

উত্তৰঃ- এই গোটবোৰে উৎপাদন কৰা সামগ্ৰীসমূহ সূলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পূৰ কৰা হয়। 



(ছ) ২০০১ চনটো কি বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল? 

উত্তৰঃ- ২০০১ চনটো আন্তৰ্জাতিক নাৰী সৱলীকৰণৰ আৰু সমমৰ্যদাৰ বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল

 

(জ) উত্তৰ-পূৰ্বাঞ্চলত উল্লেখযোগ্য স্থান দখল কৰা কুটীৰ শিল্পটোৰ নাম কি? 

উত্তৰঃ- উত্তৰ-পূৰ্বাঞ্চলত উল্লেখযোগ্য স্থান দখল কৰা কুটীৰ শিল্পটোৰ নাম হ'ল বয়ন শিল্প। 

(ঝ‌) প্ৰাক্-স্বাধীন কালতেই নাৰীক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বাবে কোনে চিন্তা কৰিছিল? 

উত্তৰঃ- প্ৰাক্-স্বাধীন কালতেই নাৰীক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বাবে মহাত্মা গান্ধীয়ে চিন্তা কৰিছিল। 

 

৩। চমুকৈ বৰ্ণনা কৰা

(ক) আত্মসহায়ক গোটবোৰে দুখীয়া পৰিয়ালৰ মহিলাসকলক কেনেকৈ সহায় কৰে ? 

উত্তৰঃ- আত্মসহায়ক গোটবোৰে স্থানীয় সহজলভ্য সম্পদবিলাকক লৈ এই গোটবোৰে অতি সহজ-সৰল পদ্ধতিৰে নানা আকৰ্ষণীয় সামগ্ৰী উৎপাদন কৰে আৰু সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পূৰ কৰে। এনেকৈয়ে দুখীয়া পৰিয়ালৰ কিছু মহিলা আৰ্থিক দিশত টনকিয়াল হৈ স্বাৱলম্বী হোৱাৰ পথত আগবাঢ়িছে ।



(খ) পাঠত থকা প্ৰাচীন কালৰ জ্ঞানৰ অধিকাৰিণী মহিলা দুগৰাকীৰ বিষয়ে চমুকৈ লিখা

উত্তৰঃ- প্ৰাচীন কালৰ জ্ঞানৰ অধিকাৰিণী মহিলা দুগৰাকীৰ নাম হ'ল গাৰ্গী আৰু মৈত্ৰেয়ী।এই দুয়োগৰাকী মহিলাৰ বিষয়ে তলত চমুকৈ উল্লেখ কৰা হ' 

গাৰ্গীঃ- প্ৰাচীন ভাৰতৰ এগৰাকী চিৰকুমাৰী তপস্বিনী ব্ৰহ্মবাদিনী বিদুষী নাৰী। তেও গৰ্গ মপনিৰ কন্যা কাৰণে তেওঁৰ নাম গাৰ্গী। কেৱল নাৰী জগততেই নহয় সেই কালৰ পুৰুষ সমাজতো শ্ৰেষ্ঠ বিদুষী আৰু শ্ৰেষ্ঠ ব্ৰহ্মবাদিনী বুলি গাৰ্গীৰ সন্মান আছিল। প্ৰচুৰ জ্ঞানৰ অধিকাৰ ব্ৰহ্মবিদ যাজ্ঞবল্ক্য মুনিয়েও গাৰ্গীৰ ওচৰত ব্ৰহ্ম সম্বন্ধে তৰ্ক আৰু প্ৰশ্নত হাৰ মানিবলগীয়া হৈছিল

মৈত্ৰেয়ীঃ- এওঁ হ'ল মৈত্ৰেয় মুনিৰ কন্যা আৰু ব্ৰহ্মবিদ যাজ্ঞবল্ক্য ঋষিৰ জ্যেষ্ঠ পত্নী। ঋষি যাজ্ঞবল্ক্যই গৃহাশ্ৰম ত্যাগ কৰি সন্যাস আশ্ৰম গ্ৰহণ কৰিবলৈ ওলাই তেওঁৰ সম্পত্তিবোৰ দুইপত্নী মৈত্ৰেয়ী আৰু কাত্যায়নীক ভগাই দিবলৈ ওলোৱাত সেই সম্পত্তিবোৰৰ অসাৰ্ততা সম্পৰ্কে মৈত্ৰেয়ীয়ে কৈ আত্মসুখ কেনে, ইত্যাদি কথাৰ উত্তৰ স্বামী যাজ্ঞবল্ক্যৰ পৰা লাভ কৰিছিল। প্ৰাচীন ভাৰতৰ নাৰী যে কিমান চৰম জ্ঞানৰ অধিকাৰিণী হৈছিল তাৰ শ্ৰেষ্ঠ উদাহৰণ মৈত্ৰেয়ী  

 

 

(গ) মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্ৰথম পদক্ষেপ কি আছিল?

