শ্ৰী শ্ৰী শংকৰদেৱ
৩। উত্তৰ দিয়া ।
(ক) কবিয়ে "ধ্যানমগ্ন যোগী" বুলি কাক কৈছে ?
উত্তৰঃ- কবিয়ে "ধ্যানমগ্ন যোগী" বুলি শ্ৰী শ্ৰী শংকৰদেৱৰ কথা কৈছে ।
(খ) কবিয়ে কিহেৰে ভূমি পবিত্ৰ কৰাৰ কথা কৈছে ?
উত্তৰঃ- কবিয়ে গুৰুজনাৰ আৱিৰ্ভাৱ আৰু জ্ঞানৰ পবিত্ৰ কিৰণেৰে অসম ভূমিক পবিত্র কৰাৰ কথা কৈছে।
(গ) কবি কাননত কি বজোৱাৰ কথা কৈছে ?
উত্তৰঃ- কবি কাননত বীণা বজোৱাৰ কথা কোৱা হৈছে ।
(ঘ) মৰতত কোনে কিহৰ বাতৰি আনি দিলে ?
উত্তৰঃ- গুৰু শ্ৰী শ্ৰী শংকৰদেৱে স্বৰ্গৰ বাতৰি আনি মৰতত বিলালেহি বুলি কবিয়ে কৈছে ।
(ঙ) কবিতাটোত অসমৰ ঘৰে ঘৰে কি বাজি উঠাৰ কথা কোৱা হৈছে ?
উত্তৰঃ- মধুৰ ঝঙ্কাৰ অসমৰ প্ৰতি ঘৰে ঘৰে বাজি উঠিছে বুলি কবিয়ে কৈছে ।
৫। তলৰ আঁচ টনা শব্দবোৰৰ অৰ্থ সোঁফালৰ বন্ধনীৰ ভিতৰত দিয়া আছে।সেইবোৰৰ শুদ্ধ অৰ্থ বাছি উলিয়াই লিখা ।
(ক) কোন দূৰ অতীতৰ ধ্যানমগ্ন যোগী তুমি (তন্ময় / বিস্ময় / মহান)
উত্তৰঃ- তন্ময় ।
(খ) গোটেই অসমভূমি বিস্তৃত জীৱনী যাৰ (শিপাই যোৱা / নাইকিয়া হোৱা / বিয়পি পৰা)
উত্তৰঃ- বিয়পি পৰা ।
(গ) তোমাৰ গৰিমা গীতি হৃদয়ে হৃদয়ে বাজে (যশস্যা / গঞ্জনা / লাঞ্ছনা)
উত্তৰঃ- যশস্যা ।
(ঘ) স্বৰ্গৰ বাতৰি আনি দিলা দেৱ! মৰতত (পৃথিৱী / পাতাল / আকাশ)
উত্তৰঃ- পৃথিৱী ।
৭। কবিতাটোৰ পৰা শব্দ আনি খালী ঠাই পূৰ কৰা ।
উত্তৰঃ-
মধুৰ ঝঙ্কাৰ তাৰ গভীৰ উদাৰ সুৰে
আজিও উঠিছে বাজি অসমৰ ঘৰে ঘৰে ।
যি বীণৰ সুৰেৰেই প্ৰেম মন্দাকিনী ধাৰা ।
অসীম সাধনা বলে নমালা স্বৰ্গৰ পৰা ।
৮। প্ৰসংগ সংগতি দৰ্শাই
ব্যাখ্যা কৰা ।
(ক) নিৰলে বজাই বীণা কোন কবি কাননত
স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত?
