যুগমীয়া শৰাইঘাট
২। উত্তৰ দিয়া ।
(ক) অতীতৰ
শৰাইঘাটৰ সমস্যাবোৰ কি আছিল?
উত্তৰঃ- অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক ।
(খ) বর্তমান শৰাইঘাটৰ সমস্যাবোৰ কি?
উত্তৰঃ- বৰ্তমানৰ শৰাইঘাটৰ সমস্যাবোৰ হ'ল সামাজিক, অৰ্থনৈতিক আৰু
ঐতিহ্যিক।
(গ) ৰামসিংহ কোন আছিল?
উত্তৰঃ- ৰামসিংহ ৰাজপুতৰ ৰজা আছিল। তেওঁক ঔৰংগজেৱ বাদছাহে অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল ।
(ঘ) তেওঁ কিয়
অসমলৈ আহিছিল?
উত্তৰঃ- তেওঁ অসমখন আক্ৰমণ কৰি মোগলৰ
দখললৈ আনিবৰ বাবে অসমলৈ আহিছিল ।
(ঙ) শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল?
উত্তৰঃ- শৰাইঘাটৰ ৰণ মোগল আৰু আহোমৰ মাজত হৈছিল ।
(চ) লাচিতৰ অধীনত
কিমান সৈন্য আছিল?
উত্তৰঃ- লাচিতৰ অধীনত এক লক্ষ্য সৈন্য
আছিল ।
(ছ) মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘটীয়া সেনাপতিজনৰ নাম কি?
উত্তৰঃ- মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘটীয়া সেনাপতিজনৰ নাম আছিল কোৱামৃদ্ধা হাজৰিকা ।
(জ) মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত লাচিত বৰফুকনে কাক লোৱা লগাই
থৈছিল?
উত্তৰঃ- মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত লাচিত বৰফুকনে ৰামচৰণক লোৱা লগাই
থৈছিল ।
(ঝ) ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত কি বুজাবলৈ গৈছিল?
উত্তৰঃ- ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত মোগল সৈন্যৰ বিশাল সংখ্যাৰ কথা বুজাবলৈ গৈছিল ।
(ঞ) লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে
ৰামসিংহলৈ কি পঠিয়াইছিল ?
উত্তৰঃ- লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ
উদ্দেশ্যে ৰামসিংহলৈ এচুঙা বালি পঠাইছিল ।
৪। পাঠত থকাৰ দৰে সংলাপবোৰ লিখা ।
(ক) কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্রহ্মপুত্র পাৰ হৈ গুৱাহাটীৰ গড় ল’বলৈ চেষ্টা কৰা সময়ত জ্বৰৰ গাৰে লাচিত বৰফুকনে অসমীয়া ৰণুৱাসকলক কি কৈছিল?
উত্তৰঃ- কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল’বলৈ চেষ্টা
কৰিলে। লাচিতৰ তেতিয়া ভীষণ জ্বৰ। জ্বৰৰ গাৰে তেওঁ নাও মেলি দিলে আৰু চিঞৰি ক’লে, “অসমীয়া ৰণুৱাসকল, মই যুঁজিহে মৰিম।
চিলা পৰ্বতৰ ওপৰত এচপৰা মাটি কিনি থৈছোঁ, তাতে মোৰ শটো থ’বা,
নাইবা মোক বঙালে ধৰি লৈ যাওক, তোমালোক সুখেৰে
ঘৰলৈ উভতি যোবা।” লাচিতৰ এই মৃত্যুপণ শুনি অসমীয়াৰ গালৈ তেজ আহিল। শৰাইঘাটৰ যুঁজত
ৰামসিংহ পৰাজিত হ’ল ।
(খ) অসম এৰি যোৱা সময়ত ৰামসিংহই অসমক প্রশংসা কৰি কি কৈছিল?
উত্তৰঃ- অসম এৰি যোৱা সময়ত ৰামসিংহই অসমক প্ৰশংসা কৰি কৈছিল 一 “ধন্য ৰজা, ধন্য মন্ত্ৰী, ধন্য সেনাপতি, ধন্য সেনা। অকল এজন মানুহে সকলো সৈন্য চলাই, ই কি আচৰিত। মই হেন ৰামসিংহ নিজে যুদ্ধৰ সেনাপতি হৈও একোতে সুবিধা নাপাওঁ।”
(গ) কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল-সিফাল কৰে বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা গোঁসানীলৈ সেৱা কৰি কি ঘোষণা কৰিছিল?