উত্তৰঃ- মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্ৰথম পদক্ষেপ আছিল খাদী উদ্যোগ । 



(ঘ) মহাত্মা গান্ধীয়ে কাৰ কাৰ সহায়ত সৱৰমতী আশ্ৰমত উৎপাদনৰ পাতনি মেলিছিল? 

উত্তৰঃ- মহাত্মা গান্ধীয়ে গংগা বেন মজুমদাৰ নামৰ এগৰাকী বিধৱা মহিলাৰ দ্বাৰা গুজৰাটৰ সৱৰমতী আশ্ৰমত খাদী কাপোৰ উৎপাদনৰ পাতনি মেলিছিল



৪। নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহৰ নাম লিখা। তাৰে এখন আঁচনিৰ বিষয়ে বহলাই লিখা

উত্তৰঃ- নাৰী সৱলীকৰণৰ বিভিন্ন আচঁনিসমূহৰ নাম হ’ল ‘উত্তৰ-পূৱ উন্নয়ন আৰু বিত্তীয় নিগম,’ কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ ‘ৰাষ্ট্ৰীয় মহিলা আয়োগ’ আদিয়ে প্ৰধান। এই সংস্থাসমূহে নাৰীৰ শিক্ষা, বৃত্তিমূলক প্ৰশিক্ষণ, আৰ্থ-সামাজিক উন্নয়নৰ আঁচনি আৰু নাৰীৰ অধিকাৰৰ প্ৰতি চকু ৰাখে। ‘ইন্দিৰা মহিলা যোজনা’ই জিলা আৰু নিম্ন পৰ্যায়ৰ গোটসমূহক শক্তিপ্ৰদান কৰি জীৱন্ত কৰি তুলিছে। এই যোজনাই মহিলাসকলক চৰকাৰে আগবঢ়োৱা ঋণ আৰু অন্যান্য সা-সুবিধাসমূহ গ্ৰহণ কৰি সেইবোৰৰ উপযুক্ত ব্যৱহাৰৰ বাবে পৰামৰ্শ আগবঢ়ায় ।  

 

 

৫। তলৰ শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ আৰু অভিধানৰ পৰা বিচাৰি উলিয়াই লিখা। 

উত্তৰঃ-

বিপণি    দোকান, বজাৰ 

ক্ৰেতা    কিনোতা 

সুপ্ত    লুকাই থকা

 

অফুৰন্ত    যাৰ শেষ নাই

 

টনকিয়াল    আৰ্থিকভাৱে সৱল 

 

সমমৰ্যাদা    সমান অধিকাৰ 

প্ৰদৰ্শন    দেখুওৱা কাৰ্য 

 

স্বাৱলম্বী    স্ব-নিৰ্ভৰশীল 

গঠনাত্মক    গঠনমূলক

পদমৰ্যাদা    বিষয় ভাৰ গৌৰৱ

পদক্ষেপ    ব্যৱস্থা গ্ৰহণ কৰা

আন্তৰ্জাতিক    বহু জাতিৰ মাজত থকা, সকলো ৰাষ্ট্ৰৰ মাজত থকা



৬। "অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে"এই কথাষাৰ কোনে কেতিয়া আৰু কিয় কৈছিল?

