Class 8 Assamese Chapter 4 জাগা জননীৰ সন্তান Questions and Answers Solution .

Lokesh Chandra Das

 

 

জাগা জননীৰ সন্তান



৩। উত্তৰ দিয়া

(ক) কবিয়ে কাক জাগি উঠিবলৈ কৈছে?

উত্তৰঃ- কবিয়ে দেশ মাতৃৰ সন্তান সকলক জাগি উঠিবলৈ কৈছে

 

(খ) দুৰ্জ্জয় অভিযান বুলি কি বুজাইছে?

উত্তৰঃ- মৃত্যুক জয় কৰি দেশৰ গৌৰৱ অক্ষুন্ন ৰখাকে দুৰ্জ্জয় অভিযান বুলি কৈছে

(গ) দুৰ্জ্জয় অভিযানেৰে কি কৰিবলৈ কৈছে?

উত্তৰঃ- দুৰ্জ্জয় অভিযানেৰে মৃত্যুক গচকি দেশ মাতৃৰ জয় জিনি আনিবলৈ কৈছে

 

(ঘ) জননীৰ সন্তানক কিহে দুৰ্বল কৰাৰ কথা কৈছে?

উত্তৰঃ- কৰ্মহীনতা আৰু কাপুৰুষতাই জননীৰ সন্তানক দুৰ্বল কৰাৰ কথা কৈছে

 

(ঙ) “তথাপিও নাই ভয়" বুলি কিয় কৈছে?

উত্তৰঃ- দেশৰ প্ৰতি থকা গভীৰ দায়িত্ববোধ আৰু ভালপোৱাৰ আগত কৰ্মহীনতা, কাপুৰুষতা আদি তেনেই তুচ্চ হৈ যায়। সেয়েহে কবিয়ে স্বদেশ প্ৰেমীসকলক "তথাপিও নাই ভয়" বুলি কৈছে

(চ) কাৰ ভয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে?

উত্তৰঃ- স্বদেশপ্ৰেমী জোৱান সকলৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে

(ছ) আপোন পাহৰা বীৰক কি বুলি আখ্যা দিছে?

উত্তৰঃ- আপোন পাহৰা বীৰক দুৰ্ম্ময় বীৰ, অজেয় নৱ-জোৱান বুলি আখ্যা দিছে

 

৫। “জাগা জননীৰ সন্তান" গীতটোৰ মূলভাব লিখা

উত্তৰঃ- ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচনা কৰা “জাগা জননীৰ সন্তান" গীতটো এটা দেশপ্ৰেমমূলক গীত। দেশ মাতৃৰ আহ্বানত দেশে দেশে যুগে যুগে সকলো শংকা আঁতৰাই সু-সন্তানসকল নিজ কৰ্তব্যৰ পথত আগবাঢ়ি গৈছে। স্বদেশ-স্বজাতিৰ উন্নতিৰ অভিযানত কৰ্মহীনতা অথবা কাপুৰুষতাৰ কোনো স্থান নাই। দেশৰ প্ৰতি থকা অপৰিসীম ভালপোৱাই মানুহক শক্তিশালী কৰি তোলে, জগাই তোলে অন্তৰৰ সাহসী সত্তাক। আপোন দেশক ৰক্ষা কৰিবলৈ, মাতৃৰ সন্মান অক্ষুন্ন ৰাখিবলৈ কোনো ক্ষেত্ৰতে নীতি স্বীকাৰ নকৰা নৱ-জোৱানসকল দেশৰ ভৱিষ্যৎ সুৰক্ষাৰ প্ৰহৰী। কবিয়ে এই গীতটোৰ দ্বাৰা দেশৰ জোৱানসকলক উৎসাহ আৰু কৰ্মপ্ৰেৰণা যোগাইছে

 

 

ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)