উত্তৰঃ- কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল সিফাল কৰে বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা গোসাঁনীলৈ সেৱা কৰি ঘোষণা কৰিছিল 一 “যুদ্ধৰ কামত পাছ হুহঁকিলে মই এই হেংদাঙেৰে তাক দুডোখৰ কৰি কাটিম, পাছতহে স্বৰ্গদেৱক জনাম।”
(ঘ) বৰ আই-কুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেউক কি উপদেশ
দিছিল?
উত্তৰঃ- বৰ আই-কুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেউক কৈছিল 一 “বৰফুকনৰ কথা মানি চলিলেহে যুদ্ধত জয়লাভ হ'ব। ফুকনৰ কথা নামানিলে আমাৰ পৰাজয় হোৱাটো নিশ্চিত।”
৫। বহলাই লিখা ।
(ক) যুদ্ধত জয়ী হ’বলৈ যুদ্ধৰ আহিলাৰ বাহিৰে আৰু কিহৰ প্রয়োজন আছে লিখা ।
উত্তৰঃ- যুদ্ধত জয় হ'বলৈ যুদ্ধৰ আহিলাৰ বাহিৰেও বেছি প্ৰয়োজন সৈনিকবৃন্দ আৰু সমগ্ৰ জাতিৰ স্বাৰ্থহীন মনোবৃত্তি, কৰ্মনিষ্ঠতা আৰু যুদ্ধ জয়ৰ কাৰণে উত্ৰাৱল অথচ নিশ্চিত অভিলাষ ।
(খ) সেনাপতি কোৱামৃদ্ধা হাজৰিকাই কি কৌশলেৰে মোগল সৈন্যৰ মাজৰ পৰা সাৰি আহিবলৈ সক্ষম হৈছিল বর্ণনা কৰা ।
উত্তৰঃ- সেনাপতি কোৱামৃদ্ধা হাজৰিকাক মোগলে নাওঁৰে সৈতে ধৰি আনন্দত মতলীয়া হৈ তেওঁক নাচিবলৈ ক'লে। চাৰিওফালে মোগলৰ নাওঁ, মাজতে কোৱামৃদ্ধাৰ নাওঁ। হাজৰিকাই ক'লে, “মই নাচিম ঢোল-মৃদংগ-খঞ্জৰী নাই, তোমালোকে চাপৰি মাৰা।” নাৱৰ বৈঠাৰ পৰা হাত এৰি মোগল সৈন্যই চাপৰি মাৰিবলৈ ধৰিলে। কোৱাই নিজৰ নাওঁ-বৈঠাক টিপ দিলে নাৱৰ মূৰ অসমীয়া নাৱৰ পোনে টোঁৱাবলৈ। নাচোনৰ ছেও দেখি বঙালৰ সৈন্য মচগুল হ'ল। এই ছেগতে কোৱাৰ নাওঁখন সাউৎকৰে আঁতৰি গ'ল। মোগলে বৈঠা মাৰি নাওঁঁ ভিৰাই তেওঁক খেদিবলৈ যো-জা কৰোঁতেই অসমীয়াৰ নাওঁ নিজৰ ঠাই পালেগৈ ।
(গ) শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে থকা কথাবোৰ লিখা।
উত্তৰঃ- শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে আছিল সুচিন্তিত আঁচনি, বিচক্ষণ সংগঠন, শৃংখলামূলক আয়োজন, সুদৃঢ় নিয়মানুবৰ্তিতা, বিপদত ধৈৰ্য্য, সংকট নিৰ্ভীকতা, আমূলে দুৰ্নীতি দমন, দেশৰ মংগল কাৰ্যত সম্পূৰ্ণ আত্মবিলোপ আৰু স্বাৰ্থত্যাগ আৰু আত্মকন্দলৰূপী বৃক্ষৰ গুৰিয়ে-শিপায়ে ঠালে-ঠেঙুলিয়ে উৎপাদন ।
৬। প্রসংগ সংগতি দর্শাই বুজাই লিখা।