উত্তৰঃ- "অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে" এই কথাষাৰ মহাত্মা গান্ধীয়ে এবাৰ অসমলৈ আহোঁতে অসমীয়া শিপিনীয়ে বোৱা কাপোৰ দেখি স্তম্ভিত হৈ মন্তব্য কৰিছিল



৭। বুজাই কোৱা আৰু লিখা। 

(ক) আত্মসহায়ক গোট আৰু ইয়াৰ কাম-কাজ। 

উত্তৰঃ- দুখীয়া শ্ৰেণীৰ ৰাইজৰ দ্বাৰা স্বেচ্ছামূলকভাৱে গঠিত এটি গোট। এই গোটৰ সদস্য সকলৰ আৰ্থিক অৱস্থা একে পৰ্যায়ৰ হয়। তেওঁলোকৰ মাজত মিলা-প্ৰীতি, সদ্ভাৱ থাকিব লাগে। গোটবোৰ প্ৰতিজন সদস্যই উপাৰ্জনৰ ৰাহি ধন সাপ্তাহিক বা পষেকীয়া বা মাহেকীয়া কিষ্টিত জমা কৰি এটা সমূহীয়া পূঁজি গঠন কৰে। প্ৰয়োজন অনুসৰি অভাৱি সদস্য লৈ এই সমূহীয়া পুঁজিৰ পৰা ঋণ দিয়ে। এই ঋণৰ বাবে গোটটোৱে এটা নিৰ্দিষ্ট হাৰত সূত হয়। এই আত্ম সহায়ক গোটৰ মূল উদ্দেশ্য হ'ল নিয়মীয়াকৈ সঞ্চয় কৰা, সঞ্চয় পুঁজিৰ পৰা ঋণ দিয়া, গোটটো পৈণত হৈ উঠিলে বেংকৰ লগত সংযোগ স্থাপন কৰি ঋণ লোৱাৰ ব্যৱস্থা কৰা। 



(খ) নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহ আৰু ইয়াৰ কাম। 

উত্তৰঃ- নাৰী সবলীকৰণৰ বিভিন্ন আচঁনিসমূহ হ’ল- 

উত্তৰ-পূৱ উন্নয়ন আৰু বিত্তীয় নিগম,’কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ ‘ৰাষ্ট্ৰীয় মহিলা আয়োগ’ আদিয়ে প্ৰধান। এই সংস্থাসমূহে নাৰীৰ শিক্ষা, বৃত্তিমূলক প্ৰশিক্ষণ, আৰ্থ-সামাজিক উন্নয়নৰ আঁচনি আৰু নাৰীৰ অধিকাৰৰ প্ৰতি চকু ৰাখে। ‘ইন্দিৰা মহিলা যোজনা’ই জিলা আৰু নিম্ন পৰ্যায়ৰ গোটসমূহক শক্তিপ্ৰদান কৰি জীৱন্ত কৰি তুলিছে। এই যোজনাই মহিলাসকলক চৰকাৰে আগবঢ়োৱা ঋণ আৰু অন্যান্য সা-সুবিধাসমূহ গ্ৰহণ কৰি সেইবোৰৰ উপযুক্ত ব্যৱহাৰৰ বাবে পৰামৰ্শ আগবঢ়ায়

 

(গ) কি কি কাম কৰি মহিলাসকল স্বাৱলম্বী হ'ব পাৰে

উত্তৰঃ- মহিলাসকলে বিভিন্ন ধৰণৰ কুটিৰ শিল্পৰ জৰিয়তে স্বাৱলম্বী হ'ব পাৰে। নিজ হাতেৰে বনুৱা বস্তু, নিজ ঘৰতে উদ্যোগ প্ৰতিষ্ঠা কৰিও স্বাৱলম্বন হ'ব পাৰে । 



ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)

৮। অৰ্থৰ পাৰ্থক্য দেখুৱাই বাক্য ৰচনা কৰা। 

উত্তৰঃ-

নাৰী (মহিলাঃ- আজিৰ নাৰী সকল সকলো দিশতে আগবঢ়া।  

নাড়ী (নাড়ী ডুৰিঃ- নাটকখন চাই হাঁহিত পেটৰ নাড়ী ডাল ডাল হ'

আচল (প্ৰকৃতঃ- আচল কথাটো এতিয়াহে  পোহৰলৈ আহিল। 

আঁচল (চাদৰৰ আগ)ঃ- তাইৰ চাদৰখনৰ আঁচলটো বৰ ধুনীয়া 

লক্ষ (লাখ)ঃ- মিটিংখনত লক্ষ লক্ষ মানুহ উপস্থিত আছিল

 