৬। বাক্য ৰচনা কৰা

উত্তৰঃ- 

শক্তিমানঃ শাৰীৰিক আৰু মানসিকভাৱে শক্তিমান 'লেহে মানুহে সফলতা অৰ্জন কৰিব পাৰে

কাপুৰুষঃ কাপুৰুষ লোকে নিজৰ মান ৰক্ষা কৰিব নোৱাৰে

নিনাদঃ বিজয়ী পক্ষৰ জয়ৰ নিনাদত শত্ৰু পক্ষ কম্পিত হৈ পৰিছিল

অজেয়ঃ দেশ মাতৃৰ ৰক্ষাৰ বাবে যুদ্ধ কৰা প্ৰতিজন জোৱানেই একো একোজন অজেয় বীৰ

অভিযানঃ লাচিতে নৰিয়া গাৰেও মোগলৰ বিৰুদ্ধে যুদ্ধৰ অভিযান চলাইছিল

 


৭। সন্ধি গঠন কৰা আৰু ভাঙা

উত্তৰঃ-

দেৱ   +   অসুৰ     = দেৱাসুৰ

কুশ   +   আসন    = কুশাসন

বিদ্যা +  অলংকাৰ = বিদ্যালংকাৰ

দশ    +  আনন      = দশানন

মহা   + অৰ্ণৱ         = মহাৰ্ণৱ

মহা   + ঋষি           = মহৰ্ষি 

নৰ     +  ইন্দ্ৰ          = নৰেন্দ্ৰ

মনঃ   +  হৰ           = মনোহৰ

মনঃ  + যোগ         = মনোযোগ

উৎ    + লেখ          = উল্লেখ  

উৎ    + জল           = উজ্জ্বল 

নৌ     + ইক           = নাৱিক

দিক্   + অন্ত          = দিগন্ত

 

৯। বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা

উত্তৰঃ-

মৃত্যু জন্ম

জয় পৰাজয়

কাপুৰুষ বীৰ, সাহসী

ভয় সাহস, নিৰ্ভয়

শত্ৰু মিত্ৰ

দুৰ্বল সৱল


১০। তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা

উত্তৰঃ-

মৃত্যু         মৰণ, স্বৰ্গ-গমন

জননী      আই, মাই, মা, জন্মভূমি

সন্তান      সতি-সন্ততি, 'ৰা-ছোৱালী

বীৰ          বলৱন্ত, সাহসী

নিনাদ      ধ্বনি, শব্দ



১১। এটা শব্দত প্ৰকাশ কৰা

উত্তৰঃ- (ক) সাহস নথকা মানুহ  কাপুৰুষ, ভীৰু

(খ) জাকৈৰে মাছ ধৰা মানুহ জাকৈয়া

(গ) যাৰ শক্তি আছে শক্তিমান

(ঘ) যাক জিনিব নোৱাৰি দুৰ্জেয়

 

১২। তলত দিয়া বিশেষ্য পদবোৰক বিশেষণলৈ পৰিৱৰ্তন কৰা

উত্তৰঃ- 

বিশেষ্য    বিশেষণ

মান          মানী

দুৰ্বলতা    দুৰ্বল

দৰ্শন        দাৰ্শনিক

দুখ            দুখী

মানৱ        মানৱতা

 

১৩। ভাব বহলাই লিখা

সাঁতোৰ সাঁতোৰ, নিজ বাহুবলে,

সাঁতুৰিব নোৱাৰিলে যা ৰসাতলে

উত্তৰঃ- সাঁতুৰিব লাগিলে নিজৰ দুবাহুত বল থাকিব লাগিব। কাৰণ নিজৰ বাহু আৰু ভৰিৰ সহায়ত সাঁতুৰিব পৰা যায়। তেনেকে সাঁতুৰিব নোৱাৰিলে পানীত ডুব মাৰিবলগীয়া হয়।আনৰ বাহুবলেৰে সাঁতুৰিব পৰা নাযায়

        এই কথাষাৰৰ পৰা ইয়াকে ক'ব বিচাৰিছে যে, জীৱনত যদি মানুহে কিবা এটা কামত সফলতা লাভ কৰিব বিচাৰে তেনেহ'লে নিজেই তাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আনৰ সহায়ত তেনে সফলতা আশা কৰাটো একেবাৰে নিষ্ফল





 

Our website uses cookies to enhance your experience. Learn More
Accept !