(ক) "অগ্নি, সর্প আৰু প্রলােভন,
এই তিনি একে ধৰণেৰে বিষাক্ত।"
উত্তৰঃ- ‘অগ্নি, সৰ্প আৰু প্ৰলোভন, এই তিনি একেধৰণেৰে বিষাক্ত’। উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি ‘অংকুৰণ’ (অষ্টম ভাগৰ অন্তৰ্গত) ‘সূৰ্য কুমাৰ ভূঞাৰ দ্বাৰা ৰচিত’ ‘যুগমীয়া শৰাইঘাট’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে’।
অগ্নি, সর্প আৰু প্রলোভন, এই তিনি একে ধবণেবে বিষাক্ত। ফিৰিঙতিৰপৰা মাগুর-দাহ হ’ব পাবে। ফেটাসাপ আক ছয় আঙুলিয়া খণ্ডীয়া-সাপ উভয়ে প্রাণনাশ কৰিব পাবে। প্রলোভন সর্গ এব্যব যুদ্ধ শিবিৰত সোমালে, সর্বনাশ সংঘটিত হ’ব । অসমীয়া কটকী বামচৰণ আক নিমক ৰামসিংহই বাজপুতনাৰ ফালৰ কাঠৰ চৰাইৰ নাচ দেখুৱাইছিল। কটকীৰ মনত লোভ জগাবলৈ বামসিংহই সেইটো কৰাইছিল ।
(খ) "বাৰীৰ ভিতৰৰ পুখুৰী সিচোঁতেও আঠোটা-দহোটা মানুহক শিঙিয়ে বিন্ধে।"
উত্তৰঃ- উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি ‘অংকুৰণ’ অষ্টম ভাগ ৰ অন্তৰ্গত সূৰ্য কুমাৰ ভূঞাৰ দ্বাৰা ৰচিত ‘যুগমীয়া শৰাইঘাট’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে ।
দেশৰক্ষাৰ বাবে কৰা যুদ্ধত যে কিছু লোকৰ প্ৰাণহানি হ’বই সেই সংক্ৰান্ততে উক্ত বাক্যশাৰী উল্লেখ কৰা হৈছে ।
আলাবৈৰ ৰণত একেদিনে দহ হাজাৰ অসমীয়া সৈন্য নিহত হোৱাত লাচিত বৰফুকনে বৰ বেজাৰ পালে। স্বৰ্গদেৱে বিবেচনা নকৰাকৈ ৰণ কৰিবলৈ আদেশ দিয়াৰ কাৰণেই অসংখ্য সৈন্য নিহত হবলগীয়া হৈছিল । লাচিত বৰফুকনে নিজৰ একোজন সৈন্যক একোতা হাতীৰ সমান বুলি ভাৱে আৰু তেনে দহ হাজাৰজন সৈন্য হেৰুৱাব লগা হোৱাত তেওঁ এই বতৰা স্বৰ্গদেউলৈ জনাবলৈ বিচাৰিলে। কিন্তু সু বিবেচক মন্ত্ৰী আতন বুঢ়াগোহাঁই ডাঙৰীয়াই লাচিতক হাক দি কৈছিল যে বাৰীৰ ভিতৰৰ পুখুৰী সিঁচোতেও আঠোটা দহোটা মানুহক শিঙিয়ে বিন্ধে। এইখন যুদ্ধহে হৈছে গতিকে কিছু লোকৰ মৃত্যু হোৱাটো স্বাভাৱিক। এনেদৰে সু-বিবেচনাৰে কাৰ্যপন্থা নিৰূপণ আৰু ক্ষীপ্ৰভাৱে কাৰ্যপন্থা গ্ৰহণ আৰু সম্পাদন এই দুইৰ সমাৱেশ শৰাইঘাটৰ ৰণত অসমীয়াৰ কাৰণে আৱশ্যক আছিল আৰু আগলৈকে আৱশ্যক হ’ব ।
(গ) "সেয়ে শৰাইঘাট নাই, কিন্তু শৰাইঘাট আছে।"