লক্ষ্য (উদ্দেশ্য)ঃ- জীৱনত প্ৰত্যেকৰে এটা লক্ষ্য থকা উচিত। 

আচাৰ (সামূহিক আচৰণ)ঃ- সমাজৰ প্ৰচলিত আচাৰ ৰীতিসমূহ সকলোৱে মানি চলে

আছাৰ (বস্তুৰ আঘাতত উফৰি দূৰত পৰা)ঃ - মানুহজন আছাৰ খাই পৰিল

তাত (সৌ খিনিত)ঃ- বস্তুটো তাতে আছে।

তাঁত (তাঁত শাল)ঃ- অসমীয়া শিপিনীয়ে তাঁত শালত সপোন ৰচে

ফাঁকি (মিছা)ঃ- ইমান দিনে সি আমাক ফাঁকি দি আছিল

ফাকি (পদ্যৰ এক চৰণ)ঃ- এই কবিতা ফাকি শুনিবলৈ বৰ শুৱলা



৯। তলৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ পাঠটোৰ পৰা বিচাৰি উলিয়াই লিখা। 

উত্তৰঃ-

কঠিন    কোমল

নবীন    প্ৰবীন

পৰনিৰ্ভৰশীল    আত্মনিৰ্ভৰশীল

দুৰ্লভ    সুলভ

খৰগতি    লেহেমীয়া

পূৰ্ণিমা    অমাৱস্যা

অনধিকাৰ    অধিকাৰ

নিন্দা    প্ৰশংসা

অনাৱশ্যক    আৱশ্যক

জাগ্ৰত    সুপ্ত

ধ্বংস    সৃষ্টি

অসম্ভৱ    সম্ভৱ



১০। এটা শব্দত প্ৰকাশ কৰা

 

(ক) যি আনৰ ওপৰত নিৰ্ভৰ কৰে  পৰনিৰ্ভৰশীল

(খ) যি নিজৰ ওপৰত নিৰ্ভৰ কৰি চলে  স্বাৱলম্বী

(গ) স্থানীয়ভাৱে পোৱা সম্পদ আৰু সাধাৰণ আহিলাৰ সহায়ত ঘৰে ঘৰে গঢ়ি উঠা শিল্প  কুটিৰ শিল্প

 

(ঘ) যি আনক হিংসা নকৰে  অহিংসুক

(ঙ) যি নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰে  স্বাৰ্থপৰ

(চ) যিজনে নিজৰ ওপৰত বিশ্বাস ৰাখে  আত্মবিশ্বাসী



১১। সন্ধি ভাঙা আৰু গঠন কৰা

উত্তৰঃ- (ক) স্ব    +    অধীন    =    স্বাধীন

 

উৎ +    নতি       =     উন্নতি

 

উৎ +   মত         =     উন্মত্ত

সম্ +   কৃত        =     সংস্কৃত

 

জীৱ +  অন্ত       =     জীৱন্ত

 

স্ব     +  অৱলম্বন =    স্বাৱলম্বন

উৎ  +  ঘাটন      =      উৎঘাটন

 

উৎ  +   চাৰন      =     উচ্চাৰণ



 

(খ) 

পৰাধীন     =    পৰ         +      অধীন

 

উন্নয়ন       =     উৎ         +       নয়ন

সংগীত      =     সম্        +       গীত

মহাত্মা       =     মহা       +       আত্মা

যথেষ্ট         =      যথা    +       ইষ্ট

অতীত       =     অতি    +       ইত

যথোচিত   =     যথা      +        উচিত

বিদ্যোৎসাহী =   বিদ্যা    +       উৎসাহী



১২। তলৰ শব্দবিলাক বহুবচনলৈ পৰিৱৰ্তন কৰা । 

উত্তৰঃ-

শিক্ষক     -     শিক্ষকসকল

ছাত্ৰ         -     ছাত্ৰসকল

মানুহ       -     মানুহবোৰ

গৰু         -      গৰুবোৰ

গ্ৰন্থ         -      গ্ৰন্থসমূহ

গুৰু        -     গুৰুবৃন্দ

পৰ্বত       -     পৰ্বতবিলাক

মহিলা     -     মহিলাসকল



১৩। তলত দিয়া যুক্তাক্ষৰকেইটাৰে অৰ্থ প্ৰকাশক শব্দ লিখা

উত্তৰঃ-

চ্ছ     =     বিচ্ছেদ

স্তু      =     বস্তু

গ্ৰ      =     উগ্ৰ

ণ্ঠ      =     কণ্ঠ

ন্থ     =     গ্ৰন্থ

দ্ধ     =     উদ্ধাৰ

ণ্ট    =     কণ্টক

ঞ্চ    =     বেঞ্চ



১৪। বাক্য ৰচনা কৰা

উত্তৰঃ-

দূৰ-দূৰণিঃ-  দূৰ-দূৰণিলৈকে কোনো গাওঁৰ চিন দেখা নাইচোন

 