উত্তৰঃ- উক্ত কবিতাৰ কেইশাৰী আমাৰ পাঠ্যপুথি
"অংকুৰণ"(অষ্টম ভাগ)ৰ বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাদেৱে লিখা "শ্ৰী শ্ৰী শংকৰদেৱ"
নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে ।
ইয়াত কবিয়ে শ্ৰী শ্ৰী শংকৰদেৱে কেনেদৰে একান্ত সাধনাৰে কাব্যসমূহ ৰচনা কৰি মানুহক ঈশ্বৰৰ জ্ঞান দিছিল সেই কথা বুজাব বিচাৰিছে ।
শ্ৰী শ্ৰী শংকৰদেৱে নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বহুতো গ্ৰন্থ ৰচনা কৰিছিল। তেখেতে সাধাৰণ মানুহে বুজিব পৰাকৈ ঈশ্বৰৰ মহিমা প্ৰকাশক এই গ্ৰন্থসমূহ লিখিছিল। সেই সময়ত এনেদৰে সাহিত্য-সংস্কৃতিৰ চৰ্চা কৰা বৰ বেছি মানুহ নাছিল । তেখেতে প্ৰায় অকলেই সাহিত্যৰ জগতখনত অশেষ কষ্ট কৰি মানুহৰ মাজলৈ ঈশ্বৰৰ বাতৰি আনি দিছিল। মানুহে তেওঁৰ লেখনিৰ যোগেদি ঈশ্বৰৰ জ্ঞান লাভ কৰিব পাৰিছিল ।
(খ) তোমাৰ জীৱনী দেৱ! লিখে এনে সাধ্য কাৰ
গোটেই অসম ভূমি বিস্তৃত জীৱনী যাৰ ।
উত্তৰঃ- উক্ত কবিতাৰ জৰিয়তে আমাৰ পাঠ্যপুথি "অংকুৰণ"
(অষ্টম ভাগ)ৰ অন্তৰ্গত যতীন্দ্ৰনাথ দুৱৰাদেৱে ৰচনা কৰা "শ্ৰী শ্ৰী শংকৰদেৱ" নামৰ
কবিতাটোৰ পৰা তুলি দিয়া হৈছে ।
ইয়াত কবিয়ে গুৰুজনাৰ প্ৰতিভা তথা অসমৰ সাহিত্য-সমাজ-সংস্কৃতিত থকা তেখেতৰ অৱদানৰ কথা ক'বলৈ গৈ এনেদৰে উল্লেখ কৰিছে ।
শ্ৰী শ্ৰী শংকৰদেৱ কেৱল ধৰ্মগুৰুৱেই নাছিল । তেখেতে অসমৰ সমাজ-সংস্কৃতিৰ সকলো দিশলৈকে নতুন চিন্তাৰ প্ৰবাহ বোৱাই আনি অসমখনক নতুনকৈ সজাইছিল । অসমৰ প্ৰতিটো দিশতে তেখেতৰ অৱদান অসীম। সেয়েহে কবিয়ে কৈছে যে এনে এজন বিশাল ব্যক্তিত্বৰ মহাপুৰুষৰ বিষয়ে আৰু তেখেতৰ অৱদানৰ বিষয়ে কেৱল মাত্ৰ এখন জীৱনীতে লিখি সীমাবদ্ধ কৰিব নোৱাৰি । কাৰণ অসমৰ প্ৰতিজন মানুহৰ অন্তৰতে, প্ৰতিজন মানুহৰ ঘৰতে, সমাজৰ প্ৰতিটো দিশতে তেখেতৰ জ্ঞান আৰু অৱদান বিস্তৃত হৈ আছে ।
৯। শেষৰ ধ্বনি মিল থকা শব্দবোৰ কবিতাটোৰ পৰা বাছি উলিয়াই লিখা ।
উদাহৰণ 一 তুমি 一 ভূমি
উত্তৰঃ-
সাজে 一 বাজে
জ্ঞান 一 দান
ধাৰা 一 পৰা
সুৰে 一 ঘৰে
সদাচাৰ 一 ব্যৱহাৰ
১০। চমুকৈ লিখা ।
(ক) 'স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত?'............ ইয়াত উল্লেখ কৰা 'স্বৰ্গৰ বাতৰি' কি, বুজাই লিখা।
উত্তৰঃ- ইয়াত 'দেৱ' শব্দই মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱক বুজাইছে। 'মৰত' শব্দৰ অৰ্থ যদিও পৃথিৱী ইয়াত অসমভূমিক বুজাইছে। স্বৰ্গৰ অমৰ কাহিনী মহাপুৰুষ জনাই ভক্তি-ধৰ্ম সাহিত্য-সংস্কৃতিৰ অমৃত ধাৰা বুৱাই অসম ভূমিক প্ৰৱিত্ৰ কৰাৰ কথা কোৱা হৈছে।
(খ) কবিয়ে উল্লেখ কৰা মতে শংকৰদেৱে অসমক কি দান দিলে আৰু কিহক নতুন সাজেৰে সজালে?