উত্তৰঃ- "সেয়ে শৰাইঘাট নাই, কিন্তু শৰাইঘাট আছে।" উক্ত বাক্যশাৰী আমাৰ পাঠৰ অন্তৰ্গত "সূৰ্য কুমাৰ ভূঞা"ৰ দ্বাৰা ৰচিত "যুগমীয়া শৰাইঘাট" নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে ।
এতিয়া লাচিতৰ দিনৰ শৰাইঘাট নাই, কিন্তু আন এখন শৰাইঘাট হ'লে আছে। এইখন শৰাইঘাটত সংঘবদ্ধ হৈ সদৌ অসমীয়া দেশ ৰক্ষাৰ মন্ত্ৰত একমুখী হোৱাৰ আৱশ্যকতা আছে। অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক, এতিয়াৰ সমস্যাবোৰ হ'ল সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু ঐতিহাসিক। অসমৰ সমস্যাৰ অন্ত নাই আৰু অন্ত নপৰে । এক শ্ৰেণীৰ সমস্যাৰ সমাধান হ'লে আন শ্ৰেণীৰ সমস্যাই মূৰ দাঙি উঠিব।এয়ে হৈছে অসমৰ জাতীয় জীৱনৰ চিৰন্তন পটভূমি। এই সমস্যাবোৰৰ ভালদৰে সমাধান নহ'লে অসমৰ অস্তিত্ব লৈ টনাটনি হ'ব। সু-বিবেচনাৰে কাৰ্যপন্থা নিৰূপণ আৰু ক্ষিপ্ৰভাৱে কাৰ্যপন্থা গ্ৰহণ আৰু সম্পাদন, এই দুইৰ সমাৱেশ শৰাইঘাটৰ ৰণত অসমীয়াৰ কাৰণে আৱশ্যক আছিল আৰু আগলৈকে আৱশ্যক হ'ব। সেয়ে শৰাইঘাট নাই, কিন্তু শৰাইঘাট আছে।
(ঘ) "আফুগুটি পঠিয়াইছা পটাত পিহিলে পানী হ’ব।"
উত্তৰঃ- "আফুগুটি পঠিয়াইছা, পটাত পিহিলে পানী হব।" উক্ত বাক্যশাৰী "সূৰ্য কুমাৰ ভূঞা"ৰ দ্বাৰা ৰচিত "যুগমীয়া শৰাইঘাট" নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে ।
লাচিত বৰফুকনলৈ এটোপোলা আফুগুটি পঠিয়াই দিছিল। তেতিয়া লাচিত বৰফুকনেও ৰামসিংহলৈ এচুঙা বালি পঠিয়াই কৈ পঠিয়াইছিল যে, তোমালোকে আফুগুটি পঠিয়াইছা, যি পটাত পিহিলে পানী হৈ যাব । কিন্তু আমাৰ সৈন্যৰ সংখ্যাও সৰহ আৰু যাৰ মনোবলো বালিৰ নিচিনা টান । অৰ্থাৎ, সহজে গুৰি কৰিব নোৱাৰি। এনেদৰে বীৰ লাচিতে ৰামসিংহক প্ৰত্যুত্তৰ দিছিল ।
(ঙ) "এই সমস্যাবোৰৰ ভালৰূপে সমাধান নহ'লে অসমৰ অস্তিত্ব লৈ টনাটনি হ’ব।"
উত্তৰঃ- উক্ত বাক্যশাৰী আমাৰ অসমীয়া পাঠ্যপুথি "অংকুৰণ" (অষ্টম ভাগ)ৰ "যুগমীয়া শৰাইঘাট" নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। পাঠটিৰ লেখক হ'ল "সূৰ্য কুমাৰ ভূঞা"।