সা-সুবিধাঃ- বৰ্তমান অসম চৰকাৰে দুখীয়া লোকসকলক বিভিন্ন ধৰণৰ সা-সুবিধা প্ৰদান কৰিছে

বিধে বিধেঃ- আমাৰ মায়ে বিহুত বিধে বিধে লাৰু-পিঠা বনাই

চুকে-কোণেঃ- আজি কালি অসম চৰকাৰে চুকে-কোণে থকা বাট-পথবোৰতো যাতায়াতৰ সু-ব্য়ৱস্থা গঢ়ি তুলিছে

 

শিপিনীঃ- অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচিব পাৰে। 

 

আত্মবিশ্বাসঃ পঢ়া-শুনাৰ ক্ষেত্ৰত মই নিজকে যে আগুৱাই নিব পাৰিম তাৰ পতি মোৰ আত্মবিশ্বাস আছে।  

 

লোকে-লোকাৰণ্যঃ- নৰেন্দ্ৰ মোদীৰ আগমনত খানাপাৰা ফিল্ডখন লোকে-লোকাৰণ্য হৈ পৰিছিল

 

দল্দোপ্-হেন্দোল্দোপ্ঃ- বিয়া ঘৰৰ মানুহে গোটেইখন দল্দোপ্-হেন্দোল্দোপ্ লগাইছে



১৫। লিংগ নিৰ্ণয় কৰা

উত্তৰঃ-

নাৰী         -     স্ত্ৰীলিংগ

বুঢ়ী          -     স্ত্ৰীলিংগ

দাদা         -    পুংলিংগ

যুৱক       -     পুংলিংগ

ছোৱালী  -      স্ত্ৰীলিংগ

দেউতা   -     পুংলিংগ

পুৰুষ     -     পুংলিংগ

ডেকা     -     পুংলিংগ

আমৈ    -      স্ত্ৰীলিংগ



১৬। তলৰ উপসৰ্গকেইটা লগ লগাই একোটাকৈ শব্দ গঠন কৰা

উত্তৰঃ-

প্ৰ        -      প্ৰণাম

পৰা     -     পৰামৰ্শ

অপ    -     অপমান

উপ     -      উপকাৰ

অতি   -      অতিশয়

প্ৰতি    -      প্ৰতিবাদ



১৮। ভাব বহলাই লিখা

(ক) ৰাইজে নখ জোকাৰিলে নৈ বয়

উত্তৰঃ- অকলে কৰিব নোৱাৰা কাম সকলোৱে লগ লাগি কৰিলে সেয়াও সম্ভৱ হৈ উঠেৰাইজৰ নখৰ পানী অলপ অলপকৈ পৰি নৈ বয় যোৱাৰ দৰে অসম্ভৱ কামো সম্ভৱ হৈ উঠে। গতিকে আমি অকলে কৰিব নোৱাৰা কাম সকলোৱে সন্মিলিত প্ৰচেষ্টাৰে কৰিলে সহজতে কৰিব পাৰি



(খ) মন কৰিলে চন, বাকৰি মাটিতে ধন

উত্তৰঃ- মানুহে মন কৰিলে বাকৰি মাটিতো উৎপাদন কৰি ধন উপাৰ্জন কৰিব পাৰে। ইয়াৰ বাবে প্ৰয়োজন হয় কঠোৰ পৰিশ্ৰম, সাধনা আৰু একাগ্ৰতা। কষ্ট কৰিলে বাকৰুৱা মাটিতো শস্য উৎপাদন হ'ব আৰু তাৰ পৰা লাভৱানো হ'ব পৰা যায়

        ঠিক তেনেকৈ কষ্ট কৰি কোনো কাম কৰিলে আমি সমস্য়াৰ মাজতো সফল হ' পাৰিম। পঢ়াৰ অদম্য হেপাহ থাকিলে সকলোৱে পৰীক্ষাত ভাল ফলাফল কৰিব পাৰে। গতিকে আমি বাধা আওকান কৰি নিজৰ কৰ্ম কৰি যোৱা উচিত। 

 

 

Our website uses cookies to enhance your experience. Learn More
Accept !