উত্তৰঃ- কবিয়ে উল্লেখ কৰা মতে মহাপুৰুষ শংকৰদেৱে অসমক ভক্তি, ধর্ম, ভাষা, সংস্কৃতি-সাহিত্য, ৰীতি-নীতি আদি দান দি অসমৰ সকলোকে নতুন সাজেৰে সজালে ।
(গ) 'কত যতনেৰে দেৱ! গাঁথিলা এই মালাধাৰি।' 一 ইয়াত কোনে কি মালা গাঁথাৰ কথা কৈছে বুজাই লিখা ।
উত্তৰঃ- 'কত যতনেৰে দেৱ! গাঁথিলা এই মালাধাৰি।' 一 ইয়াত মহাপুৰুষ শংকৰদেৱে মালা গাঁথাৰ কথা কৈছে।
(ঘ) শংকৰদেৱে অসমীয়া সমাজৰ পৰা কি কি আঁতৰালে ?
উত্তৰঃ- শংকৰদেৱে অসমীয়া সমাজৰ পৰা ক্ষুদ্রস্বার্থ, ভিনভাৱ, সৰু-বৰ এনেবাৰে ভাৱ আঁতৰালে ।
ব্যৱহাৰিক ব্যাকৰণঃ
১১। তলত দিয়া শব্দসমূহৰ সমাৰ্থক শব্দ পাঠৰ পৰা বাছি উলিয়াই লিখা ।
উত্তৰঃ-
পৃথিৱী 一 মৰত, ধৰণী, ধৰা
মৰম 一 আদৰ
সন্ন্যাসী 一 যোগী
অন্তৰ 一 হৃদয়, হিয়া
বাগিচা 一 কানন
গংগা 一 মন্দাকিনী
গৌৰৱ 一 গৰিমা
মিঠা 一 মধুৰ
১২। তলত দিয়া শব্দসমূহৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা ।
উত্তৰঃ-
অতীত 一 বৰ্তমান
পুণ্য 一 পাপ
প্ৰেম 一 ঘৃণা
পবিত্ৰ 一 অপবিত্ৰ
জীৱন 一মৰণ
অশেষ 一 শেষ
১৩। কবিতাটোৰ পৰা বিশেষ্য আৰু বিশেষণ পদবোৰ বাছি উলিয়াই দুখন তালিকা প্ৰস্তুত কৰা ।
উত্তৰঃ- বিশেষ্যঃ- যোগী, বীণা, কানন, মৰত, মন্দাকিনী, স্বর্গ, অসম, ভাষা, দেৱ, বেদ, সাধনা ইত্যাদি ।
বিশেষণঃ- পুণ্য, প্ৰৱিত্ৰ, মধুৰ, গভীৰ, অসীম, ক্ষুদ্র, সৰু, বৰ ইত্যাদি ।
১৫। এটা শব্দত প্ৰকাশ কৰা ।
(ক) কেৱল এজন দেৱতাৰ ওচৰত শৰণ লোৱা 一 একশৰণ ।
(খ) বিষ্ণুক ভক্তি কৰে যি 一 বৈষ্ণৱ ।
(গ) একে গুৰুৰ শিষ্য 一 হৰিভকত, সতীৰ্থ ।
(ঘ) পিতৃ-মাতৃহীন সন্তান 一 ঘাট-মাউৰা ।
(ঙ) সত্ৰ সম্বন্ধীয় 一 সত্ৰীয়া ।