বছৰি বানপানীৰ দুৰ্যোগ, খৰাং বতৰৰ দুৰ্যোগ, মাৰি মৰক, ভূঁইকপ, ওচৰ চুবুৰীয়া, জাতিবৃন্দৰ লগত লেন-দেন, বিশ্ব জগতৰ লগত যোগাযোগ আৰু চলাচল ব্যৱস্থা, মানুহৰ কু-প্ৰবৃত্তি দমনৰ আৱশ্যকতা, শিক্ষা বিষয়ক বিবিধ প্ৰশ্ন আৰু শাসন কাৰ্যৰ সুচাৰু সম্পাদন, এনে ধৰণৰ সমস্যা চিৰকাল অসমৰ গাত লম্ভি আছে আৰু লম্ভি থাকিব । এক শ্ৰেণীৰ সমস্যাৰ সমাধান হ'লে আন শ্ৰেণীৰ সমস্যাই মূৰ দাঙি উঠিব । এয়ে হৈছে অসমৰ জাতীয় জীৱনৰ চিৰন্তন পটভূমি । এই সমস্যাবোৰ ভালদৰে সমাধান নহ'লে অসমৰ অস্তিত্ব লৈ টনাটনি হ'ব । লাচিত বৰফুকন মহাবীৰ আৰু তেওঁৰ লগৰ মহাৰথীসকলে যি মনোবৃত্তি আৰু একাগ্ৰ দেশ প্ৰেমেৰে সেই কালৰ সমস্যা সমাধান কৰিছিল, সেই মনোবৃত্তি আৰু একাগ্ৰ দেশ প্ৰেম আমাক প্ৰতি মুহূৰ্ততে আৱশ্যক ।
খ — ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)
৭। তলত দিয়া শব্দবোৰৰ বৰ্ণ বিন্যাস কৰা আৰু কাৰণ দৰ্শোৱা।
(ক) কিয় মূৰ্দ্ধন্য ণ হৈছে
(খ) কিয় মূৰ্দ্ধন্য ণ নহ'ল
পৰিণাম, পৰিধান, পৰিমাণ, প্রণাম, প্রার্থনা, বিশেষণ, কৃপণ, নিৰ্ণয়, পাষাণ, শ্ৰৱণ, তৰানি, নৰানি, ফেৰেঙনি, ৰামায়ণ ।
উত্তৰঃ- ঋ, ৰ আৰু ষ- ৰ পাছত থকা দন্ত্য ন-বোৰ মূৰ্দ্ধন্য ণ হয় । আনহাতে ঋ, ৰ, ষ আৰু ন ৰ মাজত থকা কোনো স্বৰবৰ্ণ বা ক আৰু প বৰ্গৰ কোনো বৰ্ণ বা ষ, ৱ, হ থাকিলেই ন মূৰ্দ্ধন্য হয় ।
এই ণত্ববিধিৰ নিয়ম অনুসাৰেই পৰিণাম, পৰিমাণ, প্ৰণাম, বিশেষণ, কৃপণ, নিৰ্ণয়, পাষাণ, শ্ৰৱণ, ৰামায়ণ আদি শব্দৰ 'ন' মূৰ্ধন্য 'ণ' হৈছে ।
উপৰোক্ত নিয়ম কেৱল সংস্কৃতমূলীয় শব্দতহে খাটে আৰু ওপৰত উল্লেখিত শব্দবোৰ সংস্কৃতমূলীয় শব্দ কাৰণেই সেই নিয়মত পূৰ কৰা হৈছে। কিন্তু অসমীয়া শব্দত এই নিয়ম নাখাটে কাৰণেই পৰিধান, নৰানি আৰু ফেৰেঙনি এই শব্দকেইটাৰ মূৰ্দ্ধন্য 'ণ' নহ'ল ।
৮। তলৰ শব্দবোৰ উদাহৰণত দেখুওৱাৰ দৰে সন্ধি
ভাঙি কি সন্ধি হ'ব নাম লিখা ।
উত্তৰঃ-
পৰীক্ষা- পৰি + ঈক্ষা = স্বৰসন্ধি
দৈনিক- দিন +
ষ্ণিক্ = ব্যঞ্জনসন্ধি
নৰেন্দ্ৰ- নৰ + ইন্দ্ৰ =
স্বৰসন্ধি
উল্লেখ- উৎ + লেখ =
ব্যঞ্জনসন্ধি
সংযম- সম্ + যম =
ব্যঞ্জনসন্ধি
মহাৰ্ঘ- মহা + অৰ্ঘ = স্বৰসন্ধি
উজ্জ্বল- উৎ + জল =
ব্যঞ্জনসন্ধি
মুনিন্দ্ৰ-
মুনি +
ইন্দ্ৰ = স্বৰসন্ধি
ইত্যাদি- ইতি +
আদি = স্বৰসন্ধি
প্ৰত্যেক- প্ৰতি + এক =
স্বৰসন্ধি
মহাত্মা- মহান + আত্মা = স্বৰসন্ধি
নিশ্চয়- নিঃ +
চয় =
বিসৰ্গসন্ধি
সঞ্চয়- সম্ + চয় = ব্যঞ্জনসন্ধি
নয়ন- নে: + অন = স্বৰসন্ধি
উদ্ধাৰ- উৎ + ধাৰ = ব্যঞ্জনসন্ধি
সম্ৰাট- সম্ + ৰাট = ব্যঞ্জনসন্ধি
উন্নতি- উৎ + নতি =
ব্যঞ্জনসন্ধি
দুৰ্নীতি- দুঃ + নীতি
= বিসৰ্গসন্ধি
দেৱালয়- দেৱ + আলয় = স্বৰসন্ধি
হিমালয়- হিম + আলয় =
স্বৰসন্ধি
বিদ্যালয়- বিদ্যা + আলয় = স্বৰসন্ধি
ষড়ানন- ষট্ +
আনন =
স্বৰসন্ধি
সতীশ- সতী + ঈশ =
স্বৰসন্ধি
দুশ্চিন্তা- দুঃ + চিন্তা =
বিসৰ্গসন্ধি
শিৰচ্ছেদ- শিৰঃ + ছেদ = বিসৰ্গ
সন্ধি
জগন্নাথ- জগৎ + নাথ =
ব্যঞ্জন সন্ধি
উচ্ছৃংখল- উৎ + শৃংখল = ব্যঞ্জন
সন্ধি
আশাতীত- আশা + অতীত =
স্বৰসন্ধি
যথোচিত- যথা + উচিত = স্বৰসন্ধি
ৰামায়ণ- ৰাম + অয়ন = স্বৰসন্ধি
৯। তলত দিয়া বিশেষ্য পদবোৰৰ বিশেষণ ৰূপটো পাঠত আছে। বিচাৰি উলিয়াই লিখা।
উত্তৰঃ- বিশেষ্য ---- বিশেষণ
যুগ - যুগমীয়া
অসম - অসমীয়া
মাতাল - মাতলামি
যোগান - যোগনীয়া
শৰাইঘাট - শৰাইঘটীয়া
ইতিহাস - ঐতিহাসিক
সমৰ - সামৰিক
অৰ্থনীতি -
অৰ্থনৈতিক
ৰাজনীতি - ৰাজনৈতিক
সমাজ - সামাজিক
(ক) বিশেষ্য - - - বিশেষণ
গাঁও - গাঁৱলীয়া
নগৰ - নগৰীয়া
চহৰ - চহৰীয়া
পাহাৰ - পাহাৰীয়া
মিছা - মিছলীয়া
ঘৰ - ঘৰুৱা
ৰণ - ৰণুৱা
বন - বননি
খক - খকুৱা
পাম - পমুৱা
(খ) বিশেষণৰ পৰা বিশেষ্যলৈ নিয়া ।
বিশেষণ -
- - বিশেষ্য
সৰলতা
- সৰল
নম্ৰতা
-
নম্ৰ
ভদ্ৰতা
- ভদ্ৰ
সত্যতা
- সত্য
মিত্ৰতা
- মিত্ৰ
দুষ্টালি
- দুষ্ট
টেঙৰালি -
টেঙৰ
ধূৰ্তালি
- ধূৰ্ত
ধিতিঙালি -
ধিতিঙা
ভালৰি
- ভাল
১৪। শৰাইঘাটৰ দলঙৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰত থকা দুজন বীৰৰ প্ৰতিমূৰ্তি আছে। সেইবীৰ দুজন কোন কোন? তেওঁলোকৰ বীৰত্ব কাহিনী লিখা ।
উত্তৰঃ- শৰাইঘাট দলঙৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰত থকা বীৰৰ প্ৰতিমূৰ্তি দুটা হ'ল চিলাৰায় আৰু লাচিত বৰফুকন।
১৫। চমু উত্তৰ লিখা ।
(ক) 'চিলাৰায় দিৱস' কি তাৰিখে পালন কৰা হয়?
উত্তৰঃ- 'চিলাৰায় দিৱস' ৯ ফেব্ৰুৱাৰীত পালন কৰা হয়।
(খ) 'লাচিত দিৱস' কি তাৰিখে পালন কৰা হয়?
উত্তৰঃ- 'লাচিত দিৱস' ২৪ নৱেম্বৰত পালন কৰা হয়।
(গ) 'চুকাফা দিৱস' (অসম দিৱস) কেতিয়া পালন কৰা হয়?
উত্তৰঃ- 'চুকাফা দিৱস' ২ ডিচেম্বৰত পালন কৰা হয়।
১৭। চমুটোকা লিখা ।
(ক) স্বৰ্গদেউ চক্ৰধ্বজ সিংহঃ- জয়ধ্বজ সিংহৰ মৃত্যুৰ পিছত তেওঁৰ ভাতৃয়ে চক্ৰধ্বজ সিংহ নাম লৈ ১৬৬৩ চনত সিংহাসনত উঠে। চক্ৰধ্বজ সিংহ এগৰাকী দেশপ্ৰেমিক, সাহসী আৰু স্বাধীনচিতীয়া মনৰ লোক আছিল। জয়ধ্বজ সিংহৰ দিনত আহোম মোগলৰ কৰতীয়া হৈ পৰিছিল। কিন্তু চক্ৰধ্বজ সিংহৰ দিনত লাচিত বৰফুকনক আহোমৰ সেনাপতি পাতি মোগলৰ বিৰুদ্ধে অভিযান চলোৱাৰ নিৰ্দেশ দিয়ে। লাচিতে মোগলক পৰাভূত কৰি জয়দুৱাৰ, ইটাখুলি, পাণ্ডু, উত্তৰ গুৱাহাটী দখল কৰে যদিও ১৬৬৯ চনত আলাবৈ ৰণত মোগলৰ হাতত ১০০০০ আহোম সৈন্য নিহত হয়। এই কথাত শোকাভিভূত হৈ চক্ৰধ্বজ সিংহৰ মৃত্যু হয়।
(খ) লাচিত বৰফুকনঃ- লাচিত বৰফুকন আহোম ৰাজত্বকালৰ এজন অতি পৰাক্ৰমী সেনাপতি আছিল। তেওঁৰ পিতাকৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা। লাচিত বৰফুকনৰ দিনত মোগল আৰু আহোমৰ মাজত বিখ্যাত শৰাইঘাট ৰণ সংঘটিত হৈছিল। অসীম পৰাক্ৰমেৰে যুঁজি লাচিতে মোগলক হেৰুৱাই আহোমসকলক বিজয়ী কৰিছিল। এই যুদ্ধত বীৰ লাচিত বৰফুকনে মোগলক বাধা দিবলৈ আমিনগাঁৱত ৰাতিৰ ভিতৰতে এটা গড় নিৰ্মাণ কৰিবলৈ নিজ মোমায়েকক দায়িত্ব দিছিল। কিন্তু গড় বন্ধাৰ কামত গাফিলতি কৰাৰ কাৰণে লাচিতে 'দেশতকৈ মোমাই ডাঙৰ নহয়' বুলি মোমায়েকক কাটি দুচোৱা কৰিছিল। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে মোমাই কটা গড় মহাবীৰ লাচিতৰ দেশ প্ৰেমৰ নিদৰ্শন হৈ আজিও আছে ।
দেশপ্ৰেমৰ প্ৰতি দৃঢ় প্ৰতিজ্ঞ লাচিতে, আমিনগাঁৱত গড় নিৰ্মাণৰ দায়িত্ব নিজ মোমায়েকক দিয়াৰ পিছতো গাফিলতি দেখা যাওঁতে "দেশতকৈ মোমাই ডাঙৰ নহয়" বুলি তেওঁক কাটি দুচোৱা কৰিছিল। ব্ৰহ্মপুত্ৰৰ উত্তৰ পারে থকা মোমাই কটা গড় লাচিতৰ দেশপ্ৰেম আৰু ত্যাগৰ প্ৰমাণ হিচাপে আজিও অৱস্থিত।
(গ) ৰামসিংহঃ- ৰামসিংহ অম্বৰ ৰাজ্যৰ ৰজা আছিল। মোগল সম্ৰাট ঔৰংগজেৱৰ আদেশত তেওঁ অসম আক্ৰমণ কৰিবলৈ আহিছিল। ১৬৬৭ খ্ৰীষ্টাব্দত মোগল সম্ৰাট ঔৰংগজেৱে ৰামসিংহক বহুত সৈন্য-সামন্ত দি অসম জয় কৰিবলৈ পঠাইছিল। ১৬৭০ খ্ৰীষ্টাব্দত সংঘটিত হোৱা শৰাইঘাটৰ যুদ্ধত আহোম সেনাপতি লাচিত বৰফুকনৰ হাতত ৰামসিংহ পৰাজিত হৈছিল ।